মোৰো এটা সপোন আছে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মোৰো এটা সপোন আছে  
কিতাপখনৰ বেটুপাত
লেখক ড॰ ৰুবুল মাউত
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ আত্মজীৱনী
প্ৰকাশক পূৰ্বায়ন প্ৰকাশন
প্ৰকাশ অক্টোবৰ, ২০১৭
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৫৭

মোৰো এটা সপোন আছে (ইংৰাজী: Moro Eta Sapon Ase) হৈছে ৰুবুল মাউতৰ দ্বাৰা লিখিত এখনি আত্মজীৱনী। শৈশৱ-কৈশোৰৰ নানান প্ৰতিঘাত আৰু সংঘাত অতিক্ৰম কৰি আমেৰিকাৰ মাচাছ্যুচেটচ বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰা জীৱবিজ্ঞানী আৰু গৱেষক ৰুবুল মাউতৰ জীৱন-কাহিনীৰে এই আত্মজীৱনীখন সমৃদ্ধ হৈছে।[1][2]

লেখকৰ পৰিচয়[সম্পাদনা কৰক]

ড॰ ৰুবুল মাউত হৈছে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনত গৱেষণাৰত ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডেছন (WRF) -ৰ ইন'ভেশ্যন ফেল'প্ৰাপ্ত এগৰাকী বিজ্ঞানী। তেখেতৰ গৱেষণাৰ লক্ষ্য হৈছে নতুন ধৰণৰ প্ৰটিন সৃষ্টিৰ জৰিয়তে মানুহৰ ৰোগ নিৰাময় কৰা, যিবোৰ প্ৰটিন বিৱৰ্তনৰ জৰিয়তে সৃষ্টি হোৱা নাই। তেখেতে আমেৰিকাৰ মাচাচুছেটছ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে য'ত তেখেতে জেনেটিক ৰোগ নিৰাময়ৰ বাবে জিন-সম্পাদনাৰ কৌশল উদ্ভাৱনত জড়িত আছিল। অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলাৰ এখন ভিতৰুৱা গাঁৱত জন্মলাভ কৰা ৰুবুল মাউত শৈশৱ জীৱন চৰম দৰিদ্ৰতাৰ মাজত যাপন কৰিছিল। নিজৰ সপোন আৰু শিক্ষা পূৰণ কৰিবৰ বাবে তেখেতে অন্তহীন সংগ্ৰাম কৰিবলগা হৈছিল। তেওঁৰ এই সংগ্ৰামৰ কাহিনীয়েই মোৰো এটা সপোন আছেৰ বিষয়বস্তু। ড॰ মাউতৰ প্ৰথমখন গ্ৰন্থ আছিল এখনি গল্প-সংকলন। নাম হৈছে "ধূসৰতাত সংহত শ্ৰৱণ। "[2]

গ্ৰন্থখনৰ সংক্ষিপ্ত বিৱৰণ[সম্পাদনা কৰক]

মোৰো এটা সপোন আছে আত্মজীৱনীমূলক গ্ৰন্থখন মূলতঃ চাৰিটা খণ্ডত বিভক্ত। এই খণ্ডসমূহো সৰু-বৰ উপ-অধ্যায়ত বিভক্ত। গ্ৰন্থত মুঠ এসত্তৰটা উপ-অধ্যায় আছে। গ্ৰন্থখনৰ প্ৰথমটো খণ্ডৰ শিৰোনাম হৈছে-শৈশৱ। এইটো খণ্ডত লেখকে শৈশৱত সন্মুখীন হোৱা বিভিন্ন সংঘাতৰ বিষয়ে লিখিছে। পঢ়া টেবুলখনৰ বৰ্ণনাৰে তেখেতৰ শৈশৱ-কথা আৰম্ভ হৈছে। এইটো অধ্যায়ত প্ৰাথমিক স্কুলৰ পৰা মেট্ৰিক পাছ কৰালৈকে বৰ্ণনা সন্নিৱিষ্ট হৈছে। দ্বিতীয়টো অধ্যায় সংগ্ৰামত লেখকে উচ্চতৰ মাধ্যমিকৰ শিক্ষাগ্ৰহণৰ পৰা আৰম্ভ কৰি টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত বিজ্ঞানী হিচাপে যোগদান হোৱালৈকে সময়ছোৱাক সামৰি লৈছে। তৃতীয়টো অধ্যায় সুযোগত লেখকে টাটাৰ প্ৰতিষ্ঠানটিত বিজ্ঞানী হিচাপে অৰ্জন কৰা অভিজ্ঞতাসমূহৰ বিষয়ে বৰ্ণনা কৰিছে। আৰু সেই অভিজ্ঞতাই তেখেতেক কিদৰে ডক্তৰেটৰ বাবে সুযোগ আনি দিলে-তাৰ ব্যাখ্যা আগবঢ়াইছে। চতুৰ্থটো অধ্যায় দেউতাৰ অসুখত লেখক ড॰ মাউতে আমেৰিকাত মাচাছুচেটছ বিশ্ববিদ্যালয়ত গৱেষণা কৰি থাকোঁতেই দেউতাকৰ দুৰাৰোগ্য ৰোগৰ খবৰ পোৱা, সেই খবৰে তেওঁৰ মনোজগতত সৃষ্টি কৰা নানান চিন্তা-দুশ্চিন্তাৰ বিষয়ে লিখিছে। তেখেতৰ দেউতাক পাৰকিনচনৰ ৰোগত আক্ৰান্ত হৈছিল। এইটো অধ্যায়ত লেখকে জিন এডিটিঙৰ নানান সম্ভাৱনা, CRISPR/CAS9ৰ প্ৰযুক্তিৰ বিষয়েও ব্যাখ্যা আগবঢ়াইছে।[1]

সমালোচনা[সম্পাদনা কৰক]

কবি-সাহিত্যিক জীৱন নৰহে গ্ৰন্থখনৰ প্ৰসংগত কয় যে, “বিজ্ঞানী ৰুবুল মাউতে মনচুই যোৱা বৰ্ণনাৰে তেওঁৰ শিক্ষাজীৱনৰ পৰিক্ৰমা অতি সাৱলীলভাৱে গ্ৰন্থখনত তুলি ধৰিছে। অমানুসিক কষ্ট/ দৰিদ্ৰতাক কেনেকৈ পৰিয়ালৰ মানুহে (বিশেষকৈ মাক-দেউতাক-ককায়েক) মুখামুখি হৈ এই দীঘলীয়া যাত্ৰাত ৰুবুলক আগবঢ়াই দিছিল গ্ৰন্থখন পঢ়িলে সেই পৰিয়ালটোৰ প্ৰতি শ্ৰদ্ধাত মূৰ দো খাই যাব। আৰু যিসকল ব্যক্তিয়ে দৰিদ্ৰতাৰ গ্ৰাসক অতিক্ৰমি নিজকে প্ৰতিষ্ঠা কৰিছে তেওঁলোকে গ্ৰন্থখন পঢ়িলে নিজৰ জীৱন বৃত্তান্তকে বিচাৰি পাব আৰু তপত চকুলো এধাৰ বৈ আহিব।”[2]

গ্ৰন্থখনৰ তৃতীয়টো সংস্কৰণ ২০১৮ চনৰ জানুৱাৰী মাহত প্ৰকাশিত হয়।[1]

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 শৰ্মা, দীপক (১৬ অক্টোবৰ, ২০১৮). "মোৰো এটা সপোন আছেঃ দীপক শৰ্মা". মণিকূট. Archived from the original on 18 December 2020. https://web.archive.org/web/20201218225212/http://monikut.com/2018/10/dr-rubul-maut-moro-eta-sapon-ase-dipak-sarma/। আহৰণ কৰা হৈছে: 20 August 2020. 
  2. 2.0 2.1 2.2 "Moro Eta Sapon Ase". পূৰ্বায়ন. https://purbayonpublication.com/product/moro-eta-sapon-ase/। আহৰণ কৰা হৈছে: 20 August 2020. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]