ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (উদ্ভাৱনশালা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search



কেন্দ্ৰীয় আলোচনা
প্ৰস্তাৱসমূহ আলোচনা পৌনঃপুনিক প্ৰস্তাৱসমূহ

টোকা: নিষ্ক্ৰিয় আলোচনাসমূহ, শেষ হওক বা নহওক, আৰ্কাইভ ক’ৰা হ’ব
আৰ্কাইভআলোচনাসম্পাদনাইতিহাসপ্ৰদৰ্শন

অসমীয়া ৱিকিমিডিয়াৰ ভৱিষ্যত কাৰ্য্যপন্থা[সম্পাদনা কৰক]

অসমীয়া ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ ভৱিষ্যত কাৰ্য্যপন্থা সম্পৰ্কীয় কিছু ব্যক্তিগত অনুভৱ আৰু প্ৰস্তাৱ উত্থাপন কৰিব খুজিছোঁ৷ এই প্ৰস্তাৱসমূহ আগবঢ়োৱাৰ মূল অনুঘটকটো হ’ল মালায়ালম ৱিকিপিডিয়াৰ পিছতে ভাৰতীয় ভাষাসমূহৰ ভিতৰতে দ্বিতীয়খন ৱিকিপিডিয়া হিচাপে ২০০২ চনত মুকলি কৰা অসমীয়া ৱিকিপিডিয়া সক্ৰিয় অৱদানকাৰীৰ অভাৱৰ বাবে এতিয়াও চালুকীয়া অৱস্থাতে আছে৷ গতিকে বৰ্তমানৰ আগ্ৰহী আৰু সক্ৰিয় ৱিকিমিডিয়ান সকলে একত্ৰিতভাৱে আৰু পৰিকল্পিতভাৱে ৱিকিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰয়োজনীয় কিছুমান পদক্ষেপ হাতত লোৱাৰ সময় আহি পৰিছে৷ তলৰ প্ৰস্তাৱসমূহ উচ্চাকাংক্ষী যেন ভাৱ হ’ব পাৰে, তথাপিও সকলোকে মুকলিকৈ সমৰ্থন/আপত্তি দৰ্শাই মন্তব্য আৰু অন্য প্ৰস্তাৱো আগবঢ়াবলৈ অনুৰোধ কৰিলো৷

  1. মাহেকীয়া সম্পাদনা মাৰাথন: ৱিকিউৎসত যোৱা কেইমাহমানৰ পৰা প্ৰতিটো মাহত একোজন লেখকৰ মাহ হিচাপে লৈ তেওঁৰ লিখনিসমূহৰ ইউনিক’ডত উপলব্ধ কৰা হৈ আহিছে৷ তেনেদৰে ৱিকিপিডিয়াতো মাহেকীয়াকৈ একোটা থীম বাচি লৈ সেইসম্পৰ্কীয় আনুসংগিক প্ৰবন্ধসমূহ যোগ দিয়াৰ চেষ্টা কৰিলে কেনে হয়?
  2. ৱিকিত সম্পাদনাৰ অসমীয়া ভিডিঅ’/ব্লগৰ লেখা: আজিকালি নজনা কাম এটা কৰিবলৈ লৈয়ে প্ৰায় সকলোৱে কেনেকৈ কৰিব সেয়া গুগুলত বা ইউটিউবত খুঁচৰি চায়৷ তাত একো নাপালেহে হয়তো কাৰোৱাক সোধে৷ এইকাৰণেই মই ভাৱো, ইউটিউবত ৱিকিত কি কেনেকৈ সম্পাদনা কৰিব সেইসম্পৰ্কে অসমীয়াতে ভিডিঅ’ থকাৰ বা সেইসম্পৰ্কীয় ব্লগৰ লেখনি থকাৰ দৰকাৰ৷
  3. ৱিকিক্লাৱ: মই জনাত শিলচৰ আৰু তেজপুৰত কেইবছৰমান আগতে এনে ৱিকিক্লাৱ গঠন হৈছিল কিন্তু বৰ্তমান হয়তো আগৰদৰে সক্ৰিয় নহয়৷ অসমৰ বিভিন্ন জিলাত থকা বৰ্তমানৰ সক্ৰিয় সদস্যসকলে যদি অন্য আগ্ৰহী কেইজনমানক লৈ এনে ক্লাৱ গঠন কৰাৰ কথা ভাৱিব পাৰে৷ সুবিধা অনুযায়ী মাহে-পষেকে তেওঁলোকে একেলগে ৱিকিৰ কাম-কাজ কৰা, কিবা সমস্যা হ’লে জনা জনে দেখুৱাই দিয়া আদি কৰিব পাৰিলেই যথেষ্ট৷
  4. শিক্ষানুষ্ঠানৰ কম্পিউটাৰ/অসমীয়া বিষয়ত অন্তৰ্ভুক্তি: অসমৰ মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত কম্পিউটাৰ বা অসমীয়া বিষয়ত ছাত্ৰ-ছাত্ৰীক এছাইন্টমেন্ট বা চেমিনাৰৰ বিষয় হিচাপে ৱিকিপিডিয়া বা ৱিকিউৎসৰ কাম দিয়াৰ প্ৰস্তাৱটো মাজে-সময়ে ওলাই থাকে কিন্তু মই জনাত কাৰ্য্যক্ষেত্ৰত এতিয়াও হোৱাগৈ নাই৷ অন্য দেশত সচেতন শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজা প্ৰচেষ্টাৰে এনে কাম কৰাৰ খৱৰ পাই থাকোঁ৷ এই এটা পদক্ষেপেই অসমীয়া ৱিকিমিডিয়াৰ প্ৰকল্পসমূহক বহু আগবঢ়াই নিব পৰাৰ সম্ভাৱনা আছে৷
  5. বাতৰি কাকত/আলোচনীত ৱিকিপত্ৰিকাৰ শিতান: ৱিকিপত্ৰিকাৰ বাবে বা ৱিকিৰ বা-বাতৰিসমূহৰ বাবে কোনো কাকত/আলোচনীত নিয়মীয়াকৈ এটা সৰু শিতান লোৱাৰ কথা ভাৱিব পাৰিনে? এনে এটা শিতান হ’লে ৱিকিৰ ভিজিবিলিটি যথেষ্ট বঢ়াৰ আশা আছে৷
  6. ৱিকি কৰ্মশালা/চাহমেল: ৱিকি কৰ্মশালা/চাহমেল ইতিমধ্যে কেইবাখনো হৈ গৈছে৷ মই ভাৱো,বছৰেকৰ মূৰত গুৱাহাটীত কেইবাদিনীয়া (ট্ৰেইন দ্য ট্ৰেইনাৰ বা CIS A2K ৰ অন্য অনুষ্ঠানৰ কথা কোৱা নাই) এই চাহমেলবোৰ মাথোঁ কেইজনমান আগ্ৰহীলোকক লৈয়ে নিয়মীয়াকৈ অসমৰ বিভিন্ন জিলাত অনুষ্টুপীয়াকৈ পতাত গুৰুত্ব দিব লাগে৷ ৱিকিক্লাৱসমূহে এইক্ষেত্ৰত আগভাগ ল’ব পাৰে৷
  7. অসম সংক্ৰান্তীয় চিত্ৰ: ৱিকিকমনছত অসমৰ ঠাই, কলা-সংস্কৃতি, ক্ৰীড়া, ব্যক্তিত্ব, পৰম্পৰা যিয়ে নহওক প্ৰায়বোৰ বিষয়তে চিত্ৰৰ অভাৱ৷ অথচ আজিকালি সকলোৰে হাতে হাতে স্মাৰ্টফোন আৰু ছ’ছিয়েল মেডিয়াত ফটোৰ লেখ-জোখ পাবলৈ নাই! অসম সংক্ৰান্তীয় চিত্ৰ কমনছত আপল’ড কৰিবলৈ ৰাইজক কেনেকৈ উৎসাহ দিব পাৰি বাৰু? মই ভাৱি পোৱা এটা উপায় হ’ল, ৱিকিপত্ৰিকাৰ নিৰ্বাচিত চিত্ৰৰ বাবে মাহেকীয়া প্ৰতিযোগিতা পাতি পুৰষ্কাৰ হিচাপে ৱিকিসংক্ৰান্তীয় কিবা এটা (টিচাৰ্ট/মাগ?) আগবঢ়োৱা৷ আপোনালোকে কি কয়?
  8. ছ’ছিয়েল মিডিয়াত প্ৰচাৰ:শেহতীয়াকৈ ফে’চবুক/টুইটাৰ/ইনষ্ট’গ্ৰামত অসমীয়া ৱিকিৰ সক্ৰিয়তা বাঢ়িছে৷ ৰাইজেও অনলাইন ৱিকিৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে খা-খৱৰ পাইছে৷ এইটো খুবেই ভাল লক্ষণ৷ মাথোঁ উনুকিয়াই থ’লো এইকাৰণেই যে এই সক্ৰিয়তাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবৰ বাবে একাউন্টবোৰ একাধিক সদস্যই চলাব পাৰিলে ভাল যাতে এজনৰ ওপৰতে সকলো দায়িত্ব নপৰে আৰু কোনো এজন অন্য কামৰ হেঁচাত কিছুসময়ৰ বাবে আঁতৰি থাকিবলগা হ’লেই একাউন্টবোৰ নিস্ক্ৰিয় হৈ নাযায়৷
  9. ৱিকিপদক: এইটো ইতিমধ্যে কৰি অহা হৈছে৷ উল্লেখ কৰিলোঁ এইকাৰণেই যে অসমীয়া ৱিকিমিডিয়াৰ সকলো সক্ৰিয় সদস্যই একো একোজন প্ৰকৃত অসমীয়া- যি নিজৰ জাতিৰ বাবে, ভাষাৰ বাবে নিস্বাৰ্থভাৱে নিজৰ সাৰ্মথ্য অনুসৰি নিৰলস অৱদান আগবঢ়াই আহিছে৷ গতিকে মোৰ বোধেৰে আমি সকলোৱে ইজনে সিজনক উৎসাহ যোগাবলৈ, দুই-এটা পদক আগবঢ়াবলৈ/গ্ৰহণ কৰিবলৈ সংকোচ কৰিব নালাগে :)

ওপৰৰ কোনো বিশেষ প্ৰস্তাৱৰ লগত একমত আৰু ইয়াৰ কাৰ্য্যকৰীকৰণত আগ্ৰহী হ’লে প্ৰস্তাৱৰ তলত মন্তব্য দি আগ্ৰহ প্ৰকাশ কৰিবলৈ অনুৰোধ কৰিলোঁ৷

-জলি বৰা (talk) 13:33, 15 June 2019 (ইউ.টি.চি.)

মন্তব্য[সম্পাদনা কৰক]

ক'বলগীয়াখিনি=[সম্পাদনা কৰক]

  1. সম্পাদনা মাৰাথন: ৱিকিউৎসৰ বিষয়বোৰ লৈয়েই প্ৰতি মাহে ৱিকিপিডিয়াত প্ৰবন্ধ লিখাৰ কথা উলিয়াইছিলোঁ। হৈ উঠাগৈ নাই। এডিটাথন পাতিব লাগে যদি অলপ পৰিকল্পনা লাগিব।
  2. ভিডিঅ’/ব্লগৰ লেখা: ব্লগত বহুতে লিখিছেই। ভিডিঅ' কৰাটো এটা ভাল প্ৰস্তাৱ। বেছি অনুসৰণকাৰী থকা অসমীয়া ইউটিউব চেনেলকো সমৰ্থনৰ বাবে যোগাযোগ কৰিব পাৰি।
  3. শিক্ষানুষ্ঠান: ভাস্কৰ ভূঞাই উত্তৰ লখিমপুৰ কলেজৰ এই কামটো কৰাৰ বাবে কথা পাতিছে। এইটোকে পাইলট প্ৰজেক্ট হিচাপে লোৱা যাওক।
  4. কৰ্মশালা/চাহমেল: শেহতীয়াকৈ গণ্য-মান্য লোক কেইজনমানে উৎসাহ দেখুৱাইছে। মই ভাবোঁ এইবছৰ অন্ততঃ তিনিখন ৱিকিপিডিয়া/উৎস কৰ্মশালা পাতিব পাৰিম। অনুষ্টুপীয়া মেলবোৰৰ কথা এখন ঠাইত থকা সদস্যসকলেহে ক'ব পাৰিব।
  5. চিত্ৰ: পুৰষ্কাৰৰ প্ৰস্তাৱটো বঢ়িয়া। টি চাৰ্টৰ ব্যৱস্থা হৈ যাব। এনেকুৱা পুৰষ্কাৰ এডিটাথনতো থাকিব।
  6. ছ’ছিয়েল মিডিয়া: প্ৰতিটো মিডিয়াৰ বাবে পাঁচজনমানক দায়িত্ব দিব লাগিব।

— গীতাৰ্থ বৰদলৈ (talk) 19:28, 16 June 2019 (ইউ.টি.চি.)

ইয়াৰোপৰি[সম্পাদনা কৰক]

  1. অসমীয়া ৱিকিপিডিয়াৰ তৰফৰ পৰা অসমীয়া আৰু ইংৰাজী নৱবৰ্ষত দিনপঞ্জি (কেলেণ্ডাৰ) একোখনকৈ উলিয়ালে কেনে হয়! ইংৰাজী দিনপঞ্জিখনো অসমীয়া ভাষাতে উলিয়াব লাগে।
  2. ইউ-টিউবৰ ভিডিঅৰ বাবে এটা ৱিকিপিডিয়া ভিডিঅ' চেনেল খুলিব পাৰি। কেইজনমান সদস্যক তাৰ পৰিচালনাৰ বাবে নিৰ্বাচন কৰিব লাগে। চেনেলটো মই খুলি দিব পাৰিম বাৰু! কিন্তু ভিডিঅ'বোৰ নিৰ্মান কৰি আপল'ড কৰিব লাগিব, বিশেষকৈ নিৰ্মান কৰাটো মূল কথা। "শ্লাইড শ্ব" ধৰণৰ ভিডিঅ' নিৰ্মান কৰিব লাগে। দিব্য দত্ত (বাৰ্তা) 16:09, 17 June 2019 (ইউ.টি.চি.)

প্ৰস্তাৱৰ কাৰ্য্যকৰীকৰণৰ বাবে স্বেচ্ছাসেৱকৰ আহ্বান[সম্পাদনা কৰক]

  1. মাহেকীয়া সম্পাদনা মাৰাথন: ৱিকিউৎসৰ লগত মিলাই ৱিকিপিডিয়াটো কেৱল লেখকক লৈ কৰাতকৈ মাহটোৰ তাৎপৰ্য্যপূৰ্ণ কিবা এটা বিষয় ল’লে ভাল হ’ব নেকি? গীতাৰ্থ, পৰীক্ষামূলকভাৱে মাহেকীয়া এডিটাথন এটা পতাত তুমিয়ে আগভাগ ল’ব পৰিবানে? আগ্ৰহী সদস্যসকলেও সহায় কৰিবলৈ আগবাঢ়ি আহিলে ভাল হ’ব৷
  2. ৱিকিৰ অসমীয়া ভিডিঅ’: দিব্যদা আৰু গীতাৰ্থৰ লগত একমত৷ ঈশানে চেষ্টা কৰিব বুলি মত দিছে৷ লগতে দিব্যদাই ভিডিঅ’ চেনেলৰ দায়িত্ব লৈছে৷ দুয়োলৈ অশেষ ধন্যবাদ! আৰু কোনে এইটো কামত লাগি দিব পাৰিব মন্তব্য দিয়কচোন৷
  3. শিক্ষানুষ্ঠানৰ কম্পিউটাৰ/অসমীয়া বিষয়ত অন্তৰ্ভুক্তি: এইক্ষেত্ৰত ভাস্কৰজ্যোতিৰ পৰিকল্পনালৈ শুভেচ্ছা থাকিল৷
  4. ৱিকি কৰ্মশালা/চাহমেল: গীতাৰ্থ ই দায়িত্ব লৈছেই৷ অনুষ্টুপীয়া চাহমেলবোৰৰ কাৰণে পৰিকল্পনা কৰিবলৈ বৰ্তমানৰ সক্ৰিয় সদস্যসকলে কোন ঠাইত বিচাৰে সেয়া নিজেই প্ৰস্তাৱ কৰিলে ভাল হয়৷ পূৰ্বৰ আলোচনাৰ পৰা তলৰ নামকেইটা প্ৰস্তাৱ কৰিছোঁ-
    1. নগাওঁ: অনামিকা
    2. লখিমপুৰ:ভাস্কৰজ্যোতি
    3. গুৱাহাটী:গীতাৰ্থ
    4. যোৰহাট:?
    5. তেজপুৰ:নয়ন জ্যোতি
  5. অসম সংক্ৰান্তীয় চিত্ৰ প্ৰতিযোগিতা: এই প্ৰতিযোগিতা পাতিবলৈ বা এডিটাথনৰ আৰু চিত্ৰৰ বাবে পুৰস্কাৰ (টিচাৰ্ট আগৰ ডিজাইন নহয়-অসমীয়া ৱিকিৰ নিজা হ’লে বেছি ভাল)ৰ কাৰণে কি কৰিব লাগিব জানিলে সহায় কৰিব পাৰিম৷ গতিকে মোৰ নামটো দি থ’লো৷
  6. ছ’ছিয়েল মিডিয়াত প্ৰচাৰ:গীতাৰ্থৰ লগত একমত৷ মই জনাত তলত উল্লেখ কৰা সদস্যসকলে বৰ্তমানে একাউন্টবোৰ চলাই আছে৷ এই কামটোৰ বাবে আৰু দুজনমানৰ দৰকাৰ৷ আৰু কোনোবাই পাৰে যদি অনুগ্ৰহ কৰি মন্তব্য দিয়কচোন৷
    1. ফে’চবুক: চাণক্য, গীতাৰ্থ, ভাস্কৰজ্যোতি
    2. টুইটাৰ: চাণক্য, জলি
    3. ইনষ্ট’গ্ৰাম: গীতাৰ্থ, চাণক্য, প্ৰিয়াংকুশ?
  7. ৱিকিমিডিয়াৰ কেলেণ্ডাৰ: এইটো খুউব ভাল প্ৰস্তাৱ বুলি ভাৱোঁ৷ কৰিবলৈও বিশেষ অসুবিধা হ’ব নালাগে৷ এতিয়াই কোনোবাই দায়িত্বটো ল’লেতো আৰু ভাল৷ দিব্যদা?

মই বৰ্তমান অসমত নাই বাবে কিছুমান পদক্ষেপত বিশেষ সহায় কৰিব নোৱাৰিম৷ কিন্তু ইয়াৰ পৰাই কৰিব পৰা কামত লাগি ভাগি দিবলৈ সাজু৷ গতিকে নোসোধাকৈ বাকী সদস্যসকলৰ নাম প্ৰস্তাৱ কৰাৰ বাবে দায়-দোষ নধৰে যেন! আপত্তি থাকিলে নিজেই নাম আঁতৰাই দিব পাৰে৷ আশাকৰোঁ অসমত থকা সক্ৰিয় সদস্যসকল আগবাঢ়ি আহিব৷

জলি বৰা (talk) 18:22, 17 June 2019 (ইউ.টি.চি.)

আলোচ্য বিষয়ৰ প্ৰতি মোৰ সমৰ্থন আছে । ফেচবুকৰ পেজটোত মই সহায় কৰিব পাৰিম ।Bhaskarjyoti Bhuyan (talk) 03:15, 18 June 2019 (ইউ.টি.চি.)
ৱিকি কেলেণ্ডাৰৰ বাবে বাস্তৱ ফটোত কৈ অঁকা ছবি ভাল হয় বুলি ভাবিছোঁ। প্ৰাণজ্যোতি বা আৰু মই অঁকাৰ দ্বায়িত্ব ল'ব পাৰোঁ। ইনষ্টাগ্ৰামৰ দ্বায়িত্ব খিনিৰ বাবে ধন্যবাদ। যি পাৰোঁ হাত উজান দিম।

নয়ন জ্যোতি নাথ (talk)

ফেইচবুকৰ নতুন দায়িত্ব সদস্য:Bhaskarjyoti Bhuyan, User:দিব্য দত্ত আৰু User:ঈশান জ্যোতি বৰাক, ইনষ্টাগ্ৰামৰ নতুন দায়িত্ব সদস্য:নয়ন জ্যোতি নাথ আৰু User:SlowPhoton দিয়া হৈছে। — গীতাৰ্থ বৰদলৈ (talk) 16:02, 20 June 2019 (ইউ.টি.চি.)

মন্তব্য[সম্পাদনা কৰক]

জলি বাই বৰ সুন্দৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ লগতে আৰু দুটা প্ৰস্তাৱ মই আগবঢ়াব বিছাৰোঁ:

  1. অসমীয়া ৱিকিপিডিয়াৰ আৰু ৱিকিউৎসৰ বাবে এখন সহায়িকা হাতপুথি pdf আকাৰত প্ৰস্তুত কৰা। উদাহৰণ স্বৰূপে: File:Wikisource Handbook for Indian Communities.pdf ভাৰতীয় ৱিকিউৎসৰ বাবে বনোৱা এই হাতপুথিখন। হাতপুথিখনত ৱেবছাইট, মোবাইল ৱেব, আৰু মোবাইল এপ এই আটাইবোৰ platform-তে অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসত কেনেকৈ বৰঙণি আগবঢ়াৰ পাৰি তাৰ তথ্য থাকিব লাগে। Sreenshot-ৰ সহায়ত তথ্যবোৰ সহজে বুজিব পৰাকৈ আগবঢ়াব লাগে।
  2. ৱিকিপত্ৰিকাত বৰ্তমানলৈ প্ৰকাশ হোৱা ৱিকিপিডিয়ানৰ মনৰ কথা-বোৰ সংগ্ৰহ কৰি এখন pdf আকাৰত সংকলন প্ৰস্তুত কৰা। ৱিকিপিডিয়ানৰ মনৰ কথাবোৰ বৰ সুন্দৰকৈ লিখা আৰু সঁচাই প্ৰেৰণাদায়ক, মোৰ বোধেৰে এইলেখাসমূহে নতুন সদস্যসকলকো ৱিকিত বৰঙণি আগবঢ়াবলৈ প্ৰেৰণা যোগাব।

pdf আকাৰৰ এই দুয়োখন document আমি social media, WhatsApp ইত্যাদি যোগে share কৰি প্ৰচাৰ চলাব পাৰোঁ। --SlowPhoton (talk) 06:36, 18 June 2019 (ইউ.টি.চি.)

দুয়োটাই খুউব ভাল প্ৰস্তাৱ বুলি ভাৱো৷ ৱিকিপিডিয়ানৰ মনৰ কথা ৰ সংকলনখনত মই লাগি দিব পাৰোঁ৷ সহায়িকা হাতপুথিখন তোমালোকেই বেছি ভালকৈ কৰিব পাৰিবা কিজানি৷ - জলি বৰা (talk) 16:36, 19 June 2019 (ইউ.টি.চি.)
Gnome-edit-redo.svgJoli: হাতপুথিৰ কামটো তুমিয়েই আৰম্ভ কৰা। FAQ বুকলেটখন মই আপডেইট কৰিম বাৰু। — গীতাৰ্থ বৰদলৈ (talk) 16:02, 20 June 2019 (ইউ.টি.চি.)
মই ৱিকিপিডিয়ানৰ মনৰ কথাৰ সংকলনখনৰ কাম আৰম্ভ কৰিছোঁ। --SlowPhoton (talk) 10:38, 21 June 2019 (ইউ.টি.চি.)