ভক্তি ৰত্নাকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভক্তি ৰত্নাকৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখনি এক-শৰণ ধৰ্মীয় গ্ৰন্থ। এই মূল্যৱান গ্ৰন্থখনি শংকৰদেৱে কামৰূপ কোঁচ ৰাজ্যত থাকোঁতে ৰচনা কৰিছিল; গ্ৰন্থখনিত ভাগৱত পুৰাণৰ নৱধা-ভক্তি আৰু গীতাৰ এক-শৰণ তত্ত্বক আন আন ধৰ্মীয়গ্ৰন্থৰ ভক্তিমূলক শ্লোকৰ সহিতে আলোচনা কৰা হৈছে। গ্ৰন্থখনৰ মূঠ অধ্যায় ৪২টা, যাক মাহাত্ম্য বুলি কোৱা যায়। ভক্তিৰত্নাকৰত শংকৰদেৱে গীতা, ভাগৱতৰ উপৰিও সাত্বত তন্ত্ৰ, স্কন্ধ পুৰাণ, নাৰদীয় পুৰাণ, ভূজংগ প্ৰয়াত, প্ৰবোধ চন্দ্ৰোদয় আদি অনেক গ্ৰন্থৰ সাৰ সংগ্ৰহ কৰি সন্নিবিষ্ট কৰিছে। এইখনি গ্ৰন্থক পৰৰ্ৱতীকালত মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰে অসমীয়া পদলৈ আৰু গোপালচৰণ দ্বিজে অসমীয়া গদ্যলৈ ভাঙনি কৰিছিল। গ্ৰন্থখনিত নৱধা ভক্তিৰ লগতেই নৰশৰীৰৰ মাহাত্ম্য, সাধুসংগ, ভাৰত প্ৰশংসা, ভক্তিৰ বেলেগ বেলেগ প্ৰকাৰৰ বিষয়ে মাহাত্ম্য আছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]