সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২০

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
নৱম বৰ্ষ | ছেপ্টেম্বৰ | ২০২০ | নৱম সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত এখেতসকলৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক৷
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
২০০২ চনতেই জন্ম লাভ কৰা অসমীয়া ৱিকিপিডিয়াই চলিত বৰ্ষৰ ২ জুন তাৰিখে ওঠৰটা বৰ্ষ পূৰ্ণ কৰিলে। এই ওঠৰতা বছৰে অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াই ইয়াক সমৃদ্ধ কৰা সমূহ ৱিকিপিডিয়ানলৈ মই এই চেগতে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ নিঃস্বাৰ্থ অৱদান অবিহনে অসমীয়া ৱিকিপিডিয়াই হয়তো আজিৰ পৰ্যায় নাপালেহেঁতেন!

ৱিকিপিডিয়াৰ লগত মই জড়িত হওঁ ২০১৬ চনত। আৰু তেতিয়াৰ পৰাই সাধ্যানুসাৰে ৱিকিপিডিয়াত দুই-এটা সৰু-সুৰা অৱদান আগবঢ়াই আহিছোঁ। মই লিখা-মেলা কৰাত পাকৈত নহয় যদিও আপোন ভাষাটোৰ বাবে কিবা অলপ বৰঙনি আগবঢ়োৱাৰ হেঁপাহতেই ৱিকিত লিখিবলৈ আৰম্ভ কৰিছিলোঁ। প্ৰথমাৱস্থাত ৱিকিত সম্পাদনা কৰা, প্ৰবন্ধ লিখা আদিৰ ক্ষেত্ৰত মোক অজয় দা আৰু বৰ্তমানৰ প্ৰশাসকদ্বয় দিব্য দা আৰু গীতাৰ্থ দায়ে যথেষ্ট সহায় কৰিছে। তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ।

প্ৰায় সকলো ৱিকিমিডিয়ানে সন্মুখীন হোৱা এটা প্ৰশ্ন হৈছে ৱিকিত কাম কৰিলে কি লাভ? ৱিকিত অৱদান আগবঢ়ালে কি লাভ হয় সেইয়া কামটো কৰোঁতাজনেহে উপলব্ধি কৰিব পাৰে। ৱিকিত অৱদান আগবঢ়ালে আৰ্থিক লাভালাভ নহ’ব পাৰে, কিন্তু তাত কোনো এটা প্ৰবন্ধ সৃষ্টি কৰা, ভুল কিছুমান শুদ্ধ কৰা, কোনো প্ৰবন্ধত নতুন তথ্য, তথ্যসূত্ৰ যোগ দিয়া ইত্যাদি কামত যি মানসিক তৃপ্তি লাভ কৰা যায় সেইয়া আৰ্থিক মূল্যতকৈও বহুগুণে বেছি। ইয়াৰোপৰি ৱিকিত কাম কৰিলে জ্ঞানৰ পৰিসৰ যথেষ্ট বৃদ্ধি হয়। ছাত্ৰ-ছাত্ৰী তথা কুইজপ্ৰেমীসকলৰ বাবে ৱিকিপিডিয়াক ব্ৰহ্মাস্ত্ৰ বুলি ক’ব খোজোঁ। তেওঁলোকে পঢ়া-শুনাৰ মাজে মাজে যদি ৱিকিত অলপকৈ হ’লেও অৱদান আগবঢ়ায়, তেওঁলোকৰ লগতে সমগ্ৰ অসমীয়া জাতিটোৰো বহুখিনি উপকাৰ সাধন হ’ব। ৱিকিপিডিয়াৰ বিষয়ে ইণ্টাৰনেটৰ লগত জড়িত প্ৰায় সকলো লোকেই কম-বেছি পৰিমাণে জ্ঞাত যদিও ইয়াত কেনেকৈ অৱদান আগবঢ়াব পাৰি সেই বিষয়ে বহুতৰে কোনো ধাৰণা নাই বাবেই অসমীয়া ৱিকিপিডিয়া আজিও আন ভাৰতীয় ৱিকিৰ তুলনাত পিছ পৰি আছে। অৱশ্যে শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা কৰ্মশালাৰ পৰা কিছু আশাৰ ৰেঙণি দেখা গৈছে। বহুতো লোকে ৱিকিত কাম কৰিবলৈ আগবাঢ়ি আহিছে। অসম সাহিত্য সভায়ো এইক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে। এইয়া সঁচাকৈ এক ভাল লক্ষণ। উল্লেখযোগ্য যে অসমীয়া ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প ৱিকিউৎসতো বৰ্তমান গতি আগৰ তুলনাত ক্ষিপ্ৰতৰ হৈছে। আশা কৰোঁ নৱাগত ৱিকিপিডিয়ানসকলে একেই উৎসাহেৰে ৱিকিউৎসতো অৱদান আগবঢ়াই ইয়াক সমৃদ্ধ কৰিবলৈ হাত উজান দিব।

শেষত অসমীয়া ৱিকিজগতৰ উত্তৰোত্তৰ কামনা কৰি মই মোৰ মনৰ কথাৰ সামৰণি মাৰিলোঁ। জয় আই অসম। — চাণক্য

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
ৰুবুল মাউত

ৰুবুল মাউত হৈছে এগৰাকী অসমীয়া জীৱবিজ্ঞানী। মানৱীয় দেহৰ কেতবোৰ ৰোগ নিৰ্মূলকৰণৰ বাবে নতুন প্ৰটিনৰ সৃষ্টি কৰা; উচ্চতৰ প্ৰটিন সমাৱেশ প্ৰস্তুত কৰি সেইবোৰক কোষ সংকেত, জৈৱ-অণুবিদ্যুতৰ দৰে ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে তেখেতৰ বৰ্তমান গৱেষণাৰ বিষয়। তেখেতে মাচাছুছেটছ বিশ্ববিদ্যালয়ৰ পৰা জিন-সম্পাদনাত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল। ৰুবুল মাউতৰ গৱেষণা আমেৰিকাৰ ৰসায়নিক সমাজৰ উপৰি একাধিক বৈজ্ঞানিক মঞ্চত ভিডিঅ' অথবা তথ্যচিত্ৰ হিচাপে আলোচিত আৰু প্ৰদৰ্শিত হৈছে। বৰ্তমান তেখেত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰটিন ডিজাইন শাখাৰ ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডেছন ইন'ভেছন ফেলো। তেখেতে আত্মজীৱনী "মোৰো এটা সপোন আছে"ত নিজৰ শৈশৱ-যৌৱনৰ সংঘাত অতিক্ৰম কৰি মাচাছুচেটছ বিশ্ববিদ্যালয়ৰ গৱেষক হোৱাৰ কাহিনী লিপিবদ্ধ কৰিছে।

বৰ্তমান ৰুবুল মাউত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডছেনৰ প্ৰটিন ডিজাইনৰ ইনোভেশ্যন ফেলো'। তেখেতৰ মেণ্টৰ হৈছে জিম দে য়েৰকো আৰু ডেভিড বেকাৰ। ৰুবুল মাউতে নেনো প্ৰযুক্তিৰ জৰিয়তে কোষৰ ভিতৰত জিন সম্পাদনাৰ এক নতুন পদ্ধতি উদ্ভাৱন কৰি খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ ত্ৰিশখনতকৈও অধিক গৱেষণাপত্ৰ নেছাৰ নেনোটেকন'লজি, নেচাৰ কেমিষ্ট্ৰী আৰু এচিএছ নেনো আদি জাৰ্ণেলত প্ৰকাশিত হৈছে।

প্ৰবন্ধটি ইয়াত বিতংকৈ পঢ়ক

যোৱা মাহৰ ভাল প্ৰবন্ধ বিল গেটছৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
আগষ্ট-২০২০ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ১০৩

বিশ্বৰ প্ৰেক্ষাপট

[সম্পাদনা কৰক]

ব্যক্তি বিষয়ক

[সম্পাদনা কৰক]
  1. বিং ক্ৰাজবি
  2. ক্ৰিষ্টিয়ান' ৰ'নাল্ড'
  3. হিপ্পোলাইট পিক্সি
  4. আণ্ড্ৰে মেৰি এম্পিয়েৰ
  5. কাৰ্লো ৰ'ভেলী
  6. জৰ্জ ৱেষ্টিংহাউছ
  7. আণ্ড্ৰে পউল গুলেইম গিদ

অন্যান্য

[সম্পাদনা কৰক]
  1. বহুবিশ্ব
  2. গাম-ক'ভিড-ভেক
  3. জলবিদ্যুৎ
  4. আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস

ভাৰতীয় পটভূমি

[সম্পাদনা কৰক]

ব্যক্তি বিষয়ক

[সম্পাদনা কৰক]
  1. নিৰ্মলা মিশ্ৰ
  2. দেৱদাস বনজাৰে
  3. পূজা শৰ্মা
  4. অৰ্পণা দীক্ষিত
  5. ৰাহত ইন্দৰী
  6. মুকেশ আম্বানী
  7. অৰ্জুন (ফিৰোজ খান)
  8. শক্তি কাপুৰ
  9. শ্ৰদ্ধা কাপুৰ
  10. পণ্ডিত যশৰাজ
  11. ৰবীন্দ্ৰ জৈন
  12. শ্ৰীকান্ত জিচকাৰ
  13. পীয়ূষ মিশ্ৰ
  14. নিশা আগৰৱাল
  15. প্ৰকাশ ৰাজ
  16. দোস্ত হবিবুৰ ৰহমান

মহাভাৰত সম্বন্ধীয়

[সম্পাদনা কৰক]
  1. ভৰত (মহাভাৰত)
  2. শকুন্তলা
  3. দুষ্যন্ত
  4. পাণ্ডৱ
  5. ভূমন্যু

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
  1. সড়ক ২

অন্যান্য

[সম্পাদনা কৰক]
  1. উত্তৰকাশী জিলা
  2. বাবৰী মছজিদ
  3. ৰাম মন্দিৰ, অযোধ্যা
  4. আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা
  5. পন্থী নৃত্য
  6. ধুতি
  7. সমান্তৰাল চলচ্চিত্ৰ
  8. সৰ্বভাৰতীয় কৃষক সভা
  9. চাকমা ভাষা

অসম বিষয়ক

[সম্পাদনা কৰক]

ব্যক্তি বিষয়ক

[সম্পাদনা কৰক]
  1. ভাগৱত আচাৰ্য
  2. হলিৰাম ঢেকিয়াল ফুকন
  3. এম ইব্ৰাহিম আলি
  4. দীক্ষু শৰ্মা
  5. পবিত্ৰ ৰাভা
  6. দীপাংকৰ (দীপ) মেধি
  7. নাৰায়ণ চন্দ্ৰ গোস্বামী
  8. ৰামচৰণ ঠাকুৰ
  9. ৰুবুল মাউত
  10. প্ৰশান্ত ৰাজগুৰু
  11. নগেন্দ্ৰ নাথ ভট্টাচাৰ্য্য
  12. প্ৰফুল্ল ৰাজগুৰু
  13. দীপক কুমাৰ দাস
  14. তচদ্দুক ইউচুফ
  15. জয়ন্ত বৰুৱা
  16. অনন্ত আচাৰ্য
  17. কনকেশ্বৰ বৰুৱা
  18. অৰ্চনা মহন্ত
  19. সূৰ্য্য দাস

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
  1. ধৰ্মকাই
  2. জুুয়ে পোৰা সোণ
  3. আকাশীতৰাৰ কথাৰে

গ্ৰন্থ বিষয়ক

[সম্পাদনা কৰক]
  1. যোগিনী তন্ত্ৰ
  2. ধৰ্মপুস্তক
  3. মোৰো এটা সপোন আছে
  4. ন হন্যতে

অন্যান্য

[সম্পাদনা কৰক]
  1. গুৱাহাটী মেট্ৰ' লাইট
  2. শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়
  3. আমাৰ সময়
  4. মণিকূট (ই-আলোচনী)
  5. বুঢ়া গোঁসাই দেৱালয়
  6. ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়
  7. ধুবুৰী-ফুলবাৰী দলং
  8. ভদীয়া নাম
  9. দুলীয়াজান ক্লাব
  10. গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’
  11. নেপূৰ
  12. মিচিং জনগোষ্ঠীৰ সাজপাৰ
  13. মৰাণসকলৰ পৰম্পৰাগত সাজপাৰ
  14. আৰ'নাই
  15. ঢুলীয়া ভাওনা
  16. ষড়ছন্দৰ গীত
  17. লোকবিশ্বাসত তামোল পাণ
  18. অসমৰ নৃ-প্ৰজাতীয় গাঁথনি
  19. গোৰেশ্বৰ মহাবিদ্যালয়
  20. টুৰুঙ জনগোষ্ঠী

সানমিহলি

[সম্পাদনা কৰক]
  1. পাৰেইড'লিয়া
  2. মেজেঙা (শাক)
  3. বিগ ডাটা
  4. সমাজতত্ত্ব
  5. মনোবৈজ্ঞানিক হ'ৰৰ
  6. ফুটুকলা
  7. কলপাত
  8. উপপাদ্য
  9. লেহেতি শাক
  10. অ'ডিট
  11. চিত্ৰকৰ
  12. ন'ম'ফ'বিয়া
  13. ক (ইণ্ডিক)
  14. প্ৰতিৰক্ষী
  15. প্ৰতিজন
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
বৰপেটা সত্ৰজন্মাষ্টমী বা নন্দোৎসৱ উপলক্ষে অনুষ্ঠিত পেকযাত্ৰাৰ দৃশ্য।
আলোকচিত্ৰশিল্পী: ময়ুৰিম দাস
উল্লেখনীয় ৱিকিমিডিয়ান
বাবুল বৈশ্য: ২০১১ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। অসমীয়া ৱিকিপিডিয়াত তেওঁৰ সম্পাদনাৰ সংখ্যা ৫,৩০৪ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৩৮১। অসমীয়া ৱিকিপিডিয়াৰ লগতে ইংৰাজী ৱিকিপিডিয়া, ৱিকি কমন্স, ৱিকিউৎস, ৱিকিডে'টা আদি প্ৰায় কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে সৰ্বমুঠ ১০,১৮২ টা সম্পাদনা কৰিছে। লগতে অসমীয়া ৱিকিপিডিয়াত তেখেতে মুঠ ১৬৮টা প্ৰবন্ধ আৰু অসমীয়া ৱিকিপিডিয়া তথা কমন্সত বৰ্তমানলৈকে মুঠ ১৪৬ খন চিত্ৰ আপল’ড কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা তেওঁক তেওঁৰ অৱদানৰ বাবে “এই মাহৰ ৱিকিমিডিয়ান”, “অক্লান্ত কৰ্মী পদক” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰা হৈছে। তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰা হ'ল।
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
কুলধৰ ৰাভা
আয়োজক পদক
মৃদুল কুমাৰ শৰ্মা
সহযোগিতা পদক
বিপুল কলিতা,লক্ষ্যপ্ৰহৰ বৰদলৈ ,প্ৰণামিকা অধিকাৰী,পল্লৱী দত্তবৰুৱা ,ৰুমী বৰা , ৰাজদ্বীপ ৰাজবংশী
প্ৰচাৰ সম্পাদক
মৃদুল কুমাৰ শৰ্মা






উল্লেখনীয় কাম সম্পাদনা কৰক


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অনামিকা বৰুৱা২২১৩-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা৪০২১০৬০২৬২৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অম্লান বসুমতাৰী৮৩১০৭৪২১৫৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
মৃদুল কুমাৰ শৰ্মা৬৭৫১৮(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত১০০১৭৫২০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য১৬৭৪০২০- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰাজদ্বীপ ৰাজবংশী৭৬১(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বিপুল কলিতা৩৬০(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰুমি বড়া১৯১(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০প্ৰদ্যুৎ প্ৰতীম দত্ত২২১৬৬-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ঈশান জ্যোতি বৰা১৩৫--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২চন্দন চিৰিং ফুকন৯৭(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩পল্লবী দত্তবৰুৱা৯৪(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪প্ৰণামিকা অধিকাৰী৯৩(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫হানিফ আলী১৫৯৩-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬নয়ন জ্যোতি নাথ৮৭(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৭লক্ষ্যপ্ৰহৰ বৰদলৈ৭৩(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৮অংশুমান দত্ত৫৫(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।