ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২০

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
নৱম বৰ্ষ | অক্টোবৰ | ২০২০ | দশম সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত এখেতসকলৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক৷
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
ড৹ ৰবীন জামান

বহুদিনৰে পৰাই ইচ্ছা আছিল ৱিকিপিডিয়াত লিখাৰ। কিন্তু ৱিকিত কেনেকৈ লিখিব পাৰি তাকে বুজিব পৰা নাছিলোঁ। যোৱা ৮ এপ্ৰিল তাৰিখে (লোকডাউনৰ সময়তে) ফেচবুক খুচুৰি থাকোঁতে ৱিকিপিডিয়া সম্পৰ্কে ফেচবুকত কুল শইকীয়া ছাৰৰ এটি পোষ্ট দেখা পালোঁ, য'ত তেখেতে লিখিছিল " ইণ্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক ডিজিটেল মাধ্যমত সমৃদ্ধ কৰিবলৈ ৱিকিপিডিয়াত লিখাটো অতি প্ৰয়োজন৷ ২০০২ চনতে অসমীয়া ৱিকিপিডিয়া মুকলি কৰা হৈছিল, কিন্তু আজিকোপতি ইয়াত লিখা মেলা কৰা লোকৰ সংখ্যা যথেষ্ট কম৷ আন ভাৰতীয় ভাষাসমূহৰ লগত ফেৰ মাৰিবলৈ অসম সাহিত্য সভাই অসমীয়া ৱিকিপিডিয়াৰ প্ৰসাৰ বৃদ্ধিৰ বিষয়টোত যথেষ্ট গুৰুত্ব দিছে৷" ছাৰৰ এই কথাখিনি পঢ়ি ময়ো ৱিকিপিডিয়াত লিখাৰ বাবে আগ্ৰহী হ'লোঁ৷ ৱিকিত কেনেকৈ লিখে বুলি ছাৰৰ পোষ্টটিত কমেণ্ট এটা কৰিলোঁ, লগে লগে ৱিকিপিডিয়াৰ সক্ৰিয় সদস্য নয়নজ্যোতি নাথে প্ৰত্যুত্তৰ দিলে। ভাইটি নয়নৰ সহায়ত ময়ো উৎসাহিত হৈ লিখিবলৈ ল'লোঁ। এই বছৰৰ এপ্ৰিল মাহতে মই মোৰ প্ৰথম প্ৰৱন্ধটি লিখোঁ আৰু প্ৰথম মাহতে 'ৱিকি উদ্যোগীৰ পদক' আৰু 'প্ৰতিভাবান ন-সম্পাদকৰ পদক' দুটা লাভ কৰোঁ। পদক পাই যথেষ্ট উৎসাহিত হৈ কাম কৰিবলৈ লওঁ আৰু পিছৰ মাহত আকৌ 'বিশিষ্ট লেখক পদক' লাভ কৰোঁ। প্ৰথমৰ পিনে মোৰ খুবেই ভুল হৈছিল আৰু মই যথেষ্ট হতাশো হৈছিলোঁ নোৱাৰাৰ বাবে। কিন্তু নয়নজ্যোতি, বাবুল দা, মৃদুলদা, অজয়, ভাস্কৰ, দিব্য, ঈশানহঁতৰ লগতে ৱিকিপিডিয়াৰ অন্যান্য সদস্যৰ সহায়ত ময়ো লিখিব পৰা হ'লোঁ। সকলোৰে প্ৰতি মই চিৰকৃতজ্ঞ। ৱিকিত লিখাৰ বাবে এতিয়াও পাকৈত হোৱা নাই বাবে হীন্যমনতাত ভুগো যদিও অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলৰ সেৱাৰ মনোভাৱ দেখি মনত সাহস পাওঁ। অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে মাজে সময়ে পতা কৰ্মশালাৰ লগতে ইউটিউবত আপলোড কৰা ভিডিঅ’বোৰৰ জৰিয়তে ভালেখিনি কথাও জানিব পাৰি উপকৃত হ'লোঁ। ৱিকিত কিয় লিখোঁ বুলি লগৰবিলাকে কেতিয়াবা কেতিয়াবা প্ৰশ্ন কৰাত মই কওঁ যে "নৱ প্ৰজন্মৰ বাবে লিখোঁ, যাতে বৰ্তমানৰ লগতে ভৱিষ্যতেও কিবা এটা বিষয়ৰ তথ্যসমৃদ্ধ লিখনিৰ অভাৱ তেওঁলোকে নকৰে, সেয়ে লিখোঁ।" অৱশ্যে ৱিকিত লিখিবলৈ গৈ ময়ো ব্যক্তিগতভাৱে লাভান্বিত হৈছোঁ। কাৰণ ৱিকিপিডিয়াত নতুন প্ৰৱন্ধ সৃষ্টি কৰিবলৈ হ'লে যথেষ্ট কিতাপপত্ৰ পঢ়িব লগা হয় বিভিন্ন তথ্যপাতিৰ বাবে। ৱিকিপিডিয়াৰ বাবেই আমাৰ মানকাচৰ কলেজৰ লাইব্ৰেৰীৰ কোন চেল্ফত কি কিতাপ আছে ক’ব পৰা হ'লোঁ। সেয়ে ৱিকিক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ বহুতো নজনা কথা জানিব পৰাৰ বাবে। সদৌ শেষত অসমীয়া ৱিকিপিডিয়াৰ জয়যাত্ৰা কামনা কৰি মই মোৰ লিখনি সামৰিছোঁ।

ড০ ৰবীন জামান (talk) 16:59, 30 September 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
হৰিশ-চন্দ্ৰ (ইংৰাজী: Harish-Chandra; ১১ অক্টোবৰ, ১৯২৩ – ১৬ অক্টোবৰ, ১৯৮৩) এজন ভাৰতীয় মূলৰ আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থ বিজ্ঞানী। তেওঁ নিজৰ নামটো হৰিশচন্দ্ৰ বুলিয়েই লিখিছিল যদিও তেওঁৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা পত্ৰৰ প্ৰকাশৰ সময়ত সম্পাদকে তেওঁৰ নামটোৰ শব্দযুগলৰ মাজত এডাল হাইফেন বহুৱাই দিলে, হৰিশ-চন্দ্ৰ। তেতিয়াৰে পৰা তেওঁ নামটো সেইধৰণে লিখিবলৈ লয়। তেওঁ 'প্ৰতিনিধিত্ব তত্ত্ব' (representation theory), বিশেষকৈ অৰ্ধসৰল লী সংঘ(semisimple Lie group)ৰ সমঞ্জস বিশ্লেষণ (harmonic analysis)ৰ ওপৰত কাম কৰিছে। তেওঁৰ দেউতাক চন্দ্ৰকিশোৰ আছিল জলসিঞ্চন বিভাগৰ এজন অভিযন্তা। মাতৃৰ নাম চন্দ্ৰাননী। বিয়াৰ আগতে মাকৰ নাম আছিল সত্যগতি শেঠ।

প্ৰবন্ধটি ইয়াত বিতংকৈ পঢ়ক

যোৱা মাহৰ ভাল প্ৰবন্ধ ৰুবুল মাউতৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ছেপ্টেম্বৰ-২০২০ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ৫৬

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. ৰিচাৰ্ড উইলিয়াম টিম
  2. হৰিশ-চন্দ্ৰ

গ্ৰন্থ বিষয়ক

  1. মোৰ দেশ আৰু মোৰ মানুহ

অন্যান্য

  1. চাঁটগাঁইয়া ভাষা
  2. আচল উত্তাড়ৰ যুদ্ধ
  3. মানৱজাতিৰ ইতিহাস
  4. পৃথিৱীৰ ইতিহাস

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. ধ্ৰুৱ ৰাথী
  2. জাহ্নৱী কাপুৰ
  3. প্ৰজক্তা কলি
  4. অভিজিৎ শাৱন্ত
  5. এছ. পি. বালসুব্ৰমনিয়ম

অন্যান্য

  1. কোম্পানী আইন ২০১৩
  2. মোহনপুৰ, উত্তৰ প্ৰদেশ
  3. ষ্টাৰপ্লাছ
  4. উত্তৰ গাৰো পাৰ্বত্য জিলা
  5. পূব গাৰো পাৰ্বত্য জিলা
  6. তথ্য প্ৰযুক্তি আইন ২০০০
  7. দক্ষিণ গাৰো পাৰ্বত্য জিলা
  8. জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. আলতাফ মজিদ
  2. অনুপম শইকীয়া (গণিতজ্ঞ)
  3. নীলিম আকাশ কাশ্যপ
  4. নিৰোদ বৰুৱা
  5. নয়নদীপ ডেকা বৰুৱা
  6. বিশ্বেশ্বৰ হাজৰিকা
  7. ৰত্না ভৰালী তালুকদাৰ

গ্ৰন্থ বিষয়ক

  1. টোকোৰা বাহৰ সোণৰ বেজী
  2. এৰি অহা দিনবোৰ

অন্যান্য

  1. মাধৱদেৱৰ জন্মস্থান
  2. শিলঘাট
  3. চায়েণ্টিফিক টেম্পেৰামেণ্ট
  4. ফাৰকান্তি
  5. বাম্বোল পিটা উৎসৱ
  6. পল্টন বজাৰ
  7. চান্দমাৰী
  8. মালিগাঁও
  9. নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম
  10. নুৰুল আমিন ষ্টেডিয়াম
  11. সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম


সানমিহলি

  1. অৱলোহিত ৰশ্মি
  2. কৃষি
  3. বিত্তীয় ব্যৱস্থা
  4. নাঙল
  5. জলসিঞ্চন
  6. ৰহিঙীয়া ভাষা
  7. খাদ্য
  8. বিত্তীয় বজাৰ
  9. মুদ্ৰা বজাৰ
  10. যৌগিক সংখ্যা
  11. তাঞ্চঙীয়া ভাষা
  12. শৰৎ ঋতু
  13. আত্মা
  14. শিক্ষা মনোবিজ্ঞান
  15. কঁহুৱা বন
  16. হস্তান্তৰযোগ্য পত্ৰ
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
মেঘ আৰু সুৰুজৰ হেঙুলী আভাৰে জিলিকি উঠা পুৱাৰ আকাশৰ এটি ৰূপ, অসমৰ এটি বিদ্যুৎ গ্ৰীড উপ-কেন্দ্ৰত৷
আলোকচিত্ৰশিল্পী: ঈশান জ্যোতি বৰা
উল্লেখনীয় ৱিকিমিডিয়ান

গীতাৰ্থ বৰদলৈ: ২০১১ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। তেওঁ অসমীয়া ৱিকিপিডিয়াৰ এগৰাকী প্ৰশাসক৷ যোৰহাটৰ ৱিকিমিডিয়ানগৰাকী বৰ্তমান স্বাস্থ্য বিভাগত কৰ্মৰত। অসমীয়া ৱিকিপিডিয়াত তেওঁৰ সম্পাদনাৰ সংখ্যা ৯,৫৭১ আৰু ৱিকিপিডিয়াত সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৩৪৪। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ ইংৰাজী ৱিকিপিডিয়া, ৱিকিউৎস আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ২০,৮৮৯টা সম্পাদনা কৰিছে। অসমীয়া ৱিকিপিডিয়া আৰু কমন্সত বৰ্তমানলৈকে মুঠ ৪৬২ খন চিত্ৰ আপল’ড কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “এই মাহৰ ৱিকিমিডিয়ান”, “অক্লান্ত কৰ্মী পদক”, “ৱিকিউৎস পদক” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
ঈশান জ্যোতি বৰা
বিশিষ্ট লেখক পদক
দিব্য দত্ত, কুলধৰ ৰাভা







উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৭২৫০ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২৭৫ খনলৈ বৃদ্ধি পালে।
  • ২৭ ছেপ্টেম্বৰত অসমীয়া ৱিকিপিডিয়া সমাজৰ প্ৰচেষ্টাত দ্বিতীয়খন অনলাইন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ সবিশেষ ইয়াত পঢ়ক
  • ৱিকিউৎসত ছেপ্টেম্বৰ,২০২০ মাহত সম্পূৰ্ণ হোৱা গ্ৰন্থসমূহ হৈছে:


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
কুলধৰ ৰাভা ২২২ ৭৭৫ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰাণজ্যোতি নাথ ১৮৯ ৪৪৯ [1] - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ১৯৪ ১১৬ [2] - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰুমী বৰা ২৯০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
পল্লবী দত্তবৰুৱা ২৬৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অম্লান বসুমতাৰী ২২৬ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা ১০৪ ৫২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
Mohsin274 ১৩৩ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনামিকা(চুমু) বড়া ১২১ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ ৰাজদ্বীপ ৰাজবংশী ১০৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।