আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ
| Script error: The function "autoWithCaption" does not exist. | |
| সংক্ষিপ্ত | ICC |
|---|---|
| পূৰ্বসুৰী | ইম্পেৰিয়েল ক্ৰিকেট সন্মিলন (১৯০৯–১৯৬৫ চন) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সন্মিলন (১৯৬৫–১৯৮৯ চন) |
| গঠন | ১৫ জুন ১৯০৯ |
| প্ৰকাৰ | ৰাষ্ট্ৰীয় সংঘৰ ফেডাৰেচন |
| Headquarters | ডুবাই, সংযুক্ত আৰব আমিৰশ্বাহী (২০০৫-বৰ্তমান) লণ্ডন, ইংলেণ্ড (১৯০৯–২০০৫)[1] |
| সদস্য | ১০৮ সদস্য |
Official languages |
ইংৰাজী |
| গ্ৰেগ বাৰ্কলে | |
চিইঅ' |
জিঅফ এলাৰ্ডিছ[2] |
জেনেৰেল মেনেজাৰ |
ৱাছিম খান |
| Revenue | US$40.7 million (2020)[3] |
| ৱেবছাইট | ICC-Cricket.com |
| ICC Events, Championships & Rankings |
| Men's |
|---|
| Women's |
| Rankings |
| Others |
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ইংৰাজী: International Cricket Council; চমুকৈ আই.চি.চি) হৈছে ক্ৰিকেটৰ বিশ্বব্যাপী শাসক সংস্থা। ১৯০৯ চনত অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰতিনিধিয়ে ইয়াক ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্স হিচাপে প্ৰতিষ্ঠা কৰিছিল। ১৯৬৫ চনত ইয়াৰ নাম সলনি কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সন্মিলন কৰা হয়, আৰু ১৯৮৭ চনত ইয়াৰ বৰ্তমানৰ নাম লোৱা হয়। আইচিচিৰ মুখ্য কাৰ্যালয় সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাইত।
আইচিচিৰ বৰ্তমান ১০৮খন সদস্য ৰাষ্ট্ৰ আছে: যʼত ১২জন সম্পূৰ্ণ সদস্য যিয়ে টেষ্ট মেচ খেলে, আৰু বাকী ৯৬খন ৰাষ্ট্ৰ সহযোগী সদস্য। ক্ৰিকেটৰ প্ৰধান আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ আয়োজন আৰু শাসনৰ দায়িত্ব আই চি চিৰ ওচৰত আছে, য’ত ক্ৰিকেট বিশ্বকাপ আৰু টি-২০ বিশ্বকাপ ইত্যাদি প্ৰতিযোগিতা উল্লেখযোগ্য।
সদস্য
[সম্পাদনা কৰক]
সম্পূৰ্ণ সদস্য
সহযোগী সদস্য (এদিনীয়া আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সৈতে)
সহযোগী সদস্য
প্ৰাক্তন বা নিলম্বিত সদস্য
অ-তালিকাভুক্ত সদস্য
সম্পূৰ্ণ সদস্য – আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ ভিতৰত সম্পূৰ্ণ ভোটাধিকাৰ থকা আৰু আনুষ্ঠানিক টেষ্ট মেচ খেলা দলৰ বাৰটা শাসকীয় সংস্থা।
| দল | অঞ্চল | ভৰ্তিৰ তাৰিখ |
|---|---|---|
| ইংলেণ্ড | ইউৰোপ | ১৯০৯ |
| অষ্ট্ৰেলিয়া | পূব এছিয়া | ১৯০৯ |
| দক্ষিণ আফ্ৰিকা | আফ্ৰিকা | ১৯০৯ |
| ৱেষ্ট ইণ্ডিজ | আমেৰিকা যুক্তৰাষ্ট্ৰ | ১৯২৬ |
| নিউজিলেণ্ড | পূব এছিয়া | ১৯২৬ |
| ভাৰত | এছিয়া | ১৯৪৮ |
| পাকিস্তান | এছিয়া | ১৯৫২ |
| শ্ৰীলংকা | এছিয়া | ১৯৮১ |
| জিম্বাবুৱে | আফ্ৰিকা | ১৯৯২ |
| বাংলাদেশ | এছিয়া | ২০০০ |
| আয়াৰলেণ্ড | ইউৰোপ | ২০১৭ |
| আফগানিস্তান | এছিয়া | ২০১৭ |
সহযোগী সদস্য – ক্ৰিকেট দৃঢ়ভাৱে প্ৰতিষ্ঠিত আৰু সংগঠিত হৈ থকা ৯৬খন দেশৰ শাসকীয় সংস্থাসমূহক এতিয়াও সম্পূৰ্ণ সদস্যপদ প্ৰদান কৰা হোৱা নাই।
নিয়ম-নীতি
[সম্পাদনা কৰক]আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে খেলৰ অৱস্থা, বলিং পৰ্যালোচনা, আৰু অন্যান্য আইচিচিৰ নিয়মৰ তদাৰক কৰে। আইচিচিৰ ক্ৰিকেটৰ আইনসমূহৰ কপিৰাইট নাই, কেৱল এমচিচিয়েহে আইনসমূহ সলনি কৰিব পাৰে, যদিও সাধাৰণতে খেলখনৰ বিশ্বব্যাপী শাসকীয় সংস্থাৰ সৈতে আলোচনা কৰি এই কাম কৰা হয়।
আইচিচিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে খেলাৰ চৰ্তসমূহৰ এটা গোট বজাই ৰাখে, যিয়ে আইনসমূহৰ সামান্য সংশোধন কৰে। ইয়াৰ উপৰিও তেওঁলোকৰ এটা "আচৰণ বিধি" আছে যিটো আন্তঃৰাষ্ট্ৰীয় মেচত দল আৰু খেলুৱৈসকলে মানি চলিব লাগে। য’ত, এই সংহিতা উলংঘা হয়। তাত আইচিচিয়ে নিষেধাজ্ঞা প্ৰয়োগ কৰিব পাৰে, যি সাধাৰণতে জৰিমনা ৰূপত প্ৰয়োগ কৰা হয়। ২০০৮ চনত আইচিচিয়ে খেলুৱৈৰ ওপৰত ১৯টা পেনাল্টি আৰোপ কৰিছিল।
আঞ্চলিক সংস্থাসমূহ
[সম্পাদনা কৰক]নিম্নোক্ত আঞ্চলিক সংস্থাসমূহৰ লক্ষ্য হৈছে ক্ৰিকেট খেলক সংগঠিত, প্ৰচাৰ আৰু বিকাশ কৰা:
- এছিয়ান ক্ৰিকেট কাউন্সিল
- ইউৰোপীয়ান ক্ৰিকেট কাউন্সিল
- আফ্ৰিকান ক্ৰিকেট কাউন্সিল
- আই.চি.চি আমেৰিকাছ
- আই.চি.চি ইষ্ট এছিয়া-পেচিফিক
আফ্ৰিকান ক্ৰিকেট এছ’চিয়েশ্যন গঠনৰ পিছত আৰু দুটা আঞ্চলিক সংস্থা বিচ্ছিন্ন কৰা হয়:
গ্ল’বেল ক্ৰিকেট একাডেমী
[সম্পাদনা কৰক]আই.চি.চি গ্ল’বেল ক্ৰিকেট একাডেমী, সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাই স্প’ৰ্টছ চিটিত অৱস্থিত। জি.চি.এৰ প্ৰত্যেকতে ১০খন টাৰ্ফ পিটচ, আউটড’ৰ টাৰ্ফ আৰু চিন্থেটিক প্ৰেকটিছৰ সুবিধা, হক আই প্ৰযুক্তিকে ধৰি ইনড’ৰ প্ৰেকটিছৰ সুবিধা আৰু ক্ৰিকেট নিৰ্দিষ্ট জিমনেছিয়াম ইত্যাদি সুবিধা উপলব্ধ। একাডেমীৰ প্ৰশিক্ষক সঞ্চালক হৈছে ৰড মাৰ্ছক। প্ৰথমতে ২০০৮ চনৰ বাবে পৰিকল্পনা কৰা এই একাডেমীৰ মুকলি অনুষ্ঠানটো ২০১০ চনত হৈছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Cricket chiefs move base to Dubai". 7 March 2005. http://news.bbc.co.uk/sport2/hi/cricket/4326601.stm.
- ↑ "ICC appoints Geoff Allardice as CEO on permanent basis" (en ভাষাত). Cricbuzz. https://www.cricbuzz.com/cricket-news/119925/icc-appoints-geoff-allardice-as-ceo-on-permanent-basis.
- ↑ "ICC Annual Report 10 October 2021". Archived from the original on 13 June 2022. https://web.archive.org/web/20220613224627/https://resources.pulse.icc-cricket.com/ICC/document/2021/07/18/97d5c7e4-a890-46c8-836b-0c4c1cde52fa/ICC-ANNUAL-REPORT-2020-2021-FOR-MEMBERS.pdf। আহৰণ কৰা হৈছে: 10 October 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিঅভিধানত International Cricket Council-ৰ সংজ্ঞা আৰু অৰ্থ
ৱিকিমিডিয়া কমন্সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ সম্পৰ্কীয় মিডিয়া ফাইল।- আধিকাৰিক ৱেবছাইট