ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)
ৰাইজৰ চ'ৰা প্ৰস্তাৱ |
ৰাইজৰ চ'ৰা: নীতি • ৱিকিমিস্ত্ৰীৰ দোকান • প্ৰস্তাৱসমূহ (সততে উত্থাপিত প্ৰস্তাৱসমূহ) • উদ্ভাৱনশালা • বিবিধ |
সূচী • প্ৰথম আলোচনা • পৃষ্ঠাৰ শেষলৈ যাওক • নতুন মন্তব্য আৰম্ভ কৰক |
ৰাইজৰ চ'ৰাৰ এই পৃষ্ঠাত নতুন ভাৱ আৰু প্ৰস্তাৱসমূহ আপুনিও যোগ কৰিব পাৰে। ইয়াৰ বাহিৰে অন্য ৱিকিপিডিয়াৰ নীতি বিষয়ক পৃষ্ঠাসমূহ নৱ-প্ৰস্তাবিত আৰু প্ৰচলিত নীতি-নিৰ্দেশনাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ কৰিবলৈ অনুগ্ৰহ কৰি নীতি বিভাগৰ পৃষ্ঠা ব্যৱহাৰ কৰক। কোনো নীতি-নিৰ্দেশনাৰ প্ৰয়োগ বা ব্যৱহাৰ সম্পৰ্কীয় সন্দেহ মৰিষণৰ কাৰণে বিভিন্ন জাননী ফলকসমূহ ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ কাৰিকৰী জ্ঞান আছে তেন্তে উপযুক্তভাৱে অৱদান/আলোচনা/সহায় আগবঢ়াওক। সততে উদয় হোৱা প্ৰশ্নসমূহৰ এখন সূচী এই FAQ পৃষ্ঠাত (FAQ: Frequently Asked Questions) আছে, অনুগ্ৰহ কৰি প্ৰথমে তাত চাই লয় যেন। |
|
অনুগ্ৰহ কৰি নতুন বিষয়/আলোচনা যোগ কৰিবলৈ এই পৃষ্ঠাৰ শেষলৈ যাওক। | |
কেন্দ্ৰীয় আলোচনা | ||
---|---|---|
![]() | ||
প্ৰস্তাৱসমূহ | আলোচনা | পৌনঃপুনিক প্ৰস্তাৱসমূহ |
| ||
আৰ্কাইভ • আলোচনা • সম্পাদনা • ইতিহাস • প্ৰদৰ্শন |
অসমীয়া ৱিকিমিডিয়ানসকলৰ প্ৰীতিমেল আৰু কৰ্মশালা[সম্পাদনা কৰক]
অসমীয়া ৱিকিমিডিয়ানসকলৰ প্ৰীতিমেল আৰু কৰ্মশালাখনি ২/১/২০২২ তাৰিখে কামৰূপ (মহানগৰ) ৰ ভৰলুমুখস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সভাগৃহত সুকলমে অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২৩ গৰাকী প্ৰবীণ-নবীন সদস্য আৰু শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে। সদস্য ভাস্কৰ ভূঞাই আঁত ধৰা এই অনুষ্ঠানটি দিনৰ প্ৰায় ১১ বজাত বন্তি প্ৰজ্বলনৰে আৰম্ভ হয়। বন্তি প্ৰজ্বলন কাৰ্যসূচীত আগভাগ লয় ৱিকিপিডিয়াৰ নবীন সদস্যা কৃষ্ণা সোণোৱাল, নীলাক্ষী ডেকা আৰু প্ৰবীণ সদস্য বাবুল বৈশ্যই। ২০০২ চনত নিজা ডমেইন লাভ কৰা অসমীয়া ৱিকিপিডিয়াৰ প্ৰাৰম্ভিক সময়ৰ সদস্যসকলৰ অৱদানক স্মৰণ কৰাৰ উপৰি অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীক তেখেতৰ মৃত্যু-দিৱসত সুঁৱৰি এই বন্তিভাগ প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছৰ কাৰ্যসূচীসমূহ এনেধৰণৰঃ
(১) উপস্থিত ৱিকিপিডিয়ানসকলৰ পৰিচয়-পৰ্ব, ১১:১৫-১১:৩০
(২) ৱিকি-উদ্ধৃতিৰ পৰিচয় আৰু প্ৰায়োগিক ব্যাখ্যা আগবঢ়ায় ৱিকিপিডিয়ান চন্দন চিৰিং ফুকনে, ১১:৩৫- ১২:৩০
(৩) চাহ-বিৰতি,১২:৩০-১:০০
(৪) ৱিকিপিডিয়াৰ পৰিচয় আৰু প্ৰায়োগিক ব্যাখ্যা আগবঢ়ায় প্ৰশাসক ডাঃ গীতাৰ্থ বৰদলৈয়ে, ১:০৫-২:০০
(৫) ৱিকিডাটাৰ পৰিচয়সহ প্ৰায়োগিক ব্যাখ্যা আগবঢ়ায় সদস্য বাবুল বৈশ্যই, ২:০৫-২:৪৫,
(৬) অসমীয়া ৱিকিউৎস তথা অটিআৰএছ সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় সদস্য মৃদুল কুমাৰ শৰ্মাই, ২:৫০-৩:১৫
(৭) সদস্যা প্ৰণামিকা অধিকাৰীৰ দুখন গ্ৰন্থ যথাক্ৰমে 'ভটিয়নী সোঁতত ওভতনি যাত্ৰা' আৰু 'সুখ আৰু দুখৰ মালিতা'ৰ পৰিচয় আৰু উন্মোচন। উন্মোচকদ্বয়ঃ বাবুল বৈশ্য আৰু ৰুমী বৰা। ৩:২০- ৩:৪০
(৮) শলাগৰ শৰাই আগবঢ়ায় সদস্য নয়ন জ্যোতি নাথে। মহাবিদ্যালয় কৰ্তৃপক্ষলৈ বিশেষ কৃতজ্ঞতা আগবঢ়োৱা হয়। ৩:৪২-৩:৫০
(৯) জাতীয় সংগীত পৰিৱেশন আৰু সভাভংগ, ৩:৫১-৩:৫৩
(১০) আহাৰ গ্ৰহণ, ৩:৫৫-৪:২০
অনুষ্ঠানৰ দাতাসকল
১/ চাহ, দুপৰীয়াৰ আহাৰ আৰু সভা গৃহৰ খৰচ: প্ৰণামিকা অধিকাৰী
২/ বেনাৰ: চন্দন চিৰিং ফুকন
৩/ কমলা: ৰুমী বৰা
৪/ বিস্কুট: জোনালী বৰুৱা
৫/ পানী বটল: ঈশান জ্যোতি বৰা
৬/বন্তি প্ৰজ্বলনৰ সামগ্ৰী: নয়ন জ্যোতি নাথ
উপস্থিত সদস্য আৰু শুভাকাংক্ষীসকলৰ স্বাক্ষৰঃ
- চন্দন চিৰিং ফুকন
- ঈশান জ্যোতি বৰা
- ভাস্কৰ ভূঞা
- প্ৰিয়াংকুশ ডেকা
- ৰুমী বৰা
- জোনালী বৰুৱা
- বাবুল বৈশ্য
- কৃষ্ণা সোণোৱাল
- নয়ন জ্যোতি নাথ
- প্ৰণামিকা অধিকাৰী
- বিশ্বজিৎ বৈশ্য
- ৰাজদ্বীপ ৰাজবংশী
- গীতাৰ্থ বৰদলৈ
- মৃদুল কুমাৰ শৰ্মা
- পল্লবী দত্ত বৰুৱা
- নীলাক্ষী ডেকা
- অৰ্থৱ কৌশিক
- ঋতিক শইকীয়া
- দীপক জ্যোতি মহন্ত
- ধ্ৰুপদ ডেকা
- কালিন্দ্ৰ দাস
- পূৰবী চৌধুৰী
- অভিজিৎ দত্ত
ৱিকিকমন্সত অনুষ্ঠানৰ আলোকছবিসমূহ চাবলৈ- ৱিকিমিডিয়ানৰ প্ৰীতিমেল আৰু কৰ্মশালাৰ ছবি
নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২২[সম্পাদনা কৰক]
অন্য ভাষাৰ ৱিকিৰ সৈতে সংগতি ৰাখি বিগত বৰ্ষসমূহৰ দৰে এই বছৰো অসমীয়া ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথনৰ আয়োজন কৰা হৈছে। ই হৈছে ৱিকিপিডিয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ লোক-সংস্কৃতি আৰু লোকগাথাত মহিলা বিষয়ক সমল বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ৱিকিপিডিয়াত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা। এই উদ্দেশ্যেৰে অসমীয়া ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২২ প্ৰকল্প পৃষ্ঠাখন সাজি উলিওৱা হৈছে। এই বছৰ প্ৰতিযোগিতাখন ১ ফেব্ৰুৱাৰী ২০২২-ৰ পৰা ৩১ মাৰ্চ ২০২২-লৈ চলিব। এই বছৰ নাৰীবাদ আৰু লোকগাথা এডিটাথনে ৱিকিপিডিয়াত ৱিকি লাভ্ছ ফকল’ৰ প্ৰকল্পৰ লোক-সংস্কৃতিৰ বিষয়ৰ সৈতে সংগতি ৰাখি লিংগ ব্যৱধান কম কৰাৰ উদ্দেশ্যেৰে নাৰীবাদ, নাৰীৰ জীৱনী আৰু লিংগ-কেন্দ্ৰিক বিষয়ৰ ওপৰত গুৰুত্ব দিব। এইবাৰৰ প্ৰতিযোগিতাখন সুচাৰুৰূপে চলাই নিবৰ বাবে বিচাৰক হিচাপে অভিজ্ঞ ৱিকিপিডিয়ান দিব্য দত্ত আৰু ঈশান জ্যোতি বৰাৰ নাম প্ৰস্তাৱ কৰিলোঁ। আশাকৰোঁ সকলোৱে এই বিষয়ত মতামত আগবঢ়াব।---Chandan Chiring Phukon Chat 14:31, 12 January 2022 (ইউ.টি.চি.)
- ধন্যবাদ। বিচাৰকৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিম। ঈশান জ্যোতি বৰা (বাৰ্তা) 14:58, 12 January 2022 (ইউ.টি.চি.)
হয়[সম্পাদনা কৰক]
সমৰ্থন — চাণক্য (বাৰ্তা) 14:40, 12 January 2022 (ইউ.টি.চি.)
সমৰ্থন — বাবুল বৈশ্য (বাৰ্তা) 14:51, 12 January 2022 (ইউ.টি.চি.)
সমৰ্থন — অনামিকা(চুমু) বড়া (বাৰ্তা) 15:30, 12 January 2022 (ইউ.টি.চি.)
সমৰ্থন- অজয় কথা-বতৰা 15:33, 12 January 2022 (ইউ.টি.চি.)
সমৰ্থন — ৰাজদ্বীপ ৰাজবংশী (বাৰ্তা) 23:54, 12 January 2022 (ইউ.টি.চি.)
সমৰ্থন৷ —-𝕂𝕦𝕝𝕕𝕙𝕒𝕣 ℝ𝕒𝕓𝕙𝕒𝕋𝕒𝕝𝕜- 13:07, 13 January 2022 (ইউ.টি.চি.)
সমৰ্থন — দীপকজ্যোতি মহন্ত (বাৰ্তা) 17:41, 21 June 2022 (ইউ.টি.চি.)
নহয়[সম্পাদনা কৰক]
মন্তব্য[সম্পাদনা কৰক]
অসমীয়া ৱিকিপিডিয়াৰ প্ৰসাৰ[সম্পাদনা কৰক]
অসমীয়া ৱিকিপিডিয়াৰ বিকাশ দিনে দিনে বৃদ্ধি হৈছে সেয়া দেখা পাইছোঁ আৰু ন ন প্ৰবন্ধ অন্তৰ্ভুক্ত হৈ গৈ আছে । কিন্তু বৰ্তমান সময়ছোৱাত আৰু অধিক প্ৰবন্ধ ৱিকিপিডিয়াত সংলগ্ন হোৱাটো প্ৰয়োজনীয় আছিল । বহুতো বিষয়ৰ গুৰুত্বপূৰ্ণ , প্ৰাসংগিক আৰু প্ৰয়োজনীয় লেখা অসমীয়া ৱিকিপিডিয়াত বিচাৰি পোৱা নাযায় । লগতে বহুতো প্ৰবন্ধ সম্পাদনা কৰাৰো প্ৰয়োজনীয়তা আছে বুলি ভাবো । হয়তো সক্ৰিয় সদস্যৰ সংখ্যা কম বাবেই এনে হৈছে । বহুতো লোকে ৱিকিপিডিয়াত প্ৰবন্ধ সন্ধান কৰে কিন্তু ৱিকিপিডিয়াত যে লেখা সম্পাদনা তথা সৃষ্টি কৰিব পাৰি সেই সম্পৰ্কে জ্ঞাত নহয় । সেই হেতুকে ৱিকিপিডিয়াৰ প্ৰসাৰ তথা ইয়াক মুক্তবিশ্বকোষ হিচাপে সবল ৰূপত প্ৰতিষ্ঠাৰ বাবে ৱিকিপিডিয়াক শিক্ষিত জনগণৰ মাজলৈ লৈ যোৱাটো আৰু তেওঁলোকক অৱগত কৰাটো ভাল হব । ই ৱিকিপিডিয়াক শক্তিশালী কৰিব বুলি ভাবো । বিজ্ঞ সকলৰ মতামত আৰু তেওঁলোকে কিবা ব্যবস্থা, পৰিকল্পনা লৈছে নেকি , এই সম্পৰ্কে জানিব বিচাৰিছোঁ । — Baruah ranuj (বাৰ্তা • বৰঙনিসমূহ) এই স্বাক্ষৰ বিহীন মন্তব্যটো যোগ কৰিছিল।
কুৰি শতিকাৰ শ্ৰেষ্ঠ অসমীয়া এডিটাথন ২০২২[সম্পাদনা কৰক]
অন্য ভাষাৰ ৱিকিপিডিয়াত সেই অঞ্চলৰ পুৰোধা ব্যক্তিসকলৰ প্ৰবন্ধ পঢ়িলে অনুভৱ কৰিব পাৰি যে অসমীয়া ৱিকিপিডিয়াত অসমৰ অগ্ৰণী ব্যক্তিসকলৰ বিষয়ে থকা সৰহভাগ প্ৰবন্ধ তেনেই নিশকতীয়া৷ সেইবাবে এনে কিছু প্ৰবন্ধৰ উন্নীতকৰণৰ উদ্দেশ্যেৰে ২০ জুনৰ পৰা এক এডিটাথন বা অনলাইন সম্পাদনা মাৰাথনৰ আয়োজন কৰা হৈছে৷ ’গৰিয়সী’ আলোচনীৰ ২০০০ চনৰ জানুৱাৰী সংখ্যাত বিংশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া আৰু আন কুৰিগৰাকী শ্ৰেষ্ঠ অসমীয়াৰ তালিকা প্ৰকাশ পাইছিল। এই বিছদিনীয়া সম্পাদনা মাৰাথনত এইসকল ব্যক্তিৰ বিষয়ে থকা প্ৰবন্ধ উন্নত কৰি পাছত ইংৰাজী ৱিকিতো সংযোগ কৰা হ’ব। অধিক জানিবলৈ ৱিকিপিডিয়া:কুৰি শতিকাৰ শ্ৰেষ্ঠ অসমীয়া এডিটাথন ২০২২ পৃষ্ঠালৈ যাওক আৰু যোগদান কৰক৷ এই সম্পৰ্কীয় এখন চাইট জাননীও সংযোগ কৰা হৈছে৷ — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 15:08, 17 June 2022 (ইউ.টি.চি.)
নতুন প্ৰশাসক নিৰ্বাচন[সম্পাদনা কৰক]
উল্লেখনীয় যে, অসমীয়া ৱিকিপিডিয়াৰ বৰ্তমানৰ সক্ৰিয়তা পূৰ্ব্বতকৈ বাঢ়ি যোৱাৰ বিপৰীতে প্ৰশাসক সকলৰ প্ৰয়োজনীয় সক্ৰিয়তাৰ অভাৱ দেখা গৈছে। বৰ্তমানৰ প্ৰশাসক সকল বিভিন্ন ক্ষেত্ৰত ব্যক্তিগতভাৱে জড়িত থকা বাবে প্ৰয়োজনীয় সক্ৰিয়তাৰ বাবে প্ৰশাসকৰ সংখ্যা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। সেয়েহে মই ব্যক্তিগতভাৱে নতুন এজন প্ৰশাসকৰ বাবে সক্ৰিয় আৰু কাৰিকৰী দিশেৰে পটু সদস্য চন্দন চিৰিং ফুকন আৰু চাণক্য কুমাৰ দাসৰ নামটো প্ৰস্তাৱ হিচাপে আগবঢ়ালোঁ। -Nayan j Nath (বাৰ্তা) 17:00, 21 June 2022 (ইউ.টি.চি.)
সমৰ্থন[সম্পাদনা কৰক]
- Baruah ranuj (বাৰ্তা) 17:05, 21 June 2022 (ইউ.টি.চি.)
- দিব্য দত্ত (বাৰ্তা) 17:19, 21 June 2022 (ইউ.টি.চি.)
- ঈশান জ্যোতি বৰা (বাৰ্তা) 17:24, 21 June 2022 (ইউ.টি.চি.)
- চাণক্যৰ বাবে সমৰ্থন জনালোঁ। -Chandan Chiring Phukon Chat 17:28, 21 June 2022 (ইউ.টি.চি.)
- Drnayanjyoti (বাৰ্তা) 17:28, 21 June 2022 (ইউ.টি.চি.)
সমৰ্থন — দীপকজ্যোতি মহন্ত (বাৰ্তা) 17:43, 21 June 2022 (ইউ.টি.চি.)
- অনামিকা(চুমু) বড়া (বাৰ্তা) 18:25, 21 June 2022 (ইউ.টি.চি.)
সমৰ্থন 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 18:56, 21 June 2022 (ইউ.টি.চি.)
সমৰ্থন — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 15:14, 28 June 2022 (ইউ.টি.চি.)
মন্তব্য[সম্পাদনা কৰক]
- মোৰ কাৰিকৰী দক্ষতা মুঠেই নাই। তাৰোপৰি বৰ্তমান সময়ত ৱিকি প্ৰকল্পৰ প্ৰশাসকৰ দৰে গুৰুভাৰ ল'বলৈ ব্যক্তিগত ব্যস্ততাৰ বাবে মই তেনেই অপাৰগ। গতিকে উক্ত প্ৰস্তাৱটো সসন্মানে অগ্ৰাহ্য কৰিলোঁ। -Chandan Chiring Phukon Chat 17:12, 21 June 2022 (ইউ.টি.চি.)
- চন্দনে অগ্ৰাহ্য কৰিছে যদিও চাণক্যৰ নামটো সমৰ্থন জনালোঁ৷ — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 15:14, 28 June 2022 (ইউ.টি.চি.)
- চাণক্য কুমাৰ দাসে প্ৰশাসক আৰু ইণ্টাৰফেইচ প্ৰশাসকৰ অধিকাৰ লাভ কৰিছে। আপোনালোকৰ সমৰ্থনৰ বাবে ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 18:54, 24 August 2022 (ইউ.টি.চি.)
ৱিকি লাভ্ছ লিটাৰেছাৰ ২০২২[সম্পাদনা কৰক]
ৱিকি লাভ্ছ লিটাৰেছাৰ ২০২২ হৈছে ৱিকিপিডিয়া সম্প্ৰদায়ৰ এক অনলাইন সম্পাদনামেলা। এই প্ৰকল্প প্ৰথমবাৰৰ বাবে ২০২১ চনৰ পাঞ্জাবী ৱিকিপিডিয়াত পাঞ্জাবী ৱিকি সম্প্ৰদায়ে কৰিছিল। এই প্ৰকল্পত সাহিত্য আৰু পাঞ্জাবী লেখকৰ সৈতে জড়িত প্ৰবন্ধসমূহত গুৰুত্বপূৰ্ণ তথ্য, উৎস, ছবিৰে অৱদান আগবঢ়োৱা হৈছিল। এই অভিযান এতিয়া অন্য ৱিকি সম্প্ৰদায়সমূহলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। আন ৱিকি সম্প্ৰদায়ৰসমূহৰ দৰে অসমীয়াতো এইবাৰ এই সম্পাদনামেলা আয়োজন কৰা হৈছে। এই সম্পাদনামেলা ১ জুলাই ২০২২-ৰ পৰা ৩১ জুলাই ২০২২লৈ চলিব। বিশেষকৈ ভাষা, সাহিত্য, সাহিত্যিক আৰু সাহিত্য সম্বন্ধীয় অনুষ্ঠান-প্ৰতিষ্ঠান সম্বন্ধীয় এই সম্পাদনামেলা মোৰ বোধেৰে এই এডিটাথনৰ জৰিয়তে তেনে সমল বৃদ্ধি কৰাৰ এয়া এক সোণালী সুযোগ। ইতিমধ্যে প্ৰকল্প পৃষ্ঠাৰ খচৰা প্ৰস্তুত কৰা হৈছে। প্ৰতিযোগিতাৰ নীতি-নিৰ্দেশনাকে ধৰি অন্যান্য দিশসম্বলিত মূল পৃষ্ঠাখন অতি সোনকালে ৰাজহুৱা কৰা হ'ব। প্ৰতিযোগিতাখনত জমা দিবলগীয়া প্ৰবন্ধসমূহৰ যথোচিত মূল্যায়ন কৰিবলৈ মই অসমীয়া ৱিকিপিডিয়াৰ ঈশান জ্যোতি বৰা আৰু নয়ন জ্যোতি নামৰ নাম মনোনীত কৰিলোঁ। @ঈশান জ্যোতি বৰা: আৰু @Nayan j Nath: ডাঙৰীয়া, আশা কৰিছোঁ, প্ৰতিযোগিতাখন নিয়াৰিকৈ চলাই নিয়াত আপোনালোক দুয়োজনে পাৰ্যমানে সহায় কৰিব। এই আলোচনাত অসমীয়া ৱিকিসমাজৰ মাননীয় সদস্যসকলৰ মতামত আশা কৰিলোঁ। - - অজয় কথা-বতৰা 05:16, 26 June 2022 (ইউ.টি.চি.)
মন্তব্য[সম্পাদনা কৰক]
- সমৰ্থন জনালোঁ - দিব্য দত্ত (বাৰ্তা) 06:33, 26 June 2022 (ইউ.টি.চি.)
সমৰ্থন জনালোঁ। -Chandan Chiring Phukon Chat 07:05, 26 June 2022 (ইউ.টি.চি.)
- সমৰ্থন - Drnayanjyoti (বাৰ্তা) 09:18, 26 June 2022 (ইউ.টি.চি.)
- সমৰ্থন জনালোঁ৷ 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 16:17, 26 June 2022 (ইউ.টি.চি.)
ৱিকি লাভ্ছ লিটাৰেছাৰৰ পইণ্ট ব্যৱস্থাৰ সাল-সলনি[সম্পাদনা কৰক]
ৱিকি লাভ্ছ লিটাৰেছাৰৰ নিয়মাৱলী কেন্দ্ৰীয় মেটা পৃষ্ঠাৰ নিয়মাৱলীৰ পৰা অনুবাদ কৰি সৃষ্টি কৰা হৈছিল। কিন্তু পইণ্ট ব্যৱস্থাত বিসংগতি আৰু নিয়মাৱলীত কিছু ভুল পৰিলক্ষিত হোৱাত মই সমন্বয়ৰক্ষক হিচাপে কেন্দ্ৰীয় আয়োজক সমিতিক এই বিষয়ে অৱগত কৰিছিলোঁ। তেওঁলোকে ৱিকি উৎসত পাঁচখন পৃষ্ঠা প্ৰুফৰিড আৰু ভেলিডেট কৰাৰ বাবে ১ পইণ্ট ধাৰ্য কৰাৰ পৰামৰ্শ আগবঢ়ায়। লগতে মেটা পৃষ্ঠাৰ নিয়মাৱলীৰ ভুল হৈ থকা ৮ নং নিয়মটো আপডেট কৰাৰ কথাও উল্লেখ কৰে। কিন্তু এতিয়ালৈকে তেওঁলোকে মেটা পৃষ্ঠা আপডেট কৰা নাই। স্থানীয়ভাৱে আমি এই নিয়ম মানি চলিব পৰোঁ, যিহেতু প্ৰতিযোগিতা শেষ হ'বলৈ বেছি দিন নাই। পিছলৈ নিয়ম সলনি কৰিলে বিতৰ্কৰ সূত্ৰপাত হোৱাৰ থল আছে। সেয়ে ৰাইজৰ মতামত বিচাৰিলোঁ। নতুন নিযম অনুসৰি ৱিকিউৎসত পাঁচখন পৃষ্ঠা প্ৰুফৰিড আৰু ভেলিডেট কৰিলে ১ পইণ্ট লাভ কৰিব। বাকী আগৰ নিয়ম সমূহ একেই থাকিব। - অজয় কথা-বতৰা 10:42, 25 July 2022 (ইউ.টি.চি.)
সমৰ্থন[সম্পাদনা কৰক]
সমৰ্থন জনালোঁ। -Chandan Chiring Phukon Chat 14:53, 25 July 2022 (ইউ.টি.চি.)
সমৰ্থন জনালোঁ। ঈশান জ্যোতি বৰা (বাৰ্তা) 06:18, 26 July 2022 (ইউ.টি.চি.)
সমৰ্থন -𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 13:59, 27 July 2022 (ইউ.টি.চি.)
মতামত[সম্পাদনা কৰক]
- যিহেতু মুদ্ৰণ সংশোধনতকৈ বৈধকৰণ কিছু সহজ, সেয়ে ৫ পৃষ্ঠা মুদ্ৰণ সংশোধণৰ বাবে ১ নম্বৰ আৰু ৭ পৃষ্ঠামান বৈধকৰণৰ বাবে ১ নম্বৰ দিব লাগে। দিব্য দত্ত (বাৰ্তা) 13:21, 25 July 2022 (ইউ.টি.চি.)
আনুষ্ঠানিক শিক্ষাত প্ৰয়োজনীয় সমলৰ অসমীয়া ৱিকিপিডিয়াত অন্তৰ্ভুক্তিৰ বাবে প্ৰকল্প[সম্পাদনা কৰক]
অসমীয়া ৱিকিপিডিয়াৰ দুই মুখ্য উদ্দেশ্য হৈছে সকলোৰে বাবে মুক্ত জ্ঞানৰ আয়োজন কৰা, আৰু আন্তৰ্জালত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰা। এই কথাৰ সৈতে হয়টো সকলোৱে সন্মত হ'ব যে এনে কৰোঁতে কিছু বিষয়ক আন বিষয়তকৈ অধিক প্ৰাধান্য দিয়া উচিত, ব্যৱহাৰিক কাৰণত। বৰ্তমানৰ প্ৰস্তাৱত দাবী কৰিব বিচাৰোঁ যে অসমীয়া ৱিকিপিডিয়াৰ ব্যৱহাৰ মূল্য বৃদ্ধি আৰু সমাজত বৃহত্তম প্ৰভাৱৰ বাবে আনুষ্ঠানিক শিক্ষাত প্ৰয়োজনীয় বিষয়সমূহক গুৰুত্ব প্ৰদান কৰা বাঞ্চনীয়। ইয়াৰ সমৰ্থনত তিনিটা তৰ্ক আগবঢ়াইছোঁ:
- আনুষ্ঠানিক শিক্ষাত কোনো বিষয়ে স্থান পোৱাই এই কথাকে সূচায় যে সেই বিষয় শিক্ষাৰ্থীয়ে জনাটো গুৰুত্বপূৰ্ণ। সেয়েহে মুক্ত জ্ঞানৰ এক আন্দোলন হিচাপে ৱিকিপিডিয়াই শীঘ্ৰাতিশীঘ্ৰে তেনে সমল মুক্তভাৱে উপলব্ধ কৰোৱাটো আশা কৰা হয়।
- ৱিকিপিডিয়া বাস্তৱত প্ৰায় মানুহে এনে তথ্যৰ বাবেই ব্যৱহাৰ কৰে যেন অনুভৱ হয়। ইংৰাজী ৱিকিপিডিয়াৰ ব্যৱহাৰো প্ৰায় স্কুল-কলেজত পঢ়োৱা বিষয় বিতংকৈ জানিবলৈ বা প্ৰজেক্ট আদিৰ বাবে অধ্যয়ন কৰিবলৈ কৰা হয়। ই অসমীয়া ৱিকিপিডিয়াৰ জনপ্ৰিয়তা বৃদ্ধিতো সহায় কৰিব।
- কোনো ভাষা কেৱল ভাৱ প্ৰকাশৰ বাবেই নহয়। আধুনিক যুগত কাৰিকৰী জ্ঞান কোনো ভাষাত ভালকৈ উপলব্ধ নহ'লে সেই ভাষাৰ প্ৰাসংগিকতা নোহোৱা হয়, সেই ভাষা কোৱা লোকেই সেই ভাষা শিকিব নিবিচাৰে। কাৰিকৰী বিষয়ৰ প্ৰবন্ধৰ সুশৃংখলিত আৰু সহজলভ্য উপস্থাপন অসমীয়া ভাষাৰ বাবে এক অতিকৈ মহত্বপূৰ্ণ অৱদান হ'ব যেন অনুভৱ হয়। তাতে ব্যক্তিগত বা চৰকাৰী প্ৰচেষ্টাৰে নহয়, অসমীয়া ৱিকিপিডিয়াৰ দৰে মঞ্চত, ৰাইজে লগ লাগি ৰাজহুৱা প্ৰচেষ্টাৰে তেনে পদক্ষেপ লোৱাটো নিশ্চয়েই যিকোনো ভাষা-গোটৰ বাবেই গৌৰৱৰ বিষয় হ'ব। ই সেই ভাষা-গোষ্ঠীৰ উমৈহতীয়া মূল্যক দৰ্শাব।
সেয়েহে এই প্ৰস্তাৱৰ উদ্দেশ্য হ'ল:
- অসমীয়া ৱিকিপিডিয়াত প্ৰাথমিকৰ পৰা উচ্চ শিক্ষালৈকে পাঠ্যক্ৰমত থকা বিষয়সমূহ উচ্চ মানৰ সৈতে সন্নিৱিষ্ট কৰাৰ এক সুশৃংখলিত, বিস্তৃত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা তৈয়াৰ কৰা।
- এই সমল কিদৰে ভালকৈ সজাব পৰা যায়, যাতে এটা প্ৰবন্ধ আনটোৰ সৈতে ভালকৈ লিংক হওক, তাক আলোচনা কৰা।
- সমল তৈয়াৰ কৰাৰ পাছত কিদৰে এই সমল ৰাইজৰ মাজলৈ লৈ যোৱা হ'ব, সেই কথা আলোচনা কৰা।
সেয়ে তলত দিয়া প্ৰস্তাৱ আগবঢ়ালোঁ:
- আৰম্ভণিতে স্কুলৰ পাঠ্যক্ৰমত থকা সকলো টপিকৰ এক তালিকা প্ৰস্তুত কৰা হওক, প্ৰত্যেক শ্ৰেণী আৰু প্ৰত্যেক বিষয়ৰ বাবে। যেনে, পঞ্চম শ্ৰেণীৰ গণিতত এইকেইটা বিষয় আছে, পঞ্চম শ্ৰেণীৰ ভূগোলত এইকেইটা বিষয় আছে, সপ্তম শ্ৰেণীৰ অৰ্থনীতিত এইকেইটা বিষয় আছে ইত্যাদি ইত্যাদি। এনে কৰিবলৈ সম্ভৱতঃ ষ্টে'ট ব'ৰ্ড, চি বি এছ ই বা আই চি এছ ইৰ পাঠ্যক্ৰমৰ সহায় ল'ব পৰা যাব।
- ৱিকিপ্ৰকল্প আনুষ্ঠানিক শিক্ষা নামৰ এটি প্ৰকল্পৰ সৃষ্টি কৰিব পৰা যায় অসমীয়া ৱিকিপিডিয়াত, যাৰ ভিতৰত উপ-প্ৰকল্প থাকিব পাৰে এনে ধৰণৰ, ৱিকিপ্ৰকল্প প্ৰাথমিক শিক্ষা, ৱিকিপ্ৰকল্প মাধ্যমিক শিক্ষা আদি (ৱিকিপ্ৰকল্প প্ৰথম শ্ৰেণী, ৱিকিপ্ৰকল্প দ্বিতীয় শ্ৰেণী আদি নাম ৰখাৰ কথাও ভাবিব পৰা যায়, কিন্তু এনে কৰাতো হয়টো ৱিকিপিডিয়াৰ ষ্টাইলৰ সৈতে খাপ নাখাব, যিহেতু ৱিকিপিডিয়া বিশ্বকোষহে, এনে নাম সম্ভৱতঃ ভগ্নী প্ৰকল্প ৱিকিবিশ্ববিদ্যালয়ৰ সৈতেহে অধিক খাপ খাব, কিন্তু অসমীয়াত সেই প্ৰকল্প উপলব্ধ নহয়)। ৱিকিপিডিয়াৰ ভিতৰত ভিন ভিন বিষয়ৰ প্ৰকল্প থকাৰ এই ব্যৱস্থা ইংৰাজী ৱিকিপিডিয়াত দেখা যায়, যেনে WikiProject Economics, WikiProject Physics আদি। বৰ্তমানৰ এই প্ৰস্তাৱত কিন্তু ইংৰাজী ৱিকিপিডিয়াৰ Wikiproject সমূহতকৈ অধিক শৃংখলতা বজাই ৰখাৰ কথা কোৱা হৈছে, কাৰণ বৰ্তমানৰ প্ৰস্তাৱৰ বিপৰীতে ইংৰাজী ৱিকিপিডিয়াৰ WikiProjectসমূহত পূৰ্বনিৰ্ধাৰিত তালিকা সাধাৰণতে নাথাকে। আন এক পাৰ্থক্য হ'ল, ইংৰাজী ৱিকিপিডিয়াত কেৱল বিষয় লৈ প্ৰকল্প তৈয়াৰ কৰা হৈছে, কিন্তু বৰ্তমানৰ প্ৰস্তাৱত বিষয় আৰু শিক্ষাৰ মান দুয়োৰে আধাৰত উপ-প্ৰকল্পসমূহ তৈয়াৰ কৰা হ'ব।
- তালিকাসমূহৰ যি যি বিষয় অসমীয়া ৱিকিপিডিয়াত নাই, সেই বিষয় সদস্যসমূহে নিজৰ সুবিধা অনুযায়ী লিখিব পাৰে। ঠিক তেনেদৰে বৰ্তমানে উপলব্ধ প্ৰবন্ধসমূহো বহলাব পাৰে। লিখন কাৰ্যত উৎসাহ যোগাবলৈ এডিটাথন, পদকৰ ব্যৱস্থা, সাময়িক লক্ষ্যৰ ৰাজহুৱা ঘোষণা আদি কৰিব পৰা যায়।
- প্ৰকল্পসমূহৰ ভিতৰত বিভিন্ন প্ৰবন্ধৰ গুৰুত্ব আলোচনাৰ মাজেৰে নিৰ্ধাৰিত কৰিব পৰা যায়, আৰু খুব সম্ভৱ সেই ক্ৰমতেই প্ৰবন্ধ লিখিব পৰা যায়। এনে "Importance scale" ইংৰাজী ৱিকিপিডিয়াতো দেখা যায়। উদাহৰণস্বৰূপে Rational Choice Theory প্ৰবন্ধটো WikiProject Economicsত High Importance আৰু WikiProject Politicsত Mid Importance বুলি চিহ্নিত কৰা হৈছে।
- প্ৰকল্পসমূহৰ পৃষ্ঠা আৰু সাঁচ তৈয়াৰ কৰি, সেই প্ৰকল্পৰ আন প্ৰবন্ধৰ সৈতে দিয়া হোৱা প্ৰবন্ধৰ সম্বন্ধ দৰ্শাব পৰা যায়, যিদৰে বৰ্তমানেও কৰা হৈয়েই আছে বিভিন্ন প্ৰবন্ধ শৃংখলত।
- স্কুলৰ পাঠ্যক্ৰমৰ সন্তোষজনক মান থকা সকলো প্ৰবন্ধৰ অন্তৰ্ভুক্তিৰ পাছত লাহে লাহে উচ্চ শিক্ষাৰ দিশে আগবাঢ়িব পৰা যায়। সেই স্তৰ অহালৈ নিশ্চয় কিছু সময় আছে, আৰু আলোচনা কৰাৰ সুবিধাও আছে।
- ৱিকিপিডিয়াৰ এই সমল টাৰ্গেট অডিয়েঞ্চৰ ওচৰলৈ কেনেকৈ লৈ যাব পৰা যায়, সেই কথাৰ বিষয়ে বৰ্তমানে ইয়াত লিখাৰ অৱস্থাত মই নাই। ঠিক তেনেদৰেই শিক্ষাগুৰু আৰু অন্যান্য অংশীদাৰক কিদৰে জড়িত কৰিব পৰা যায়, সেই কথাও মই ইয়াত আলোচনা কৰিব পৰা অৱস্থাত নাই। আন সদস্যসকলে ভাল পৰামৰ্শ দিব বুলি আশা ৰাখিলোঁ।
এই প্ৰস্তাৱৰ কিছু সীমাবদ্ধতা আৰম্ভণিতেই মনলৈ আহে:
- ৱিকিপিডিয়াত প্ৰবন্ধসমূহ লিখাৰ ধৰণ স্কুলৰ কিতাপৰ পাঠত লিখাৰ ধৰণতকৈ বহু বেলেগ। কাৰণ ৱিকিপিডিয়া এখন বিশ্বকোষহে, পাঠ্যপুথি নহয়। ৱিকিপিডিয়াৰ উদ্দেশ্য expositionহে, pedagogy নহয়। তৎস্বত্তেও ইংৰাজী আদি ভাষাৰ ৱিকিপিডিয়া শিক্ষাৰ্থীয়ে বহুলভাৱে ব্যৱহাৰ কৰে। অসমীয়া ৱিকিপিডিয়াক অন্ততঃ তেনে ব্যৱহাৰৰ বাবেই তৈয়াৰ কৰিব পৰা যায়। ৱিকিপিডিয়াৰ বৰ্তমানৰ বিশ্বকোষীয় লিখনশৈলী সলোৱাৰ কোনো প্ৰশ্নই নুঠে, ৱিকিপিডিয়া প্ৰথমে আৰু সম্পূৰ্ণৰূপে এখন বিশ্বকোষহে।
- স্কুলীয়া শিক্ষাত প্ৰায় একে বিষয়কে গভীৰতাৰ ভিন্ন স্তৰত ভিন ভিন শ্ৰেণীত উপস্থাপন কৰা হয়। উদাহৰণস্বৰূপে, দশম শ্ৰেণীৰ পদাৰ্থ বিজ্ঞানত যি বস্তু সৰল কৰি সাধাৰণ বীজগণিতেৰে বুজোৱা হয়, সেই বিষয় একাদশ শ্ৰেণীত কেলকুলাছৰ সহায়ত বুজোৱা হয়। ৱিকিপিডিয়াত সধাৰণতে এটি বিষয়ৰ বাবে এটাই মাথো প্ৰবন্ধ ৰখা হয়। কিছু ব্যতিক্ৰম আছে, যেনে ইংৰাজী ৱিকিপিডিয়াত কোৱাণ্টাম বলবিজ্ঞানৰ বাবে দুটা প্ৰবন্ধ আছে, এটা সৰল, আৰু এটা জটিল। অসমীয়া ৱিকিপিডিয়াতো যেতিয়া অপৰিহাৰ্য হয়, হয়টো তেনে কৰিব পৰা যাব। কিন্তু এনেদৰে সঘনাই কৰিলে বিশৃংখলতাৰহে সৃষ্টি হ'ব যেন ভাৱ হয়।
এই সীমাবদ্ধতাকেইটা হয়টো আঁতৰাব পৰা নাযাব। তথাপিও এই প্ৰকল্পই জৰুৰী কাৰিকৰী জ্ঞান সুসংগঠিতভাৱে অসমীয়া পাঠকলৈ আগবঢ়াব পাৰিব বুলি বিশ্বাসী।
সুদূৰ ভৱিষ্যত:
এই প্ৰকল্প ভালদৰে আগুৱাই গ'লে আগলৈ ওপৰত উল্লিখিত সমস্যা সমাধান কৰিব পৰা যাব বুলি বিশ্বাস কৰোঁ। তদুপৰি এই পৰিকল্পনা বিস্তাৰো কৰিব পৰা যাব।
ৱিকিপিডিয়াতে আৰম্ভ কৰি, পাছলৈ যেতিয়া প্ৰায়বোৰ সমল উপলব্ধ হ'ব (আৰু বৰ্তমানে চলি থকা ৱিকিউদ্ধৃতিৰ প্ৰাৰম্ভিক কাম শেষ হৈ যেতিয়া ই ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ দৰে এক নিজা ডমেইন থকা সুস্থিৰ প্ৰকল্প হৈ পৰিব), ভগ্নী প্ৰকল্প ৱিকিগ্ৰন্থত সঠিকভাৱে পাঠ্যপুথিৰ আকাৰত এই সমল তুলি ধৰিব পৰা যাব, যি হ'ব পাৰিব বিভিন্ন স্তৰৰ, বিভিন্ন দৃষ্টিভংগীৰ আৰু ভিন ভিন কামত ব্যৱহাৰ কৰিব পৰা। তদুপৰি, এই মুক্ত পাঠ্যপুথিসমূহ ৱিকিবিশ্ববিদ্যালয়ত ভালদৰে সজাই, তাৰ লগতে অনুশীলনী, প্ৰজেক্ট আদি যোগ কৰি, ৱিকিপিডিয়াত কৰাৰ দৰেই প্ৰাথমিকৰ পৰা উচ্চ শিক্ষালৈকে এক comprehensive ব্যৱস্থা তৈয়াৰ কৰি, এক উচ্চ মানৰ, মুক্ত শিক্ষাৰ সমল অসমৰ ৰাইজলৈ আগবঢ়াব পৰা যায়।
সামৰণি
এই পৰিকল্পনাৰ বিষয়ে আপোনালোক সকলোৱে নিজৰ মত, পৰামৰ্শ, আশংকা আদি আগবঢ়াব বুলি আশা ৰাখিলোঁ। IKHazarika (বাৰ্তা) 13:08, 2 October 2022 (ইউ.টি.চি.)
মতামত[সম্পাদনা কৰক]
- গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। অনামিকা(চুমু) বড়া (বাৰ্তা) 13:22, 2 October 2022 (ইউ.টি.চি.)
- খুব সুন্দৰ প্ৰস্তাৱ। ৱিকিপ্ৰকল্প গণিত/প্ৰাথমিক, ৱিকিপ্ৰকল্প গণিত/মাধ্যমিক এনেদৰে কৰিলে ভাল হ’ব। যেনে-
- ৱিকিপ্ৰকল্প গণিত
- ৱিকিপ্ৰকল্প গণিত/প্ৰাথমিক
- ৱিকিপ্ৰকল্প গণিত/প্ৰাথমিক/স্তৰ ১
- ৱিকিপ্ৰকল্প গণিত/প্ৰাথমিক/স্তৰ ২
- ৱিকিপ্ৰকল্প গণিত/মাধ্যমিক
- ৱিকিপ্ৰকল্প গণিত/মাধ্যমিক/স্তৰ ১
- ৱিকিপ্ৰকল্প গণিত/মাধ্যমিক/স্তৰ ২ এনেধৰণৰ।দিব্য দত্ত (বাৰ্তা) 13:34, 2 October 2022 (ইউ.টি.চি.)
- পৰামৰ্শৰ বাবে ধন্যবাদ! এই ব্যৱস্থা ভাল লাগিছে, "শ্ৰেণী"ৰ উল্লেখ নকৰাকৈয়ে স্তৰত বিভক্ত কৰি দিয়া হৈছে, ভালকৈ organisedও হৈছে। IKHazarika (বাৰ্তা) 05:43, 3 October 2022 (ইউ.টি.চি.)
- ৱিকিপ্ৰকল্প গণিত/প্ৰাথমিক
- প্ৰস্তাৱটোলৈ আদৰণি জনাইছোঁ। -Chandan Chiring Phukon Chat 15:14, 2 October 2022 (ইউ.টি.চি.)
- খুব সুন্দৰ প্ৰস্তাৱ। দিব্যদাৰ পৰামৰ্শ ভাল লাগিছে। ≈ MS Sakib «কওক...» 10:40, 25 November 2022 (ইউ.টি.চি.)
নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩[সম্পাদনা কৰক]
অন্য ভাষাৰ ৱিকিৰ সৈতে সংগতি ৰাখি বিগত বৰ্ষসমূহৰ দৰে এই বছৰো অসমীয়া ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথা এডিটাথনৰ আয়োজন কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছোঁ। ই হৈছে ৱিকিপিডিয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ লোক-সংস্কৃতি আৰু লোকগাথাত মহিলা বিষয়ক সমল বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ৱিকিপিডিয়াত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা। এই উদ্দেশ্যেৰে অসমীয়া ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩ প্ৰকল্প পৃষ্ঠাখন সাজি উলিওৱা হৈছে। এই বছৰৰ প্ৰস্তাৱিত প্ৰতিযোগিতাখন ১ ফেব্ৰুৱাৰী ২০২৩-ৰ পৰা ৩১ মাৰ্চ ২০২৩-লৈ চলিব। এই বছৰ নাৰীবাদ আৰু লোকগাথা এডিটাথনে ৱিকিপিডিয়াত ৱিকি লাভ্ছ ফকল’ৰ প্ৰকল্পৰ লোক-সংস্কৃতিৰ বিষয়ৰ সৈতে সংগতি ৰাখি লিংগ ব্যৱধান কম কৰাৰ উদ্দেশ্যেৰে নাৰীবাদ, নাৰীৰ জীৱনী আৰু লিংগ-কেন্দ্ৰিক বিষয়ৰ ওপৰত গুৰুত্ব দিব। এইবাৰৰ প্ৰতিযোগিতাখন সুচাৰুৰূপে চলাই নিবৰ বাবে বিচাৰক হিচাপে অভিজ্ঞ ৱিকিপিডিয়ান দিব্য দত্ত, প্ৰণামিকা অধিকাৰী আৰু বাবুল বৈশ্যৰ নাম প্ৰস্তাৱ কৰিলোঁ। আশাকৰোঁ সকলোৱে এই বিষয়ত মতামত আৰু পৰামৰ্শ আগবঢ়াব। এই বিষয়ে বহুমতত উপনীত হ'লে ফাউণ্টেন টুলটো সাজিব পৰা যাব।-Chandan Chiring Phukon Chat 18:08, 24 December 2022 (ইউ.টি.চি.)
- সন্মানীয় সদস্য, মই নিজকে ইয়াৰ বাবে যোগ্য বিবেচনা নকৰোঁ৷ অনুগ্ৰহ কৰি মোক অধিক শিকিবলৈ সুযোগ দিয়ক৷ Pranamikaadhikary (বাৰ্তা) 18:20, 24 December 2022 (ইউ.টি.চি.)
- @Pranamikaadhikary আপোনাৰ মতামতৰ প্ৰতি সন্মান জনাই কুলধৰ ৰাভাৰ নামটো তৃতীয়গৰাকী বিচাৰক হিচাপে প্ৰস্তাৱ কৰিলোঁ। আশাকৰোঁ সমৰ্থন জনাব।-Chandan Chiring Phukon Chat 18:26, 24 December 2022 (ইউ.টি.চি.)
- ধন্যবাদ৷ Pranamikaadhikary (বাৰ্তা) 18:33, 24 December 2022 (ইউ.টি.চি.)
- @Pranamikaadhikary আপোনাৰ মতামতৰ প্ৰতি সন্মান জনাই কুলধৰ ৰাভাৰ নামটো তৃতীয়গৰাকী বিচাৰক হিচাপে প্ৰস্তাৱ কৰিলোঁ। আশাকৰোঁ সমৰ্থন জনাব।-Chandan Chiring Phukon Chat 18:26, 24 December 2022 (ইউ.টি.চি.)
সমৰ্থন[সম্পাদনা কৰক]
সমৰ্থন — চাণক্য (বাৰ্তা) 18:16, 24 December 2022 (ইউ.টি.চি.)
সমৰ্থন অনামিকা(চুমু) বড়া (বাৰ্তা) 18:22, 24 December 2022 (ইউ.টি.চি.)
সমৰ্থন Pranamikaadhikary (বাৰ্তা) 18:37, 24 December 2022 (ইউ.টি.চি.)
সমৰ্থন ঈশান জ্যোতি বৰা (বাৰ্তা) 19:41, 24 December 2022 (ইউ.টি.চি.)
সমৰ্থন -Nayan j Nath (বাৰ্তা) 01:18, 25 December 2022 (ইউ.টি.চি.)
- 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 03:28, 25 December 2022 (ইউ.টি.চি.)
বিৰোধ[সম্পাদনা কৰক]
মন্তব্য[সম্পাদনা কৰক]
- সন্মানীয় সতীৰ্থবৃন্দ, অস. ৱিকিপিডিয়াত কিছু সক্ৰিয় হৈ আছোঁ যদিও বিচাৰকৰ গুৰুদায়িত্বভাৰ ল’ব পৰাকৈ মই এতিয়া অপাৰগ। —𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 03:28, 25 December 2022 (ইউ.টি.চি.)
মাননীয় সদস্যসকলৰ ভোটদান আৰু কুলধৰৰ মতামতৰ প্ৰতি সন্মান জনাই বাবুল দা আৰু দিব্য দাৰ নাম বিচাৰকৰ বাবে চূড়ান্ত কৰা হ'ল। ---Chandan Chiring Phukon Chat 16:20, 11 January 2023 (ইউ.টি.চি.)
আলোকচিত্ৰ প্ৰতিযোগিতা সম্পৰ্কে(২০২৩)[সম্পাদনা কৰক]
নমস্কাৰ! অসমীয়া ৱিকিমিডিয়া সমাজ, যোৱা ২৬ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে অনুষ্ঠিত হোৱা অসমীয়া ৱিকিপিডিয়াৰ মাহেকীয়া অনলাইন ৱিকিসভাত এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসমীয়া ৱিকিপিডিয়াৰ তৰফৰ পৰা “অসমৰ স্থাপত্য আৰু সংস্কৃতি বিষয়ৰ উন্নত মানৰ আলোকচিত্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে উন্নত মানৰ আলোকচিত্ৰক উদগনি দি তথ্যসমৃদ্ধ আলোকচিত্ৰ বিষয়ক জাগৰণ সৃষ্টি কৰা”ৰ উদ্দেশ্যেৰে ২০২১ চনত অনুষ্ঠিত কৰা আলোকচিত্ৰ প্ৰতিযোগিতাৰ আৰ্হিত এই বৰ্ষটো এখনি আলোকচিত্ৰ প্ৰতিযোগিতা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতিযোগিতাখনিৰ নিয়মাৱলী, পুৰস্কাৰ, বিচাৰক তথা অন্য সকলো কৰ্মসূচী প্ৰস্তুত কৰাৰ বাবে ইয়াতে এটি আলোচনা কৰিবলৈ আহ্বান জনালোঁ। - দিব্য দত্ত (বাৰ্তা) 05:33, 28 February 2023 (ইউ.টি.চি.)
বিষয়[সম্পাদনা কৰক]
অসমৰ স্থাপত্য আৰু সংস্কৃতি বিষয়ক
ক) পৰিৱেশ সম্পৰ্কীয় (অসমৰ ফুল-ফল, জীৱ-জন্তু, গছ-লতা,পাহাৰ, খাল-বিল, নৈ-নদ ইত্যাদি)
খ) নগৰ-চহৰ, গাঁৱলীয়া জীৱনশৈলী সম্পৰ্কীয়
গ) অসমৰ উৎসৱ-পাৰ্বন, ৰীতি-নীতি, কলা-সংস্কৃতি
ঘ) থলুৱা সা-সঁজুলি(মাছধৰা সঁজুলি, খেতিৰ সঁজুলি, তাঁতৰ সঁজুলি, পৰম্পৰাগত বাচন-বৰ্তন ইত্যাদি)
ঙ) বিভিন্ন কৃষিজাত সামগ্ৰী যেনে কল, ধান ইত্যাদিৰ প্ৰজাতি
চ) অসমৰ ঐতিহ্য বহন কৰা যিকোনো অনুষ্ঠান, প্ৰতিষ্ঠান, ঠাই, ভগ্নাৱশেষ ইত্যাদিৰ ফটো
ছ) যিকোনো বিৰল বিষয়বস্তুৰ ফটো ইত্যাদি
নিয়ম সম্পৰ্কীয়[সম্পাদনা কৰক]
- প্ৰতিযোগীয়ে নিজেই একাউণ্ট সৃষ্টি কৰি লৈ লগ ইন কৰি কমন্সত ফটো জমা দিব লাগিব।
- ফটোৰ লগত ফটো সম্পৰ্কীয় স্পষ্ট আৰু সীমিত সংখ্যক শব্দৰে বৰ্ণনা(অসমীয়া বা ইংৰাজী) থাকিব লাগিব।
- ফটোৰ কোনো কাল্পনিক কলাত্মক নামৰ প্ৰয়োজন নাই।
- প্ৰতিযোগীয়ে একাধিক ফটো আপলোড কৰিব পাৰিব।
- প্ৰতিযোগিতাৰ বাবে আপলোড কৰা প্ৰতিখন ফটো অসম বা প্ৰতিযোগিতাৰ বাবে নিৰ্দিষ্ট কৰি দিয়া শ্ৰেণীৰে সংযোগ কৰিব লাগিব।
শ্ৰেষ্ঠ নিৰ্বাচনৰ বাবে ফটোৰ গুৰুত্ব, আপলোড কৰা ফটোৰ সংখ্যা, ফটোৰ গুণগত মানদণ্ড, ফটোৰ বৰ্ণনা ইত্যাদি...
বিঃদ্ৰঃ প্ৰচাৰৰ সময়ত কমন্সত একাউণ্ট খোলা, আৰু ফটো আপলোড কৰি শ্ৰেণী সংযোগ সম্পৰ্কীয় এটা ইউটিউব ভিডিঅ'ৰ লিংক দিয়া উচিত হ'ব।
প্ৰতিযোগিতাৰ তাৰিখ[সম্পাদনা কৰক]
ফে'চবুকযোগে অসমীয়া ৱিকিমিডিয়া সমাজৰ গোটত হোৱা এক ভোটদানৰ [[1]]ৰ ভিত্তিত প্ৰতিযোগিতাৰ বাবে ২০২৩ চনৰ ৫-২০ এপ্ৰিললৈকে সময়সীমা প্ৰস্তাৱ কৰা হৈছে। - ঈশান জ্যোতি বৰা (বাৰ্তা) 13:33, 15 March 2023 (ইউ.টি.চি.)
মন্তব্য[সম্পাদনা কৰক]
সমৰ্থন জনালোঁ। JyotiPN (বাৰ্তা) 16:16, 1 March 2023 (ইউ.টি.চি.)JyotiPN
- জোৰদাৰ সমৰ্থন। 2401:4900:3A63:1EC1:D203:9055:2E4D:70F 16:22, 1 March 2023 (ইউ.টি.চি.)
সমৰ্থন। যথাসম্ভৱ সহযোগিতা আগবঢ়াম। -Chandan Chiring Phukon Chat 02:57, 2 March 2023 (ইউ.টি.চি.)
সমৰ্থন জনাইছোঁ। পৰিৱেশ বিষয় ইয়াত যোগ নকৰি বেলেগকৈ জুন মাহত প্ৰতিযোগিতা কৰিব পাৰি। এতিয়া স্থাপত্য আৰু সংস্কৃতিৰ ভিতৰতে ৰাখিলে ভাল হ'ব কিজানি। -Joli Rumi (বাৰ্তা) 12:54, 2 March 2023 (ইউ.টি.চি.)
সমৰ্থন জনাইছোঁ।ঈশান জ্যোতি বৰা (বাৰ্তা) 13:40, 2 March 2023 (ইউ.টি.চি.)
সমৰ্থন অনামিকা(চুমু) বড়া (বাৰ্তা) 13:45, 2 March 2023 (ইউ.টি.চি.)
সমৰ্থন। -𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 14:42, 2 March 2023 (ইউ.টি.চি.)
সমৰ্থন। বাবুল বৈশ্য (বাৰ্তা) 14:43, 2 March 2023 (ইউ.টি.চি.)
সমৰ্থন। জনাইছোঁ। Rumi Borah~aswiki (বাৰ্তা) 04:26, 4 March 2023 (ইউ.টি.চি.)
সমৰ্থন। - অজয় কথা-বতৰা 12:46, 17 March 2023 (ইউ.টি.চি.)
ৱিকিপিডিয়াৰ অনলাইন কৰ্মশালা[সম্পাদনা কৰক]
অসমীয়া ৱিকিপিডিয়াত বৰ্ধিত সদস্য তথা ন-সদস্যসকলৰ শেহতীয়া সম্পাদনাসমূহলৈ লক্ষ্য ৰাখি অসমীয়া ৱিকিমিডিয়া সমাজৰ ফেচবুক গোটত ৱিকিপিডিয়াৰ এক অনলাইন কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে আগ্ৰহী অংশগ্ৰহণকাৰীসকলক উদ্দ্যেশি এক পোষ্ট দিয়া হৈছিল। বৰ্তমানলৈকে অৰ্ধশতাধিক আগ্ৰহী ব্যক্তিৰ সঁহাৰি লাভ কৰাৰ বাবে অনলাইন কৰ্মশালাৰ বাবে মাননীয় সদস্যসকলৰ মতামত বিচৰা হৈছে। কৰ্মশালাখনৰ সন্দৰ্ভত মোৰ ফালৰ পৰা নিম্নোক্ত প্ৰস্তাৱ আগবঢ়ালোঁ।
- শীৰ্ষক: অসমীয়া ৱিকিপিডিয়াত কিদৰে লিখিব পাৰি
- তাৰিখ: ১ মে' ২০২৩
- সময়: বিয়লি ৮.০০ বজাৰ পৰা ৯.০০ বজালৈ
- সমল ব্যক্তি: দিব্য দত্ত (ইচ্ছা কৰিলে বাকী ৰাইজে নিজেও প্ৰস্তাৱ ৰাখিব পাৰিব, সমল ব্যক্তি একাধিক হ'লে ভাল)
- প্লেটফৰ্ম: গুগল মীট
- সামৰি ল'ব লগা বিষয়:
- ৱিকিপিডিয়াত আমি কিয় লিখোঁ? (আগ্ৰহী সক্ৰিয় সদস্য দুগৰাকীমানে একেবাৰে চমুকৈ ইয়াত মনৰ কথা ক'ব পাৰে)
- ৱিকিপিডিয়াৰ প্ৰাথমিক পৰিচয়: ৱিকিপিডিয়াৰ ভাষাশৈলী, ভিজুৱেল এডিটৰ আৰু উৎস সম্পাদনাৰ জৰিয়তে পুৰণি পৃষ্ঠাৰ সম্পাদনা, নতুন প্ৰবন্ধৰ সৃষ্টি, তথ্যসূত্ৰ যোগ, শ্ৰেণী যোগ
- এডিটাথনসমূহৰ চমু পৰিচয়
- আন ৱিকিপ্ৰকল্পসমূহৰ চমু আভাস: ৱিকিকমনছ, ৱিকিউৎস, ৱিকিউদ্ধৃতি
- নতুন সদস্যৰ সৈতে প্ৰশ্নোত্তৰ
প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰিবৰ বাবে সমূহ সক্ৰিয় সদস্যকে এই বিষয়ে মতামত আৰু পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনালোঁ। -Chandan Chiring Phukon Chat 03:05, 25 April 2023 (ইউ.টি.চি.)
সমৰ্থন[সম্পাদনা কৰক]
- Nayan j Nath (বাৰ্তা) 03:09, 25 April 2023 (ইউ.টি.চি.)
- Rajdweep nlb (বাৰ্তা) 03:21, 25 April 2023 (ইউ.টি.চি.)
- Pranamikaadhikary (বাৰ্তা) 03:56, 25 April 2023 (ইউ.টি.চি.)
- বাবুল বৈশ্য (বাৰ্তা) 05:32, 25 April 2023 (ইউ.টি.চি.)
- অনামিকা(চুমু) বড়া (বাৰ্তা) 06:42, 25 April 2023 (ইউ.টি.চি.)
- 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 07:12, 25 April 2023 (ইউ.টি.চি.)
- Joli Rumi (বাৰ্তা) 01:03, 26 April 2023 (ইউ.টি.চি.)
- Thesaurabhsaha (বাৰ্তা) 08:55, 26 April 2023 (ইউ.টি.চি.)
- IKHazarika (বাৰ্তা) 09:32, 26 April 2023 (ইউ.টি.চি.)
বিৰোধ[সম্পাদনা কৰক]
মন্তব্য[সম্পাদনা কৰক]
- ৱিকিপিডিয়াৰ প্ৰবন্ধৰ গঠন আৰু ভাষা শৈলী, লগতে ক্ষুদ্ৰ সম্পাদনা (minor edits) সম্পৰ্কে অলপ কোৱাৰ মন আছিল৷ কিন্তু ১ মে' তাৰিখটো মোৰ বাবে বোধহয় সুবিধাজনক নহ'ব৷ পাৰিলে সেইদিনা উপস্থিত থাকিম; নহ'লে পৰৱৰ্তী কৰ্মশালাত কোৱাৰ আশা ৰাখিছো৷ বাবুল বৈশ্য (বাৰ্তা) 05:29, 25 April 2023 (ইউ.টি.চি.)
- @Babulbaishya আপোনাৰ কোনদিনা সুবিধা হ'ব জনাবচোন। তাৰিখটো সলাব পৰা যাব। -Chandan Chiring Phukon Chat 05:42, 25 April 2023 (ইউ.টি.চি.)
- হয়, মোৰো সেইদিনা কিছু অসুবিধা হ’ব, কাৰণ সেইদিনা কনফাৰেন্সৰ পৰা আহি পোৱাৰ পিছত আন কিছু প্ৰয়োজনীয় কাম থাকিব৷ Pranamikaadhikary (বাৰ্তা) 06:00, 25 April 2023 (ইউ.টি.চি.)
- সমৰ্থন জনাইছোঁ। ময়ো সেইদিনা উপস্থিত থাকিব নোৱাৰিম। Joli Rumi (বাৰ্তা) 01:04, 26 April 2023 (ইউ.টি.চি.)
নতুন তাৰিখ[সম্পাদনা কৰক]
- মাননীয় সদস্যসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৪ মে' আৰু ৭ মে' তাৰিখ দুটা প্ৰস্তাৱ কৰিলোঁ।-Chandan Chiring Phukon Chat 03:27, 26 April 2023 (ইউ.টি.চি.)
সমৰ্থন[সম্পাদনা কৰক]
- দুয়োটা তাৰিখতে পাৰিম। অনামিকা(চুমু) বড়া (বাৰ্তা) 11:40, 26 April 2023 (ইউ.টি.চি.)
- ৭ মে'ত উপস্থিত থাকিব পাৰিম। প্ৰস্তাৱিত বিষয়ত কিছু যোগ দিছোঁ। Joli Rumi (বাৰ্তা) 11:57, 26 April 2023 (ইউ.টি.চি.)
- ৭ তাৰিখেই হওক৷ নিজে থাকিব পাৰিম নে নোৱাৰিম ক’ব নোৱাৰোঁ অৱশ্যে৷ এফালে যোৱাৰ কথা আছে৷ তথাপি কৰ্মশালাখন সোনকালে হোৱা ভাল৷Pranamikaadhikary (বাৰ্তা) 16:13, 2 May 2023 (ইউ.টি.চি.)
বিৰোধ[সম্পাদনা কৰক]
মন্তব্য[সম্পাদনা কৰক]
মাননীয় সদস্যসকলৰ মতামতলৈ লক্ষ্য ৰাখি ৭ মে' ২০২৩ তাৰিখটো কৰ্মশালাৰ বাবে নিৰ্ধাৰণ কৰা হ'ল। সমল ব্যক্তি হিচাপে থাকিব দিব্য দত্ত দা আৰু বাবুল বৈশ্য দা।
কৰ্মশালাৰ প্ৰস্তাৱিত কাৰ্যসূচী:
- ৮:০০ : আদৰণি আৰু আঁত ধৰোঁতা ব্যক্তি – প্ৰণামিকা অধিকাৰী
- ৮:০৮: ৱিকিপিডিয়াৰ পৰিচয় – চন্দন চিৰিং ফুকন
- ৱিকিপিডিয়া কি নহয়
- কি লিখিব
- অন্যান্য ৱিকিপ্ৰকল্পৰ পৰিচয়
- ৮:১৫ : সম্পাদনাৰ পৰিচয় – নয়ন জ্যোতি নাথ
- ৱিকিপিডিয়াৰ প্ৰবন্ধ এটাৰ গঠন আৰু ভাষাশৈলী
- ক্ষুদ্ৰ সম্পাদনা (minor edits)
- ৮:৪০ : নতুন প্ৰবন্ধৰ সৃষ্টি – দিব্য দত্ত
- প্ৰবন্ধ এটাৰ আৰম্ভণি
- ভিজুৱেল এডিটৰ, উৎস সম্পাদনা আৰু সমল অনুবাদ
- তথ্যসূত্ৰৰ গুৰুত্ব আৰু সংযোজন
- ৯:১০ : মুকলি প্ৰশ্নোত্তৰ
- ৯:২০ : সামৰণি
-চন্দন চিৰিং ফুকন ||✉️ 16:45, 2 May 2023 (ইউ.টি.চি.)
অনলাইন কৰ্মশালা ৭ মে’ ২০২৩[সম্পাদনা কৰক]
অসমীয়া ৱিকিপিডিয়াৰ ফেচবুক গ্ৰুপত ৱিকিপিডিয়াৰ প্ৰতি আগ্ৰহী লোকক পূৰ্বনিৰ্ধাৰিত সিদ্ধান্তমৰ্মে এটি অনলাইন প্ৰশিক্ষণ দিয়া হয়৷ প্ৰশিক্ষণকালত অসমীয়া ভাষাত ৱিকিপিডিয়াত কিদৰে প্ৰবন্ধ লিখা হয়, সম্পাদনা কৰা হয়, তথ্যসূত্ৰ সংযোগ, তথ্যপেৰা সংযোগ, চিত্ৰসংযোগ আদিৰ কৌশল অভিজ্ঞ ৱিকিপিডিয়ানৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়৷ বিভিন্ন ঠাইৰ কেইবাগৰাকী উৎসুক ব্যক্তিৰ উপস্থিতিত প্ৰায় ডেৰঘণ্টা সময় কৰ্মশালাখন অনুষ্ঠিত হয়৷ ন-পুৰণি প্ৰায় ৪০গৰাকী সদস্যৰ উপস্থিতিত অনুষ্ঠানটিৰ বিভিন্ন কাৰ্যসূচী তলত দিয়াধৰণে ৰূপায়িত হয়:
- আদৰণি: প্ৰণামিকা অধিকাৰী
- ৱিকিপিডিয়াত প্ৰকৃততে কি লিখা হয়, সেই সম্পৰ্কে বক্তব্য: চন্দন চিৰিং
- ৱিকিপিডিয়াত প্ৰবন্ধৰ বিষয়বস্তুৰ ভিন্নতা আৰু সম্পাদনা কৌশল: নয়নজ্যোতি নাথ
- ৱিকিপিডিয়াত সম্পাদনাৰ বিভিন্ন কৌশল: দিব্য দত্ত
- নৱাগত সদস্যসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ: অভিজ্ঞ কেইবাগৰাকী ৱিকিপিডিয়ান
- নৱাগত সদস্যসকলৰ পৰিচয়৷
কেইবাগৰাকী প্ৰবীণ ৱিকিপিডিয়ান, জলি ৰুমী বৰা, ভাস্কৰ ভূঞা, ঈশানজ্যোতি বৰা আদিয়ে অনুষ্ঠানটিৰ মাজত বিভিন্ন খুটিনাতি কৌশলৰ বিষয়ে নৱাগতসকলক অৱগত কৰোৱায়৷
ছিড লেবৰ সৈতে সহযোগিতা[সম্পাদনা কৰক]
ছিড লেব বা বীজ গৱেষণাগাৰ শেহতীয়াকৈ গঠন হোৱা এটা সহযোগিতামূলক দল। এই লেবৰ উদেশ্য হ'ল উত্তৰ-পূব ভাৰতত বন্যপ্ৰাণী সংৰক্ষণৰ এক উমৈহতীয়া লক্ষ্যৰ দিশত কাম কৰিবলৈ বিভিন্ন পটভূমিৰ ব্যক্তিক একত্ৰিত কৰা। অসমত এই লেবৰ ঠিকনা তেজপুৰৰ গ্ৰীণ হাব নামৰ প্ৰতিষ্ঠানটো। এই গোটটোৱে গৱেষক, পৰিৱেশ সংৰক্ষক, ডিজাইনাৰ, আৰু সম্প্ৰদায়ৰ সকলো সদস্যকে ধৰি বিভিন্ন পটভূমিৰ লোকক একত্ৰিত কৰি জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দিশত সহযোগিতামূলকভাৱে কাম কৰিবলৈ বিচাৰে। তেওঁলোকৰ মূল ক্ষেত্ৰসমূহ হ'ল: মানুহ-বন্যপ্ৰাণীৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ, প্ৰকৃতি সংৰক্ষণৰ অনুশীলন, আৰু বন্যপ্ৰাণী গৱেষণা আৰু সংৰক্ষণৰ বাবে কলা-বিজ্ঞান-ডিজাইন আন্তঃপৃষ্ঠৰ পোষকতা আৰু লালন কৰা।
ইয়াৰে এক ক্ষেত্ৰ হিচাপে ছিড লেবে অসমীয়া ৱিকি সমাজৰ সৈতে সহযোগিতাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। তেওঁলোকে বন্যজীৱ আৰু প্ৰকৃতি সম্পৰ্কে অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিকমনছত তথ্য আৰু চিত্ৰ যোগ দিয়াত সহায় কৰিব খোজে। এইক্ষেত্ৰত সমন্বয়ক আৰু বৰ্তমানৰ প্ৰস্তাৱসমূহ এনেধৰণৰ-
- (ক) ছিড লেব: সমন্বয়ক- নন্দিনী ভেলহ'
- ১) জুন মাহৰ আলোকচিত্ৰ প্ৰতিযোগিতাত গ্ৰীণ হাবৰ অংশগ্ৰহণ আৰু প্ৰচাৰ। ইয়াৰ লগত সংগতি ৰাখি গ্ৰীণ হাবত উপলব্ধ অসমৰ প্ৰকৃতি সম্পৰ্কীয় আৰ্কাইভ ফটো ৱিকিকমনছত আপল'ড।
- ২) গ্ৰীণ হাবৰ ১০৮ গৰাকী ফেল'ৰ ৱিকিমিডিয়া প্ৰকল্পত সক্ৰিয় অংশগ্ৰহণ
- (ক) ছিড লেব: সমন্বয়ক- নন্দিনী ভেলহ'
- (খ) অসমীয়া ৱিকিমিডিয়া: সমন্বয়ক- জলি ৰুমী বৰা, চন্দন চিৰিং ফুকন
- ১) ৱিকিমিডিয়াৰ প্ৰকল্পসমূহ আৰু কেনেকৈ অৱদান আগবঢ়াব পাৰি সেইসম্পৰ্কে এটা অনলাইন বক্তৃতা
- ২) অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ৱিকিমিডিয়াত অৱদানৰ সহায়ক টুল-কিট প্ৰস্তুত কৰা
- ৩) আগ্ৰহ অনুযায়ী গ্ৰীণ হাবত এটা ৱিকি ক্লাবৰ প্ৰস্তাৱ আৰু পৰিকল্পনা
- (খ) অসমীয়া ৱিকিমিডিয়া: সমন্বয়ক- জলি ৰুমী বৰা, চন্দন চিৰিং ফুকন
সকলোকে এই বিষয়ে মতামত আৰু পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনালোঁ। -Joli Rumi (বাৰ্তা) 14:05, 30 April 2023 (ইউ.টি.চি.)
সমৰ্থন[সম্পাদনা কৰক]
সমৰ্থন জনালোঁ।-চন্দন চিৰিং ফুকন ||✉️ 14:24, 30 April 2023 (ইউ.টি.চি.)
সমৰ্থন জনালোঁ।- অজয় কথা-বতৰা 14:47, 30 April 2023 (ইউ.টি.চি.)
সমৰ্থন জনালোঁ। হানিফ আলী (বাৰ্তা) 02:48, 1 May 2023 (ইউ.টি.চি.)
সমৰ্থন জনালোঁ। দীপকজ্যোতি মহন্ত (বাৰ্তা) 07:06, 1 May 2023 (ইউ.টি.চি.)
সমৰ্থন জনালোঁ।Pranamikaadhikary (বাৰ্তা) 16:16, 2 May 2023 (ইউ.টি.চি.)
সমৰ্থন জনালোঁ। -Nayan j Nath (বাৰ্তা) 16:39, 2 May 2023 (ইউ.টি.চি.)
সমৰ্থন দিব্য দত্ত (বাৰ্তা) 17:24, 2 May 2023 (ইউ.টি.চি.)
সমৰ্থন Thesaurabhsaha (বাৰ্তা) 16:28, 4 May 2023 (ইউ.টি.চি.)
সমৰ্থনPranamikaadhikary (বাৰ্তা) 14:24, 6 May 2023 (ইউ.টি.চি.)
সমৰ্থন Rumi Borah~aswiki (বাৰ্তা) 17:04, 7 May 2023 (ইউ.টি.চি.)
বিৰোধ[সম্পাদনা কৰক]
মন্তব্য[সম্পাদনা কৰক]
- এয়া এক সুন্দৰ পদক্ষেপ হ'ব। অসমৰ থলুৱা বহু উদ্ভিদ আৰু জলচৰ জীৱৰ আলোকচিত্ৰ কমন্সত পাবলৈ নাই বা পালেও সেয়া উন্নত মানৰ নহয়। এইক্ষেত্ৰত ই সহায়ক হ'ব বুলি আশা কৰিছোঁ।-চন্দন চিৰিং ফুকন ||✉️ 14:27, 30 April 2023 (ইউ.টি.চি.)
অগ্ৰগতি[সম্পাদনা কৰক]
সমৰ্থন আৰু মন্তব্য দিয়াৰ বাবে সকলোকে ধন্যবাদ। পুঁজিৰ আবেদন গৃহীত নোহোৱালৈকে আলোকচিত্ৰ প্ৰতিযোগিতাখন স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। ছিড লেবৰ সৈতে সহযোগিতাৰ অন্যান্য প্ৰস্তাৱবোৰ সদ্যহতে আগবঢ়াই নিয়াৰ প্ৰস্তাৱ দিছোঁ। ---Joli Rumi (বাৰ্তা) 12:04, 10 May 2023 (ইউ.টি.চি.)
জাননী প্ৰেৰণ[সম্পাদনা কৰক]
সন্মানীয় সদস্যসকললৈ বিনম্ৰতাৰে এটি আবেদন জনাব খোজোঁ৷ ৰাইজৰ চ’ৰাত সদায়েই এবাৰ চকু ফুৰোৱা উচিত যদিও বিভিন্ন কাৰণত হয়তো মই আৰু মোৰ দৰে সদস্যসকলৰ দ্বাৰা হয়তো এইক্ষেত্ৰত অনীহা বা উপেক্ষা কৰা হয়৷ সেয়ে, প্ৰস্তাৱ এটা ৰখাৰ লগে লগে প্ৰতি একাউণ্টত একোটা জাননী পঠিওৱাৰ ব্যৱস্থা কৰিব নোৱাৰিনে? মই এই দিশত একেবাৰে অজ্ঞ৷ কথাটো উল্লেখ কৰা বাবে কোনেও অসন্তোষ নকৰে যেন৷
ৰাইজৰ চ’ৰাতো মই এই প্ৰথম এটা প্ৰস্তাৱ দিছোঁ৷ এয়াও এক পাঠ, মোৰ বাবে৷ আশাকৰোঁ মতামত দিব৷Pranamikaadhikary (বাৰ্তা) 16:23, 2 May 2023 (ইউ.টি.চি.)
মন্তব্য[সম্পাদনা কৰক]
- প্ৰস্তাৱটো ভাল পালোঁ৷ পিছে ব’টৰ অবিহনে হয়তো এই কামটো কৰা প্ৰায় অসম্ভৱ হ’ব! -𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 16:39, 2 May 2023 (ইউ.টি.চি.)
- এই কথাটো মোৰো মনলৈ আহে। Mass messaging ব্যৱস্থাৰ বাবে ব'ট এটা সাজিব পৰা যায় নেকি এই বিষয়ে জনাসকলে জনাওকচোন।চন্দন চিৰিং ফুকন ||✉️ 16:56, 2 May 2023 (ইউ.টি.চি.)
- Mass messaging ৰ বাবে Admin Right প্ৰয়োজন হয় চাগে। নতুন ব’ট এটাক এই অধিকাৰ দিব যেন লগা নাই। ইয়াতকৈ এই পৃষ্ঠাখন Subscribe কৰি ল’ব পাৰি। তেতিয়া এই পৃষ্ঠাত নতুন পাঠ কোনোবাই লিখিলে জাননী পাব। দিব্য দত্ত (বাৰ্তা) 17:23, 2 May 2023 (ইউ.টি.চি.)
- চাবস্ক্ৰাইব কৰিলে অকল যিটো বিষয় চাবস্ক্ৰাইব কৰা হয় সেইটো বিষয়ৰ ন’টিফিকেচনহে আহিব৷ তেনেস্থলত, আন কোনোবাই আন বিষয়ে প্ৰস্তাৱ ৰাখিলে, সমস্যাটো একেই থাকিব৷ বিষয়টো উন্নত কৰাৰ থল আছে নেকি চাবচোন৷ মতামত দিয়া সকলো সন্মানীয় সদস্যলৈ অশেষ ধন্যবাদ৷Pranamikaadhikary (বাৰ্তা) 15:37, 3 May 2023 (ইউ.টি.চি.)
- পৃষ্ঠাটোৰ একেবাৰে ওপৰত থকা ‘অধিক’ বুটামত ক্লিক কৰি পৃষ্ঠাটো ‘ছাবস্ক্ৰাইব’ কৰাৰ সুবিধাটো পাব। দিব্য দত্ত (বাৰ্তা) 01:12, 4 May 2023 (ইউ.টি.চি.)
- ধন্যবাদ৷ Pranamikaadhikary (বাৰ্তা) 13:55, 4 May 2023 (ইউ.টি.চি.)
- এই কথাটো সকলোৱে জনাৰ ব্যৱস্থা কৰিলে ভাল হ’ব৷ ধন্যবাদ৷ Pranamikaadhikary (বাৰ্তা) 13:56, 4 May 2023 (ইউ.টি.চি.)
- পৃষ্ঠাটোৰ একেবাৰে ওপৰত থকা ‘অধিক’ বুটামত ক্লিক কৰি পৃষ্ঠাটো ‘ছাবস্ক্ৰাইব’ কৰাৰ সুবিধাটো পাব। দিব্য দত্ত (বাৰ্তা) 01:12, 4 May 2023 (ইউ.টি.চি.)
ৱিকিৰ ৩০/৫০/১০০ দিনীয়া প্ৰত্যাহ্বান[সম্পাদনা কৰক]
বিগত ৱিকি সভাত হোৱা আলোচনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি মই ব্যক্তিগত ভাৱে আজিৰ (০৩-০৫-২০২৩) পৰা ৱিকিৰ ১০০ দিনীয়া প্ৰত্যাহ্বান গ্ৰহণ কৰিম বুলি সিদ্ধান্ত লৈছোঁ। এই ক্ষেত্ৰত এই যাত্ৰাৰ প্ৰতি আগ্ৰহী সকলক ইয়াতে নিজৰ নাম আৰু প্ৰত্যাহ্বানৰ দিন উল্লেখ কৰিবলৈ অনুৰোধ কৰিলোঁ।
মন্তব্য[সম্পাদনা কৰক]
- (১০০ দিনীয়া প্ৰত্যাহ্বানত গড়ে ১ টাকৈ প্ৰবন্ধ) Nayan j Nath (বাৰ্তা) 06:44, 3 May 2023 (ইউ.টি.চি.)
- ভাল কথা৷ কৰি থাকা৷ Pranamikaadhikary (বাৰ্তা) 14:25, 6 May 2023 (ইউ.টি.চি.)
- বঢ়িয়া নয়ন। শুভেচ্ছা থাকিল। মই ব্যক্তিগতভাৱে ৩০ দিনৰ প্ৰত্যাহ্বান লৈছোঁ। আজি ৭ মে'ৰ পৰা ৩০ দিনলৈ প্ৰতিদিনে ৱিকিৰ তিনিওটা প্ৰকল্প (ৱিকিপিডিয়া, ৱিকিউৎস আৰু ৱিকিউদ্ধৃতি)ত কমেও পাঁচটাকৈ সম্পাদনা কৰিম। Joli Rumi (বাৰ্তা) 15:08, 7 May 2023 (ইউ.টি.চি.)
- নয়ন আৰু জলি বাৰ প্ৰত্যাহ্বান দেখি ময়ো দুয়োটা প্ৰত্যাহ্বানৰ অলপ অলপ লৈ নিজৰ প্ৰত্যাহ্বানটো সাজিছোঁ। ৩০ দিনীয়া প্ৰত্যাহ্বানটোত দৈনিক গড়ে এটাকৈ প্ৰবন্ধ ৱিকিপিডিয়াত লিখিম আৰু কমেও এটা সম্পাদনা আটাইকেইটা প্ৰকল্পতে কৰিম। -চন্দন চিৰিং ফুকন ||✉️
- নয়ন, জলি আৰু চন্দনলৈ শুভেচ্ছা থাকিল। মই ৩০ দিনৰ প্ৰত্যাহ্বান লৈছোঁ। ৩০ দিনত মই ৱিকিউৎসত ৩০০ টা সম্পাদনা কৰিম আৰু ৱিকিউদ্ধৃতিতো কমেও ৩০টা সম্পাদনা কৰিম। Rumi Borah~aswiki (বাৰ্তা) 01:03, 8 May 2023 (ইউ.টি.চি.)
- আজি ৮ মে’ৰ পৰা অহা ৮ জুনলৈ সদায় কমেও এঘণ্টা সময় ৱিকিৰ যিকোনো প্ৰকল্পত সাধ্যানুসাৰে সম্পাদনা কৰি সমল গোটাবলৈ যত্ন কৰিম৷ Pranamikaadhikary (বাৰ্তা) 14:46, 8 May 2023 (ইউ.টি.চি.)
- মই ব্যক্তিগতভাৱে ৩০ দিনীয়া প্ৰত্যাহ্বান হিচাপে ৩০০ সম্পাদনাৰ সংকল্প লৈছোঁ।দীপকজ্যোতি মহন্ত (বাৰ্তা) 16:40, 10 May 2023 (ইউ.টি.চি.)
- মই ৩০ দিনীয়া প্ৰত্যাহ্বান হিচাপে অসমীয়া ৱিকিপিডিয়াত ৩০০ টা প্ৰবন্ধ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিম। লগতে ৱিকিউদ্ধৃতিতো কিছু পৰিমাণে সম্পাদনা কৰিম। Thesaurabhsaha (বাৰ্তা) 17:19, 10 May 2023 (ইউ.টি.চি.)
- আজিৰপৰা অহা ৩০ দিনৰ ভিতৰত ৱিকিউৎসত তিনিখন নতুন কিতাপৰ কাম কৰি শেষ কৰিম বুলি ঠিক কৰিছোঁ।JyotiPN (বাৰ্তা) 16:01, 15 May 2023 (ইউ.টি.চি.)JyotiPN
ৱিকি কৰ্মশালা[সম্পাদনা কৰক]
যোৱা ১৩ মে’ ২০২৩ তাৰিখে ঢকুৱাখনা, সেউজ নগৰৰ ৱিকি-কৰ্মী ৰুমী বৰাৰ বাসগৃহত অনুষ্টুপীয়াকৈ এখনি ৱিকিউৎসৰ কৰ্মশালা অনুষ্ঠিত হয়৷ আবেলি ৩ বজাৰ পৰা ৪ বাজি ৩০ মিনিটলৈ হোৱা কৰ্মশালাখনিত নয়নজ্যোতি নাথ আৰু প্ৰণামিকা অধিকাৰীয়ে আগ্ৰহী লোকসকলক ৱিকিমিডিয়া সম্পৰ্কে থুলমূল পৰিচয় দি ৱিকিউৎসৰ বিষয়ে বিতং বিৱৰণ দিয়ে আৰু মুদ্ৰণ সংশোধনৰ বিষয়ে প্ৰাৰম্ভিক প্ৰশিক্ষণ দিয়ে৷ কৰ্মশালাখনিত উপস্থিত থকা ব্যক্তিসকলৰ নাম:
- প্ৰণামিকা অধিকাৰী
- ৰুমী বৰা
- নয়নজ্যোতি নাথ
- বিকাশ দিহিঙীয়া
- জ্যোতি চিৰিং
- তোষেশ্বৰ গগৈ
- স্বপ্না গগৈ
- মঞ্জু চমুৱা
- ৰূপশ্ৰী চুতীয়া
- নিৰ্মালী বৰমুদৈ
- যুগল চন্দ্ৰ বৰা
কৰ্মশালাখনিত উপস্থিত সকলোকে সন্মানীয়া ৰুমী বৰাই চাহ-মিঠাইৰে আপ্যায়ন কৰে তথা সদস্যা প্ৰণামিকা অধিকাৰীয়ে নিজাববীয়াকৈ এখন বেনাৰৰ ব্যৱস্থা কৰে।