পণ্ডিত যশৰাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পণ্ডিত যশৰাজ

২০১৫ চনত মধ্য প্ৰদেশৰ ভূপালৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰাহালয়ত পণ্ডিত যশৰাজ
জন্ম যশৰাজ
২৮ জানুৱাৰী, ১৯৩০
পিলি মান্দৰী, হিচাৰ জিলা (বৰ্তমান ফাতেহাবাদ),[1] ব্ৰিটিছ পঞ্জাব
মৃত্যু ১৭ আগষ্ট, ২০২০ (৯০ বছৰ)
নিউ জাৰ্চি, আমেৰিকা যুক্তৰাষ্ট্ৰ[2][3]
মৃত্যুৰ কাৰণ হৃদক্ৰিয়া বন্ধ[4]
পেচা শাস্ত্ৰীয় সংগীত শিল্পী, প্ৰশিক্ষক, তবলা বাদ্যযন্ত্ৰী
গৃহস্থান ভাৰচৱা, মুম্বাই[5]
দাম্পত্যসঙ্গী মধুৰা শান্তাৰাম (বি. ১৯৬২)
সন্তান
  • সাৰংগ দেৱ পণ্ডিত
  • দুৰ্গা যশৰাজ
আত্মীয়-স্বজন
  • পণ্ডিত মণিৰাম
  • পণ্ডিত প্ৰতাপ নাৰায়ণ
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী, ১৯৭৫
পদ্মভূষণ, ১৯৯০
পদ্মবিভূষণ, ২০০০
সাংগীতিক কেৰিয়াৰ
সংগীতৰ প্ৰকাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত
বাদ্যযন্ত্ৰ সংগীত, তবলা
কাৰ্যকাল ১৯৪৫–২০২০
ৱেবছাইট
www.panditjasraj.com

পণ্ডিত যশৰাজ (২৮ জানুৱাৰী ১৯৩০ – ১৭ আগষ্ট ২০২০)[4] এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী, সংগীত প্ৰশিক্ষক তথা তবলা বাদক। তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত ধাৰাৰ 'মেৱাতী ঘৰাণা'ৰ অন্তৰ্ভুক্ত আছিল।[6] প্ৰায় আঠ দশক জোৰা তেওঁৰ সাংগীতিক জীৱনত বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তেওঁ মূলতঃ শাস্ত্ৰীয় আৰু অৰ্ধ শাস্ত্ৰীয় গীতসমূহ বহুতো এলবাম আৰু চলচ্চিত্ৰত সিঁচৰতি হৈ আছে। তেওঁ ভাৰত, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ শিক্ষা প্ৰদান কৰিছিল। ২০২০ চনৰ ১৭ আগষ্ট তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চিত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ৯০ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৩০ চনৰ ২৮ জানুৱাৰী তাৰিখে ব্ৰিটিছ পঞ্জাবৰ অন্তৰ্ভুক্ত হিচাৰ জিলাৰ (বৰ্তমান হাৰিয়ানাৰ ফাতেহাবাদ জিলা) পিলি মান্দৰী নামৰ সৰু গাঁও এখনৰ ব্ৰাহ্মণ পৰিয়ালত পণ্ডিত যশৰাজৰ জন্ম হৈছিল। [note 1] তেওঁৰ পিতৃ পণ্ডিত মতিৰাম এগৰাকী শাস্ত্ৰীয় সংগীত শিল্পী আছিল।[1][7] ১৯৩৪ চনত যশৰাজৰ মাত্ৰ চাৰি বছৰ বয়সতে পিতৃ মতিৰামৰ মৃত্যু হয়। এইদিনা যশৰাজক মিৰ উচমান আলী খানৰ ৰাজ দৰবাৰত ৰাজ্যিক সংগীত শিল্পীৰ বিষয়াবাব প্ৰদান কৰা হয়।[8][9][10] যশৰাজৰ জ্যেষ্ঠ ভাতৃ পণ্ডিত প্ৰতাপ নাৰায়ণো এগৰাকী বিখ্যাত সংগীত শিল্পী আছিল। তেওঁ সংগীত পৰিচালক যতীন-ললিত, গায়িকা অভিনেত্ৰী সুলক্ষণা পণ্ডিত আৰু অভিনেত্ৰী বিজয়েতা পণ্ডিতৰ পিতৃ।[11] যশৰাজৰ জ্যেষ্ঠতম ভাতৃ পণ্ডিত মণিৰামো এগৰাকী শাস্ত্ৰীয় সংগীত শিল্পী।

যশৰাজে প্ৰাৰম্ভিক জীৱন হায়দৰাবাদত কটাই প্ৰায়ে গুজৰাটৰ সানন্দলৈ গৈ 'মেৱাতী ঘৰাণা'ৰ সংগীতজ্ঞ সমূহৰ পৰা সংগীতৰ শিক্ষা লাভ কৰিছিল।[12] তেওঁ সানন্দৰ ঠাকুৰ চাহিব মহাৰাজ জয়ন্ত সিং ৱাঘেলাৰ বাবে পৰিবেশন কৰাৰ লগতে তেওঁৰ পৰা সংগীতৰ শিক্ষা লাভ কৰিছিল।[13][13][14]

১৯৪৬ চনত তেওঁ কলিকতালৈ যায় আৰু ৰেডিঅ'ত শাস্ত্ৰীয় সংগীতশিল্পী হিচাপে যোগদান কৰে।[12]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

২০১১ চনত জয়পুৰৰ গোবিন্দ জী মন্দিৰৰ সৎসংগ ভৱনৰ মঞ্চত পণ্ডিত যশৰাজ আৰু তেওঁৰ পত্নী মধুৰা

১৯৬০ চনত বোম্বেত পণ্ডিত যশৰাজে চলচ্চিত্ৰ পৰিচালক ভি. শান্তাৰামৰ জীয়েক মধুৰা শান্তাৰামক লগ পায় আৰু ১৯৬২ চনত তেওঁলোক বিবাহপাশত আৱদ্ধ হয়।[15] প্ৰথমতে তেওঁলোক কলিকতাত বাস কৰিছিল যদিও ১৯৬৩ চনত বোম্বেলৈ যায়।[16] তেওঁলোকৰ পুত্ৰ সাৰংগ দেৱ পণ্ডিত আৰু কন্যা দুৰ্গা যশৰাজ। ২০০৯ চনত মধুৰায়ে 'সংগীত মাৰ্তন্দ পণ্ডিত যশৰাজ' নামেৰে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰে।[17] ২০২০ চনত তেওঁ 'আই তুজা আশীৰ্বাদ' নামৰ মাৰাঠী ছবি নিৰ্মাণ কৰিছিল। ইয়াত লতা মংগেশকাৰ আৰু তেওঁৰ স্বামী পণ্ডিত যশৰাজে মাৰাঠী গীত গাইছিল।[18][19]

টোকা[সম্পাদনা কৰক]

  1. পিলি মান্দৰী বৰ্তমান ফাতেহাবাদ জিলাত অৱস্থিত।

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 Sharma, Supriya (31 March 2017). "Pandit Jasraj on his life-long love for music" (en ভাষাত). Hindustan Times. http://www.hindustantimes.com/art-and-culture/pandit-jasraj-on-his-life-long-love-for-music/story-04is22YGVw6yMaf6qpyUSO.html. 
  2. "Pandit Jasraj passes away at 90" (en ভাষাত). The Indian Express. 2020-08-17. https://indianexpress.com/article/india/pandit-jasraj-dead-6558591/। আহৰণ কৰা হৈছে: 2020-08-17. 
  3. "Music legend Pandit Jasraj, recipient of Padma Vibhushan award, passes away at the age of 90" (en ভাষাত). www.timesnownews.com. https://www.timesnownews.com/india/article/padma-vibhushan-pandit-jasraj-passes-away-at-the-age-of/638424। আহৰণ কৰা হৈছে: 2020-08-17. 
  4. 4.0 4.1 "Pandit Jasraj, 90, passes away in New Jersey; Modi mourns 'exceptional mentor'". The Economic Times. 17 August 2020. https://economictimes.indiatimes.com/magazines/panache/pandit-jasraj-90-passes-away-in-new-jersey-modi-mourns-exceptional-mentor/articleshow/77593833.cms। আহৰণ কৰা হৈছে: 17 August 2020. 
  5. (en ভাষাত) Pandit Jasraj looks back on gold mohurs from a king, hopes for more voices to join his. Vanessa Viegasৰ সৈতে সাক্ষাৎকাৰ. 20 January 2020. https://www.hindustantimes.com/mumbai-news/can-teach-students-on-skype-pandit-jasraj/story-chj7Dz0CYQhUZp1CUDHPcM.html। আহৰণ কৰা হৈছে: 2 June 2020. 
  6. Kulkarni, Pranav (15 December 2008). "Pandit Jasraj casts magic spell". The Indian Express. http://archive.indianexpress.com/news/pandit-jasraj-casts-magic-spell/398561/. 
  7. . Radhika Bordiaৰ সৈতে সাক্ষাৎকাৰ"Fun Interview On Wishlist, Pandit Jasraj Talks Of Cricket, Deer And Krishna". NDTV. http://www.ndtv.com/people/fun-interview-on-wishlist-pandit-jasraj-talks-of-cricket-deer-and-krishna-1653887। আহৰণ কৰা হৈছে: 5 August 2017. 
  8. Kumar, Ranee (1 December 2004). "A custom of culture". The Hindu. https://www.thehindu.com/todays-paper/tp-features/tp-metroplus/a-custom-of-culture/article28355786.ece. 
  9. Jāʼisī, Ṣidq; Luther, Narendra (2004). The Nocturnal Court: The Life of a Prince of Hyderabad. Oxford University Press. ISBN 978-0195666052. 
  10. (en ভাষাত) My Father Died Five Hours Before He Was To Be Announced The Royal Musician In Court Of Osman Ali Khan. Papri Paulৰ সৈতে সাক্ষাৎকাৰ. 11 December 2016. Archived from the original on 3 April 2019. https://web.archive.org/web/20190403203518/http://epaperbeta.timesofindia.com/Article.aspx?eid=31809&articlexml=MY-FATHER-DIED-FIVE-HOURS-BEFORE-HE-WAS-11122016104056। আহৰণ কৰা হৈছে: 21 May 2020. 
  11. Pawar, Yogesh (15 March 2019). "Pt Jasraj's 90-year musical journey" (en ভাষাত). DNA India. https://www.dnaindia.com/entertainment/report-pt-jasraj-s-90-year-musical-journey-2729667। আহৰণ কৰা হৈছে: 19 August 2019. 
  12. 12.0 12.1 Paul, Papri (28 January 2015). "Pandit Jasraj takes a trip down the memory lane to relive his idyllic childhood spent in Hyderabad". The Times of India. http://timesofindia.indiatimes.com/city/hyderabad/Pandit-Jasraj-takes-a-trip-down-the-memory-lane-to-relive-his-idyllic-childhood-spent-in-Hyderabad/articleshow/55910486.cms. 
  13. 13.0 13.1 . Rajashree Balaramৰ সৈতে সাক্ষাৎকাৰ"The Master's Voice". Harmony — Celebrate Age. 1 November 2009. https://www.harmonyindia.org/people_posts/the-masters-voice/. 
  14. "Pandit Jasraj: ‘Music is what can take you to heaven’" (en ভাষাত). gulfnews.com. https://gulfnews.com/entertainment/music/pandit-jasraj-music-is-what-can-take-you-to-heaven-1.1580667। আহৰণ কৰা হৈছে: 21 May 2020. 
  15. . Anubha Sawhneyৰ সৈতে সাক্ষাৎকাৰ"Raag Jasraj, in the maestro's voice". The Times of India. 27 December 2003. http://timesofindia.indiatimes.com/delhi-times/Raag-Jasraj-in-the-maestros-voice/articleshow/386548.cms। আহৰণ কৰা হৈছে: 5 August 2017. 
  16. Jai ho! Jasraj. S. Priyadershiniৰ সৈতে সাক্ষাৎকাৰ. 8 October 2007. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/jai-ho-jasraj/article2254030.ece. 
  17. "Madhura Jasraj recounts life with the Maestro". Ministry of Information and Broadcasting (India). 26 November 2009. https://pib.gov.in/newsite/erelcontent.aspx?relid=54680. 
  18. Nivas, Namita (10 September 2010). "Age no bar". The Indian Express. http://www.indianexpress.com/news/age-no-bar/678650/2. 
  19. "V Shantaram’s daughter turns director" (en ভাষাত). Hindustan Times. 26 October 2010. https://www.hindustantimes.com/regional-movies/v-shantaram-s-daughter-turns-director/story-kfAWtQVc4o3dvs9tCMeB0J.html. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]