ৰামচৰণ ঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ৰামচৰণ ঠাকুৰ
জন্ম ১৫২১ খ্ৰীষ্টাব্দ (আনুমানিক)
মৃত্যু ১৬০০ খীষ্টাব্দ (আনুমানিক)
পেছা চৰিতকাৰ, বৈষ্ণৱ সাহিত্যিক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পিতৃ-মাতৃ ৰামদাস (পিতৃ)
উৰ্বশী (মাতৃ)

ৰামচৰণ ঠাকুৰ এগৰাকী বৈষ্ণৱ সাহিত্যিক, চৰিতকাৰ, নাট্যকাৰ, অনুবাদক আছিল। আনুমানিক ১৫২১ খ্ৰীষ্টাব্দত তেওঁ জন্মলাভ কৰিছিল। তেওঁৰ পিতৃ-মাতৃ আছিল ৰামদাস আৰু মাধৱদেৱৰ ভনীয়েক উৰ্বশী। শিশু অৱস্থাৰে পৰা ৰামচৰণ ঠাকুৰে মাধৱদেৱৰ সান্নিধ্য লাভ কৰিছিল। "কংস-বধ" নাটক আৰু শংকৰদেৱৰ সংস্কৃত ৰচনা ভক্তি ৰত্নাকৰ অসমীয়ালৈ ভাঙনি "পদ-ভক্তি ৰত্নাকৰ" তেওঁৰ উল্লেখযোগ্য ৰচনা। কোনো কোনোৱে "টীকাভাষ্য" আৰু "গুৰু চৰিত" পুথি দুখনো ৰামচৰণ ঠাকুৰ ৰচিত বুলি ক'ব খোজে।

জীৱন কথা[সম্পাদনা কৰক]

মাজুলীৰ হোকোৰাকুছিৰ গয়পাণি কায়স্থই মহাপুৰুষ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি ৰামদাস নাম পায়। এওঁ মাধৱদেৱৰ ভনীয়েক উৰ্বশীক বিয়া কৰাইছিল। কথা-গুৰু-চৰিতৰ তথ্য মতে উৰ্বশীৰ নটা সন্তান উপজি নষ্ট হোৱাৰ পিছত ৰামচৰণৰ জন্ম হয়। ৰামচৰণৰ এমাহ হোৱাৰ পিছতে ভগ্নী উৰ্বশীয়ে ৰামচৰণক মাধৱদেৱৰ আগত আনি দিয়ে। ইয়াৰ কাৰণ ৰামদাসৰ উপৰিপুৰুষ হেকোৰাকুছিৰ ব্ৰাহ্মণৰ বৰুৱা বাবত আছিল। তেতিয়াই কিবা কথাত লাগি কোনো বাহ্মণে গোত্ৰসহ সাতপুৰুষলৈ বংশচ্ছেদ হওক বুলি শপিছিল। আগতে যি হ'ল তাক পাহৰি বৰ্তমানত ওপজা শিশুটিৰ মংগল চিন্তি মাধৱৰ আগত দিয়ে। মাধৱপুৰুষে নিজৰ গোত্ৰ ভাগিনিয়েকক দি ভনীয়েকক সুন্দৰীদিয়াত বাস কৰিবলৈ দিয়ে আৰু ৰামদাস তেতিয়াৰেপৰা পাটবাউসীত বাস কৰিবলৈ লয়। এওঁক মাধৱদেৱে লালন-পালন কৰা দেখি সকলোৱে “ঠাকুৰ' বুলি সম্বোধন কৰিবলৈ ধৰে।[1] ৰামচৰণে সৰুৰে পৰা মোমায়েক মাধৱদেৱৰ সৈতে একেলগে থাকি কাব্য, ব্যাকৰণ আৰু কায়স্থিকা-বৃত্তি পঢ়া-শুনা কৰি কৰিছিল। মাধৱদেৱ সুন্দৰীদিয়াত থাকোঁতে ভাগিনীয়েকক সংস্কৃত ভক্তি ৰত্নাকৰ আৰু ভক্তি ৰত্নাৱলী নিয়মীয়াকৈ পাঠ কৰিবলৈ দিয়াৰ লগতে পুথি নকল কৰা কামতো লগায়। কথা-গুৰুচৰিতৰ সাক্ষ্য মতে শংকৰ-মাধৱ তীৰ্থভ্ৰমণলৈ যোৱা কালত ৰামচৰণ আছিল চেঙেলীয়া ডেকা। ৰামচৰণে জীৱনৰ সৰহখিনি কাল কটাইছিল সুন্দৰৰীদিয়াত। এবাৰ কামৰূপেশ্বৰ ৰঘুনাৰায়ণ ৰজাৰ পৰা বিশেষ পীড়া পাই মহাপুৰুষ মাধৱদেৱে ভাগিনীয়েকক সুন্দৰীতে এৰি থৈ লক্ষ্মীনাৰায়ণৰ ৰাজ্য কোচবিহাৰৰ ভেলাডোৱাত থাকিবলৈ লয়। ৰামচৰণ সৰহদিন অকলে নাথাকি তেৱোঁ গৈ মোমায়েকৰ ওচৰ পালেগৈ। মোমায়েকে তেতিয়া তেওঁক হাজো, দখিণকূল, বৰনগৰ, বৰপেটা আৰু অসম ৰাজ্যত সিঁচৰতি হৈ থকা কীৰ্তনখনি সংগ্ৰহ কৰিবলৈ আদেশ দিয়ে। মোমায়েকৰ আদেশ মতে তেওঁ এবছৰৰ ভিতৰতে কীৰ্তন খনি সংকলিত কৰে। কালিৰাম মেধিয়ে ঠাকুৰৰ জন্ম-মৃত্যু কাল সাব্যস্ত কৰিছে ১৫২১-১৬০০ খ্ৰীষ্টাব্দৰূপে।[2]

ৰচনাৱলী[সম্পাদনা কৰক]

ৰামচৰণ ঠাকুৰে ৰচনা কৰা পুথিৰ ভিতৰত "কংস-বধ" নাটক আৰু শংকৰদেৱৰ সংস্কৃত ৰচনা ভক্তিৰত্নাকৰৰ অসমীয়ালৈ ভাঙনি <"পদ-ভক্তি ৰত্নাকৰ" কৰে। "শঙ্কৰ-মাধৱ-সংবাদ ৰূপে ভক্তি-ৰত্ন অথবা টীকাভাষ্য" নামৰ সৰু পুথি এখনো ৰামচৰণৰ নামত প্ৰচলিত আছে যদিও সমালোচকসকলে এয়া ৰামচৰণ ঠাকুৰৰ ৰচনা হয় নে নহয় সেই লৈ একমত নহয়।[2]

গুৰু চৰিত বা শঙ্কৰ-চৰিত বা বৰচৰিত[সম্পাদনা কৰক]

ৰামচৰণ ঠাকুৰৰ নামত বহুলভাবে প্ৰচলিত আন এখনি পুথি হ’ল – গুৰু চৰিত বা শঙ্কৰ-চৰিত বা বৰচৰিত। অৱেশ্যে এইখনৰ লেখক ৰামচৰণ ঠাকুৰ মাধৱৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ একেজন হয় নে নহয় তাকো লৈ ভিন্নমত আছে।

সমালোচকসকলৰ বহুতে চৰিতখনিক প্ৰথম লিখিত চৰিত পুথিৰ বুলি স্বীকাৰ কৰিছে। আনহাতে বহু সমালোচকে কেতবোৰ কাৰণত ইয়াক বেলেগ ৰামচৰণৰ ৰচনা বুলি প্ৰতিপ্ৰন্ন কৰিব খোজে। কিয়নো ৰামচৰণৰ পুত্ৰ দৈত্যাৰি ঠাকুৰে পিতাকৰ এখনি গুৰু চৰিত থকা সত্ত্বেও ‘ৰামচৰণত শুনিছো যিমত সবাকো আমি লিখিলোঁ’ (দৈত্যাৰি, পদ ১৭০৩) বুলি আন এখন শংকৰ-মাধৱৰ চৰিত পুথি ৰচনা কৰা কথাটোৱে বিমোৰত পেলাইছে। তাতকৈ ডাঙৰ কথা, ৰামচৰণ ঠাকুৰ যে প্ৰথম চৰিত পুথিকাৰ, এই কথাৰ কোনো ইঙ্গিতেই পুতেকে দিয়া নাই; বৰঞ্চ ‘নাহিকে আৰিহি’ (পদ ১৭০৫) বুলিহে স্পষ্ট ভাৱে ঘোষণা কৰিছে। চৰিত-পুথিখনৰ সন্দৰ্ভত বিদ্বৎ সকলৰ মাজত দুটা বিপৰীতধৰ্মী মত পোৱা যায়। প্ৰথম মত অনুসৰি– শংকৰ-চৰিত ৰামচৰণৰ লেখা নহয়। আই কনকলতাৰ আজ্ঞাপৰ কণ্টৰীৰ ৰামচৰণেহে ইয়াক কুঁহিয়াৰণিত বহি লুকাই লুকাই পুথিখনি ৰচনা কৰিছিল।”[2]

দ্বিতীয় মত ৰামচৰণ আৰু দৈত্যাৰি দুয়োজনেই দুখন চৰিত পুথি লিখিছিল। ৰামচৰণে লিখা চৰিত পুথিখনি কালিন্দী আয়ে এবাৰ চাবলৈ নিছিল। আই গোসানীৰ পৰা কোনোবা ভকতে সেইখনি চাবলৈ নি হেৰুৱালে অথবা লুকুৱাই থলে। ফলত দৈত্যাৰিয়ে চাব খোজা সময়ত তেওঁ সেইখনি বিচাৰি পোৱা নাছিল। তদুপৰি নাহিকে আৰিহি’ অকল দৈত্যাৰিয়ে লিখা নাই; দৈত্যাৰিৰ পৰৱৰ্তী চৰিতকাৰ ভূষণ দ্বিজেও তেওঁৰ চৰিত পুথিত ‘নাহিকে আৰিহি বুলিছে। গতিকে দ্বিতীয় মতৰ প্ৰবক্তাসকলে দৃঢ়ভাৱে ক’বলৈ বিচাৰে যে শংকৰ-চৰিতখন ৰামচৰণ ঠাকুৰৰে ৰচনা।[2]

পুথিখনিৰ সম্পাদক হৰিনাৰায়ণ দত্তবৰুৱাই এই গুৰুচৰিতখনি সম্পূৰ্ণভাৱে পাবলৈ নাই বুলি এনেদৰে উল্লেখ কৰিছে- "ৰামচৰণ ঠাকুৰৰ বিৰচিত ‘গুৰু-চৰিত’ সম্পূৰ্ণভাৱে পাবলৈ নাই। আজি প্ৰায় পঞ্চল্লিশ বছৰ আগত নগাঁৱৰ কলিয়াবৰ অঞ্চলৰ এখন সত্ৰত ‘ৰচৰিত’ এখন পোৱা হৈছিল, এতিয়া তাৰ নাম শুনা নাযায়। আমি অনুসন্ধান কৰি কেৱল ১ম-৫ম খণ্ডহে গুৰু-চৰিত’ পাইছে। ৬ষ্ঠ আৰু ৭ম খণ্ড ঠাকুৰ হলিৰাম মহন্তদেৱেহে সংগ্ৰহ কৰিছিল। সুন্দৰীদিয়া সত্ৰৰ দীননাথ অধিকাৰীদেৱৰ ঘৰত এখন ৰামচৰণ ঠাকুৰ বিৰচিত ‘গুৰু-চৰিত’ পোৱা হৈছে তাত কেৱল বেলগুৰিলৈকেহে লিখা আছে। আমি দুখন পুথি মিলাই এই ‘গুৰু-চৰিত’সম্পাদন কৰিলোঁ। "[3]

‘গুৰু-চৰিত’ পুথিখন সাতটা খণ্ডত বিভক্ত। চৰিতখনিত প্ৰথম খণ্ডত ৩০৫, দ্বিতীয় খণ্ডত ১০০৯, তৃতীয় খণ্ডত ৮৪৬, চতুৰ্থ খণ্ডত ৫০৮, পঞ্চম খণ্ডত ৭৮০, ৬ষ্ঠ খণ্ডত ৩০৪ আৰু সপ্তম খণ্ডত ৩৪৬টা পদ, মুঠতে চৰিতখনিত ৪০৯৮টা পদ আছে। ইয়াৰে অধিকসংখ্যক পদেই দ্বিপদী ছন্দ; কম সংখ্যকহে ত্ৰিপদী দুলড়ী, ছবি আৰু লেছাৰী ছন্দৰ। চৰিতখনে শংকৰদেৱৰ উপৰিপুৰুষসকলৰ বেহাৰ, কামৰূপ ৰাজ্য হৈ প্ৰবেশৰ পৰা আৰম্ভ কৰি, শ্ৰীমাধৱদেৱৰ সুন্দৰীদিয়া গমন, শংকৰদেৱৰ পৰিয়ালক বনগাগিৰিৰ উৎপীড়নলৈ সমস্ত ঘটনা প্ৰবাহ সামৰি লৈছে। চৰিতখনিৰ ভাষা সহজ, সৰল।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 চক্ৰৱৰ্তী,, মুকুল (ডিচেম্বৰ ২০১৬). গুৰু চৰিত আৰু শ্ৰী শ্ৰীচৈতন্যচৰিতামৃত তুলনামূলক অধ্যয়ন (প্ৰথম সংস্কৰণ সম্পাদনা). প্ৰকাশক গুৱাহাটী: নৰ-বীণা প্ৰকাশ. পৃষ্ঠা. ২৬-২৯. ISBN ৯৭৮-৮১-৯১০৮১৫-৭-২. 
  2. 2.0 2.1 2.2 2.3 বৰ্মন,, শিৱনাথ (জুন ১৯৯৭). অসমীয়া সাহিত্যৰ বুৰঞ্জী (দ্বিতীয় খণ্ড). প্ৰকাশক গুৱাহাটী: আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা. পৃষ্ঠা. ৪৮৫-৪৮৬. 
  3. দত্ত বৰুৱা (সম্পাদিত), হৰিনাৰায়ণ. ৰামচৰণ ঠাকুৰ বিৰচিত গুৰু চৰিত (১৩শ প্ৰকাশ, ১৯৮৭ সম্পাদনা). প্ৰকাশক গুৱাহাটী: দত্তবৰুৱা পাব্লিচিং কোং. পৃষ্ঠা. .০৪.