সমললৈ যাওক

আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ ২০২৪

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ ২০২৪
দিনাংক ১ জুন – ২৯ জুন ২০২৪
প্ৰশাসক(সমূহ) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ
ধৰণ টুৱেণ্টি২০ আন্ত:ৰাষ্ট্ৰীয়
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) দলীয় পৰ্যায়, ছুপাৰ ৮ আৰু নক আউট
আয়োজক(সমূহ)  ৱেষ্ট ইণ্ডিজ
 আমেৰিকা যুক্তৰাষ্ট্ৰ
বিজয়ী  ভাৰত
ৰানাৰ্চ-আপ  দক্ষিণ আফ্ৰিকা
দলৰ সংখ্যা ২০
মুঠ খেলৰ সংখ্যা ৫৫
মেন অৱ দ্য ছিৰিজ ভাৰত যশপ্ৰীত বুমৰাহ
সৰ্বাধিক ৰাণ আফগানিস্তান ৰহমানুল্লা গুৰবাজ (২৮১)
সৰ্বাধিক উইকেট আফগানিস্তান ফজলহক ফাৰুকি (১৭)
ভাৰত অৰ্শদীপ সিং (১৭)
আনুষ্ঠানিক ৱেবছাইট আধিকাৰিক ৱেবছাইট

আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ ২০২৪ (ইংৰাজী: 2024 ICC Men's T20 World Cup) হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় টি-২০ দ্বিবাৰ্ষিক বিশ্বকাপৰ নৱম সংস্কৰণ। ২০২৪ চনৰ ১ৰ পৰা ২৯ জুনলৈকে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত খেলসমূহ অনুষ্ঠিত হ'ব।[1] উল্লেখযোগ্য যে, আমেৰিকাত অনুষ্ঠিত হোৱা এইখনেই হৈছে প্ৰথম আইচিচিৰ প্ৰতিযোগিতা৷ [2] ৱেষ্ট ইণ্ডিছে টি-২০ বিশ্বকাপ দ্বিতীয়বাৰৰ কাৰণে আয়োজন কৰিছে। ইয়াৰ আগতে তেওঁলোকে ২০১০ চনত টি-২০ বিশ্বকাপৰ আয়োজন কৰিছিল৷[3]টি-২০ বিশ্বকাপৰ পূৰ্বৰ সংস্কৰণটোত ইংলেণ্ডে ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰ অৱতীৰ্ণ হৈছে।

২০২২ চনৰ প্ৰতিযোগিতাত অংশ লোৱা ১৬টা দলৰ সংবৰ্ধন হৈ এইবাৰ অভিলেখসংখ্যক ২০টা দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ ইয়াৰ ভিতৰত আয়োজক দেশ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজ৷ ২০২২ চনৰ সংস্কৰণৰ শীৰ্ষ আঠটা দল, আইচিচি পুৰুষৰ টি-২০আই দলৰ ৰেংকিঙৰ পৰৱৰ্তী দুটা দল আৰু আঞ্চলিক কোৱালিফায়াৰৰ দ্বাৰা নিৰ্ধাৰিত আঠটা দল অন্তৰ্ভুক্ত। কানাডা আৰু উগাণ্ডাই প্ৰথমবাৰৰ বাবে পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আমেৰিকাই সহ-আয়োজক হোৱাৰ ফলত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে।

পূৰ্বৰ সংস্কৰণটোৰ চেম্পিয়ন ইংলেণ্ডক[4] ভাৰতে ছেমি-ফাইনেলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে৷ ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ ৰাণৰ ব্যৱধানত হৰুৱাই টি২০ বিশ্বকাপত ১৭ বছৰৰ পাছত দ্বিতীয়টো খিতাপ দখল কৰে৷ [5]


বিন্যাস

[সম্পাদনা কৰক]

বিশ্বকাপলৈ যোগ্যতা অৰ্জনকাৰী ২০টা দলক পাঁচটা দলৰ চাৰিটা গোটত ভাগ কৰা হৈছে৷ প্ৰতিটো গোটৰ শীৰ্ষ দুটা দল ছুপাৰ ৮ ৰাউণ্ডলৈ আগবাঢ়িব।[1][6] এই পৰ্যায়ত যোগ্যতা অৰ্জনকাৰী দলসমূহক চাৰিজনীয়া দুটা গোটত বিভক্ত কৰা হ’ব৷ তাৰপিছত প্ৰতিটো গোটৰ পৰা শীৰ্ষ দুটা দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব, য'ত দুখন ছেমি ফাইনেল আৰু এখন ফাইনেল থাকিব।[7]

আয়োজক নিৰ্বাচন

[সম্পাদনা কৰক]

২০২১ চনৰ নৱেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰে যে ২০২৪ চনৰ পুৰুষৰ টি-২০ বিশ্বকাপ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'ব।[8] দুবছৰৰ প্ৰস্তুতিৰ পিছত ক্ৰিকেট ৱেষ্ট ইণ্ডিজ আৰু ইউ এছ এ ক্ৰিকেটে যৌথ নিবিদা দাখিল কৰে, যাক দুয়োটা সংস্থাৰ মাজত কৌশলগত অংশীদাৰিত্বৰ অংশ হিচাপে গঠন কৰা হয়।[9]

নীতি আৰু যোগ্যতা

[সম্পাদনা কৰক]

২০২২ চনৰ প্ৰতিযোগিতাৰ শীৰ্ষৰ আঠটা দল আৰু আয়োজক দেশ দুখনে স্বয়ংক্ৰিয়ভাৱে এইবাৰৰ প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰিছে। বাকী দুটা দল আইচিচি পুৰুষৰ টি২০ দলৰ শ্ৰেষ্ঠ ৰেংকিঙৰ পৰা নিৰ্বাচিত কৰা হৈছে; যিকেইটা দলে ২০২২ চনৰ ১৪ নৱেম্বৰলৈকে ফাইনেলত স্থান নিশ্চিত কৰিব পৰা নাছিল৷[10][11]

বাকী আঠটা স্থান আইচিচিৰ আঞ্চলিক কোৱালিফায়াৰৰ জৰিয়তে পূৰণ কৰা হৈছে; য'ত আফ্ৰিকা, এছিয়া আৰু ইউৰোপৰ দুটা দল আৰু আমেৰিকা আৰু পূব এছিয়া-প্ৰশান্ত মহাসাগৰীয় গোটৰ পৰা এটাকৈ দল আছে।[12]২০২২ চনৰ মে' মাহত আইচিচিয়ে ইউৰোপ, পূব এছিয়া-প্ৰশান্ত মহাসাগৰীয় আৰু আফ্ৰিকাৰ বাবে উপ-আঞ্চলিক অৰ্হতাৰ পথ নিশ্চিত কৰে।[13]

২০২৩ চনৰ জুলাই মাহত ইউৰোপ কোৱালিফায়াৰৰ পৰা আয়াৰলেণ্ড আৰু স্কটলেণ্ডে যোগ্যতা অৰ্জন কৰা প্ৰথম দুটা দল হিচাপে পৰিগণিত হয়৷ ইয়াৰ পিছতে পূব এছিয়া-প্ৰশান্ত মহাসাগৰীয় কোৱালিফায়াৰৰ পৰা পাপুৱা নিউ গিনি অন্তৰ্ভুক্ত হয়।[14][15]২০২৩ চনৰ অক্টোবৰ মাহত আমেৰিকীয় কোৱালিফায়াৰত বাৰ্মুডাক পৰাস্ত কৰি কানাডাই নিজৰ অৰ্হতা নিশ্চিত কৰে।[16] পিছৰ মাহত নেপাল আৰু ওমানে নেপালত অনুষ্ঠিত এছিয়া কোৱালিফায়াৰৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছত বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰে৷[17] তাৰ পিছত নামিবিয়া আৰু উগাণ্ডাই আফ্ৰিকা কোৱালিফায়াৰত শীৰ্ষ দুটাত স্থান নিশ্চিত কৰাৰ পিছত যোগ্যতা অৰ্জন কৰা অন্তিম দুটা দল হিচাপে পৰিগণিত হয়। জিম্বাবুৱে একমাত্ৰ টেষ্ট খেলা দেশ হিচাপে পৰিগণিত হয়, যি যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।[18][19]

যোগ্যতাৰ প্ৰক্ৰিয়া যোগ্যতা অৰ্জনৰ তাৰিখ স্থান দলৰ সংখ্যা দল
আয়োজক ১৬ নৱেম্বৰ ২০২১ প্ৰযোজ্য নহয়  আমেৰিকা যুক্তৰাষ্ট্ৰ
 ৱেষ্ট ইণ্ডিজ
২০২২ চনৰ টি২০ পুৰুষ বিশ্বকাপ ১৩ নৱেম্বৰ ২০২২  অষ্ট্ৰেলিয়া  অষ্ট্ৰেলিয়া
 ইংলেণ্ড
 ভাৰত
 নেদাৰলেণ্ড
 নিউজিলেণ্ড
 পাকিস্তান
 দক্ষিণ আফ্ৰিকা
 শ্ৰীলংকা
আইচিচি পুৰুষ টি২০ ৰেংকিং ১৪ নৱেম্বৰ ২০২২ প্ৰযোজ্য নহয়  আফগানিস্তান
 বাংলাদেশ
ইউৰোপ কোৱালিফায়াৰ ২০-২৮ জুলাই ২০২৩  স্কটলেণ্ড  আয়াৰলেণ্ড
 স্কটলেণ্ড
পূব এছিয়-পেচিফিক কোৱালিফায়াৰ ২২-২৯ জুলাই ২০২৩  পাপুৱা নিউগিনি  পাপুৱা নিউগিনি
আমেৰিকাছ কোৱালিফায়াৰ ৩০ ছেপ্টেম্বৰ-৭ অক্টোবৰ ২০২৩  বাৰ্মুদা  কানাডা
এছিয়া কোৱালিফায়াৰ ৩০ অক্টোবৰ-৫ নৱেম্বৰ ২০২৩  নেপাল  নেপাল
 ওমান
আফ্ৰিকা কোৱালিফায়াৰ ২২-৩০ নৱেম্বৰ ২০২৩  নামিবিয়া  নামিবিয়া
 উগাণ্ডা
সৰ্বমুঠ ২০


খেলৰ বিষয়ববীয়াসকল

[সম্পাদনা কৰক]

২০২৪ চনৰ ৩ মে'ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডৰ বাবে মেচ ৰেফাৰী আৰু আম্পায়াৰৰ তালিকা প্ৰকাশ কৰে।[20][21]

গোট পৰ্যায়

[সম্পাদনা কৰক]
অৱ দল খেল জয়ী বিজিত ফলাফলহীন পইণ্ট NRR অৰ্জন কৰা অৰ্হতা
 ভাৰত ১.১৩৭ ছুপাৰ এইটলৈ উন্নীত
 আমেৰিকা যুক্তৰাষ্ট্ৰ (H) ০.১২৭
 পাকিস্তান ০.২৯৪ অপসাৰিত
 কানাডা −০.৪৯৩
 আয়াৰলেণ্ড −১.২৯৩
তথ্যৰ উৎস: ESPNcricinfo[22]
(H) আয়োজক দেশ।
অৱ দল খেল জয়ী বিজিত ফলাফলহীন পইণ্ট NRR অৰ্জন কৰা অৰ্হতা
 অষ্ট্ৰেলিয়া ২.৭৯১ ছুপাৰ এইটলৈ উন্নীত
 ইংলেণ্ড ৩.৬১১
 স্কটলেণ্ড ১.২৫৫ অপসাৰিত
 নামিবিয়া −২.৫৮৫
 ওমান −৩.০৬২
তথ্যৰ উৎস: ESPNcricinfo[22]


অৱ দল খেল জয়ী বিজিত ফলাফলহীন পইণ্ট NRR অৰ্জন কৰা অৰ্হতা
 ৱেষ্ট ইণ্ডিজ (H) ৩.২৫৭ ছুপাৰ এইটলৈ উন্নীত
 আফগানিস্তান ১.৮৩৫
 নিউজিলেণ্ড ০.৪১৫ অপসাৰিত
 উগাণ্ডা −৪.৫১০
 পাপুৱা নিউগিনি −১.২৬৮
তথ্যৰ উৎস: ESPNcricinfo[22]
(H) আয়োজক দেশ।


অৱ দল খেল জয়ী বিজিত ফলাফলহীন পইণ্ট NRR অৰ্জন কৰা অৰ্হতা
 দক্ষিণ আফ্ৰিকা ০.৪৭০ ছুপাৰ এইটলৈ উন্নীত
 বাংলাদেশ ০.৬১৬
 শ্ৰীলংকা ০.৮৬৩ অপসাৰিত
 নেদাৰলেণ্ড −১.৩৫৮
 নেপাল −০.৫৪২
তথ্যৰ উৎস: ESPNcricinfo[22]


ছুপাৰ এইট

[সম্পাদনা কৰক]

প্ৰথম গোট

[সম্পাদনা কৰক]
অৱ দল খেল জয়ী বিজিত ফলাফলহীন পইণ্ট NRR অৰ্জন কৰা অৰ্হতা
 ভাৰত ২.০১৭ নকআউট পৰ্যায়লৈ উন্নীত
 আফগানিস্তান −০.৩০৫
 অষ্ট্ৰেলিয়া −০.৩৩১ অপসাৰিত
 বাংলাদেশ −১.৭০৯
তথ্যৰ উৎস: ESPNcricinfo[23]
২০ জুন ২০২৪ (2024-06-20)
নম্বৰ তালিকা
ভাৰত 
১৮১/৮ (২০ অভাৰ)
বনাম
 আফগানিস্তান
১৩৪ (২০ অভাৰ)
ভাৰত ৪৭ ৰাণত জয়ী হয়
কেনছিংটন অ’ভেল, ব্ৰীজটাউন
২০ জুন ২০২৪ (2024-06-20) (নৈশ)
নম্বৰ তালিকা
বাংলাদেশ 
১৪০/৮ (২০ অভাৰ)
বনাম
 অষ্ট্ৰেলিয়া
১০০/২ (১১.২ অভাৰ)
অষ্ট্ৰেলিয়া ২৮ ৰাণত জয়ী হয় (ডিএলএছ পদ্ধতি)
ছাৰ বিভিয়ান ৰিছাৰ্ড ষ্টেডিয়াম, নৰ্থ ছাউণ্ড
২২ জুন ২০২৪ (2024-06-22)
নম্বৰ তালিকা
ভাৰত 
১৯৬/৫ (২০ অভাৰ)
বনাম
 বাংলাদেশ
১৪৬/৮ (২০ অভাৰ)
ভাৰত ৫০ ৰাণত জয়ী হয়
ছাৰ বিভিয়ান ৰিছাৰ্ড ষ্টেডিয়াম, নৰ্থ ছাউণ্ড
২২ জুন ২০২৪ (2024-06-22) (নৈশ)
নম্বৰ তালিকা
আফগানিস্তান 
১৪৮/৬ (২০ অভাৰ)
বনাম
 অষ্ট্ৰেলিয়া
১২৭ (১৯.২ অভাৰ)
আফগানিস্তান ২১ ৰাণত জয়ী হয়
আৰ্ণছ ভেলে ষ্টেডিয়াম, কিংছটাউন
২৪ জুন ২০২৪ (2024-06-24)
নম্বৰ তালিকা
ভাৰত 
২০৫/৫ (২০ অভাৰ)
বনাম
 অষ্ট্ৰেলিয়া
১৮১/৭ (২০ অভাৰ)
ভাৰত ২৪ ৰাণত জয়ী হয়
ডাৰেণ ছামী ক্ৰীকেট গ্ৰাউণ্ড, গ্ৰছ আইছলেট
২৪ জুন ২০২৪ (2024-06-24) (নৈশ)
নম্বৰ তালিকা
আফগানিস্তান 
১১৫/৫ (২০ অভাৰ)
বনাম
 বাংলাদেশ
১০৫ (১৭.৫ অভাৰ)
আফগানিস্তান ৮ ৰাণত জয়ী হয় (ডিএলএছ পদ্ধতি)
আৰ্ণছ ভেলে ষ্টেডিয়াম, কিংছটাউন

দ্বিতীয় গোট

[সম্পাদনা কৰক]
অৱ দল খেল জয়ী বিজিত ফলাফলহীন পইণ্ট NRR অৰ্জন কৰা অৰ্হতা
 দক্ষিণ আফ্ৰিকা ০.৫৯৯ নকআউট পৰ্যায়লৈ উন্নীত
 ইংলেণ্ড ১.৯৯২
 ৱেষ্ট ইণ্ডিজ (H) ০.৯৬৩ অপসাৰিত
 আমেৰিকা যুক্তৰাষ্ট্ৰ (H) −৩.৯০৬
তথ্যৰ উৎস: ESPNcricinfo[23]
(H) আয়োজক দেশ।
১৯ জুন ২০২৪ (2024-06-19)
নম্বৰ তালিকা
দক্ষিণ আফ্ৰিকা 
১৯৪/৪ (২০ অভাৰ)
বনাম
দক্ষিণ আফ্ৰিকা ১৮ ৰাণত জয়ী
ছাৰ বিভিয়ান ৰিছাৰ্ড ষ্টেডিয়াম, নৰ্থ ছাউণ্ড
১৯ জুন ২০২৪ (2024-06-19) (নৈশ)
নম্বৰ তালিকা
ৱেষ্ট ইণ্ডিজ 
১৮০/৪ (২০ অভাৰ)
বনাম
 ইংলেণ্ড
১৮১/২ (১৭.৩ অভাৰ)
ইংলেণ্ড ৮ উইকেটত জয়ী
ডাৰেণ ছামী ক্ৰীকেট গ্ৰাউণ্ড, গ্ৰছ আইছলেট
২১ জুন ২০২৪ (2024-06-21)
নম্বৰ তালিকা
দক্ষিণ আফ্ৰিকা 
১৬৩/৬ (২০ অভাৰ)
বনাম
 ইংলেণ্ড
১৫৬/৬ (২০ অভাৰ)
দক্ষিণ আফ্ৰিকা ৭ ৰাণত জয়ী
ডাৰেণ ছামী ক্ৰীকেট গ্ৰাউণ্ড, গ্ৰছ আইছলেট
২১ জুন ২০২৪ (2024-06-21) (নৈশ)
নম্বৰ তালিকা
বনাম
 ৱেষ্ট ইণ্ডিজ
১৩০/১ (১০.৫ অভাৰ)
ৱেষ্ট ইণ্ডিজ ৯ উইকেটত জয়ী
কেনছিংটন অ’ভেল, ব্ৰীজটাউন
২৩ জুন ২০২৪ (2024-06-23)
নম্বৰ তালিকা
বনাম
 ইংলেণ্ড
১১৭/০ (৯.৪ অভাৰ)
ইংলেণ্ড ১০ উইকেটত জয়ী
কেনছিংটন অ’ভেল, ব্ৰীজটাউন
২৩ জুন ২০২৪ (2024-06-23) (নৈশ)
নম্বৰ তালিকা
ৱেষ্ট ইণ্ডিজ 
১৩৫/৮ (২০ অভাৰ)
বনাম
 দক্ষিণ আফ্ৰিকা
১২৪/৭ (১৬.১ অভাৰ)
দক্ষিণ আফ্ৰিকা ৩ উইকেটত জয়ী (ডিএলএছ পদ্ধতি)
ছাৰ বিভিয়ান ৰিছাৰ্ড ষ্টেডিয়াম, নৰ্থ ছাউণ্ড

ছেমি ফাইনেল

[সম্পাদনা কৰক]

ছেমি ফাইনেল ১

[সম্পাদনা কৰক]
২৬ জুন ২০২৪ (2024-06-26) (নৈশ)
নম্বৰ তালিকা
আফগানিস্তান 
৫৬ (১১.৫ অভাৰ)
বনাম
 দক্ষিণ আফ্ৰিকা
৬০/১ (৮.৫ অভাৰ)
দক্ষিণ আফ্ৰিকা ৯ উইকেটত জয়ী হয়
ব্ৰিয়ান লাৰা ক্ৰিকেট একাডেমি, ছান ফেৰ্ণাণ্ডো

ছেমি ফাইনেল ২

[সম্পাদনা কৰক]
২৭ জুন ২০২৪ (2024-06-27)
নম্বৰ তালিকা
ভাৰত 
১৭১/৭ (২০ অভাৰ)
বনাম
 ইংলেণ্ড
১০৩ (১৬.৪ অভাৰ)
ভাৰত ৬৮ ৰাণত জয়ী হয়
প্ৰভিডেন্স ষ্টেডিয়াম, জৰ্জটাউন

২৯ জুন ২০২৪ (2024-06-29)
নম্বৰ তালিকা
ভাৰত 
১৭৬/৭ (২০ অভাৰ)
বনাম
 দক্ষিণ আফ্ৰিকা
১৬৯/৮ (২০ অভাৰ)
ভাৰত ৭ ৰাণত জয়ী হয়
কেনছিংটন অ’ভেল, ব্ৰীজটাউন

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Next Men's T20 World Cup set to be played from June 4 to 30, 2024" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/story/next-men-s-t20-world-cup-set-to-be-played-from-june-4-to-30-2024-1389921 আহৰণ কৰা হৈছে: 2023-07-28.
  2. "2024 T20 World Cup: USA granted automatic qualification". BBC Sport. https://www.bbc.co.uk/sport/cricket/61083748.
  3. "T20 World Cup 2024: Dates, Groups, Venues - NDTV Sports". NDTV Sports. 30 May 2024. Archived from the original on 30 May 2024. https://web.archive.org/web/20240530124703/https://sports.ndtv.com/t20-world-cup-2024/t20-world-cup-2024-dates-groups-venues-everything-you-need-to-know-5779807#:~:text=The%202024%20ICC%20Men's%20T20,of%20the%20T20%20World%20Cup..
  4. "Sam Curran and Ben Stokes the heroes of the final as England break Pakistan hearts". ESPNcricinfo. 13 November 2022. https://www.espncricinfo.com/series/icc-men-s-t20-world-cup-2022-23-1298134/england-vs-pakistan-final-1298179/match-report.
  5. "India seal T20 World Cup glory after epic duel against South Africa". International Cricket Council. https://www.icc-cricket.com/tournaments/t20cricketworldcup/news/live-india-and-south-africa-face-off-in-t20-world-cup-final আহৰণ কৰা হৈছে: 29 June 2024.
  6. "New format, new location: How the 2024 T20 World Cup will look". International Cricket Council. 21 November 2022. https://www.icc-cricket.com/news/2913916 আহৰণ কৰা হৈছে: 22 November 2022.
  7. "USA to stage T20 World Cup: 2024–2031 ICC Men's tournament hosts confirmed". International Cricket Council. 16 November 2021. https://www.icc-cricket.com/news/2354682.
  8. "USA to stage T20 World Cup: 2024–2031 ICC Men's tournament hosts confirmed". International Cricket Council. 16 November 2021. https://www.icc-cricket.com/news/2354682.
  9. "Cricket West Indies and USA Cricket hail successful joint bid to host ICC Men's T20 World Cup in 2024". USA Cricket. 16 November 2021. https://www.usacricket.org/team-usa-men/cricket-west-indies-and-usa-cricket-hail-successful-joint-bid-to-host-icc-mens-t20-world-cup-in-2024/.
  10. "Twelve teams to get automatic entry into 2024 men's T20 World Cup". ESPN Cricinfo. https://www.espncricinfo.com/story/top-eight-teams-as-well-as-hosts-wi-and-usa-to-get-automatic-entry-into-2024-t20-world-cup-1310292 আহৰণ কৰা হৈছে: 10 April 2022.
  11. "Denmark, Italy one step from T20 World Cup 2024 as Europe qualification continues". International Cricket Council. https://www.icc-cricket.com/news/2685209 আহৰণ কৰা হৈছে: 21 July 2022.
  12. "Qualification pathway for marquee ICC events confirmed". International Cricket Council. https://www.icc-cricket.com/news/2571611 আহৰণ কৰা হৈছে: 10 April 2022.
  13. "Qualification pathway for ICC Men's T20 World Cup 2024 announced". International Cricket Council. https://www.icc-cricket.com/news/2637428 আহৰণ কৰা হৈছে: 31 May 2022.
  14. "Ireland and Scotland seal their place in 2024 Men's T20 World Cup" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/story/europe-region-qualifier-ireland-scotland-qualify-for-2024-men-s-t20-world-cup-1389593 আহৰণ কৰা হৈছে: 2023-11-06.
  15. "Papua New Guinea qualify for 2024 Men's T20 World Cup" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/story/2024-mens-t20-world-cup-papua-new-guinea-qualify-from-east-asia-pacific-region-1389780 আহৰণ কৰা হৈছে: 2023-11-06.
  16. "Dhaliwal, Sana star as Canada qualify for T20 World Cup for the first time in their history" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/series/icc-men-s-t20-world-cup-americas-region-final-2023-24-1399133/bermuda-vs-canada-12th-match-1399161/match-report আহৰণ কৰা হৈছে: 2023-11-06.
  17. "Nepal and Oman qualify for 2024 men's T20 World Cup" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/story/nepal-and-oman-qualify-for-2024-mens-t20-world-cup-1406860 আহৰণ কৰা হৈছে: 2023-11-06.
  18. "Namibia seal their spot in 2024 T20 World Cup" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/story/africa-region-qualifier-namibia-seal-their-spot-in-2024-t20-world-cup-1410937 আহৰণ কৰা হৈছে: 28 November 2023.
  19. "Zimbabwe fail to qualify for 2024 T20 World Cup; Uganda make it" (en ভাষাত). ESPNcricinfo. 30 November 2023. https://www.espncricinfo.com/story/2024-mens-t20-world-cup-uganda-qualify-zimbabwe-knocked-out-1411119 আহৰণ কৰা হৈছে: 2023-11-30.
  20. "ICC announces 26 match officials for T20 World Cup". Times of India. 3 May 2024. https://timesofindia.indiatimes.com/sports/cricket/icc-mens-t20-world-cup/icc-announces-26-match-officials-for-t20-world-cup/articleshow/109823159.cms.
  21. "Match officials revealed for the ICC Men's T20 World Cup 2024". International Cricket Council. 3 May 2024. https://www.icc-cricket.com/news/match-officials-revealed-for-the-icc-men-s-t20-world-cup-2024 আহৰণ কৰা হৈছে: 3 May 2024.
  22. 1 2 3 4 "T20 World Cup Points Table | T20 World Cup Standings | T20 World Cup Ranking" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/series/icc-men-s-t20-world-cup-2024-1411166/points-table-standings আহৰণ কৰা হৈছে: 2024-06-12.
  23. 1 2 "T20 World Cup Points Table | T20 World Cup Standings | T20 World Cup Ranking" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/series/icc-men-s-t20-world-cup-2024-1411166/points-table-standings আহৰণ কৰা হৈছে: 2024-06-13.