ৱিকিপিডিয়ানৰ মনৰ কথা 
|
২০০২ চনতেই জন্ম লাভ কৰা অসমীয়া ৱিকিপিডিয়াই চলিত বৰ্ষৰ ২ জুন তাৰিখে ওঠৰটা বৰ্ষ পূৰ্ণ কৰিলে। এই ওঠৰতা বছৰে অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াই ইয়াক সমৃদ্ধ কৰা সমূহ ৱিকিপিডিয়ানলৈ মই এই চেগতে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ নিঃস্বাৰ্থ অৱদান অবিহনে অসমীয়া ৱিকিপিডিয়াই হয়তো আজিৰ পৰ্যায় নাপালেহেঁতেন!
ৱিকিপিডিয়াৰ লগত মই জড়িত হওঁ ২০১৬ চনত। আৰু তেতিয়াৰ পৰাই সাধ্যানুসাৰে ৱিকিপিডিয়াত দুই-এটা সৰু-সুৰা অৱদান আগবঢ়াই আহিছোঁ। মই লিখা-মেলা কৰাত পাকৈত নহয় যদিও আপোন ভাষাটোৰ বাবে কিবা অলপ বৰঙনি আগবঢ়োৱাৰ হেঁপাহতেই ৱিকিত লিখিবলৈ আৰম্ভ কৰিছিলোঁ। প্ৰথমাৱস্থাত ৱিকিত সম্পাদনা কৰা, প্ৰবন্ধ লিখা আদিৰ ক্ষেত্ৰত মোক অজয় দা আৰু বৰ্তমানৰ প্ৰশাসকদ্বয় দিব্য দা আৰু গীতাৰ্থ দায়ে যথেষ্ট সহায় কৰিছে। তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ।
প্ৰায় সকলো ৱিকিমিডিয়ানে সন্মুখীন হোৱা এটা প্ৰশ্ন হৈছে ৱিকিত কাম কৰিলে কি লাভ? ৱিকিত অৱদান আগবঢ়ালে কি লাভ হয় সেইয়া কামটো কৰোঁতাজনেহে উপলব্ধি কৰিব পাৰে। ৱিকিত অৱদান আগবঢ়ালে আৰ্থিক লাভালাভ নহ’ব পাৰে, কিন্তু তাত কোনো এটা প্ৰবন্ধ সৃষ্টি কৰা, ভুল কিছুমান শুদ্ধ কৰা, কোনো প্ৰবন্ধত নতুন তথ্য, তথ্যসূত্ৰ যোগ দিয়া ইত্যাদি কামত যি মানসিক তৃপ্তি লাভ কৰা যায় সেইয়া আৰ্থিক মূল্যতকৈও বহুগুণে বেছি। ইয়াৰোপৰি ৱিকিত কাম কৰিলে জ্ঞানৰ পৰিসৰ যথেষ্ট বৃদ্ধি হয়। ছাত্ৰ-ছাত্ৰী তথা কুইজপ্ৰেমীসকলৰ বাবে ৱিকিপিডিয়াক ব্ৰহ্মাস্ত্ৰ বুলি ক’ব খোজোঁ। তেওঁলোকে পঢ়া-শুনাৰ মাজে মাজে যদি ৱিকিত অলপকৈ হ’লেও অৱদান আগবঢ়ায়, তেওঁলোকৰ লগতে সমগ্ৰ অসমীয়া জাতিটোৰো বহুখিনি উপকাৰ সাধন হ’ব। ৱিকিপিডিয়াৰ বিষয়ে ইণ্টাৰনেটৰ লগত জড়িত প্ৰায় সকলো লোকেই কম-বেছি পৰিমাণে জ্ঞাত যদিও ইয়াত কেনেকৈ অৱদান আগবঢ়াব পাৰি সেই বিষয়ে বহুতৰে কোনো ধাৰণা নাই বাবেই অসমীয়া ৱিকিপিডিয়া আজিও আন ভাৰতীয় ৱিকিৰ তুলনাত পিছ পৰি আছে। অৱশ্যে শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা কৰ্মশালাৰ পৰা কিছু আশাৰ ৰেঙণি দেখা গৈছে। বহুতো লোকে ৱিকিত কাম কৰিবলৈ আগবাঢ়ি আহিছে। অসম সাহিত্য সভায়ো এইক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে। এইয়া সঁচাকৈ এক ভাল লক্ষণ। উল্লেখযোগ্য যে অসমীয়া ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প ৱিকিউৎসতো বৰ্তমান গতি আগৰ তুলনাত ক্ষিপ্ৰতৰ হৈছে। আশা কৰোঁ নৱাগত ৱিকিপিডিয়ানসকলে একেই উৎসাহেৰে ৱিকিউৎসতো অৱদান আগবঢ়াই ইয়াক সমৃদ্ধ কৰিবলৈ হাত উজান দিব।
শেষত অসমীয়া ৱিকিজগতৰ উত্তৰোত্তৰ কামনা কৰি মই মোৰ মনৰ কথাৰ সামৰণি মাৰিলোঁ। জয় আই অসম। — চাণক্য
|
ভাল প্ৰবন্ধ 
|
ৰুবুল মাউত
ৰুবুল মাউত হৈছে এগৰাকী অসমীয়া জীৱবিজ্ঞানী। মানৱীয় দেহৰ কেতবোৰ ৰোগ নিৰ্মূলকৰণৰ বাবে নতুন প্ৰটিনৰ সৃষ্টি কৰা; উচ্চতৰ প্ৰটিন সমাৱেশ প্ৰস্তুত কৰি সেইবোৰক কোষ সংকেত, জৈৱ-অণুবিদ্যুতৰ দৰে ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে তেখেতৰ বৰ্তমান গৱেষণাৰ বিষয়। তেখেতে মাচাছুছেটছ বিশ্ববিদ্যালয়ৰ পৰা জিন-সম্পাদনাত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল।
ৰুবুল মাউতৰ গৱেষণা আমেৰিকাৰ ৰসায়নিক সমাজৰ উপৰি একাধিক বৈজ্ঞানিক মঞ্চত ভিডিঅ' অথবা তথ্যচিত্ৰ হিচাপে আলোচিত আৰু প্ৰদৰ্শিত হৈছে।
বৰ্তমান তেখেত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰটিন ডিজাইন শাখাৰ ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডেছন ইন'ভেছন ফেলো।
তেখেতে আত্মজীৱনী "মোৰো এটা সপোন আছে"ত নিজৰ শৈশৱ-যৌৱনৰ সংঘাত অতিক্ৰম কৰি মাচাছুচেটছ বিশ্ববিদ্যালয়ৰ গৱেষক হোৱাৰ কাহিনী লিপিবদ্ধ কৰিছে।
বৰ্তমান ৰুবুল মাউত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডছেনৰ প্ৰটিন ডিজাইনৰ ইনোভেশ্যন ফেলো'। তেখেতৰ মেণ্টৰ হৈছে জিম দে য়েৰকো আৰু ডেভিড বেকাৰ। ৰুবুল মাউতে নেনো প্ৰযুক্তিৰ জৰিয়তে কোষৰ ভিতৰত জিন সম্পাদনাৰ এক নতুন পদ্ধতি উদ্ভাৱন কৰি খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ ত্ৰিশখনতকৈও অধিক গৱেষণাপত্ৰ নেছাৰ নেনোটেকন'লজি, নেচাৰ কেমিষ্ট্ৰী আৰু এচিএছ নেনো আদি জাৰ্ণেলত প্ৰকাশিত হৈছে।
প্ৰবন্ধটি ইয়াত বিতংকৈ পঢ়ক
যোৱা মাহৰ ভাল প্ৰবন্ধ বিল গেটছৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...
|
আগষ্ট-২০২০ত সৃষ্টি কৰা প্ৰবন্ধসমূহ 
|
মুঠ প্ৰবন্ধৰ সংখ্যা = ১০৩
|
|
|
নিৰ্বাচিত চিত্ৰ 
|
|
|
বাবুল বৈশ্য: ২০১১ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। অসমীয়া ৱিকিপিডিয়াত তেওঁৰ সম্পাদনাৰ সংখ্যা ৫,৩০৪ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৩৮১। অসমীয়া ৱিকিপিডিয়াৰ লগতে ইংৰাজী ৱিকিপিডিয়া, ৱিকি কমন্স, ৱিকিউৎস, ৱিকিডে'টা আদি প্ৰায় কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে সৰ্বমুঠ ১০,১৮২ টা সম্পাদনা কৰিছে। লগতে অসমীয়া ৱিকিপিডিয়াত তেখেতে মুঠ ১৬৮টা প্ৰবন্ধ আৰু অসমীয়া ৱিকিপিডিয়া তথা কমন্সত বৰ্তমানলৈকে মুঠ ১৪৬ খন চিত্ৰ আপল’ড কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা তেওঁক তেওঁৰ অৱদানৰ বাবে “এই মাহৰ ৱিকিমিডিয়ান”, “অক্লান্ত কৰ্মী পদক” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰা হৈছে। তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰা হ'ল।
|
|
পদক 
|
|
উল্লেখনীয় কাম 
|
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৭১৯৮ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২৮১ খনলৈ বৃদ্ধি পালে।
- ৯ আগষ্টত অসমীয়া ৱিকিপিডিয়া সমাজ আৰু অসম সাহিত্য সভাৰ যৌথ প্ৰচেষ্টাত প্ৰথমখন অনলাইন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ সবিশেষ ইয়াত পঢ়ক
- ৱিকিউৎসত আগষ্ট,২০২০ মাহত সম্পূৰ্ণ হোৱা গ্ৰন্থসমূহ হৈছে:
|
পৰিসংখ্যা আৰু অন্যান্য 
|
পৰিসংখ্যা
অন্যান্য সংযোগ
ঘোষণা
|
|