ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা


কেন্দ্ৰীয় আলোচনা
প্ৰস্তাৱসমূহ আলোচনা পৌনঃপুনিক প্ৰস্তাৱসমূহ

টোকা: নিষ্ক্ৰিয় আলোচনাসমূহ, শেষ হওক বা নহওক, আৰ্কাইভ ক’ৰা হ’ব
আৰ্কাইভআলোচনাসম্পাদনাইতিহাসপ্ৰদৰ্শন



সংৰক্ষিত পাঠ

সবাতোকৈ পুৰণি
সংৰক্ষণ ১
সংৰক্ষণ ২
সংৰক্ষণ ৩ (জানুৱাৰী ২০১২-ডিচেম্বৰ ২০১২)
সংৰক্ষণ ৪ (জানুৱাৰী ২০১৩-ডিচেম্বৰ ২০১৩)
সংৰক্ষণ ৫ (জানুৱাৰী ২০১৪-ডিচেম্বৰ ২০১৮)
সংৰক্ষণ ৬ (জানুৱাৰী ২০১৯-ডিচেম্বৰ ২০২১) সংৰক্ষণ ৭ (জানুৱাৰী ২০২২-ডিচেম্বৰ ২০২২)

আলোকচিত্ৰ প্ৰতিযোগিতা সম্পৰ্কে(২০২৩)[সম্পাদনা কৰক]

নমস্কাৰ! অসমীয়া ৱিকিমিডিয়া সমাজ, যোৱা ২৬ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে অনুষ্ঠিত হোৱা অসমীয়া ৱিকিপিডিয়াৰ মাহেকীয়া অনলাইন ৱিকিসভাত এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসমীয়া ৱিকিপিডিয়াৰ তৰফৰ পৰা “অসমৰ স্থাপত্য আৰু সংস্কৃতি বিষয়ৰ উন্নত মানৰ আলোকচিত্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে উন্নত মানৰ আলোকচিত্ৰক উদগনি দি তথ্যসমৃদ্ধ আলোকচিত্ৰ বিষয়ক জাগৰণ সৃষ্টি কৰা”ৰ উদ্দেশ্যেৰে ২০২১ চনত অনুষ্ঠিত কৰা আলোকচিত্ৰ প্ৰতিযোগিতাৰ আৰ্হিত এই বৰ্ষটো এখনি আলোকচিত্ৰ প্ৰতিযোগিতা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতিযোগিতাখনিৰ নিয়মাৱলী, পুৰস্কাৰ, বিচাৰক তথা অন্য সকলো কৰ্মসূচী প্ৰস্তুত কৰাৰ বাবে ইয়াতে এটি আলোচনা কৰিবলৈ আহ্বান জনালোঁ। - দিব্য দত্ত (বাৰ্তা) 05:33, 28 February 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

বিষয়[সম্পাদনা কৰক]

অসমৰ স্থাপত্য আৰু সংস্কৃতি বিষয়ক
ক) পৰিৱেশ সম্পৰ্কীয় (অসমৰ ফুল-ফল, জীৱ-জন্তু, গছ-লতা,পাহাৰ, খাল-বিল, নৈ-নদ ইত্যাদি)
খ) নগৰ-চহৰ, গাঁৱলীয়া জীৱনশৈলী সম্পৰ্কীয়
গ) অসমৰ উৎসৱ-পাৰ্বন, ৰীতি-নীতি, কলা-সংস্কৃতি
ঘ) থলুৱা সা-সঁ‌জুলি(মাছধৰা সঁজুলি, খেতিৰ সঁজুলি, তাঁতৰ সঁজুলি, পৰম্পৰাগত বাচন-বৰ্তন ইত্যাদি)
ঙ) বিভিন্ন কৃষিজাত সামগ্ৰী যেনে কল, ধান ইত্যাদিৰ প্ৰজাতি
চ) অসমৰ ঐতিহ্য বহন কৰা যিকোনো অনুষ্ঠান, প্ৰতিষ্ঠান, ঠাই, ভগ্নাৱশেষ ইত্যাদিৰ ফটো
ছ) যিকোনো বিৰল বিষয়বস্তুৰ ফটো ইত্যাদি

নিয়ম সম্পৰ্কীয়[সম্পাদনা কৰক]

  • প্ৰতিযোগীয়ে নিজেই একাউণ্ট সৃষ্টি কৰি লৈ লগ ইন কৰি কমন্সত ফটো জমা দিব লাগিব।
  • ফটোৰ লগত ফটো সম্পৰ্কীয় স্পষ্ট আৰু সীমিত সংখ্যক শব্দৰে বৰ্ণনা(অসমীয়া বা ইংৰাজী) থাকিব লাগিব।
  • ফটোৰ কোনো কাল্পনিক কলাত্মক নামৰ প্ৰয়োজন নাই।
  • প্ৰতিযোগীয়ে একাধিক ফটো আপলোড কৰিব পাৰিব।
  • প্ৰতিযোগিতাৰ বাবে আপলোড কৰা প্ৰতিখন ফটো অসম বা প্ৰতিযোগিতাৰ বাবে নিৰ্দিষ্ট কৰি দিয়া শ্ৰেণীৰে সংযোগ কৰিব লাগিব।  

শ্ৰেষ্ঠ নিৰ্বাচনৰ বাবে ফটোৰ গুৰুত্ব, আপলোড কৰা ফটোৰ সংখ্যা, ফটোৰ গুণগত মানদণ্ড, ফটোৰ বৰ্ণনা ইত্যাদি...

বিঃদ্ৰঃ প্ৰচাৰৰ সময়ত কমন্সত একাউণ্ট খোলা, আৰু ফটো আপলোড কৰি শ্ৰেণী সংযোগ সম্পৰ্কীয় এটা ইউটিউব ভিডিঅ'ৰ লিংক দিয়া উচিত হ'ব।

প্ৰতিযোগিতাৰ তাৰিখ[সম্পাদনা কৰক]

ফে'চবুকযোগে অসমীয়া ৱিকিমিডিয়া সমাজৰ গোটত হোৱা এক ভোটদানৰ [[1]]ৰ ভিত্তিত প্ৰতিযোগিতাৰ বাবে ২০২৩ চনৰ ৫-২০ এপ্ৰিললৈকে সময়সীমা প্ৰস্তাৱ কৰা হৈছে। - ঈশান জ্যোতি বৰা (বাৰ্তা) 13:33, 15 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

মন্তব্য[সম্পাদনা কৰক]

  1.  সমৰ্থন জনালোঁ। JyotiPN (বাৰ্তা) 16:16, 1 March 2023 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক[উত্তৰ দিয়ক]
  2. জোৰদাৰ সমৰ্থন। 2401:4900:3A63:1EC1:D203:9055:2E4D:70F 16:22, 1 March 2023 (ইউ.টি.চি.)
  3.  সমৰ্থন। যথাসম্ভৱ সহযোগিতা আগবঢ়াম। -Chandan Chiring Phukon  Chat 02:57, 2 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  4.  সমৰ্থন জনাইছোঁ। পৰিৱেশ বিষয় ইয়াত যোগ নকৰি বেলেগকৈ জুন মাহত প্ৰতিযোগিতা কৰিব পাৰি। এতিয়া স্থাপত্য আৰু সংস্কৃতিৰ ভিতৰতে ৰাখিলে ভাল হ'ব কিজানি। -Joli Rumi (বাৰ্তা) 12:54, 2 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  5.  সমৰ্থন‌‌ জনাইছোঁ।ঈশান জ্যোতি বৰা (বাৰ্তা) 13:40, 2 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  6.  সমৰ্থন অনামিকা(চুমু) বড়া (বাৰ্তা) 13:45, 2 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  7.  সমৰ্থন। -𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 14:42, 2 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  8.  সমৰ্থনবাবুল বৈশ্য (বাৰ্তা) 14:43, 2 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  9.  সমৰ্থন। জনাইছোঁ। Rumi Borah~aswiki (বাৰ্তা) 04:26, 4 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  10.  সমৰ্থন। -  অজয়  কথা-বতৰা 12:46, 17 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

ৱিকিপিডিয়াৰ অনলাইন কৰ্মশালা[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াত বৰ্ধিত সদস্য তথা ন-সদস্যসকলৰ শেহতীয়া সম্পাদনাসমূহলৈ লক্ষ্য ৰাখি অসমীয়া ৱিকিমিডিয়া সমাজৰ ফেচবুক গোটত ৱিকিপিডিয়াৰ এক অনলাইন কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে আগ্ৰহী অংশগ্ৰহণকাৰীসকলক উদ্দ্যেশি এক পোষ্ট দিয়া হৈছিল। বৰ্তমানলৈকে অৰ্ধশতাধিক আগ্ৰহী ব্যক্তিৰ সঁ‌হাৰি লাভ কৰাৰ বাবে অনলাইন কৰ্মশালাৰ বাবে মাননীয় সদস্যসকলৰ মতামত বিচৰা হৈছে। কৰ্মশালাখনৰ সন্দৰ্ভত মোৰ ফালৰ পৰা নিম্নোক্ত প্ৰস্তাৱ আগবঢ়ালোঁ।

শীৰ্ষক: অসমীয়া ৱিকিপিডিয়াত কিদৰে লিখিব পাৰি
তাৰিখ: ১ মে' ২০২৩
সময়: বিয়লি ৮.০০ বজাৰ পৰা ৯.০০ বজালৈ
সমল ব্যক্তি: দিব্য দত্ত (ইচ্ছা কৰিলে বাকী ৰাইজে নিজেও প্ৰস্তাৱ ৰাখিব পাৰিব, সমল ব্যক্তি একাধিক হ'লে ভাল)
প্লেটফৰ্ম: গুগল মীট
সামৰি ল'ব লগা বিষয়:
  • ৱিকিপিডিয়াত আমি কিয় লিখোঁ? (আগ্ৰহী সক্ৰিয় সদস্য দুগৰাকীমানে একেবাৰে চমুকৈ ইয়াত মনৰ কথা ক'ব পাৰে)
  • ৱিকিপিডিয়াৰ প্ৰাথমিক পৰিচয়: ৱিকিপিডিয়াৰ ভাষাশৈলী, ভিজুৱেল এডিটৰ আৰু উৎস সম্পাদনাৰ জৰিয়তে পুৰণি পৃষ্ঠাৰ সম্পাদনা, নতুন প্ৰবন্ধৰ সৃষ্টি, তথ্যসূত্ৰ যোগ, শ্ৰেণী যোগ
  • এডিটাথনসমূহৰ চমু পৰিচয়
  • আন ৱিকিপ্ৰকল্পসমূহৰ চমু আভাস: ৱিকিকমনছ, ৱিকিউৎস, ৱিকিউদ্ধৃতি
  • নতুন সদস্যৰ সৈতে প্ৰশ্নোত্তৰ

প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰিবৰ বাবে সমূহ সক্ৰিয় সদস্যকে এই বিষয়ে মতামত আৰু পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনালোঁ। -Chandan Chiring Phukon Chat 03:05, 25 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

সমৰ্থন[সম্পাদনা কৰক]

  1. Nayan j Nath (বাৰ্তা) 03:09, 25 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  2. Rajdweep nlb (বাৰ্তা) 03:21, 25 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  3. Pranamikaadhikary (বাৰ্তা) 03:56, 25 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  4. বাবুল বৈশ্য (বাৰ্তা) 05:32, 25 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  5. অনামিকা(চুমু) বড়া (বাৰ্তা) 06:42, 25 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  6. 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 07:12, 25 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  7. Joli Rumi (বাৰ্তা) 01:03, 26 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  8. Thesaurabhsaha (বাৰ্তা) 08:55, 26 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  9. IKHazarika (বাৰ্তা) 09:32, 26 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

বিৰোধ[সম্পাদনা কৰক]

মন্তব্য[সম্পাদনা কৰক]

  1. ৱিকিপিডিয়াৰ প্ৰবন্ধৰ গঠন আৰু ভাষা শৈলী, লগতে ক্ষুদ্ৰ সম্পাদনা (minor edits) সম্পৰ্কে অলপ কোৱাৰ মন আছিল৷ কিন্তু ১ মে' তাৰিখটো মোৰ বাবে বোধহয় সুবিধাজনক নহ'ব৷ পাৰিলে সেইদিনা উপস্থিত থাকিম; নহ'লে পৰৱৰ্তী কৰ্মশালাত কোৱাৰ আশা ৰাখিছো৷ বাবুল বৈশ্য (বাৰ্তা) 05:29, 25 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
    @Babulbaishya আপোনাৰ কোনদিনা সুবিধা হ'ব জনাবচোন। তাৰিখটো সলাব পৰা যাব। -Chandan Chiring Phukon Chat 05:42, 25 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  2. হয়, মোৰো সেইদিনা কিছু অসুবিধা হ’ব, কাৰণ সেইদিনা কনফাৰেন্সৰ পৰা আহি পোৱাৰ পিছত আন কিছু প্ৰয়োজনীয় কাম থাকিব৷ Pranamikaadhikary (বাৰ্তা) 06:00, 25 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  3. সমৰ্থন জনাইছোঁ। ময়ো সেইদিনা উপস্থিত থাকিব নোৱাৰিম। Joli Rumi (বাৰ্তা) 01:04, 26 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

নতুন তাৰিখ[সম্পাদনা কৰক]

মাননীয় সদস্যসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৪ মে' আৰু ৭ মে' তাৰিখ দুটা প্ৰস্তাৱ কৰিলোঁ।-Chandan Chiring Phukon Chat 03:27, 26 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
সমৰ্থন[সম্পাদনা কৰক]
  1. দুয়োটা তাৰিখতে পাৰিম। অনামিকা(চুমু) বড়া (বাৰ্তা) 11:40, 26 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  2. ৭ মে'ত উপস্থিত থাকিব পাৰিম। প্ৰস্তাৱিত বিষয়ত কিছু যোগ দিছোঁ। Joli Rumi (বাৰ্তা) 11:57, 26 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  3. ৭ তাৰিখেই হওক৷ নিজে থাকিব পাৰিম নে নোৱাৰিম ক’ব নোৱাৰোঁ অৱশ্যে৷ এফালে যোৱাৰ কথা আছে৷ তথাপি কৰ্মশালাখন সোনকালে হোৱা ভাল৷Pranamikaadhikary (বাৰ্তা) 16:13, 2 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
বিৰোধ[সম্পাদনা কৰক]
মন্তব্য[সম্পাদনা কৰক]

মাননীয় সদস্যসকলৰ মতামতলৈ লক্ষ্য ৰাখি ৭ মে' ২০২৩ তাৰিখটো কৰ্মশালাৰ বাবে নিৰ্ধাৰণ কৰা হ'ল। সমল ব্যক্তি হিচাপে থাকিব দিব্য দত্ত দা আৰু বাবুল বৈশ্য দা।
কৰ্মশালাৰ প্ৰস্তাৱিত কাৰ্যসূচী:

৮:০০ : আদৰণি আৰু আঁ‌ত ধৰোঁতা ব্যক্তি – প্ৰণামিকা অধিকাৰী
৮:০৮: ৱিকিপিডিয়াৰ পৰিচয় – চন্দন চিৰিং ফুকন
ৱিকিপিডিয়া কি নহয়
কি লিখিব
অন্যান্য ৱিকিপ্ৰকল্পৰ পৰিচয়
৮:১৫ : সম্পাদনাৰ পৰিচয় – নয়ন জ্যোতি নাথ
ৱিকিপিডিয়াৰ প্ৰবন্ধ এটাৰ গঠন আৰু ভাষাশৈলী
ক্ষুদ্ৰ সম্পাদনা (minor edits)
৮:৪০ : নতুন প্ৰবন্ধৰ সৃষ্টি – দিব্য দত্ত
প্ৰবন্ধ এটাৰ আৰম্ভণি
ভিজুৱেল এডিটৰ, উৎস সম্পাদনা আৰু সমল অনুবাদ
তথ্যসূত্ৰৰ গুৰুত্ব আৰু সংযোজন
৯:১০ : মুকলি প্ৰশ্নোত্তৰ
৯:২০ : সামৰণি

-চন্দন চিৰিং ফুকন ||✉️ 16:45, 2 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

অনলাইন কৰ্মশালা ৭ মে’ ২০২৩[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ অনলাইন কৰ্মশালা

অসমীয়া ৱিকিপিডিয়াৰ ফেচবুক গ্ৰুপত ৱিকিপিডিয়াৰ প্ৰতি আগ্ৰহী লোকক পূৰ্বনিৰ্ধাৰিত সিদ্ধান্তমৰ্মে এটি অনলাইন প্ৰশিক্ষণ দিয়া হয়৷ প্ৰশিক্ষণকালত অসমীয়া ভাষাত ৱিকিপিডিয়াত কিদৰে প্ৰবন্ধ লিখা হয়, সম্পাদনা কৰা হয়, তথ্যসূত্ৰ সংযোগ, তথ্যপেৰা সংযোগ, চিত্ৰসংযোগ আদিৰ কৌশল অভিজ্ঞ ৱিকিপিডিয়ানৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়৷ বিভিন্ন ঠাইৰ কেইবাগৰাকী উৎসুক ব্যক্তিৰ উপস্থিতিত প্ৰায় ডেৰঘণ্টা সময় কৰ্মশালাখন অনুষ্ঠিত হয়৷ ন-পুৰণি প্ৰায় ৪০গৰাকী সদস্যৰ উপস্থিতিত অনুষ্ঠানটিৰ বিভিন্ন কাৰ্যসূচী তলত দিয়াধৰণে ৰূপায়িত হয়:

  • আদৰণি: প্ৰণামিকা অধিকাৰী
  • ৱিকিপিডিয়াত প্ৰকৃততে কি লিখা হয়, সেই সম্পৰ্কে বক্তব্য: চন্দন চিৰিং
  • ৱিকিপিডিয়াত প্ৰবন্ধৰ বিষয়বস্তুৰ ভিন্নতা আৰু সম্পাদনা কৌশল: নয়নজ্যোতি নাথ
  • ৱিকিপিডিয়াত সম্পাদনাৰ বিভিন্ন কৌশল: দিব্য দত্ত
  • নৱাগত সদস্যসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ: অভিজ্ঞ কেইবাগৰাকী ৱিকিপিডিয়ান
  • নৱাগত সদস্যসকলৰ পৰিচয়৷

কেইবাগৰাকী প্ৰবীণ ৱিকিপিডিয়ান, জলি ৰুমী বৰা, ভাস্কৰ ভূঞা, ঈশানজ্যোতি বৰা আদিয়ে অনুষ্ঠানটিৰ মাজত বিভিন্ন খুটিনাতি কৌশলৰ বিষয়ে নৱাগতসকলক অৱগত কৰোৱায়৷

ছিড লেবৰ সৈতে সহযোগিতা[সম্পাদনা কৰক]

ছিড লেব বা বীজ গৱেষণাগাৰ শেহতীয়াকৈ গঠন হোৱা এটা সহযোগিতামূলক দল। এই লেবৰ উদেশ্য হ'ল উত্তৰ-পূব ভাৰতত বন্যপ্ৰাণী সংৰক্ষণৰ এক উমৈহতীয়া লক্ষ্যৰ দিশত কাম কৰিবলৈ বিভিন্ন পটভূমিৰ ব্যক্তিক একত্ৰিত কৰা। অসমত এই লেবৰ ঠিকনা তেজপুৰৰ গ্ৰীণ হাব নামৰ প্ৰতিষ্ঠানটো। এই গোটটোৱে গৱেষক, পৰিৱেশ সংৰক্ষক, ডিজাইনাৰ, আৰু সম্প্ৰদায়ৰ সকলো সদস্যকে ধৰি বিভিন্ন পটভূমিৰ লোকক একত্ৰিত কৰি জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দিশত সহযোগিতামূলকভাৱে কাম কৰিবলৈ বিচাৰে। তেওঁলোকৰ মূল ক্ষেত্ৰসমূহ হ'ল: মানুহ-বন্যপ্ৰাণীৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ, প্ৰকৃতি সংৰক্ষণৰ অনুশীলন, আৰু বন্যপ্ৰাণী গৱেষণা আৰু সংৰক্ষণৰ বাবে কলা-বিজ্ঞান-ডিজাইন আন্তঃপৃষ্ঠৰ পোষকতা আৰু লালন কৰা।

ইয়াৰে এক ক্ষেত্ৰ হিচাপে ছিড লেবে অসমীয়া ৱিকি সমাজৰ সৈতে সহযোগিতাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। তেওঁলোকে বন্যজীৱ আৰু প্ৰকৃতি সম্পৰ্কে অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিকমনছত তথ্য আৰু চিত্ৰ যোগ দিয়াত সহায় কৰিব খোজে। এইক্ষেত্ৰত সমন্বয়ক আৰু বৰ্তমানৰ প্ৰস্তাৱসমূহ এনেধৰণৰ-

(ক) ছিড লেব: সমন্বয়ক- নন্দিনী ভেলহ'
১) জুন মাহৰ আলোকচিত্ৰ প্ৰতিযোগিতাত গ্ৰীণ হাবৰ অংশগ্ৰহণ আৰু প্ৰচাৰ। ইয়াৰ লগত সংগতি ৰাখি গ্ৰীণ হাবত উপলব্ধ অসমৰ প্ৰকৃতি সম্পৰ্কীয় আৰ্কাইভ ফটো ৱিকিকমনছত আপল'ড।
২) গ্ৰীণ হাবৰ ১০৮ গৰাকী ফেল'ৰ ৱিকিমিডিয়া প্ৰকল্পত সক্ৰিয় অংশগ্ৰহণ
(খ) অসমীয়া ৱিকিমিডিয়া: সমন্বয়ক- জলি ৰুমী বৰা, চন্দন চিৰিং ফুকন
১) ৱিকিমিডিয়াৰ প্ৰকল্পসমূহ আৰু কেনেকৈ অৱদান আগবঢ়াব পাৰি সেইসম্পৰ্কে এটা অনলাইন বক্তৃতা
২) অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ৱিকিমিডিয়াত অৱদানৰ সহায়ক টুল-কিট প্ৰস্তুত কৰা
৩) আগ্ৰহ অনুযায়ী গ্ৰীণ হাবত এটা ৱিকি ক্লাবৰ প্ৰস্তাৱ আৰু পৰিকল্পনা

সকলোকে এই বিষয়ে মতামত আৰু পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনালোঁ। -Joli Rumi (বাৰ্তা) 14:05, 30 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

সমৰ্থন[সম্পাদনা কৰক]

  1.  সমৰ্থন জনালোঁ।-চন্দন চিৰিং ফুকন ||✉️ 14:24, 30 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  2.  সমৰ্থন জনালোঁ।- অজয়  কথা-বতৰা 14:47, 30 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  3.  সমৰ্থন জনালোঁ‌। হানিফ আলী (বাৰ্তা) 02:48, 1 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  4.  সমৰ্থন জনালোঁ। দীপকজ্যোতি মহন্ত (বাৰ্তা) 07:06, 1 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  5.  সমৰ্থন জনালোঁ।Pranamikaadhikary (বাৰ্তা) 16:16, 2 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  6.  সমৰ্থন জনালোঁ। -Nayan j Nath (বাৰ্তা) 16:39, 2 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  7.  সমৰ্থন দিব্য দত্ত (বাৰ্তা) 17:24, 2 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  8.  সমৰ্থন Thesaurabhsaha (বাৰ্তা) 16:28, 4 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  9.  সমৰ্থনPranamikaadhikary (বাৰ্তা) 14:24, 6 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  10.  সমৰ্থন Rumi Borah~aswiki (বাৰ্তা) 17:04, 7 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

বিৰোধ[সম্পাদনা কৰক]

মন্তব্য[সম্পাদনা কৰক]

  1. এয়া এক সুন্দৰ পদক্ষেপ হ'ব। অসমৰ থলুৱা বহু উদ্ভিদ আৰু জলচৰ জীৱৰ আলোকচিত্ৰ কমন্সত পাবলৈ নাই বা পালেও সেয়া উন্নত মানৰ নহয়। এইক্ষেত্ৰত ই সহায়ক হ'ব বুলি আশা কৰিছোঁ।-চন্দন চিৰিং ফুকন ||✉️ 14:27, 30 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

অগ্ৰগতি[সম্পাদনা কৰক]

সমৰ্থন আৰু মন্তব্য দিয়াৰ বাবে সকলোকে ধন্যবাদ। পুঁজিৰ আবেদন গৃহীত নোহোৱালৈকে আলোকচিত্ৰ প্ৰতিযোগিতাখন স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। ছিড লেবৰ সৈতে সহযোগিতাৰ অন্যান্য প্ৰস্তাৱবোৰ সদ্যহতে আগবঢ়াই নিয়াৰ প্ৰস্তাৱ দিছোঁ। ---Joli Rumi (বাৰ্তা) 12:04, 10 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

খতিয়ান: ৪ জুন, ২০২৩[সম্পাদনা কৰক]

৪ জুন, ২০২৩ দেওবাৰে গ্ৰীন হাবৰ সমন্বয়ক নন্দিনী ভেলহ'ৰ সৈতে ৱিকিসমাজৰ তিনিগৰাকী সদস্য (জলি ৰুমী বৰা, নয়ন জ্যোতি নাথ আৰু চন্দন চিৰিং ফুকন)ৰ এখন অনলাইন সভা অনুষ্ঠিত হয়। এই সভাত ৱিকিৰ গ্ৰীন হাবৰ সৈতে সহযোগিতাৰ বিষয়ে বিতং আলোচনা আৰু পৰিকল্পনা হয়।

আলোচনাৰ সাৰাংশ:
গ্ৰীন হাব ফেল'শ্বিপত উত্তৰ-পূৰ্বাঞ্চলৰ ২০ গৰাকী যুৱক-যুৱতীক চিনেমা নিৰ্মাণৰ মাধ্যমেৰে পৰিৱেশ, বন্যপ্ৰাণী, সংৰক্ষণ আৰু জলবায়ু বহনক্ষমতাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয়। এই ফেল’শ্বিপ বিশেষভাৱে দুৰ্গম অঞ্চল আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ শিকিবলৈ আগ্ৰহী কিন্তু এনে প্ৰশিক্ষণৰ সুবিধা নোপোৱা যুৱক-যুৱতীসকলৰ বাবে কৰা হৈছে। ইয়াৰে অংশহিচাপে ৱিকিকমনছত ফটো আৰু ভিডিঅ' আপল'ড কৰাৰ প্ৰশিক্ষণ দিবলৈ ৱিকি সমাজৰ সহায় বিচাৰিছে। উদেশ্য হ'ল-

১) এই ফেল'শ্বিপৰ পাঠ্যক্ৰমত ৱিকিমিডিয়া যোগ দিয়া
২) উত্তৰ-পূৰ্বাঞ্চল আৰু প্ৰকৃতি সম্পৰ্কীয় তথ্য আৰু চিত্ৰ বঢ়োৱা

এইবছৰ ৱিকিকমনছত এই ফেল'সকলৰ প্ৰত্যেকে কমেও ২৫ খনকৈ (মুঠ ৫০০ খন) ফটো আপল'ড কৰিবলৈ এছাইনমেণ্ট দিয়া হ'ব।

আজিৰ পৰিকল্পনা:
১) প্ৰথমটো ক্লাছ: ১৮ জুন- জলি, চন্দন
২) দ্বিতীয় ক্লাছ (গ্ৰীন হাবত উপস্থিত থাকি): জুলাইৰ প্ৰথম সপ্তাহ - নয়ন, বিষ্ণুদা
৩) তৃতীয় ক্লাছ: আগষ্ট - ঈশান / গীতাৰ্থ

অন্য দুটামান সিদ্ধান্ত:
১) গ্ৰীন হাবৰ বিগত বছৰবোৰৰ আৰ্কাইভত থকা ফটোবোৰ আপল'ড কৰিবলৈ অন্য দুজনমান পূৰ্বৰ ফেল'ই আগ্ৰহ প্ৰকাশ কৰিছে। তেওঁলোকো ক্লাছসমূহত উপস্থিত থাকিব।
২) যিহেতু এই ফেল'সকল উত্তৰ-পূবৰ বিভিন্ন ঠাইৰ পৰা অহা। তেওঁলোকৰ ভাষাৰ বৈচিত্ৰ্যৰ প্ৰতি লক্ষ্য ৰাখি ক্লাছৰ মাধ্যম ইংৰাজী, হিন্দী, অসমীয়া তিনিওটা ভাষাতে কৰাৰ সিদ্ধান্ত লোৱা হয়।

খতিয়ান: ১৮ জুন, ২০২৩[সম্পাদনা কৰক]

অসমীয়া ৱিকিমিডিয়া সমাজৰ সহযোগিতামূলক প্ৰকল্পৰ অংশ হিচাপে ১৮ জুন তাৰিখে তেজপুৰস্থিত “গ্ৰীনহাব“ সংস্থাৰ সভ্যসকলৰ বাবে এক অনলাইন কৰ্মশালাৰ আয়োজন কৰা হয়৷ পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰা গ্ৰীনহাবৰ সভ্যসকলে এই প্ৰশি‌‌ক্ষণৰ জৰিয়তে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহ আৰু ঘাইকৈ ৱিকিমিডিয়া কমন্সত উত্তৰ-পূব ভাৰত সম্পৰ্কীয় মিডিয়া ফাইল যোগ দিয়াৰ পৰিকল্পনা কৰিছে।

কালিৰ অনুষ্ঠানত প্ৰথমে জলি ৰুমী বৰাই অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ পৰিচয় ডাঙি ধৰে। ইয়াৰ লগতে প্ৰকল্পসমূহলৈ তেওঁৰ অৱদান আৰু অসমীয়া ভাষাত এনে কাম কৰাৰ দায়বদ্ধতা আৰু অনুপ্ৰেৰণাৰ বিষয়ে কয়। ইয়াৰ পাছত চন্দন চিৰিং ফুকনে ৱিকিমিডিয়া কমন্সত একাউণ্ট খুলি লৈ কেনেকৈ ফটো বা ভিডিঅ' আপল'ড কৰিব লাগে সেয়া ব্যাখ্যা কৰে। অনাগত কেইমাহমানত গ্ৰীনহাবৰ বাবে নিয়মীয়াকৈ অনলাইন আৰু অফলাইন প্ৰশিক্ষণৰ আয়োজন কৰা হ'ব।

জাননী প্ৰেৰণ[সম্পাদনা কৰক]

সন্মানীয় সদস্যসকললৈ বিনম্ৰতাৰে এটি আবেদন জনাব খোজোঁ৷ ৰাইজৰ চ’ৰাত সদায়েই এবাৰ চকু ফুৰোৱা উচিত যদিও বিভিন্ন কাৰণত হয়তো মই আৰু মোৰ দৰে সদস্যসকলৰ দ্বাৰা হয়তো এইক্ষেত্ৰত অনীহা বা উপেক্ষা কৰা হয়৷ সেয়ে, প্ৰস্তাৱ এটা ৰখাৰ লগে লগে প্ৰতি একাউণ্টত একোটা জাননী পঠিওৱাৰ ব্যৱস্থা কৰিব নোৱাৰিনে? মই এই দিশত একেবাৰে অজ্ঞ৷ কথাটো উল্লেখ কৰা বাবে কোনেও অসন্তোষ নকৰে যেন৷

ৰাইজৰ চ’ৰাতো মই এই প্ৰথম এটা প্ৰস্তাৱ দিছোঁ৷ এয়াও এক পাঠ, মোৰ বাবে৷ আশাকৰোঁ মতামত দিব৷Pranamikaadhikary (বাৰ্তা) 16:23, 2 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

মন্তব্য[সম্পাদনা কৰক]

  1. প্ৰস্তাৱটো ভাল পালোঁ৷ পিছে ব’টৰ অবিহনে হয়তো এই কামটো কৰা প্ৰায় অসম্ভৱ হ’ব! -𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 16:39, 2 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  2. এই কথাটো মোৰো মনলৈ আহে। Mass messaging ব্যৱস্থাৰ বাবে ব'ট এটা সাজিব পৰা যায় নেকি এই বিষয়ে জনাসকলে জনাওকচোন।চন্দন চিৰিং ফুকন ||✉️ 16:56, 2 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  3. Mass messaging ৰ বাবে Admin Right প্ৰয়োজন হয় চাগে। নতুন ব’ট এটাক এই অধিকাৰ দিব যেন লগা নাই। ইয়াতকৈ এই পৃষ্ঠাখন Subscribe কৰি ল’ব পাৰি। তেতিয়া এই পৃষ্ঠাত নতুন পাঠ কোনোবাই লিখিলে জাননী পাব। দিব্য দত্ত (বাৰ্তা) 17:23, 2 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  4. চাবস্ক্ৰাইব কৰিলে অকল যিটো বিষয় চাবস্ক্ৰাইব কৰা হয় সেইটো বিষয়ৰ ন’টিফিকেচনহে আহিব৷ তেনেস্থলত, আন কোনোবাই আন বিষয়ে প্ৰস্তাৱ ৰাখিলে, সমস্যাটো একেই থাকিব৷ বিষয়টো উন্নত কৰাৰ থল আছে নেকি চাবচোন৷ মতামত দিয়া সকলো সন্মানীয় সদস্যলৈ অশেষ ধন্যবাদ৷Pranamikaadhikary (বাৰ্তা) 15:37, 3 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
    পৃষ্ঠাটোৰ একেবাৰে ওপৰত থকা ‘অধিক’ বুটামত ক্লিক কৰি পৃষ্ঠাটো ‘ছাবস্ক্ৰাইব’ কৰাৰ সুবিধাটো পাব। দিব্য দত্ত (বাৰ্তা) 01:12, 4 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
    ধন্যবাদ৷ Pranamikaadhikary (বাৰ্তা) 13:55, 4 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
    এই কথাটো সকলোৱে জনাৰ ব্যৱস্থা কৰিলে ভাল হ’ব৷ ধন্যবাদ৷ Pranamikaadhikary (বাৰ্তা) 13:56, 4 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

ৱিকিৰ ৩০/৫০/১০০ দিনীয়া প্ৰত্যাহ্বান[সম্পাদনা কৰক]

বিগত ৱিকি সভাত হোৱা আলোচনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি মই ব্যক্তিগত ভাৱে আজিৰ (০৩-০৫-২০২৩) পৰা ৱিকিৰ ১০০ দিনীয়া প্ৰত্যাহ্বান গ্ৰহণ কৰিম বুলি সিদ্ধান্ত লৈছোঁ। এই ক্ষেত্ৰত এই যাত্ৰাৰ প্ৰতি আগ্ৰহী সকলক ইয়াতে নিজৰ নাম আৰু প্ৰত্যাহ্বানৰ দিন উল্লেখ কৰিবলৈ অনুৰোধ কৰিলোঁ।

মন্তব্য[সম্পাদনা কৰক]

  1. (১০০ দিনীয়া প্ৰত্যাহ্বানত গড়ে ১ টাকৈ প্ৰবন্ধ) Nayan j Nath (বাৰ্তা) 06:44, 3 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
    ভাল কথা৷ কৰি থাকা৷ Pranamikaadhikary (বাৰ্তা) 14:25, 6 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
    @Nayan j Nath মোৰ ৩০ দিনীয়া প্ৰত্যাহ্বানৰ সফলতাৰে অন্ত পৰিল। ধন্যবাদ। -চন্দন চিৰিং ফুকন ✉️ 15:55, 7 June 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  2. বঢ়িয়া নয়ন। শুভেচ্ছা থাকিল। মই ব্যক্তিগতভাৱে ৩০ দিনৰ প্ৰত্যাহ্বান লৈছোঁ। আজি ৭ মে'ৰ পৰা ৩০ দিনলৈ প্ৰতিদিনে ৱিকিৰ তিনিওটা প্ৰকল্প (ৱিকিপিডিয়া, ৱিকিউৎস আৰু ৱিকিউদ্ধৃতি)ত কমেও পাঁচটাকৈ সম্পাদনা কৰিম। Joli Rumi (বাৰ্তা) 15:08, 7 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  3. নয়ন আৰু জলি বাৰ প্ৰত্যাহ্বান দেখি ময়ো দুয়োটা প্ৰত্যাহ্বানৰ অলপ অলপ লৈ নিজৰ প্ৰত্যাহ্বানটো সাজিছোঁ। ৩০ দিনীয়া প্ৰত্যাহ্বানটোত দৈনিক গড়ে এটাকৈ প্ৰবন্ধ ৱিকিপিডিয়াত লিখিম আৰু কমেও এটা সম্পাদনা আটাইকেইটা প্ৰকল্পতে কৰিম। -চন্দন চিৰিং ফুকন ||✉️
  4. নয়ন, জলি আৰু চন্দনলৈ শুভেচ্ছা থাকিল। মই ৩০ দিনৰ প্ৰত্যাহ্বান লৈছোঁ। ৩০ দিনত মই ৱিকিউৎসত ৩০০ টা সম্পাদনা কৰিম আৰু ৱিকিউদ্ধৃতিতো কমেও ৩০টা সম্পাদনা কৰিম। Rumi Borah~aswiki (বাৰ্তা) 01:03, 8 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  5. আজি ৮ মে’ৰ পৰা অহা ৮ জুনলৈ সদায় কমেও এঘণ্টা সময় ৱিকিৰ যিকোনো প্ৰকল্পত সাধ্যানুসাৰে সম্পাদনা কৰি সমল গোটাবলৈ যত্ন কৰিম৷ Pranamikaadhikary (বাৰ্তা) 14:46, 8 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  6. মই ব্যক্তিগতভাৱে ৩০ দিনীয়া প্ৰত্যাহ্বান হিচাপে ৩০০ সম্পাদনাৰ সংকল্প লৈছোঁ।দীপকজ্যোতি মহন্ত (বাৰ্তা) 16:40, 10 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  7. মই ৩০ দিনীয়া প্ৰত্যাহ্বান হিচাপে অসমীয়া ৱিকিপিডিয়াত ৩০০ টা প্ৰবন্ধ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিম। লগতে ৱিকিউদ্ধৃতিতো কিছু পৰিমাণে সম্পাদনা কৰিম। Thesaurabhsaha (বাৰ্তা) 17:19, 10 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  8. আজিৰপৰা অহা ৩০ দিনৰ ভিতৰত ৱিকিউৎসত তিনিখন নতুন কিতাপৰ কাম কৰি শেষ কৰিম বুলি ঠিক কৰিছোঁ।JyotiPN (বাৰ্তা) 16:01, 15 May 2023 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক[উত্তৰ দিয়ক]
{৩০+১৫= ৪৫ দিনত তিনিখন কিতাপৰ মুদ্ৰন সংশোধন সম্পূৰ্ণ। ১) সাহিত্য আৰু প্ৰেম (https://w.wiki/6WMV), ২) মুক্তাৱলী (https://w.wiki/6imi), ৩)ৰণ্‌ জেউতি (https://w.wiki/6YKg) __JyotiPN (বাৰ্তা) 14:32, 30 June 2023 (ইউ.টি.চি.)JyotiPN}উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  1. চুৰ্চুৰীয়া প্ৰত্যাহ্বান: ৱিকিউৎসত যিমান পাৰোঁ কিতাপ গোটাম বুলি ভাবিছিলোঁ। সেই মৰ্মেই ১৮ মে'ত আৰম্ভ কৰি আজিৰ তাৰিখলৈকে ৫০ খন কিতাপ আপল'ড কৰিলোঁ। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 17:03, 11 July 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

ৱিকি কৰ্মশালা[সম্পাদনা কৰক]

ৱিকিউৎসৰ কৰ্মশালা, ঢকুৱাখনা

যোৱা ১৩ মে’ ২০২৩ তাৰিখে ঢকুৱাখনা, সেউজ নগৰৰ ৱিকি-কৰ্মী ৰুমী বৰাৰ বাসগৃহত অনুষ্টুপীয়াকৈ এখনি ৱিকিউৎসৰ কৰ্মশালা অনুষ্ঠিত হয়৷ আবেলি ৩ বজাৰ পৰা ৪ বাজি ৩০ মিনিটলৈ হোৱা কৰ্মশালাখনিত নয়নজ্যোতি নাথ আৰু প্ৰণামিকা অধিকাৰীয়ে আগ্ৰহী লোকসকলক ৱিকিমিডিয়া সম্পৰ্কে থুলমূল পৰিচয় দি ৱিকিউৎসৰ বিষয়ে বিতং বিৱৰণ দিয়ে আৰু মুদ্ৰণ সংশোধনৰ বিষয়ে প্ৰাৰম্ভিক প্ৰশিক্ষণ দিয়ে৷ কৰ্মশালাখনিত উপস্থিত থকা ব্যক্তিসকলৰ নাম:

  • আয়োজক
  1. প্ৰণামিকা অধিকাৰী
  2. ৰুমী বৰা
  3. নয়নজ্যোতি নাথ
  • অংশগ্ৰহণকাৰী
  1. বিকাশ দিহিঙীয়া
  2. জ্যোতি চিৰিং
  3. তোষেশ্বৰ গগৈ
  4. স্বপ্না গগৈ
  5. মঞ্জু চমুৱা
  6. ৰূপশ্ৰী চুতীয়া
  7. নিৰ্মালী বৰমুদৈ
  8. যুগল চন্দ্ৰ বৰা

কৰ্মশালাখনিত উপস্থিত সকলোকে সন্মানীয়া ৰুমী বৰাই চাহ-মিঠাইৰে আপ্যায়ন কৰে তথা সদস্যা প্ৰণামিকা অধিকাৰীয়ে নিজাববীয়াকৈ এখন বেনাৰৰ ব্যৱস্থা কৰে।

সাহিত্য সভাৰ কৰ্মশালা[সম্পাদনা কৰক]

অসম সাহিত্য সভাৰ তথ্য-প্ৰযুক্তি উপ-সমিতিয়ে অসমীয়া ৱিকিপিডিয়াৰ সহযোগত এখন অনলাইন কৰ্মশালাৰ আয়োজন কৰিব খুজিছে (পাৰিলে এই সপ্তাহতে)। উদ্দেশ্য হ'ল সাহিত্য সভাৰ সভাপতিসকল/উল্লেখনীয় সাহিত্যিক যিসকলৰ বিষয়ে ৱিকিপিডিয়াত নাই সেয়া অন্তৰ্ভুক্ত কৰা আৰু তেওঁলোকৰ গ্ৰন্থসমূহৰ বিষয়ে প্ৰবন্ধ সৃষ্টি কৰা। ইয়াৰ বাবে ৱিকি সদস্যসকলৰ মতামত ল'বৰ বাবে এই আলোচনাটো মুকলি কৰিলোঁ। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 18:08, 30 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

মন্তব্য[সম্পাদনা কৰক]

  1. প্ৰস্তাৱটো বেয়া নহয়। বহু সাহিত্যিকৰ কোনো তথ্যই পোৱা নাযায়। সাহিত্য সভাই দিয়া তথ্য নিৰ্ভৰযোগ্য হ’ব বুলি ভাবো। অসমীয়া ৱিকিত প্ৰবন্ধৰ সংখ্যা বৃদ্ধি কৰিব। মাত্ৰ কৰ্মশালাৰ সময়টো সকলোৱে সময় দিব পৰা হোৱাকৈ ল’ব লাগে। দীপকজ্যোতি মহন্ত (বাৰ্তা) 22:43, 30 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  2. এতিয়ালৈকে সাহিত্য সভাৰ সৈতে ৱিকিৰ কামবোৰৰ ক্ষেত্ৰত হোৱা অভিজ্ঞতাবোৰ মনত ৰাখিও এনে কৰ্মশালাত ৱিকি জড়িত হোৱাৰ প্ৰয়োজন বুলি ভাৱোঁ। সাহিত্য সভাৰ ক্ষেত্ৰত মাত্ৰ আমি অলপ strategic হ'ব লাগে। কি কোৱা হ'ব, কেনেকৈ কথাবোৰ আগবঢ়োৱা হ'ব এইবোৰ আগতীয়াকৈ আমাৰ মাজতে আলোচনা আৰু পৰিকল্পনা কৰি ল'লে কিছুমান সমস্যা কমিব বুলি আশা কৰোঁ। উদাহৰণস্বৰূপে, এই প্ৰস্তাৱিত কৰ্মশালাখনতে সাহিত্য সভাৰ ভূমিকা কি আৰু ৱিকিৰ ভূমিকা বা দায়িত্ব কি সেইবোৰ আগতীয়াকৈ স্পষ্ট কৰি ল'ব লাগে। কেইটামান চকু দিবলগীয়া দিশ-
১) সাহিত্য সভা আৰু ৱিকিৰ ভূমিকা আগতীয়াকৈ স্পষ্ট কৰি লোৱা-
- এই কৰ্মশালাত সাহিত্য সভাই কেৱল উদ্যোক্তাৰ ভূমিকা পালন কৰিব নে অন্য কিবা পৰিকল্পনাও আছে? কৰ্মশালাৰ অংশগ্ৰহণকাৰী সাহিত্য সভাৰ বিষয়ববীয়া আৰু সদস্যসকল নে এই কৰ্মশালা সকলোৰে বাবে মুকলি?
- সাহিত্য সভাৰ সভাপতিসকল/উল্লেখনীয় সাহিত্যিক সকলৰ বিষয়ে ৱিকিপিডিয়াত তথ্য যোগ দিবলৈ সাহিত্য সভাই সহায় কৰিব নেকি? উদাহৰণস্বৰূপে বহু অসমীয়া সাহিত্যিকৰ কপিৰাইটমুক্ত ফটো ৱিকিকমনছত নাই।
- ৱিকিৰ স্বেচ্ছাসেৱক বৃদ্ধিত সাহিত্য সভাই কেনেদৰে সহায় কৰাৰ প্ৰস্তাৱ কৰিছে? প্ৰচাৰৰ ক্ষেত্ৰত সহায় কৰাৰ পৰিকল্পনা আছে যদি ৱিকিৰ ফালৰ পৰা সেই বিষয়ে চমুকৈ টোকা এটা প্ৰস্তুত কৰি দিয়াৰ দৰকাৰ। যাতে ভুল তথ্য প্ৰচাৰ নহয়।
- সাহিত্য সভাই সহায় কৰিব পৰা বিষয় কেইটামান-
(ক) ৱিকিউদ্ধৃতিত অসমীয়া সাহিত্যিকৰ উদ্ধৃতি সংযোগ
(খ) ৱিকিকমনছত অসমীয়া সাহত্যিকৰ ফটো যোগ দিয়াত সহযোগ,
(গ) ৱিকিউৎসত সাহিত্য সভাৰ উদ্যোগত কপিৰাইটমুক্ত গ্ৰন্থ যোগ দিয়াত সহায়-সহযোগ,
(ঘ) ৱিকিৰ বিষয়ে প্ৰচাৰ (শুদ্ধকৈ!) আৰু নতুন সদস্য যোগদানত উৎসাহ (পৰিসংখ্যাত এই মাত্ৰা কেনেকৈ প্ৰকাশ পায় সেইবিষয়ে ৱিকিৰ ফালৰ পৰা জনোৱাৰ দৰকাৰ)
(ঙ) সাহিত্য সভাই সহায়-সহযোগ কৰিব খোজা বিষয়বোৰত একোটাকৈ লক্ষ্য ঠিক কৰি লোৱা (উদাহৰণ- তথ্য আৰু চিত্ৰ যোগ দিব বিচৰা অসমীয়া সাহিত্যিক আৰু গ্ৰন্থৰ এখন লক্ষ্য তালিকা)। তেতিয়া পোনেই সেইখনৰ বিষয়েই সাহিত্য সভাই প্ৰচাৰ চলাব পাৰে।
২) কৰ্মশালা হ'লে ৱিকিৰ বক্তব্যত অন্তৰ্ভুক্ত কৰিব লগীয়া বিষয়-
-ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়
-ৱিকিপিডিয়া:সাধাৰণতে উল্লেখযোগ্য ব্যক্তি
-ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ বিষয়ে আভাস আৰু স্পষ্টীকৰণ
-আগ্ৰহী অংশগ্ৰহণকাৰীক ৱিকিৰ গোট, মাহিলী অনলাইন সভা আৰু সহজে উপলব্ধ সহায়িকাসমূহৰ বিষয়ে জনোৱা।
-সাহিত্য সভাই প্ৰচাৰৰ ক্ষেত্ৰত সহায় কৰিব খুজিলে ৱিকিৰ ফালৰ পৰা সেই বিষয়ে চমুকৈ টোকা এটা প্ৰস্তুত কৰি দিয়া যাতে ভুল তথ্য প্ৰচাৰ নহয়।
-Joli Rumi (বাৰ্তা) 12:19, 31 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  1. “সাহিত্য সভাৰ তথ্য-প্ৰযুক্তি উপসমিতিয়ে অসমীয়া ৱিকিপিডিয়াৰ সহযোগত’’ বুলি কোৱাৰ লগে লগে পূৰ্বৰ দৰেই সভাৰ পৃষ্ঠপোষকতাতহে অসমীয়া ৱিকিত যথেষ্ট সমল গোট খাইছে বা আগবাঢ়ি গৈছে বুলি কৰ্মশালাৰ পিছত সভাৰ কাৰ্যনিৰ্বাহকে কোৱাৰ সুবিধা থাকিব৷ সেয়ে, কৰ্মশালাখন অসমীয়া ৱিকিপিডিয়াই আগভাগ লৈ অনুষ্ঠিত কৰা আৰু সাহিত্য সভাক “তেওঁলোকৰ আগ্ৰহত’’ অংশীদাৰ হ’বলৈ আহ্বান জনোৱা ভাল বুলি ভাবোঁ৷ বাকী, জলী বৰাৰ মন্তব্যৰ সৈতে একমত৷ কাৰোবাৰ নিৰলস সাধনাৰ ওপৰত আন কাৰোবাক ওপৰতে নাম কিনাৰ সুবিধা দিব নালাগে৷
  • লগতে, সাহিত্য সভাই নিজা প্ৰকাশনৰ দ্বাৰা যিবোৰ কপিৰাইট উকলা কিতাপ প্ৰকাশ কৰিছে, সেইবোৰ অসমীয়া ৱিকিউৎসলৈ আগবঢ়োৱাৰ বিষয়েও প্ৰস্তাৱ দিব পাৰি৷- Pranamikaadhikary (বাৰ্তা) 13:58, 31 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
সকলোকে বহুমূলীয়া মন্তব্যৰ বাবে ধন্যবাদ৷ অহা ২৪ জুন শনিবাৰে সন্ধিয়া ৭-৪৫ৰ পৰা কৰ্মশালাখন আয়োজন কৰা হ’ব৷ — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 15:38, 21 June 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

শিক্ষানুষ্ঠানত ৱিকিৰ প্ৰচাৰ আৰু প্ৰসাৰ[সম্পাদনা কৰক]

বৰ্তমান অসমীয়া ৱিকিপ্ৰকল্পসমূহত চলি থকা কাম খৰতকীয়া কৰাৰ লগতে উন্নত কৰি তুলিবলৈ আমাক অধিক স্বেচ্ছাসেৱকৰ প্ৰয়োজন হৈছে। এই প্ৰকল্পসমূহৰ প্ৰতি অধিক স্বেচ্ছাসেৱকক আগ্ৰহী কৰি তুলিবলৈ কাৰ্যব্যৱস্থা লোৱাটো অতি প্ৰয়োজনীয় যেন অনুভৱ হৈছে। সেয়েহে, যোৱা মাহত (২৮ মে' ২০২৩) অনুষ্ঠিত হোৱা অসমীয়া ৱিকিমিডিয়া সমাজৰ পঞ্চমখন মাহিলী ৱিকিসভাত অসমৰ শিক্ষানুষ্ঠানসমূহৰ জৰিয়তে ৱিকিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে কাৰ্যব্যৱস্থা লোৱাৰ বিষয়ে এক আলোচনা কৰা হৈছিল। সেইমৰ্মে, এই বিষয়ে শিক্ষানুষ্ঠানসমূহত জুন মাহৰ পৰা ৱিকি বিষয়ক সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰাৰ এটা প্ৰস্তাৱ ৱিকিমিডিয়া সমাজলৈ আগবঢ়ালোঁ।

ক) প্ৰকল্পৰ নিৰ্বাচন

১) ৱিকিউৎস: ৱিকিউৎসত নতুন প্ৰবন্ধ লিখাৰ সৈতে জড়িত উল্লেখযোগ্যতা, ভাষাশৈলী, তথ্যসূত্ৰ আদিৰ জটিলতা নাই, সেয়ে ৱিকিউৎসৰ কৰ্মশালা আয়োজন কৰিলে ন-শিকাৰুৰ বাবে সহজ হ'ব। ইয়াৰ বাবে বৰ্তমান ৱিকিউৎসত থকা অ'চিআৰ, মুদ্ৰণ সংশোধন, বৈধকৰণ আৰু ট্ৰান্সক্লুছন বাকী থকা গ্ৰন্থসমূহৰ তালিকা এখন সাজিব লাগিব।
২) ৱিকিপিডিয়া: ৱিকিপিডিয়াৰ কৰ্মশালা পৰৱৰ্তী পৰ্যায়ত আৰম্ভ কৰিলে ভাল।

খ) শিক্ষানুষ্ঠানৰ নিৰ্বাচন

১) নিজ নিজ অঞ্চলৰ স্থানীয় মহাবিদ্যালয়সমূহত সজাগতা সভা আৰু কৰ্মশালা আয়োজনৰ প্ৰস্তাৱ
যিসকল সদস্যই সজাগতা সভা আৰু কৰ্মশালা আয়োজনৰ বিষয়ে নিজে কোনো মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ কাষলৈ অনুমতিৰ বাবে যাব পাৰে তেওঁলোকে স্থান আৰু মহাবিদ্যালয়ৰ নাম মন্তব্য হিচাপে দিব পাৰে। এই বিষয়ে অসমীয়া ৱিকিমিডিয়া সমাজৰ ফেইচবুক গোটতো পোষ্ট কৰি মহাবিদ্যালয়ৰ সৈতে যোগাযোগ/সম্পৰ্ক থকা আগ্ৰহী ব্যক্তিৰ বিষয়ে সুধিব পৰা যায়।
২) অসমৰ বিশ্ববিদ্যালয়সমূহত কৰ্মশালা আয়োজনৰ প্ৰস্তাৱ
অসমৰ দুখনমান বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলক এছাইনমেণ্ট হিচাপে ৱিকিপিডিয়াত প্ৰবন্ধ লিখিবলৈ দিয়া দেখা গৈছিল। বিভাগৰ সৈতে যোগাযোগ কৰি পুনৰ এনে এছাইনমেণ্ট দিয়াৰ আগে আগে একোটা প্ৰশিক্ষণ দিব পাৰি। ৱিকি প্ৰকল্পসমূহত যিহেতু কাৰিকৰী বা বিষয়বস্তুভিত্তিক জ্ঞান থকা লোকৰো প্ৰয়োজন, সেয়ে অন্যান্য বিভাগৰ শিক্ষাৰ্থীসকলকো সামৰিব পাৰিলে ভাল।

গ) সমল ব্যক্তি

শিক্ষানুষ্ঠানৰ স্থান নিৰ্ধাৰিত হ'লে সমল ব্যক্তি হিচাপে বৰ্তমান কাম কৰি থকা সদস্যসকলৰ মাজৰ পৰা সুবিধা অনুযায়ী দুগৰাকী বা ততোধিক স্বেচ্ছাসেৱক উপস্থিত থাকিব।

ঘ) ফাণ্ডিং

এই বিষয়ে ফাউণ্ডেচনক কেতিয়া, কেনেকৈ প্ৰস্তাৱ দিয়া হ'ব এই বিষয়ে বিশদ আলোচনাৰ প্ৰয়োজন।

এই সন্দৰ্ভত মাননীয় সদস্যসকলে মতামত আৰু দিহা-পৰামৰ্শ আগবঢ়াব বুলি আশা কৰিলোঁ। -চন্দন চিৰিং ফুকন ✉️ 18:04, 1 June 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

মন্তব্য[সম্পাদনা কৰক]

  1. প্ৰস্তাৱসমূহৰ সৈতে ঐকমত্য প্ৰকাশ কৰিলোঁ৷ কেৱল “ফাণ্ডিং’’ৰ ক্ষেত্ৰত এটা কথা ক’ব খোজোঁ, স্থানীয় কৰ্মশালা বা প্ৰচাৰৰ ক্ষেত্ৰত হ’বলগীয়া খৰচৰ বাবে অসমীয়া ৱিকিপিডিয়াই নিজাববীয়াকৈ এটা “ফাণ্ড’’ৰ ব্যৱস্থা কৰিব নোৱাৰোঁনে? সেইটো হ’লে, স্থানীয় কামবোৰৰ বাবে আমি ফাউণ্ডেচনৰ মুখলৈবাট চাব নালাগিব৷ মোৰ ব্যক্তিগত মতহে ব্যক্ত কৰিলোঁ৷ Pranamikaadhikary (বাৰ্তা) 18:31, 1 June 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
    কৰিব পাৰিলে ভাল কিন্তু ইয়াত সমস্যা আছে। নিজাববীয়া ফাণ্ড হ'লে:
    ১) কাৰোবাৰ ব্যক্তিগত একাউণ্টত থ'ব লাগিব আৰু তেতিয়া ইয়াক ব্যৱহাৰ কৰাত আনুষংগিক সমস্যা আহিব পাৰে।
    ২) বিবাদৰ সৃষ্টি হ'ব পাৰে।
society registration কৰালেহে নিজাববীয়া ফাণ্ড ভাবিব পাৰি৷ — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 14:51, 6 June 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  1. -চন্দন চিৰিং ফুকন ✉️ 18:51, 1 June 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  2. সুপৰামৰ্শ। পৰিকল্পনা কৰিব লাগিব। ঈশান জ্যোতি বৰা (বাৰ্তা) 19:23, 1 June 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  3. সমৰ্থন কৰিছোঁ। -Joli Rumi (বাৰ্তা) 12:16, 3 June 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  4. অনুগ্ৰহ কৰি সকলোৱে ইশান কাশ্যপৰ পুৰণা প্ৰস্তাৱটোও চাব৷ — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 14:51, 6 June 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
    @Gitartha.bordoloi @IKHazarika এইটো ভাল কথা উনুকিয়াই দিলে। শিক্ষানুষ্ঠানত ৱিকিৰ কৰ্মশালা বুলি ক'লে বহুতৰে ধাৰণা আছে যে ইয়াৰ সম্পৰ্ক কেৱল অসমীয়া বিভাগটোৰ সৈতেহে। কিন্তু সকলো বিষয়ৰে প্ৰবন্ধ ৱিকিপিডিয়াত লাগে, সকলোধৰণৰ উদ্ধৃতি ৱিকিউদ্ধৃতিত লাগে আৰু সকলো বিষয়ৰ গ্ৰন্থ ৱিকিউৎসত লাগে। সেয়ে কৰ্মশালাত সকলো বিভাগৰে ছাত্ৰ-ছাত্ৰীক জড়িত কৰাৰ লগতে ইশান কাশ্যপৰ প্ৰস্তাৱটোও আমি কাৰ্যকৰী কৰাত আগবাঢ়িব পাৰিম।-চন্দন চিৰিং ফুকন ✉️ 15:21, 6 June 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

স্বাধীনতা সংগ্ৰামীৰ জীৱন-ভিত্তিক পষেকীয়া এডিটাথন[সম্পাদনা কৰক]

অহা স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত অসমৰ ব্যক্তিসকলৰ জীৱনী সংগ্ৰহৰ এক প্ৰচেষ্টা লোৱাৰ বাবে ১৫ আগষ্টৰ পৰা ২৯ আগষ্টলৈ পোন্ধৰদিনীয়া এক এডিটাথনৰ প্ৰস্তাৱ আগবঢ়ালোঁ৷ অসমীয়া ৱিকিপিডিয়াত নথকা বা অতি চমুকৈ উল্লেখ থকা অসমীয়া স্বাধীনতা সংগ্ৰামীসকলৰ জীৱনী বহলাই লিখাৰ বাবে প্ৰয়োজন অনুভৱ কৰি সকলোকে এই প্ৰস্তাৱ আলোচনা কৰি প্ৰয়োজনীয় নীতি-নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনালোঁ৷Pranamikaadhikary (বাৰ্তা) 18:05, 1 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

সমৰ্থন[সম্পাদনা কৰক]

  1.  সমৰ্থন জনালোঁ। --চন্দন চিৰিং ফুকন ✉️ 18:09, 1 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  2.  সমৰ্থন --Joli Rumi (বাৰ্তা) 00:48, 2 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  3.  সমৰ্থন _Nayan j Nath (বাৰ্তা) 01:21, 2 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  4.  সমৰ্থন - দিব্য দত্ত (বাৰ্তা) 11:17, 2 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  5.  সমৰ্থন - ঈশান জ্যোতি বৰা (বাৰ্তা) 20:40, 10 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  6.  সমৰ্থন- অজয়  কথা-বতৰা 04:02, 11 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  7.  সমৰ্থন - Medhi jyoti (বাৰ্তা) 06:28, 3 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

বিৰোধ[সম্পাদনা কৰক]

অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰীতিমেল আৰু অফলাইন কৰ্মশালা[সম্পাদনা কৰক]

২০২৩ বৰ্ষত অসমীয়া ৱিকিমিডিয়া এখনি প্ৰীতিমেল আৰু কৰ্মশালা এদিনীয়াকৈ মাজুলীত অনুষ্ঠিত কৰাৰ বাবে সমাজৰ ফালৰ পৰা আগ্ৰহ প্ৰকাশ কৰা হৈছে। উক্ত প্ৰীতিমেল আৰু কৰ্মশালাত অসমীয়া ৱিকিপ্ৰকল্পসমূহৰ পৰিচয় আৰু সম্পাদনাৰ প্ৰাৰম্ভিক প্ৰশিক্ষণৰ লগতে বৰ্তমান কাম কৰি থকা সদস্যসকলৰ ৱিকিমিডিয়াত সম্পাদনা সম্পৰ্কীয় বিভিন্ন সমস্যা তথা প্ৰশ্নসমূহৰ ওপৰত আলোকপাত কৰিবলৈ যত্ন কৰা হ’ব। ইয়াৰ বাবে প্ৰস্তাৱিত নিম্নোক্ত তাৰিখসমূহত সদস্যসকলে ভোট দি নিজৰ মত সাব্যস্ত কৰিব পাৰিব। কৰ্মশালাৰ বাবে সমল ব্যক্তি হিচাপে দিব্য দত্ত আৰু বাবুল বৈশ্যৰ নাম প্ৰস্তাৱ কৰিলোঁ। লগতে অনুষ্ঠানটোৰ সমন্বয়ক হিচাপে নিজৰ লগতে ৰুমী বৰা, নয়ন জ্যোতি নাথ আৰু জ্যোতি চিৰিঙৰ নাম প্ৰস্তাৱ কৰিলোঁ। মাননীয় সদস্যসকলে কি কি বিষয়ৰ ওপৰত ঘাইকৈ আলোচনা বা প্ৰশিক্ষণ হোৱাটো বিচাৰে সেই বিষয়ে তলত লিখিতভাৱে জনাব পাৰিব। সকলোকে মতামত জনাবৰ বাবে অনুৰোধ জনালোঁ।--চন্দন চিৰিং ফুকন ✉️ 10:04, 15 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

২০-২১ অক্টোবৰ[সম্পাদনা কৰক]

উপযুক্ত সময়৷ অৱশ্যে মই থাকিব চাগৈ নোৱাৰিম৷ Pranamikaadhikary (বাৰ্তা) 18:25, 15 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
ময়ো থাকিব নোৱাৰিম। দিব্য দত্ত (বাৰ্তা) 18:50, 15 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
উপযুক্ত সময়৷মই আগ্ৰহী৷ যদুমণি গগৈ13:29,16 September 2023 (ইউ.টি.চি.)

২৬-২৭ নৱেম্বৰ[সম্পাদনা কৰক]

  1.  সমৰ্থন - দিব্য দত্ত (বাৰ্তা) 18:50, 15 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  2.  সমৰ্থন হানিফ আলী (বাৰ্তা) 02:34, 16 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  3.  সমৰ্থন BhuyanBhaskar (বাৰ্তা) 12:13, 16 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  4.  সমৰ্থন ঈশান জ্যোতি বৰা (বাৰ্তা) 14:21, 17 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  5.  সমৰ্থন বাবুল বৈশ্য (বাৰ্তা) 12:44, 18 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  6.  সমৰ্থন সদস্য:Jyoti Chiring (বাৰ্তা) 17:05, 18 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  7.  সমৰ্থন Rajdweep nlb (বাৰ্তা) 08:12, 27 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

২৪-২৫ ডিচেম্বৰ[সম্পাদনা কৰক]

অন্য তাৰিখ[সম্পাদনা কৰক]

প্ৰশিক্ষণৰ প্ৰস্তাৱিত বিষয়[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লক্ষ্যৰে ৱিকি ক্লাৱ গঠন আৰু প্ৰথমখন সভা আহ্বান[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লক্ষ্যৰে ছেপ্টেম্বৰ মাহৰ ১০ তাৰিখে ১২ গৰাকী আগ্ৰহী সদস্যৰে এটি ৱিকি ক্লাৱ গঠন কৰা হয়। নতুন সদস্যৰ সৈতে ৱিকি সম্পাদনা ৱিষয়ক এখন সভাৰে এই ক্লাৱৰ কথা-বতৰা আগবঢ়োৱাৰ দিহা কৰা হৈছে। সেই উদ্দেশ্যে কালিলৈ অৰ্থাৎ ১৭/০৯/২০২৩ তাৰিখে আবেলি ৫ বজাত ইয়াৰ প্ৰথমখন সভা আয়োজন কৰা হৈছে। এই ক্ষেত্ৰত পুৰণি আৰু অভিজ্ঞ সদস্যৰ দিহা-পৰামৰ্শ আশা কৰা হৈছে।
কৃতজ্ঞতাৰে, JyotiPN (বাৰ্তা) 16:04, 16 September 2023 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক[উত্তৰ দিয়ক]

সমৰ্থন[সম্পাদনা কৰক]

  1.  সমৰ্থন বাবুল বৈশ্য (বাৰ্তা) 16:48, 16 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  2.  সমৰ্থন৷ —𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 01:56, 17 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  3. সমৰ্থন জনালোঁ৷ Pranamikaadhikary (বাৰ্তা) 03:46, 17 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  4. সমৰ্থন জনালোঁ৷ Rumi Borah~aswiki (বাৰ্তা) 10:21, 17 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  5. সমৰ্থন আৰু শুভেচ্ছা জনাইছোঁ। Joli Rumi (বাৰ্তা) 11:24, 18 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

বিৰোধ[সম্পাদনা কৰক]

মন্তব্য[সম্পাদনা কৰক]

  • এনেকুৱা এক মহৎ প্ৰয়াসত সমৰ্থন নকৰাৰ কথাই নাহে। অৱশ্যে সভাখন অনলাইন হ’ব নে অফলাইন হ’ব, নে অনলাইন-অফলাইন দুয়োটা পদ্ধতিতে হ'ব, সেইটো স্পষ্ট নহ’ল। যিয়েই নহওক, সভাখনৰ বাবে শুভেচ্ছা থাকিল। বাবুল বৈশ্য (বাৰ্তা) 16:48, 16 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  • ক’ত ক্লাৱ গঠন কৰা হ’ল, যোগাযোগ অনলাইন নে অফলাইন হ’ব নাজানিলোঁ যদিও ৱিকি প্ৰসাৰৰ বাবে এনে পদক্ষেপ আদৰণীয়৷ পৰাখিনি সহায় কৰা যাব; কিন্তু আজি WWCৰ এখন অনলাইন সভা উক্ত সময়তে আছে বাবে উপস্থিত থাকিব নোৱাৰিম৷ দুঃখিত৷ Pranamikaadhikary (বাৰ্তা) 03:50, 17 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

সভাৰ লিংক[সম্পাদনা কৰক]

https://meet.google.com/fhw-pbcc-nwv সময়: আবেলি ৫ বজাৰপৰা ৬ বজালৈ

সদস্যসকলৰ চহী[সম্পাদনা কৰক]

  1. Sunny uz zama (বাৰ্তা) 12:07, 17 September 2023 (ইউ.টি.চি.)12:16, 17 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
  2. প্ৰয়াসী বৰঠাকুৰ (বাৰ্তা) 11:39, 2 October 2023 (ইউ.টি.চি.)প্ৰয়াসী বৰঠাকুৰউত্তৰ দিয়ক[উত্তৰ দিয়ক]
  3. JyotiPN (বাৰ্তা) 14:18, 17 September 2023 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক[উত্তৰ দিয়ক]

আগ্ৰহী অভিজ্ঞ সদস্যৰ চহী[সম্পাদনা কৰক]

  1. Nayan j Nath (বাৰ্তা) 12:48, 17 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

খতিয়ান[সম্পাদনা কৰক]

২০২৩ চনৰ ১০ ছেপ্টেম্বৰ তাৰিখে গঠিত ৱিকি ক্লাৱৰ সদস্যসকলৰ প্ৰথমখন অনলাইন সভা

আজি ১৭/০৯/২০২৩ তাৰিখ, দেওবাৰে আবেলি ৫ বজাৰপৰা ৬ বজালৈ ৬ গৰাকী সদস্যৰে ৱিকি ক্লাৱৰ প্ৰথমখন অনলাইন সভা আয়োজন কৰা হয়। বিশেষ কাৰণত দুগৰাকী সদস্যই শেষলৈকে সভাত উপস্থিত থাকিব নোৱাৰে। অসমীয়া ৱিকিপিডিয়াৰ হৈ নয়ন জ্যোতি নাথ অভিজ্ঞ সদস্য ৰূপে উপস্থিত থাকে আৰু ৱিকি এডিট সম্পৰ্কে নিজৰ বক্তব্য ৰাখে আৰু নতুন সদস্যসকলক সম্পাদনাত সহায় কৰে। নতুন সদস্যসকলে ৱিকিত একাউণ্ট খুলিবলৈ শিকে আৰু সম্পাদনা আৰু নতুন পৃষ্ঠা সৃষ্টি সম্পৰ্কীয় দুই এটা কথাৰ বুজ লয়। পৰৱৰ্তী সভাত অসমীয়া ৱিকিপিডিয়াৰ জেষ্ঠ সদস্য বাবুল বৈশ্য দা, ৰুমী বৰা বাইদ', কুলধৰ ৰাভা, অধিকাৰী বাইদ' সহিতে সমৰ্থন আগবঢ়োৱা সন্মানীয় সদস্য সকলৰো আন্তৰিক যোগদান আশা কৰা হ’ল।

দ্বিতীয়খন সভা আহ্বান, ২৫/০৯/২০২৩[সম্পাদনা কৰক]

আজি ২৫/০৯/২০২৩ তাৰিখে ৫বজাৰ পৰা ৱিকি ক্লাৱৰ দ্বিতীয়খন সভা আহ্বান কৰা হৈছে। আজি Wikisource ৰ ওপৰত কোৱা হ’ব আৰু Wiki Commons ৰ চলি থকা প্ৰতিযোগিতাত ফটো আপলোড কৰিবলৈ শিকোৱা হ’ব। আগ্ৰহীসকলে অংশগ্ৰহণ কৰিব পাৰিব।
Meeting link : https://meet.google.com/chc-fkay-xpa

তিনিজন সদস্যৰ উপস্থিতিত দ্বিতীয়খন সভা সুচাৰুৰূপে অনুষ্ঠিত হৈ যায়।

সদস্যসকলৰ চহী[সম্পাদনা কৰক]

  1. 117.214.4.32 11:19, 30 September 2023 (ইউ.টি.চি.) এণ্ডিউত্তৰ দিয়ক[উত্তৰ দিয়ক]
  2. Mridul Das Jorhat (বাৰ্তা) 12:33, 2 October 2023 (ইউ.টি.চি.)Mridul Das Jorhatউত্তৰ দিয়ক[উত্তৰ দিয়ক]

মহাত্মা গান্ধী এডিটাথন, ২০২৩[সম্পাদনা কৰক]

যোৱা বৰ্ষবোৰৰ দৰে ওড়িয়া আৰু পাঞ্জাৱী ৱিকিপিডিয়াই ২০২৩ চনতো গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি [মহাত্মা গান্ধী এডিটাথন] আয়োজন কৰিছে। অসমীয়া ৱিকিপিডিয়াতো অহা ৪ অক্টোবৰৰ পৰা অহা ১১ অক্টোবৰলৈ এই এডিটাথন আয়োজনৰ প্ৰস্তাৱ আগবঢ়ালোঁ আৰু অসমীয়া ৱিকিপিডিয়াৰ হৈ মই এই সম্পাদনা মেলা আয়োজনৰ আগ্ৰহ প্ৰকাশ কৰিলোঁ। এই বিষয়ত মই যিহেতু একেবাৰে অনভিজ্ঞ গতিকে অভিজ্ঞসকলৰ সহায়-সহযোগ আৰু সমৰ্থন আশা কৰিলোঁ। JyotiPN (বাৰ্তা) 14:01, 2 October 2023 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক[উত্তৰ দিয়ক]

সমৰ্থন[সম্পাদনা কৰক]

বিৰোধ[সম্পাদনা কৰক]

মহাত্মা গান্ধী এডিটাথন, ২০২৩ জুৰী পদৰ বাবে অনুৰোধ[সম্পাদনা কৰক]

মেটা ৱিকিত এটা প্ৰকল্প পৃষ্ঠা সাজি উলিওৱা হল। লিংক: [মহাত্মা গান্ধী এডিটাথন, ২০২৩] মই এই প্ৰতিযোগিতাখনিৰ বিচাৰকৰ আসন গ্ৰহণ কৰি প্ৰতিযোগিতাখনি সুচাৰুৰূপে চলাই নিবলৈ বুলি অসমীয়া ৱিকিপিডিয়াৰ মাননীয় সদস্য দিব্য দত্ত , জলি ৰুমি বৰা আৰু নয়নজ্যোতি নাথ ক অনুৰোধ কৰিলোঁ।

যিহেতু নগদ ধনৰ পুৰস্কাৰৰ কোনো কখা নাই, ফাউণ্টেইন টুল বা জুৰী সদস্যৰ প্ৰয়োজন আছে জানো? বিগত পৰমবীৰ চক্ৰ আৰু স্বাধীনতা সংগ্ৰামী এডিটাথনত দেখোন ফাউণ্টেইন টুল বা কোনো জুৰী সদস্য নাছিল। বাবুল বৈশ্য (বাৰ্তা) 03:21, 3 October 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]