ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২০/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ড৹ ৰবীন জামান

বহুদিনৰে পৰাই ইচ্ছা আছিল ৱিকিপিডিয়াত লিখাৰ। কিন্তু ৱিকিত কেনেকৈ লিখিব পাৰি তাকে বুজিব পৰা নাছিলোঁ। যোৱা ৮ এপ্ৰিল তাৰিখে (লোকডাউনৰ সময়তে) ফেচবুক খুচুৰি থাকোঁতে ৱিকিপিডিয়া সম্পৰ্কে ফেচবুকত কুল শইকীয়া ছাৰৰ এটি পোষ্ট দেখা পালোঁ, য'ত তেখেতে লিখিছিল " ইণ্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক ডিজিটেল মাধ্যমত সমৃদ্ধ কৰিবলৈ ৱিকিপিডিয়াত লিখাটো অতি প্ৰয়োজন৷ ২০০২ চনতে অসমীয়া ৱিকিপিডিয়া মুকলি কৰা হৈছিল, কিন্তু আজিকোপতি ইয়াত লিখা মেলা কৰা লোকৰ সংখ্যা যথেষ্ট কম৷ আন ভাৰতীয় ভাষাসমূহৰ লগত ফেৰ মাৰিবলৈ অসম সাহিত্য সভাই অসমীয়া ৱিকিপিডিয়াৰ প্ৰসাৰ বৃদ্ধিৰ বিষয়টোত যথেষ্ট গুৰুত্ব দিছে৷" ছাৰৰ এই কথাখিনি পঢ়ি ময়ো ৱিকিপিডিয়াত লিখাৰ বাবে আগ্ৰহী হ'লোঁ৷ ৱিকিত কেনেকৈ লিখে বুলি ছাৰৰ পোষ্টটিত কমেণ্ট এটা কৰিলোঁ, লগে লগে ৱিকিপিডিয়াৰ সক্ৰিয় সদস্য নয়নজ্যোতি নাথে প্ৰত্যুত্তৰ দিলে। ভাইটি নয়নৰ সহায়ত ময়ো উৎসাহিত হৈ লিখিবলৈ ল'লোঁ। এই বছৰৰ এপ্ৰিল মাহতে মই মোৰ প্ৰথম প্ৰৱন্ধটি লিখোঁ আৰু প্ৰথম মাহতে 'ৱিকি উদ্যোগীৰ পদক' আৰু 'প্ৰতিভাবান ন-সম্পাদকৰ পদক' দুটা লাভ কৰোঁ। পদক পাই যথেষ্ট উৎসাহিত হৈ কাম কৰিবলৈ লওঁ আৰু পিছৰ মাহত আকৌ 'বিশিষ্ট লেখক পদক' লাভ কৰোঁ। প্ৰথমৰ পিনে মোৰ খুবেই ভুল হৈছিল আৰু মই যথেষ্ট হতাশো হৈছিলোঁ নোৱাৰাৰ বাবে। কিন্তু নয়নজ্যোতি, বাবুল দা, মৃদুলদা, অজয়, ভাস্কৰ, দিব্য, ঈশানহঁতৰ লগতে ৱিকিপিডিয়াৰ অন্যান্য সদস্যৰ সহায়ত ময়ো লিখিব পৰা হ'লোঁ। সকলোৰে প্ৰতি মই চিৰকৃতজ্ঞ। ৱিকিত লিখাৰ বাবে এতিয়াও পাকৈত হোৱা নাই বাবে হীন্যমনতাত ভুগো যদিও অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলৰ সেৱাৰ মনোভাৱ দেখি মনত সাহস পাওঁ। অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে মাজে সময়ে পতা কৰ্মশালাৰ লগতে ইউটিউবত আপলোড কৰা ভিডিঅ’বোৰৰ জৰিয়তে ভালেখিনি কথাও জানিব পাৰি উপকৃত হ'লোঁ। ৱিকিত কিয় লিখোঁ বুলি লগৰবিলাকে কেতিয়াবা কেতিয়াবা প্ৰশ্ন কৰাত মই কওঁ যে "নৱ প্ৰজন্মৰ বাবে লিখোঁ, যাতে বৰ্তমানৰ লগতে ভৱিষ্যতেও কিবা এটা বিষয়ৰ তথ্যসমৃদ্ধ লিখনিৰ অভাৱ তেওঁলোকে নকৰে, সেয়ে লিখোঁ।" অৱশ্যে ৱিকিত লিখিবলৈ গৈ ময়ো ব্যক্তিগতভাৱে লাভান্বিত হৈছোঁ। কাৰণ ৱিকিপিডিয়াত নতুন প্ৰৱন্ধ সৃষ্টি কৰিবলৈ হ'লে যথেষ্ট কিতাপপত্ৰ পঢ়িব লগা হয় বিভিন্ন তথ্যপাতিৰ বাবে। ৱিকিপিডিয়াৰ বাবেই আমাৰ মানকাচৰ কলেজৰ লাইব্ৰেৰীৰ কোন চেল্ফত কি কিতাপ আছে ক’ব পৰা হ'লোঁ। সেয়ে ৱিকিক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ বহুতো নজনা কথা জানিব পৰাৰ বাবে। সদৌ শেষত অসমীয়া ৱিকিপিডিয়াৰ জয়যাত্ৰা কামনা কৰি মই মোৰ লিখনি সামৰিছোঁ। ড০ ৰবীন জামান (talk) 16:59, 30 September 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]