ৱিকিপিডিয়া বাৰ্তা:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বোধকৰোঁ "প্ৰস্তাৱ" শব্দটোহে শুদ্ধ (হেমকোষ, আধুনিক অসমীয়া অভিধান, নতুন অসমীয়া অভিধান)। অনলাইন চন্দ্ৰকান্তত "প্ৰস্তাব" বুলি আছে যদিও সেইখনত "ৱ" থকা কোনো শব্দয়েই নাই। গীতাৰ্থ বৰদলৈ 15:31, 18 ফেব্ৰুৱাৰী 2012 (UTC)

অসমীয়া ৱিকিপিডিয়াত নতুন সক্ৰিয় প্ৰশাসকৰ প্ৰয়োজন[সম্পাদনা কৰক]

দুটা কথা হ'ল। এই আলোচনাটো মুল প্ৰস্তাৱটোলৈ নিব লাগিব। দেখাই নাপালোঁ বাৰ্তা পৃষ্ঠাটো! দুই নম্বৰ কথাটো হ'ল নিস্ক্ৰিয় প্ৰশাসকক ৱিকিপিডিয়াৰ bureaucrat-হে অব্যাহতি দিয়াব পাৰে। অসমীয়া ৱিকিপিডিয়াৰ এনেকুৱা কামবিলাক কোনে চাই আছে, সেইটো মই ধৰিব পৰা নাই। তেখেতক কথাটো জনাব লাগিব। আৰু জাননী প্ৰস্তুত কৰা কামটোও মই কৰি পোৱা নাই। জাননী প্ৰস্তুত কৰাৰ সলনি এনেয়ে প্ৰশাসকজনৰ সদস্য পৃ্ষ্ঠাত লিখিলে নহ'ব জানো?উদ্দীপতালুকদাৰ (talk) 18:52, 24 জুলাই 2012 (UTC)
অসমীয়া ৱিকিপিডিয়াত bureaucrat নাই। গতিকে গ্ল'বেল bureaucratক ক'লেই হ'ব। চাইপাও দাই কামটো কৰিব পাৰিব। — গীতাৰ্থ বৰদলৈ (talk) 07:21, 25 জুলাই 2012 (UTC)