ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)/Archive/1

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই পৃষ্ঠাখন হৈছে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)ত হোৱা আলোচনাৰ সংৰক্ষিত পাঠ। অনুগ্ৰহ কৰি এই পৃষ্ঠাত একো নিলিখিব।
পূৰ্বৱতী পাঠ পৰৱৰ্তী পাঠ

A Mailing List for Assamese Wikipedia[সম্পাদনা কৰক]

Please refer to the following discussion on Assamese Wikipedia Community group on Facebook regarding a wiki workshop.


And then:

A mailman mailing list to discuss matters related to Assamese Wikipedia, as an authentic discussion forum[সম্পাদনা কৰক]

Before arranging a workshop, we have to discuss about formally. Because, since this is a matter related to Assamese wikipedia, we must know the views of all wikipedians, to keep a healthy tradition of making decisions related to wikipedia.

To make a decision, we'll have to talk and a mailing list is the best way to discuss, and records, too. So I want to open a official wikipedia mailing list and for this our consensus is needed. So, please express your opinion below by writing * YES ~~~~ if you support opening a mailing list, or * NO ~~~~ if you don't.


Discussion[সম্পাদনা কৰক]

I think the mailing list could be the official mailing list of the Assamese Wikipedia Community, not just for the workshop. চাইপাও 10:28, 18 ডিচেম্বৰ 2011 (UTC)

Yes. প্রভাকৰ শৰ্মা নেওগ 10:46, 18 ডিচেম্বৰ 2011 (UTC)

Yes as Chaipu mentioned, mailing list is not just for workshop. It should serve as a platform to discuss general topics related to Assamese wiki projects with larger community outside. Remember there are many people interested in Assamese wiki projects but may not be editing in wiki. Mailing list can be used as a platform to reach out to them also. --Shijualex 15:26, 18 ডিচেম্বৰ 2011 (UTC)

Your opinion[সম্পাদনা কৰক]

List is created. URL is https://lists.wikimedia.org/mailman/listinfo/wikipedia-as Please subscribe to it.

তথ্যসুৰক্ষা[সম্পাদনা কৰক]

বন্ধুসকল, Wikipedia-AS নামৰ আমি অলপতে খোলা মেইলিং লিষ্টখন এতিয়াও আমি পৰীক্ষামূলক ভাবেহে চলাই আছোঁ। তদুপৰি, লিষ্টখনৰ তথ্যৰ সুৰক্ষা সম্পৰ্কে মোৰ মনত দুটামান সন্দেহ জাগিছে। গতিকে অনুগ্রহ কৰি ইয়াক পৰীক্ষা-নিৰীক্ষাৰ বাহিৰে অন্য কামত ব্যবহাৰ নকৰেযেন।

Gitartha Bordoloi: তুমি অনুগ্রহ কৰি লিষ্টখনত মানুহে প'ষ্ট কৰিব নোৱাৰা কৰি দিবানেকি? মোৰ কম্পিউটাৰটোৱে অলপ অসুবিধা দি আছে, মই ভালকৈ ব্যবহাৰ কৰিব পৰা নাই।

প্রভাকৰ শৰ্মা নেওগ 11:42, 23 ডিচেম্বৰ 2011 (UTC)

লিষ্ট মুকলি কৰিব পাৰি[সম্পাদনা কৰক]

লিষ্টখন ৰাইজৰ বাবে মুকলি কৰিব পৰা হ'ল। চাইপাও বৰুৱা, অনুগ্রহ কৰি কামফেৰা কৰক। মনত ৰাখিবলগীয়া: ১. এডমিন এজনহে থাকিব পাৰিব, বাকী মডাযৰেটৰ দুই-তিনিজনক কৰি দিয়ক। ২. জৰুৰী, ৰেকৰ্ড ৰাখিবলগা কথা লিষ্টত আলোচনা কৰিব লাগে। ভাতখোৱা শাকখোৱা কথাবোৰ ফেচবুকতে হ'ব।

প্রভাকৰ শৰ্মা নেওগ 01:27, 26 ডিচেম্বৰ 2011 (UTC)

প্ৰবন্ধ শীৰ্ষত বানানৰ সমস্যা সম্পৰ্কে এটা প্ৰস্তাৱ[সম্পাদনা কৰক]

অসমীয়াত বানানৰ খেলিমেলিটো প্ৰায়ে দেখিয়েই আছোঁ। এনেয়ে সিমান ডাঙৰ সমস্যা নহ'লেও প্ৰবন্ধ শীৰ্ষত বানানৰ খেলিমেলিয়ে ছাৰ্ছ কৰাৰ অসুবিধা দিয়ে। উদাহৰণ স্বৰূপে 'পূৰবী বৰমুদৈ' প্ৰবন্ধটোত 'পূৰবী' নে 'পূৰৱী' সেইটো নিশ্চিত নহয়। ইয়াৰোপৰি 'দেবেন্দ্ৰনাথ' নে 'দেবেন্দ্ৰ নাথ' এনেকুৱা কথাটো অসুবিধা হ'ব পাৰে। সেয়ে ছাৰ্ছ কৰোঁতা সকলৰ সুবিধাৰ বাবে, দুয়োটা নামেই ৰাখি এটাৰপৰা আনটোলৈ ৰিডাইৰেক্ট কৰি ৰাখিব পাৰি নেকি? দুবাৰমান বানানৰ খেলিমেলিৰ বাবে এনেকুৱা কৰিব লগা হৈছেই। উদাহৰণ স্বৰূপে প্ৰথমে লিখা 'নোবেল বঁটা' শীৰ্ষক প্ৰবন্ধটো পাছত 'ন'বেল বঁটা'লৈ ৰিডাইৰেক্ট কৰি ৰখা হৈছে। ৱিকিপিডিয়াৰ নিয়ম মতে একেটা বস্তুকে প্ৰতিনিধিত্ব কৰা দুটা-তিনিটা বেলেগ বেলেগ বানান থাকিলে ইটোৰপৰা সিটোলৈ ৰিডাইৰেক্ট কৰাটো যুক্তিসংগত। উদ্দীপতালুকদাৰ 16:57, 5 জানুৱাৰী 2012 (UTC)


নতুন প্ৰবন্ধ[সম্পাদনা কৰক]

মই এটা প্ৰস্তাৱ দিব খুজিছোঁ। আমি অসমীয়া ৱিকিপিডিয়াত কেৱল প্ৰবন্ধ সংখ্যা বঢ়াবলৈ চেষ্টা কৰিলেই নহ'ব, গুণগত মানদণ্ডলৈও লক্ষ্য ৰাখিব লাগিব। ইতিমধ্যেই বহুত পোখালি প্ৰবন্ধ আৰু অনুবাদ নোহোৱা প্ৰবন্ধ জমা হৈ আছে, সেইবোৰ ঠিক নকৰাকৈ আৰু যোগ দি থাকি লাভ নাই। গতিকে মোৰ মতে সদস্যসকলে এটা পোখালি বিস্তাৰ নকৰাকৈ বা এটা ইংৰাজী প্ৰবন্ধৰ ভাঙনি নকৰাকৈ দ্বিতীয় এটা যোগ দিব নালাগে। আপোনালোকৰ মতামত আশা কৰিলোঁ। Gitartha.bordoloi 18:47, 18 জানুৱাৰী 2012 (UTC)


কেইদিনমান আগেয়ে প্ৰভাকৰদাই পোখালিৰ শ্ৰেণীভুক্ত কৰাৰ কথা কৈছিল| সৰু সৰু প্ৰবন্ধবোৰ প্ৰথমেই তেনেদৰে শ্ৰেণীবিভাজন কৰি ল’লে কামটো সহজ হ’ব| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 20:13, 18 জানুৱাৰী 2012 (UTC)


শ্ৰেণীবিভাজন পিছৰ কথা। এতিয়াই এশটাৰ ওপৰ পোখালি বিস্তাৰ কৰিবলৈ আছে, ৫৬ খন অনুবাদ নোহোৱা পৃষ্ঠা আছে। তাৰ ওপৰত যদি আৰু যোগ দি থকা হয় তেন্তে বেমেজালি বাঢ়িহে যাব। মই এতিয়া বিশখন দেশৰ বিষয়ে এশাৰী এশাৰী লিখি "শ্ৰেণী:পোখালি (দেশ)"ত সুমুৱাই থওঁ বা নথওঁ, মূৰৰ কামোৰণি চবৰে হ'ব। Gitartha.bordoloi 20:29, 18 জানুৱাৰী 2012 (UTC)


মই এই প্রস্তাবত একমত নহওঁ।

  1. পোখালি প্রয়োজনীয়, নহ'লে গছ ক'ৰপৰা হ'ব? নতুন লিখকে তেনেকৈয়ে লিখিব। আমি শিকাই দিম, কেনেকৈ লিখে, অন্ততঃ প্রথম পেৰাটো।
  2. প্রবন্ধসংখ্যাও বাঢ়িব লাগিব, "পোখালি" হ'লেও, তেতিয়াহে ভৱিষ্যতে ডাঙৰ এজনে কিবা ভুল দেখিলে, প্রৱন্ধটোৰ যদি গুৰুত্ব আছে বুলি ভাবে তেন্তে কম্পিউটাৰ নাজানিলেও শুধৰাই দিবলৈ আগবাঢ়ি আহিব।
  3. গীতাৰ্থ বৰদলৈ, আপুনি অলপ ভালদৰে ভাবি চাওক:
    1. আপুনি বহুত সংক্ষিপ্তভাৱে কথা কয়, লেখক "পোখালি"বোৰে সেইকাৰণে আপোনাক বাঘৰদৰে ভয়কৰে, এয়া হোৱা উচিত জানো?
    2. ৱিকিপিডিয়া ৰাইজৰ, ৰাইজে লিখা, ৰাইজৰ বাবে; গতিকে আমি ইমান কঠোৰ হোৱা অনুচিত। যি লিখে লিখক আকৌ, আমি ঠিক কৰি দিম, কিয় আছোঁ? ইমান ভয় খুৱালে মানুহ কেনেকৈ আহিব? অন্ততঃ আমাক
      1. পাঁচজন আৰু sysop লাগে
      2. এক মহাপদ্ম ডেকাপোখালি লিখক লাগে - লাগে দিনে এক লাইনেই নিলিখক কিয়,

ধন্যবাদ।

প্রভাকৰ শৰ্মা নেওগ 08:19, 4 ফেব্ৰুৱাৰী 2012 (UTC)


ইয়াতে এটা কথা আছে আমি কোনখিনি লিখাক পোখালিত ৰাখিম মাত্ৰ এশাৰী থকা লেখাখিনিক নে ? অতি চমু্কৈ লিখা লেখা সমূহকো য’ত বিষয়টোৰ এটা চমু আভাষ আছে | যদি প্ৰথমটো হয় তেতিয়া ই বৰ আদৰণীয় নহ’ব, দ্বিতীয়টো হ’লে ইয়াক মানি ল’ব পৰা হ’ব চাগে | আৰু এটা কথা নতুন সকলক ধৰি ৰখাটো আজিৰ দিনটোত অসমীয়া ৱিকিপিডিয়াৰ বাবে সবাটোতকৈ প্ৰয়োজনীয় | এই কথাটো মনত ৰখাটো প্ৰয়োজনীয় | দীপাংকৰ 08:37, 4 ফেব্ৰুৱাৰী 2012 (UTC)

‎Dipankar Chetia, এই বিষয়ত Amlan Basumatari-এ কাম কৰি আছে, কিন্তু সদ্যহতে তেওঁ পঢ়া-শুনাত ব্যস্ত আছে বাবে হয়তো সেইবাবে মন্তব্য দিবপৰা নাই। আমি তেওঁ কি কয় অলপ শুনি লওঁ। প্রভাকৰ শৰ্মা নেওগ 08:50, 4 ফেব্ৰুৱাৰী 2012 (UTC)

সংক্ষিপ্তভাৱে ক'লোঁ জানো? মোক কোনে ভয় কৰে নকৰে নাজানো, কিন্তু প্ৰস্তাৱটো সকলোৱে বুজি পাইছে।

  • যি লিখে লিখক মনোভাৱ ল'লে এইখন বিশ্বকোষ হৈ থাকিবনে? তেতিয়া সহযোগিতামূলক সংকলনৰ ধাৰণাই অপ্ৰাসংগিক হৈ পৰিব। ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয় পৃষ্ঠাখন সকলোৱে পঢ়াটো প্ৰয়োজনীয়।
  • ২০০৭ চনতে সৃষ্টি কৰা বহু প্ৰবন্ধ এতিয়ালৈকে বিস্তাৰ কৰা হোৱা নাই। পোখালি শ্ৰেনীটোত চকু ফুৰাওক। উদাহৰণ: লেবানন, ভালুক, আপেল আদি। তাৰ পিছত আছে প্ৰফুল্ল কুমাৰ মহন্ত, শিলচৰ, ৱিকিনিউজ আৰু শ শ তেনে প্ৰবন্ধ। কিবা ভুল দেখিলে জাননী লগোৱা, বিলোপ কৰা বা পোখালি শ্ৰেণীভুক্ত কৰা সহজ, কিন্তু দহজনমান সক্ৰিয় সদস্য থকা অসমীয়া ৱিকিপিডিয়াত সেইবোৰ ঠিক কৰাটো টান। আমাৰ প্ৰায়ভাগৰে সময়ৰ অভাৱ। ঠিক কৰিবলৈ ইতিমধ্যেই ইমান প্ৰবন্ধ আছে যে আৰু বোজা গাত পাতি লোৱাটো ভাল নহ'ব। মই নোৱাৰোঁ; আপুনি ঠিক কৰি দিম বুলি কৈছে যদিও মই জানো আপুনিও নোৱাৰে প্ৰভাকৰ দা।
  • বহুতে নিজৰ প্ৰবন্ধত পোখালি বুলি জাননী লগাই তাৰ কথা পাহৰি যায়। মোৰো তেনেকুৱা হৈছে। গতিকে তেওঁ সেইটো বিস্তাৰ নকৰাকৈ দ্বিতীয় এটা সৃষ্টি নকৰাৰ কথা কৈছিলোঁ।
  • বহুতো পোখালি প্ৰবন্ধই "ৱিকিপিডিয়া অভিধান নহয়" কথাটো মানি চলা নাই। যেনে-ক্ৰিয়া। এনেকুৱা প্ৰবন্ধ নিলিখিবলৈ অনুৰোধ কৰাত কোনো ভুল নাই, এয়া ৱিকিপিডিয়াৰ সাধাৰণ নিয়ম মাত্ৰ।
  • নতুন সদস্যক ধৰি ৰখাটো প্ৰয়োজনীয়, কিন্তু তেওঁলোকক সাধাৰণ নিৰ্দেশাৱলী মানি চলিবলৈ অনুৰোধ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। নেপোলিয়ন চাওক। প্ৰবন্ধটো ইংৰাজীৰ পৰা কপী-পেষ্ট কৰি সদস্যগৰাকী নোহোৱা হৈ গ'ল। যোৱা এবছৰ তেনেকেই পৰি আছে। জাতিঙ্গাৰ কাহিনীও একেই।
  • কিছুমান চুটি প্ৰবন্ধ আমি মানি ল'ব পাৰোঁ য'ত এটা পৰিচ্ছেদতে বিষয়টোৰ এক থুলমূল আভাষ দিয়া হৈছে। যেনে- ছাৰা বাৰ্নহাৰ্ট। ইংৰাজী ৱিকিৰ ভাল প্ৰবন্ধৰ প্ৰথম পৰিচ্ছেদটো যথেষ্ট তথ্যপূৰ্ণ হয়।

মই কাকো ভয় খুৱাব খুজা নাই, ৱিকিপিডিয়া কি আৰু ৱিকিপিডিয়া কেনেকুৱা হোৱা উচিত সেয়া আলোচনাহে কৰিব খুজিছোঁ। Gitartha.bordoloi 14:22, 4 ফেব্ৰুৱাৰী 2012 (UTC)


গীতাৰ্থৰ কথাখিনি মই ফেচবুকৰ আলোচনাতে সমৰ্থন কৰিছোঁ। মোৰ মতেও একেই, এটা-দুটা শাৰীৰ প্ৰৱন্ধ লিখাটো সমৰ্থন কৰিব নালাগে। সমৰ্থন কৰিবহে নালাগে। নতুন লেখক এজনে সেইবুলি নিলিখাকৈ নাথাকে। যিজনে পোখালি আৰম্ভ কৰে, তেখেতে প্ৰৱন্ধটো বহল নকৰাকৈ নতুন নতুন পোখালি আৰম্ভ কৰিলে আগতে প্ৰৱন্ধটো বহলাবলৈ অনুৰোধ কৰাৰ নিয়মটো কৰি ৰাখিব লাগে। কাৰণ পোখালিৰে ভৰি থাকিলে, ৱিকিপিডিয়াৰ কোনো লাভ নহয়, বৰং ব্যৱহাৰকাৰী বিৰক্ত হোৱাৰ আশংকা আছে। এনেও পোখালি এটা সৃষ্টি কৰি যদি সাৰ-পানী নিদিয়ে, কি কামত আহিব? প্ৰৱন্ধৰ সংখ্যা বাঢ়িব ঠিকেই, কিন্তু অসমীয়া ৱিকিপিডিয়াক এক সম্ভ্ৰান্ত তথ্য ভাণ্ডাৰ কৰি গঢ়ি তুলিবলৈ আমি গুণৰ ওপৰতো চকু দিব লাগিব। বেছিকৈ পোখালি ওলালে, নতুন সম্পাদকে তেনেকৈ লিখি থলেও হয় বুলিও ভাবিব পাৰে। এনেকৈ পোখালিৰ সংখ্যা আৰু বাঢ়ি গৈ থাকিব। পিছে পোখালি আৰু চুটি প্ৰৱন্ধ-ৰ মাজত পাৰ্থক্যটো মন কৰিব লাগিব। তথ্য সমৃদ্ধ চুটি প্ৰৱন্ধ থাকক, কিন্তু পোখালিক সমৰ্থন কৰিব নালাগে। 'সমৰ্থন কৰিব নালাগে'-টো 'বাৰণ' বুলি ধৰিব নালাগে।

উদ্দীপতালুকদাৰ 14:56, 4 ফেব্ৰুৱাৰী 2012 (UTC)


ফে'চবুক গোটত হোৱা আলোচনা: https://www.facebook.com/groups/assamwikigroup/permalink/327730787265482/ Gitartha.bordoloi

পোখালি একেবাৰে নিষিদ্ধহোৱাটো নিবিচাৰো। কিন্তু মাহৰ পিছত মাহ নাইবা বছৰ বছৰ ধৰি সেইটো অৱস্থাতে থকাটো তেনেই অবাঞ্চনীয়। উদ্দীপ তালুকদাৰে কোৱাৰ নিচিনাকৈ সাধাৰণ নীতিটো এনেকুৱা হোৱা উচিত যে কেৱল পোখালিক নিৰুৎসাহিত কৰা হওক। অতিবেছি দুমাহতকৈ বেছি দিন ধৰি পোখালি হিচাপেই থাকিলে তেনে প্ৰৱন্ধৰ বিষয়ে (যিয়েই দেখে তেওঁৱেই) হয় অন্তিমজন সম্পাদকক বাৰ্তা দিয়ক নহয় ঝাৰুদাৰক জনাই সেইকেইটা বিলোপ কৰা হওক (ফ্ৰিজ কৰাৰ কিবা ব্যৱস্থা আছে নেকি ?)। ভগৎ লাল দত্ত় 20:12, 7 ফেব্ৰুৱাৰী 2012 (UTC)


কৰিবপৰা কেইবাটাও উপায় আছে:

  1. পোখালিৰ ন্যুনতম আকাৰ ঠিক কৰি দিয়া: অন্ততঃ লিখকে যাতে প্রথম পেৰাটো প্রবন্ধটোত থাকিবলগীয়া কথাৰিনিৰ এটা থুলমূল আভাস দিয়ে। এইবিষয়ে মই আগতেও কৈছোঁ। মই ইয়াকেহে সমৰ্থন কৰোঁ। যদি এই প্রস্তাৱ ৰাইজে মানি নলয় বা লিখকে প্রবন্ধটো এনেকৈ নিলিখে তেন্তে
  2. বিলোপন মই সমৰ্থন নকৰোঁ। নতুন সদস্যৰ মৰেলৰ বাবে বেয়া
  3. ফ্রীজ কৰা পাৰি কিন্তু পাচত কোনোবাই লিখিব কেনেকৈ তাত?
  4. স্থানান্তৰণ পাৰি, ভাল প্রস্তাব। অন্য কোনো কোনো ৱিকি্ৰ দৰে প্রথম লিখা সদস্যজনৰ ব্যক্তিগত "ইউজাৰ এৰিয়া"লৈ (শেষৰজনৰ নহয়); লগতে পাচত অহাসকলৰ বাবে এটা "ৰিডাইৰেক্ট লিংক" দিয়াটো (মানে আগৰ প্রবন্ধৰ জেগাৰ পৰা) প্রয়োজনীয়।

প্রভাকৰ শৰ্মা নেওগ 21:50, 7 ফেব্ৰুৱাৰী 2012 (UTC)


It would not be correct to delete stubs. Instead of discouraging stubs, we should encourage better articles. One way would be to have amongst us a band of self-appointed "stub police" who will check for newly created stubs and encourage the stub creators to write better articles. In other words, the stub police would actually be working as mentors for new Wikipedia editors---and in fact we need a lot of them. Not everyone would like to do this, but I am sure there are some who would. There could be some who are obsessed with spelling, some obsessed with formats, some obsessed with the collecting creative commons pictures from flickr. We need all kinds. চাইপাও 22:26, 7 ফেব্ৰুৱাৰী 2012 (UTC)


নতুনকৈ পোখালি লিখা কথাতো মই সমৰ্থন নকৰো আৰু এই বিষয়ত কিছুমান নিয়ম প্ৰবৰ্তন কৰাৰ মতপোষণ কৰো । তাৰ ভিতৰত এটা অন্তত: এনেকুৱা হ'ব লাগে যে কোনোবাই প্ৰৱন্ধ এটা লিখিলে সেইটোৰ বিষয়ে অলপ হলেও তথ্য প্ৰথমে গোটাই লব লাগে আৰু অন্তত: এটা অনুচ্ছেদ লিখিব লাগে য'ত বিষয়বস্তুৰ বিষয়ে এটা থুলমূল আভাষ পোৱা যায় । উদ্দীপ দাৰ কথাখিনিত মই সমৰ্থন জনাইছো । Jyoti Prakash Nath 07:43, 8 ফেব্ৰুৱাৰী 2012 (UTC)


আলোচনাৰ সাৰাংশ[সম্পাদনা কৰক]

  • পোখালিক বাৰণ কৰা নহয়, কিন্তু সমৰ্থনো কৰা নহয়।
  • দুমাহতকৈ অধিক কাল এটা-বা দুটা শাৰীৰ প্ৰৱন্ধ একে অৱস্থাতে থাকিলে, প্ৰথম লেখকৰ পৃষ্ঠালৈ স্থানান্তৰ কৰা হ'ব, যাতে তেখেতে তথ্য সন্নিবিষ্ট কৰি অন্ততঃ 'চুটি প্ৰৱন্ধ' এটা সৃষ্টি কৰাৰ প্ৰয়াস কৰে। সকলো সময়তে অইন সকলো ব্যৱহাৰকাৰীয়ে পোখালি প্ৰবন্ধ বহলোৱাৰ দায়িত্ব লৈ থাকিব, কিন্তু সময়ৰ অভাৱৰ বাবে সেয়া সম্ভৱ নহয়। সেয়ে প্ৰথম লেখকজনেই সেই দায়িত্ব স্বীকাৰ কৰিব বুলি আশা কৰা হৈছে। (চুটি প্ৰবন্ধ বুলিলে 'সত্যজিত ৰায়"ৰ দৰে প্ৰবন্ধক বুজোৱা হৈছে, "প্ৰফুল্ল কুমাৰ মহন্ত"ৰ দৰে প্ৰবন্ধ সৃষ্টি সমৰ্থন কৰা নহ'ব।)
  • একে কথা ইংৰাজীৰ পৰা কপী কৰা প্ৰবন্ধৰ অনুবাদৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব, অৰ্থাত্‍ প্ৰথম সম্পাদকজনেই প্ৰধানতঃ তাৰ দায়িত্ব ল'ব লাগিব।
  • কোনোবা ৱিকিপিডিয়ানে 'পোখালি আৰক্ষী'ৰ ভূমিকা পালন কৰিব লাগে।
  • দুমাহতকৈ অধিক সময় পোখালি অৱস্থাতে থাকিলে বা অনুবাদ নোহোৱাকৈ থাকিলে পৃষ্ঠাখন প্ৰথম সম্পাদকজনৰ 'সদস্য নামস্থান'লৈ স্থানান্তৰ কৰা হ'ব।
  • পোখালি বিস্তাৰ কৰা হ'লে সেইটোৰ গুণাগুণ সম্পৰ্কে আন এজন ৱিকিপিডিয়ানৰ মতামত লোৱাৰ পিছত ঠিকে থাকিলে মূল প্ৰবন্ধ নামস্থানলৈ আনিব পাৰি।

কাৰো আপত্তি নাথাকিলে এইখিনিক অসমীয়া ৱিকিপিডিয়াৰ পোখালি নীতিৰূপে গণ্য কৰা হওক আৰু নতুন সদস্যসকলক বুজাই দিয়া হওক। Gitartha.bordoloi 12:46, 8 ফেব্ৰুৱাৰী 2012 (UTC)


মোৰ আপত্তি নাই । ………Jyoti Prakash Nath 13:03, 8 ফেব্ৰুৱাৰী 2012 (UTC)

দুটামান শব্দ ইফাল-সিফাল কৰিব পাৰি নেকি? 'দায়িত্ব' শব্দটো, কাৰণ এইটো প্ৰৱন্ধৰ দায়িত্ব এইজনৰ ওচৰত আছে বুলি কোৱাটো ৱিকিপিডিয়াৰ নিয়মৰ ভিতৰত নপৰে, দ্বিতীয়তে, এইটো এখেতৰ হে দায়িত্ব বুলি বাকীসকলে এৰাই চলাৰ মানসিকতা আহিব পাৰে। দায়িত্ব আমাৰ সকলোৰে। সেয়ে, দ্বিতীয় নিয়মটো ইমান টান নকৰি, সহজকৈ এনেকৈ লিখিব পাৰি কিজানিঃ
  • দুমাহতকৈ অধিক কাল এটা-বা দুটা শাৰীৰ প্ৰৱন্ধ একে অৱস্থাতে থাকিলে, প্ৰথম লেখকৰ পৃষ্ঠালৈ স্থানান্তৰ কৰা হ'ব, যাতে তেখেতে তথ্য সন্নিবিষ্ট কৰি অন্ততঃ 'চুটি প্ৰৱন্ধ' এটা সৃষ্টি কৰাৰ প্ৰয়াস কৰে। সকলো সময়তে অইন সকলো ব্যৱহাৰকাৰীয়ে পোখালি প্ৰৱন্ধ বহলোৱাৰ দায়িত্ব লৈ থাকিব, কিন্তু সময়ৰ অভাৱৰ বাবে সেয়া সম্ভৱ নহয়। সেয়ে প্ৰথম লেখকজনেই সেই দায়িত্ব স্বীকাৰ কৰিব বুলি আশা কৰা হৈছে। (চুটি প্ৰবন্ধ বুলিলে 'সত্যজিত ৰায়"ৰ দৰে প্ৰবন্ধক বুজোৱা হৈছে, "প্ৰফুল্ল কুমাৰ মহন্ত"ৰ দৰে প্ৰবন্ধ সৃষ্টি সমৰ্থন কৰা নহ'ব।)
আৰু এটা কথা, প্ৰৱন্ধটো বহলোৱাৰ পাছত, কেতিয়া আকৌ মূল ৱিকিৰ মাজলৈ অনা হ'ব, তাৰ এটা সঠিক নিয়ম থাকিব লাগে। কাৰণ কেতিয়াবা এনেও হ'ব পাৰে, অতথ্য-কিন্তু ভাষাৰ কেৰামতিৰেও পৰ্ৱন্ধ এটা বহলাই থ'ব পাৰি। সেইটোৰেও নচলিব। লগতে 'পোখালি'ৰ অসুবিধা কি সেইটোও ক'ৰবাত উল্লেখ কৰি থ'লে ভাল। বাকী মূল কথাকেইটাৰ প্ৰতি মোৰ পূৰ্ণ সমৰ্থন আছে।উদ্দীপতালুকদাৰ 15:43, 8 ফেব্ৰুৱাৰী 2012 (UTC)
সলনি কৰা হ'ল। Gitartha.bordoloi
In this context I would like to suggest the following: we may try to come up with a collection of articles that will form the "official" release of the Assamese Wikipedia. This we should do every year, and set aside about a month to collect the articles and improve on them. These articles need not be the latest version, but could be a previous version of an article. The idea is similar to this: http://en.wikipedia.org/wiki/Wikipedia:Release_Version. This will focus our attention on "featured article" status, criterion, etc. and will improve the quality of Wikipedia articles in general. The downside is that this makes for an initial disappointment when we realise that many of our articles are of poor quality. চাইপাও 16:55, 8 ফেব্ৰুৱাৰী 2012 (UTC)

মোৰ মতে আমি "পোখালি"ৰ বিষয়ে সদ্যহতে একো সিদ্ধান্ত নোলোৱাই উচিত হ'ব। প্রভাকৰ শৰ্মা নেওগ 00:18, 18 ফেব্ৰুৱাৰী 2012 (UTC)

সদস্যসকলে সিদ্ধান্ত ল'বৰ বাবেই আলোচনা কৰা হৈছিল। এনে নকৰাৰ যুক্তি নেদেখোঁ। গীতাৰ্থ বৰদলৈ 15:45, 18 ফেব্ৰুৱাৰী 2012 (UTC)
মোৰ সমৰ্থন আগবঢ়ালো| পোখালিয়ে আমাক ভাল প্ৰবন্ধ লিখাৰ পৰা আতৰাই ৰাখে| আমি সক্ৰিয় সদস্যসকলে সেইবোৰত চকু দি থাকিবৰ বাবে ইমান সময়ো নাই| সকলোৱে নিজৰ দায়িত্ব বুজা উচিত| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:47, 25 ফেব্ৰুৱাৰী 2012 (UTC)

প্ৰৱন্ধৰ আৰম্ভণি সম্পৰ্কে[সম্পাদনা কৰক]

বাৰ্তা:পোহৰ এই পৃষ্ঠাখনত ছিজু এলেক্সে প্ৰৱন্ধৰ এটাৰ আৰম্ভণি সম্পৰ্কে কিছু মন্তব্য দিছে। কথাখিনি ভাবি চাবলগীয়া। এই বিষয়ে আলোচনা এটা হোৱাটো প্ৰয়োজনীয়।উদ্দীপতালুকদাৰ 15:55, 8 ফেব্ৰুৱাৰী 2012 (UTC)

ৱিকিপ্ৰকল্পসমূহৰ নাম[সম্পাদনা কৰক]

ৱিকিপ্ৰকল্পসমূহৰ নাম "ৱিকিপিডিয়া:ৱিকি XYZ প্ৰকল্প"-ৰ সলনি "ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প XYZ"-লৈ সলনি কৰিবৰ বাবে প্ৰস্তাব আগবঢ়ালোঁ। আন ভাষাৰ ৱিকিপিডিয়াত এনেদৰেই নাম ৰখা হয়। (en:Wikipedia:WikiProject India, bn:উইকিপিডিয়া:উইকিপ্রকল্প কম্পিউটার বিজ্ঞান, hi:विकिपीडिया:विकिपरियोजना इतिहास আদি)--অম্লান বসুমতাৰী মোৰ আলোচনা পৃষ্ঠা মোৰ বৰঙণিসমূহ 16:15, 13 ফেব্ৰুৱাৰী 2012 (UTC)

পাৰি। Gitartha.bordoloi 16:34, 13 ফেব্ৰুৱাৰী 2012 (UTC)
পাৰি। দীপাংকৰ চেতিয়া বাৰ্তা 17:19, 13 ফেব্ৰুৱাৰী 2012 (UTC)
সমৰ্থন। প্রভাকৰ শৰ্মা নেওগ 00:23, 18 ফেব্ৰুৱাৰী 2012 (UTC)