ৰুবুল মাউত
| ৰুবুল মাউত | |
|---|---|
![]() ড॰ ৰুবুল মাউত | |
| জন্ম | তিনিচুকীয়া, অসম ন-গাওঁ |
| নাগৰিকত্ব | ভাৰতীয় |
| জাতীয়তা | ভাৰতীয় |
| ক্ষেত্ৰ | জীৱবিজ্ঞান, জীন-সম্পাদনা, নতুন প্ৰটিনৰ সৃষ্টি, নেন' প্ৰযুক্তি |
| কৰ্মস্থান | টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান (TIFR), পাৰডিউ বিশ্ববিদ্যালয় ৱাশ্বিংটন বিশ্ববিদ্যালয় হাৰ্ভাৰ্ড মেডিকেল স্কুল, বষ্টন শিশু চিকিৎসালয় |
| শিক্ষানুষ্ঠান | তিনিচুকীয়া মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, মাচাছ্যুচেটচ বিশ্ববিদ্যালয় |
| জনা যায় | কোষৰ ভিতৰত জিন-সম্পাদনাৰ নতুন পদ্ধতি উদ্ভাৱন |
ৰুবুল মাউত (ইংৰাজী: Rubul Mout) হৈছে এগৰাকী অসমীয়া জীৱবিজ্ঞানী। তেখেতৰ গৱেষণাৰ বিষয় হৈছে মানৱীয় দেহৰ কেতবোৰ ৰোগ নিৰ্মূলকৰণৰ বাবে নতুন প্ৰটিনৰ সৃষ্টি কৰা; উচ্চতৰ প্ৰটিন সমাৱেশ প্ৰস্তুত কৰি সেইবোৰক কোষ সংকেতৰে সমৃদ্ধ কৰা আৰু জৈৱ-অণুবিদ্যুতৰ দৰে ক্ষেত্ৰত প্ৰয়োগ কৰা। তেখেতে মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰ পৰা জিন-সম্পাদনাত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল।[1][2] ৰুবুল মাউতৰ গৱেষণা আমেৰিকাৰ ৰাসায়নিক সমাজৰ উপৰি একাধিক বৈজ্ঞানিক মঞ্চত ভিডিঅ' অথবা তথ্যচিত্ৰ হিচাপে আলোচিত আৰু প্ৰদৰ্শিত হৈছে।[3]বৰ্তমান ৰুবুল মাউত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ হাৰ্ভাৰ্ড মেডিকেল স্কুল আৰু বষ্টন চিলড্ৰেনছ হাস্পতালৰ (বিচিএইচ) ষ্টেম চেল প্ৰগ্ৰেমৰ গৱেষণা-সভ্য।[4] ইয়াৰ পূৰ্বে তেখেত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰটিন ডিজাইন শাখাৰ 'ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডেছন ইন'ভেছন ফেলো' আছিল।[5][6] তেখেতে আত্মজীৱনী "মোৰো এটা সপোন আছে"ত নিজৰ শৈশৱ-যৌৱনৰ সংঘাত অতিক্ৰম কৰি মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰ গৱেষক হোৱাৰ কাহিনী লিপিবদ্ধ কৰিছে।[2]
কৃত্ৰিম বুদ্ধিমত্তাক ব্যৱহাৰ কৰি মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বিকাশৰ এটা দীৰ্ঘকালীন গৱেষণাৰ লগত ৰুবুল মাউত জড়িত৷ ২০২৫ বৰ্ষত তেওঁৰ নেতৃত্বত সম্পন্ন হোৱা কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক প্ৰটিন অনুৰ গৱেষণাৰ কিছু উল্লেখযোগ্য খতিয়ান 'চেল' নামৰ আলোচনীখনত প্ৰকাশিত হয়৷
প্ৰাৰম্ভিক জীৱন আৰু শৈশৱ
[সম্পাদনা কৰক]অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ওচৰৰ কৈলাসপুৰত এটি কৃষকৰ পৰিয়ালত ৰুবুল মাউতৰ জন্ম হৈছিল। শৈশৱৰ কালছোৱা তেখেতে ভীষণ দৰিদ্ৰতাৰ মাজেৰে পাৰ কৰিব লগা হোৱাত শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত তেখেতে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। তেখেতেৰ আত্মজীৱনী "মোৰো এটা সপোন আছে"ত এই বিষয়ে তেওঁ সবিশেষ বৰ্ণনা কৰিছে। তেওঁ সৰুতেই পিতৃৰ সহযোগী হৈ ঘৰুৱা দায়িত্ব পালন কৰিছিল। গৰু চৰোৱা, বজাৰত শাক-পাচলি বিক্ৰী কৰা, তথা ৰাস্তাত বনুৱাৰ কাম কৰি তেওঁ পৰিয়ালটোক সহায় কৰিছিল।গাঁৱত শিক্ষাৰ সন্তোষজনক পৰিৱেশ নাছিল। মেট্ৰিক পৰীক্ষাত তেওঁ প্ৰথম বিভাগ সহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।[7]
শিক্ষা আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]তেখেতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল টঙনা ন গাঁও প্ৰাথমিক বিদ্যালয়ত৷ তেওঁ কৈলাসপুৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰে আনহাতে তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক হাইস্কুলৰ পৰা উচ্চতৰ শিক্ষা লাভ কৰে৷ ২০০৩ চনত ৰুবুল মাউতে তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে। ৰসায়ন বিজ্ঞানৰ প্ৰতি ধাউতি বঢ়োৱাত মহাবিদ্যালয়খনৰ পুথিভঁৰালটোৰ অশেষ ভূমিকা আছিল। এফ এ কটন আৰু জেফ্ ৰি উইলকিনচনৰ 'প্ৰিন্সিপাল অব ইনঅৰগেনিক কেমেষ্ট্ৰী', আই এল ফিনাৰৰ 'অৰগেনিক কেমেষ্ট্ৰী', জেৰি মাৰ্চৰ 'ৰিয়েকচন মেকানিজম' আদিৰ দৰে ৰসায়ন বিজ্ঞানৰ গ্ৰন্থই ৰুবুল মাউতক অণু-পৰমাণুৰ পৃথিৱীখনৰ প্ৰতি আকৃষ্ট কৰিছিল।[7] স্নাতক ডিগ্ৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান অধিকাৰ কৰি ৰুবুল মাউতে গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী পঢ়িবলৈ আহে। বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতেই তেখেতে চিএছআইআৰ-নেট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। সেই প্ৰস্তুতিৰ পৰিণতিস্বৰূপে তেখেতে জুনিয়ৰ ফেল'শ্বিপৰ যোগ্যতা অৰ্জন কৰিলে।[8]
২০০৫ চনত ৰুবুল মাউতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেখেতে পুণেস্থিত ৰাষ্ট্ৰীয় ৰাসায়নিক প্ৰয়োগাগাৰ (National Chemical Laboratory, NCL)ত আসন লাভ কৰে আৰু ডক্টৰেট ডিগ্ৰীত যোগদান কৰে। সেইসময়ত তেখেত জীৱিকাৰ সন্ধানত আছিল। সেয়েহে তেখেতে এনচিএলৰ পৰা আহি টিআইএফআৰত "বিজ্ঞান বিষয়া" পদবীত যোগদান কৰিলে। ইয়াৰ ফলত তেখেতৰ জীৱিকাৰো এটা বাট মুকলি হয়। টিআইএফআৰত কৰ্মৰত হৈ থাকোঁতেই তেখেতে আমেৰিকাৰ ইণ্ডিয়ানাস্থিত পাৰাভিউ বিশ্ববিদ্যালয় (Purdue University) তিনিমহীয়া প্ৰশিক্ষণ এটা লৈ আহে। তাত তেখেতে উচ্চপৰ্যায়ৰ গৱেষণাকাৰ্য দেখিবলৈ পায়। ইয়াৰ ফলত তেখেতৰ দীৰ্ঘদিনীয়া গৱেষণাকেন্দ্ৰিক সপোনটোৱে প্ৰাণ পাই উঠে। ইংৰাজী ভাষাটো ভালকৈ ক'ব নোৱাৰাৰ বাবে তেখেতে প্ৰায়েই হতাশাত ভুগিছিল। সেই দুৰ্বলতা অতিক্ৰম কৰিবলৈ ৰুবুল মাউতে পাঁচ মাহতে প্ৰায় ছহাজাৰ ইংৰাজী শব্দ মুখস্থ কৰি পেলাইছিল। তেখেত জি.আৰ.ই. আৰু টফেল পৰীক্ষাত একেবাৰতে সফলতাৰে উত্তীৰ্ণ হ'ল আৰু বহুকেইখন বিশ্ববিদ্যালয়ৰ বাবে আৱেদন কৰিবলৈ যোগ্য হৈ উঠিল।[8] ২০১৭ চনত আৰ্মহাষ্টস্থিত মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰ পৰা ৰুবুল মাউতে জিন-সম্পাদনাৰ বিষয়ত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। ৰুবুল মাউতে স্কটলেণ্ডৰ গ্লাচগ' বিশ্ববিদ্যালয়তো অতিথি গৱেষক হিচাপে কৰ্মৰত আছিল।[9]
পৰৱৰ্তী সময়ত ৰুবুল মাউতে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ 'ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডছেন'ৰ প্ৰটিন ডিজাইনৰ ইনোভেশ্যন ফেলো' হিচাপে গৱেষণা কৰে। তেখেতৰ মেণ্টৰ আছিল জিম দে য়েৰেও (Jim De Yoreo) আৰু ডেভিদ বেকাৰ।[5] ৰুবুল মাউতে নেনো প্ৰযুক্তিৰ জৰিয়তে কোষৰ ভিতৰত জিন সম্পাদনাৰ এক নতুন পদ্ধতি উদ্ভাৱন কৰি পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ ত্ৰিশখনতকৈও অধিক গৱেষণাপত্ৰ 'নেছাৰ নেনোটেকন'লজি', 'নেচাৰ কেমিষ্ট্ৰী' আৰু 'এচিএছ নেনো' আদি জাৰ্ণেলত প্ৰকাশিত হৈছে।[10] বৰ্তমান তেওঁ হাৰ্ভাড বিশ্ববিদ্যালয় আৰু বাৰ্কিংহাম শিশু চিকিৎসালয়ৰ গৱেষক৷ [4]মাউতে তেজৰ উৎপত্তিৰ জিনীয় ৰোগ নিৰাময়ৰ বাবে হাড়ৰ মজ্জাৰ ষ্টেম চেল অভিযন্তা হিচাপে কাম কৰে। ইয়াক হেমাট’পয়েটিক ষ্টেম চেল (HSC) বা এইচ এছ চি বুলিও কোৱা হয়৷ HSC হৈছে সকলো ৰক্তকণিকাৰ ‘মাতৃ’ কোষ যিয়ে মানুহৰ শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰে। HSCসমূহত জিনৰ উৎপৰিৱৰ্তনে কৰ্কট ৰোগৰ পৰা আৰম্ভ কৰি স্বয়ংক্ৰিয়-প্ৰতিৰোধী ক্ষমতাসম্পন্ন শ-শ জিনীয় ৰোগৰ সৃষ্টি কৰে। ৰুবুল মাউতে এই HSCসমূহৰ অভিযন্তা হিচাপে তেওঁৰ পূৰ্বৰ গৱেষণাত উদ্ভাৱন কৰা কৌশলকে ধৰি বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰিছে। তেওঁ মানৱ দেহকোষৰ পৰা আহৰণ কৰা প্লুৰিপটেণ্ট ষ্টেম চেল (iPSC) ব্যৱহাৰ কৰি প্ৰথমে HSC লৈ পৃথক কৰে, আৰু তাৰ পিছত বহু সম্ভাব্য ৰোগৰ বিৰুদ্ধে যুঁজিব পৰা T-চেল উৎপাদন কৰাৰ লগতে আৰু সেইবোৰৰ যুঁজাৰু শক্তি বঢ়োৱাৰ চেষ্টা কৰে৷[4] তেখেতে এতিয়ালৈকে ৩০খনতকৈও অধিক গৱেষণা-পত্ৰৰ সহ-লিখক হিচাপে কাম কৰিছে৷[11]
শেহতীয়া সাফল্য
[সম্পাদনা কৰক]কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ গৱেষণাৰ বিশেষজ্ঞ ৰুবুল মাউত এটা দলত অন্যতম গৱেষক হিচাপে কাম কৰে; যি কৰ্কট ৰোগকে ধৰি একাধিক ৰোগৰ বিৰুদ্ধে যুঁজত মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তানিৰ্ভৰ প্ৰটিন অণু প্ৰস্তুত কৰিব৷ ২০২৫ বৰ্ষৰ ১ আগষ্টত এই সম্পৰ্কে চেল (Cell) নামৰ আলোচনীখনত Design of soluble Notch agonists that drive T cell development and boost immunity শীৰ্ষক তেওঁলোকৰ গৱেষণা-সম্পৰ্কীয় তথ্য আৰু পৰীক্ষালব্ধ অধ্যয়ন সন্নিৱিষ্ট হৈছে৷ হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ ডীন তথা বষ্টন চিলড্ৰেনছ হাস্পতালৰ ষ্টেম চেল এণ্ড ৰিজেনেৰেটিভ বায়’লজি প্ৰগ্ৰেমৰ সহ-প্ৰতিষ্ঠাপক জৰ্জ ডেলি ইয়াৰ লগত জড়িত আছিল। গৱেষকসকলে কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক গণনামূলক ডিজাইন সঁজুলি ব্যৱহাৰ কৰি নটচ সক্ৰিয়কৰণৰ বাবে প্ৰয়োজনীয় একে জ্যামিতি আৰু মাল্টিভেলেন্সিৰ কৃত্ৰিম অণু নিৰ্মাণ কৰিছিল। মাউতৰ দলটোত ন'বেল বঁটা বিজয়ী জৈৱৰসায়নবিদ ডেভিদ বেকাৰো অন্তৰ্ভুক্ত৷ [12] [13] [14][15][16]
লেখক হিচাপে
[সম্পাদনা কৰক]
ৰুবুল মাউতে এতিয়ালৈকে দুখন কিতাপ লিখিছে। তেওঁৰ প্ৰথমখন গ্ৰন্থ "ধূসৰতাত সংহত শ্ৰৱণ" হৈছে এখনি গল্প সংকলন। গ্ৰন্থখন ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ হৈছিল। পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰা গল্প সংকলনৰ প্ৰসংগত অসমৰ সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কয় যে, “ভাষা, প্ৰকাশভংগী, বিশ্লেষণ অপূৰ্ব”। আনহাতে সাংবাদিক, লেখক দিগন্ত ওজাই কয় যে, “প্ৰাঞ্জল ভাষা, বিষয়বস্তু আৰু চমৎকাৰ প্ৰকাশভংগীয়ে মোৰ হৃদয় স্পৰ্শ কৰিছে।”[9]
তেওঁৰ দ্বিতীয়খন গ্ৰন্থ হৈছে আত্মজীৱনী 'মোৰো এটা সপোন আছে'। শৈশৱৰ সংগ্ৰামৰ পৰা মাচাছ্যুচেটচ বিশ্ববিদ্যালয়লৈকে লেখকে অতিক্ৰম কৰা যাত্ৰা এই গ্ৰন্থখনিৰ মূল বিষয়বস্তু। গ্ৰন্থখনৰ এতিয়ালৈকে একাধিক সংস্কৰণ মুকলি হৈছে। গ্ৰন্থখনত ৰুবুল মাউতে জীৱনটোক এটা ট্ৰেজাৰ হাণ্টৰ লগত তুলনা কৰি কৈছে যে, “জীৱনটো ঠিক তেনেকুৱাই (ট্ৰেজাৰ হাণ্ট খেলবিধৰ দৰে। ) আৰম্ভণিতে এটা লক্ষ্য থাকে। সেই লক্ষ্যত উপনীত হোৱাৰ পাছত নতুন সুযোগ আহে, ফলত নতুন লক্ষ্যত উপনীত হোৱাৰ আকাংক্ষা জন্মে। এইদৰে লক্ষ্য খেদি খেদি গৈ থাকোঁতে শেষত আপুনিও এটা মহামূল্যৱান সম্পদ পাই যাব পাৰে। মনত ৰাখিব লক্ষ্যৰপৰা বিচলিত হ’লেই আপুনি সেই মহা মূল্যৱান সম্পদটি আয়ত্ত কৰাৰপৰা বঞ্চিত হ’ব পাৰে!”[17] অসমৰ কবি-লেখক জীৱন নৰহে আত্মজীৱনীমূলক গ্ৰন্থখনক নতুন প্ৰজন্মৰ সাহসৰ দলিল বুলি অভিহিত কৰে আৰু মন্তব্য কৰে যে-"লক্ষ্য আৰু একাগ্ৰতাই মানুহক কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰে তাৰ জীয়া কাহিনী এই গ্ৰন্থখনত আছে। কেৱল এয়াই নহয়, বিজ্ঞানী হোৱাৰ পাছতো নিজৰ পৰিয়াল, গাঁৱক পাহৰি নগৈ তেওঁৰ দায়িত্ববোধ সঠিকভাৱে ৰাখিছে। তদুপৰি অতীতত তেওঁ কষ্ট স্বীকাৰ কৰাসকলৰ প্ৰতি এতিয়াও শ্ৰদ্ধানত। এয়া নতুন পুৰুষৰ বাবে আদৰ্শস্বৰূপ। "[17]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- T32 NIH training grant, ২০২১-২০২২ বৰ্ষ
- Washington Research Foundation Innovation বৃত্তি, ২০১৭
- Travel Award (মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰপৰা ), Massachusetts Institute of Technology, ২০১৬
- Marvin D. গৱেষণা বৃত্তি বঁটা, ২৫ত্বম বাৰ্ষিক অধিৱেশন,মাচাছ্যুচেটচ বিশ্ববিদ্যালয়, ২০১৫
- Marvin D. Rausch Scholarship Poster award, ২৪ত্বম বাৰ্ষিক অধিৱেশন,মাচাছ্যুচেটচ বিশ্ববিদ্যালয়, ২০১৪
- Discovery Park Research Internship, পূৰ্ডে বিশ্ববিদ্যালয়, ইণ্ডিয়ানা, আমেৰিকা, ২০০৮
- Junior Research Fellowship (JRF),ভাৰত, ২০০৬
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ https://www.bakerlab.org/index.php/members/rubul-mout/
- 1 2 "Dr. Rubul Maut". Purbayon Publication. Archived from the original on 1 January 2024. https://web.archive.org/web/20240101135952/https://purbayonpublication.com/book-author/rubul-maut/। আহৰণ কৰা হৈছে: 25 August 2020.
- ↑ "Dr. Rubul Maut". purbayon. Archived from the original on 14 April 2022. https://web.archive.org/web/20220414100326/https://purbayonpublication.com/product/moro-eta-sapon-ase/। আহৰণ কৰা হৈছে: 31 August 2020.
- 1 2 3 "RUBUL MAOT". BCH. https://research.childrenshospital.org/rubulmout/। আহৰণ কৰা হৈছে: 10 October 2024.
- 1 2 "Protein Design". WU. http://wrf.washington.edu/fellows/protein-design/। আহৰণ কৰা হৈছে: 29 August 2020.
- ↑ "Rubul Mout". https://www.energyfrontier.us/content/rubul-mout। আহৰণ কৰা হৈছে: 25 August 2020.
- 1 2 বৰুৱা, মিনাক্ষী. "দৰিদ্ৰতাৰ নিৰ্দয় শিকলি ছিঙি". মুক্ত চিন্তা. http://muktosinta.org/doridrotar-xikoli-singi/। আহৰণ কৰা হৈছে: 25 August 2020.
- 1 2 মাউত, ৰুবুল (২০১৮, জানুৱাৰী). মোৰো এটা সপোন আছে. পূৰ্বায়ন প্ৰকাশন.
- 1 2 Purbayon. "https://purbayonpublication.com/product/dhuxorotat-xonghoto-shrawan/". Purbayon. https://purbayonpublication.com/product/dhuxorotat-xonghoto-shrawan/। আহৰণ কৰা হৈছে: 31 August 2020.[সংযোগবিহীন উৎস]
- ↑ Muru eta Xopun ase. Scientia Books. https://www.scientiabooks.in/wp-content/uploads/2018/02/2546-scientiabooks.jpg.[সংযোগবিহীন উৎস]
- ↑ "Rubul Mout, Ph.D.". Google Scholar. https://scholar.google.co.in/citations?user=NpMfqDUAAAAJ&hl=en। আহৰণ কৰা হৈছে: 10 October 2024.
- ↑ "Design of soluble Notch agonists that drive T cell development and boost immunity". Cell. 1st August 2025. https://www.cell.com/cell/abstract/S0092-8674(25)00798-6?_returnURL=https%3A%2F%2Flinkinghub.elsevier.com%2Fretrieve%2Fpii%2FS0092867425007986%3Fshowall%3Dtrue। আহৰণ কৰা হৈছে: 4 August 2025.
- ↑ Ojha,Manoj Kumar (August 3, 2025 7: 12 pm). "Assam’s Rubul Mout leads AI-powered cancer research at Harvard University". North East Now. https://nenow.in/north-east-news/assam/assams-rubul-mout-leads-ai-powered-cancer-research-at-harvard-university.html। আহৰণ কৰা হৈছে: 4 August 2025.
- ↑ "AI-Designed Notch Agonists Boost T-Cell Differentiation". Gene News. 1st August 2025. https://www.genengnews.com/topics/artificial-intelligence/ai-designed-notch-agonists-boost-t-cell-differentiation/। আহৰণ কৰা হৈছে: 4 August 2025.
- ↑ Karmakar,Rahul (August 02, 2025 10:42 am IST - GUWAHATI). "Scientists use AI-designed proteins to generate immune cells". The Hindu. https://www.thehindu.com/sci-tech/science/scientists-use-ai-designed-proteins-to-generate-immune-cells/article69886067.ece। আহৰণ কৰা হৈছে: 4 August 2025.
- ↑ Boston Children's Hospital (1st August 2025). "Researchers harness AI-powered protein design to enhance T-cell based immunotherapies". Boston Children's Hospital. Eurekalert. https://www.eurekalert.org/news-releases/1092768। আহৰণ কৰা হৈছে: 4 August 2025.
- 1 2 purbayon. "Moro Eta Sapon Ase". purbayon. Archived from the original on 14 April 2022. https://web.archive.org/web/20220414100326/https://purbayonpublication.com/product/moro-eta-sapon-ase/। আহৰণ কৰা হৈছে: 31 August 2020.
