ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)
| ৰাইজৰ চ'ৰা প্ৰস্তাৱ |
| ৰাইজৰ চ'ৰা: নীতি • ৱিকিমিস্ত্ৰীৰ দোকান • প্ৰস্তাৱসমূহ (সততে উত্থাপিত প্ৰস্তাৱসমূহ) • উদ্ভাৱনশালা • বিবিধ |
| সূচী • প্ৰথম আলোচনা • পৃষ্ঠাৰ শেষলৈ যাওক • নতুন মন্তব্য আৰম্ভ কৰক |
| ৰাইজৰ চ’ৰাৰ এই পৃষ্ঠাত নতুন ভাব আৰু প্ৰস্তাৱসমূহ আপুনিও যোগ কৰিব পাৰে। ইয়াৰ বাহিৰে অন্য ৱিকিপিডিয়াৰ নীতি বিষয়ক পৃষ্ঠাসমূহ নৱ-প্ৰস্তাৱিত আৰু প্ৰচলিত নীতি-নিৰ্দেশনাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ কৰিবলৈ অনুগ্ৰহ কৰি নীতি বিভাগৰ পৃষ্ঠা ব্যৱহাৰ কৰক। কোনো নীতি-নিৰ্দেশনাৰ প্ৰয়োগ বা ব্যৱহাৰ সম্পৰ্কীয় সন্দেহ মৰিষণৰ কাৰণে বিভিন্ন জাননী ফলকসমূহ ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ কাৰিকৰী জ্ঞান আছে তেন্তে উপযুক্তভাৱে অৱদান/আলোচনা/সহায় আগবঢ়াওক। সততে উদয় হোৱা প্ৰশ্নসমূহৰ এখন সূচী এই FAQ পৃষ্ঠাত (FAQ: Frequently Asked Questions) আছে, অনুগ্ৰহ কৰি প্ৰথমে তাত চাই লয় যেন। |
|
| অনুগ্ৰহ কৰি নতুন বিষয়/আলোচনা যোগ কৰিবলৈ এই পৃষ্ঠাৰ শেষলৈ যাওক। | |
| কেন্দ্ৰীয় আলোচনা | ||
|---|---|---|
| প্ৰস্তাৱসমূহ | আলোচনা | পৌনঃপুনিক প্ৰস্তাৱসমূহ |
|
| ||
| আৰ্কাইভ • আলোচনা • সম্পাদনা • ইতিহাস • প্ৰদৰ্শন | ||
ৱিকি-জন্মদিন, ২০২৬ উদ্যাপন
[সম্পাদনা কৰক]সন্মানীয় সদস্যসকল, আমি জানো যে, অহা ১৫ জানুৱাৰীত ৱিকিপিডিয়াৰ ২৫বছৰীয়া জন্মদিন। বিগত ২৪ বছৰ ধৰি ৱিকিপিডিয়াই আমাক এখন গোলকীয় গাঁৱৰ অনুভৱ আনি দিছে। ৱিকিপিডিয়াৰ সৈতে সংযুক্ত হৈ ব্যক্তিগতভাৱে মই তৃপ্ত। সেয়ে, উক্ত শুভ দিনটোত মই ২৫টা পৃষ্ঠা সৃষ্টিৰে উদ্যাপন কৰিম বুলি থিৰাং কৰিছোঁ। ১৪ জানুৱাৰীৰ ৰাতি ১২ বজাৰ পিছৰপৰা ১৫ জানুৱাৰী ৰাতি ১২ বজালৈ মোৰ এই উদ্যাপন চলিব।
সন্মানীয় সদস্যসকলৰ কোনোবাই যদি সহযোগ কৰে ইয়াতেই সংযুক্ত হৈ কিবা সংকল্প ল’ব পাৰে বা মোৰ দৰে আপোনালোকেও নিজা নিজা সংকল্প লৈ একোটা পৃষ্ঠা সৃষ্টি কৰি ৱিকি-জন্মদিন উদ্যাপন কৰিব পাৰে।
আহক আমি সকলোৱে মিলি গৌৰৱেৰে মুক্ত জ্ঞানৰ এই যাত্ৰাক উদ্যাপন কৰোঁ। -Pranamikaadhikary (বাৰ্তা) 18:06, 12 January 2026 (ইউ.টি.চি.)
মতামত
[সম্পাদনা কৰক]- যিমানটা পাৰোঁ নতুন পৃষ্ঠা সৃষ্টি কৰিবলৈ চেষ্টা কৰিম। — কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 14:36, 13 January 2026 (ইউ.টি.চি.)
- অশেষ ধন্যবাদ। Pranamikaadhikary (বাৰ্তা) 17:14, 13 January 2026 (ইউ.টি.চি.)
সামৰণি
[সম্পাদনা কৰক]ৱিকিপিডিয়াৰ জন্মদিন উপলক্ষ্য্যে তলৰ লিংকটোত দিয়া পৃষ্ঠাসমূহ সৃষ্টি কৰা হ’ল।
সতীৰ্থ-মিলন
[সম্পাদনা কৰক]সন্মানীয় সতীৰ্থ, অহা ইং ৩১ জানুৱাৰী ২০২৬ তাৰিখে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ ১১:০০ বজাৰপৰা ০১:০০ বজাৰ ভিতৰত সম্ভৱপৰ সকলোৱে মুখা-মুখি হোৱাৰ মানস কৰিছোঁ। সকলোৰে উপস্থিতিয়ে আমাৰ মনৰ উদ্যম বৃদ্ধি কৰিব বুলি ভবা হৈছে। যাতায়াত আৰু অন্যান্য খৰচ নিজৰ। সহমত হ’লে তলত সন্মতি দি ৱিকি-স্ৱাক্ষৰ কৰিব বুলি আশা কৰিলোঁ।Pranamikaadhikary (বাৰ্তা) 14:35, 23 January 2026 (ইউ.টি.চি.)
সহমত
[সম্পাদনা কৰক]- একো অসুবিধা নহ'লে থাকিম। -Nayan j Nath (বাৰ্তা)
- দিম্পল দাস (বাৰ্তা) 17:24, 25 January 2026 (ইউ.টি.চি.)
- জোনালী বৰুৱা (বাৰ্তা) 08:55, 26 January 2026 (ইউ.টি.চি.)
উপস্থিতিৰ স্বাক্ষৰ
[সম্পাদনা কৰক]
নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৬
[সম্পাদনা কৰক]১ ফেব্ৰুৱাৰী ২০২৬ৰপৰা আৰম্ভ হ'ব নাৰীবাদ আৰু লোকগাথা এডিটাথন-২০২৬ প্ৰবন্ধ লিখন প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনৰ এগৰাকী স্থানীয় আয়োজক হিচাপে মই প্ৰতিযোগিতাখনৰ বিচাৰকৰ দায়িত্ব পালন কৰিবলৈ সদস্য জোনালী বৰুৱা, প্ৰণামিকা অধিকাৰী আৰু চাণক্য কুমাৰ দাস অনুৰোধ জনাইছোঁ। লগতে সদস্যসকলক এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। অংশগ্ৰহণৰ বাবে ইয়াত ক্লিক কৰক। -Nayan j Nath (বাৰ্তা) 11:07, 31 January 2026 (ইউ.টি.চি.)
মতামত
[সম্পাদনা কৰক]প্ৰস্তাৱটো মই দেখাই নাছিলোঁ। সদস্যসকলৰ আপত্তি নাথাকিলে দায়িত্ব পালন কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ।Pranamikaadhikary (বাৰ্তা) 13:11, 1 February 2026 (ইউ.টি.চি.)
ৱিকিপিডিয়া এছিয়ান মাহ ফেজ-২
[সম্পাদনা কৰক]প্ৰিয় সতীৰ্থসকল,
ৱিকিপিডিয়া এছিয়ান মাহত সৃষ্টি কৰা প্ৰবন্ধসমূহ প্ৰতিযোগিতাৰ বাবে খৰধৰকৈ লিখাৰ বাবে কোনো কোনো প্ৰবন্ধত কিছু খুঁটি-নাটি ৰৈ যায়, এই খুঁটি-নাটি সমূহ নাইকিয়া কৰি ইতিমধ্যে লেখা প্ৰবন্ধসমূহ উন্নত কৰাৰ উদ্দেশ্যেৰে ৱিকিপিডিয়া এছিয়ান মাহ ফেজ-২ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। এই সম্পাদনা মেলাত নতুন প্ৰবন্ধ সৃষ্টি কৰা নহয়, ইতিমধ্যে ৱিকিত থকা এছীয় বিষয়ক প্ৰবন্ধসমূহ বিচাৰি উলিয়াই সেইসমূহ সংশোধন আৰু পৰিৱৰ্ধন কৰা হ'ব। এপ্ৰিল মাহৰ ১৫ তাৰিখৰপৰা মে' মাহৰ ১ তাৰিখলৈ অনুষ্ঠিত হ'ব লগা ১৫ দিনীয়া এই সংশোধনী মেলাৰ বাবে মই আয়োজক ৰূপে ৱিকিপিডিয়া এছিয়ান মাহ ২০২৫-ৰ বিজয়ী নৰুনা বৰুৱা আৰু কন্দৰ্পজিৎ কল্লোলৰ নাম প্ৰস্তাৱ কৰিলোঁ আৰু আপোনালোকৰ সমৰ্থন আৰু সহযোগিতা আশা কৰিলোঁ। অংশগ্ৰহণকাৰীসকলক অৱদান অনুসৰি একোটিকৈ ৱিকিপিডিয়া এছিয়ান মাহ টি-চাৰ্ট প্ৰদান কৰা হ'ব। সমান্তৰালকৈ যোৰহাটত এখন অফলাইন কৰ্মশালাৰ আয়োজন কৰা হৈছে।
বিনয়েৰে, JyotiPN (বাৰ্তা) 07:28, 13 March 2026 (ইউ.টি.চি.)
সমৰ্থন
[সম্পাদনা কৰক]মন্তব্য
[সম্পাদনা কৰক]চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সংযোগ মেলা
[সম্পাদনা কৰক]সন্মানীয় সদস্যসকল, অহা ২৭ এপ্ৰিল, চন্দন বিয়োগৰ দিনটোৰ সৈতে সংগতি ৰাখি এটা প্ৰস্তাৱ দিয়া হৈছে। অনুগ্ৰহ কৰি লিংকত গৈ মতামত দিব বুলি আশা কৰিলোঁ।Pranamikaadhikary (বাৰ্তা) 13:43, 26 March 2026 (ইউ.টি.চি.)
বড়ো ভাষা আৰু সংস্কৃতি দৃশ্যমানতা প্ৰকল্প
[সম্পাদনা কৰক]আমি অসমৰ জনগণে ইয়াৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত এক ভাতৃত্ববোধ আৰু সৌহাৰ্দ্যৰে বসবাস কৰি গৌৰৱ অনুভৱ কৰি আহিছোঁ। বড়ো জনগোষ্ঠী ইয়াৰ ভিতৰত আমাৰ অন্যতম গৌৰৱৰ উৎস, আৰু তেওঁলোকৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। সাম্প্ৰতিক সময়ত বড়ো সমাজে ৱিকিমিডিয়া প্লেটফৰ্মসমূহত নিজৰ দৃশ্যমানতা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো সক্ৰিয়ভাৱে কাম কৰি আছে।
দক্ষিণ এছিয়াৰ অংশীদাৰিত্ব ব্যৱস্থাপক, Wikimedia Foundationৰ প্ৰবীণ দাসৰ সৈতে এক দীঘলীয়া আলোচনা আৰু তেখেতৰ পৰামৰ্শৰ পাছত, মই "Bodo Language & Culture Visibility Project" নামৰ এটা প্ৰকল্প পৰিচালনাৰ পৰিকল্পনা কৰিছোঁ।
অসমীয়া ৱিকিসমাজৰ এজন সদস্য হিচাপে, এই পৰিকল্পনাটোৰ বাবে আপোনালোকৰ সমৰ্থন, পৰামৰ্শ আৰু মূল্যৱান মতামত আন্তৰিকতাৰে আশা কৰিছোঁ। -Nayan j Nath (বাৰ্তা) 13:31, 29 March 2026 (ইউ.টি.চি.)
সমৰ্থন
[সম্পাদনা কৰক]
সমৰ্থন-AjayDas (বাৰ্তা) 13:34, 29 March 2026 (ইউ.টি.চি.)
সমৰ্থন-Jyoti Chiring (বাৰ্তা) 13:39, 29 March 2026 (ইউ.টি.চি.)
সমৰ্থন-হানিফ আলী (বাৰ্তা) 14:51, 29 March 2026 (ইউ.টি.চি.)
সমৰ্থন-Rakesh Modak (বাৰ্তা) 16:28, 29 March 2026 (ইউ.টি.চি.)
সমৰ্থন কৰিছোঁ৷ -𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 17:05, 29 March 2026 (ইউ.টি.চি.)
সমৰ্থন -চন্দ্ৰিমা ৰাভা (বাৰ্তা) 22:47, 29 March 2026 (ইউ.টি.চি.)
সমৰ্থন -Rumi Borah~aswiki (বাৰ্তা) 12:21, 30 March 2026 (ইউ.টি.চি.)
সমৰ্থন -দিব্য দত্ত (বাৰ্তা) 13:00, 30 March 2026 (ইউ.টি.চি.)
সমৰ্থনPranamikaadhikary (বাৰ্তা) 05:15, 6 April 2026 (ইউ.টি.চি.)
মতামত
[সম্পাদনা কৰক]পাঠ্যক্ৰমত ৱিকিপিডিয়া
[সম্পাদনা কৰক]সন্মানীয় সদস্যসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে নগাঁও বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পাঠ্যক্ৰমত ৱিকিপিডিয়াৰ অন্তৰ্ভূক্তিৰ প্ৰস্তাৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা পোৱা গৈছে৷ এই সংক্ৰান্তত আলোচনা কৰিবলৈ জৰুৰীভাৱে আমি মিলিত হোৱাৰ প্ৰয়োজন৷ সেয়ে আজি নিশা ৯ বজাৰ পৰা আধাঘণ্টামানৰ এখনি গুগল মিটৰ আয়োজন কৰা হৈছে৷ আশাকৰোঁ সৰহসংখ্যক সদস্যই আলোচনাটিত সহযোগ কৰিব৷ -Nayan j Nath (বাৰ্তা) 07:10, 11 May 2026 (ইউ.টি.চি.)
মিটিঙৰ লিংক- meet.google.com/1A5Sve84Jc3Psxv26
উপস্থিত সদস্যৰ স্বাক্ষৰ
[সম্পাদনা কৰক]পাঠ্যক্ৰম সম্বন্ধীয় বিশেষ সভা
[সম্পাদনা কৰক]সন্মানীয় সদস্যসকলৰ জ্ঞাতাৰ্থে জনাব খোজোঁ যে, যোৱা ১১ মে, ২০২৬ তাৰিখৰ নিশা ৯ বজাত এখন বিশেষ জৰুৰী সভা আহ্বান কৰা হৈছিল আৰু তাত ভালেকেইগৰাকীমান সদস্যৰ উপস্থিতিত নগাঁও বিশ্ববিদ্যালয়ে “ৱিকিমিডিয়া’’ক এক পাঠ্য বিষয় হিচাপে অন্তৰ্ভূক্ত কৰিবলৈ কৰা ইচ্ছাৰ ওপৰত আলোচনা কৰা হৈছিল। সভাত নীতেশ গীলকো আমন্ত্ৰণ কৰা হৈছিল আৰু তেওঁ উপস্থিত থাকি বিষয়টোত আগবঢ়াত উৎসাহিত কৰিছিল। সেইমৰ্মে, আমি নগাঁও বিশ্ববিদ্যালয়ৰ সৈতে কথা-বতৰা কিছু আগুৱাই নিয়া হৈছে। এইটো বিষয়কে পুনৰ আলোচনা কৰিবলৈ অহা ৩১ মে’ ২০২৬ তাৰিখৰ সন্ধিয়া ৮ বজাৰ পৰা ৯ বজালৈ এখনি গুগল মিটৰ আয়োজন কৰা হৈছে। সন্মানীয় সকলো সদস্যই এই সভাখনত উপস্থিত থাকি নিজ নিজ মতামত ব্যক্ত কৰিব বুলি আশা কৰিলোঁ।
সভাৰ লিংক পৰৱৰ্তী সময়ত দিয়া হ’ব।-Pranamikaadhikary (বাৰ্তা) 15:05, 29 May 2026 (ইউ.টি.চি.)
- সভাৰ লিংক: https://meet.google.com/gna-wprg-hsh
উপস্থিত সদস্যৰ স্বাক্ষৰ
[সম্পাদনা কৰক]বেটুপাতৰ নতুন শিতান
[সম্পাদনা কৰক]অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।
অসমীয়া ৱিকিপিডিয়াৰ বেটুপাতত “নিৰ্বাচিত মিডিয়া” নামৰ এটা নতুন শিতান সংযোগ কৰিব বিচৰা হৈছে৷ তাৰ বাবে আপোনালোকৰ সমৰ্থন আশা কৰিলোঁ৷ দিব্য দত্ত (বাৰ্তা) 14:04, 23 May 2026 (ইউ.টি.চি.)
সমৰ্থন
সমৰ্থন-Rajdweep nlb (বাৰ্তা) 15:05, 23 May 2026 (ইউ.টি.চি.)
সমৰ্থনJyoti Chiring (বাৰ্তা) 15:28, 23 May 2026 (ইউ.টি.চি.)
সমৰ্থন Pranamikaadhikary (বাৰ্তা) 15:45, 23 May 2026 (ইউ.টি.চি.)
সমৰ্থন Rumi Borah~aswiki (বাৰ্তা) 16:04, 23 May 2026 (ইউ.টি.চি.)
সমৰ্থন বাবুল বৈশ্য (বাৰ্তা) 16:15, 23 May 2026 (ইউ.টি.চি.)
সমৰ্থন Nayan j Nath (বাৰ্তা) 16:23, 23 May 2026 (ইউ.টি.চি.)
সমৰ্থন-AjayDas (বাৰ্তা) 16:43, 23 May 2026 (ইউ.টি.চি.)
সমৰ্থন- কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 04:11, 24 May 2026 (ইউ.টি.চি.)
সমৰ্থন- JyotiPN (বাৰ্তা) 06:39, 24 May 2026 (ইউ.টি.চি.)
মতামত
- সৰ্বসন্মতিমৰ্মে সংযোগ কৰা হ’ল৷ দিব্য দত্ত (বাৰ্তা) 16:22, 1 June 2026 (ইউ.টি.চি.)