দৈত্যাৰি ঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দৈত্যাৰি ঠাকুৰ (ইংৰাজী: Daityari Thakur) শংকৰোত্তৰ যুগৰ এগৰাকী উল্লেখযোগ্য চৰিতকাৰ আৰু নাট্যকাৰ। তেওঁ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ ৰ জীৱনভিত্তিক চৰিতপুথি লিখাৰ লগতে একাধিক নাট ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁ দৈত্যাৰি ঠাকুৰ মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰৰ পুত্ৰ।[1]

বংশ পৰিচয়[সম্পাদনা কৰক]

দৈত্যাৰি ঠাকুৰ মাধৱদেৱৰ ভাগিন ৰামচৰণ ঠাকুৰৰ পুত্ৰ৷ ৰামচৰণৰ তিনি পুত্ৰ দৈত্যাৰি, ত্ৰিপুৰাৰি আৰু নৰহৰি৷ দৈত্যাৰি ঠাকুৰৰ দুগৰাকী পত্নী আছিল৷ প্ৰথমাৱস্থাত বৰপেটা সত্ৰৰ প্ৰথম সত্ৰীয়া মথুৰাদাস বুঢ়া আতাই তেওঁক সুন্দৰীদিয়া সত্ৰৰ মেধি পাতিছিল৷[2] পিছত পিতৃ ৰামচৰণৰ নিৰ্দেশত কাষৰীয়া ঠাই বামুণালৈ গৈ সত্ৰ পাতে৷ এইখনেই তেওঁ স্থাপন কৰা প্ৰথম সত্ৰ৷ ইয়াৰ পাছত তেওঁ জামলাই, মালচা, খেকাপাৰা, লুকী আদিত সত্ৰ পাতে৷ জীৱনৰ শেষ কালছোৱা তেওঁ কোচবেহাৰৰ মধুপুৰত বাস কৰিছিল৷[3]

দৈত্যাৰি ঠাকুৰৰ বংশলতা এনে ধৰণৰ:-

চক্ৰপাণি
হৰিসৰস্বতী
হৰিপাল
ৰামপাল
জয়পাল
কৃষ্ণপাল
কৃপাল
গয়াপাল বা ৰামদাস
ৰামচৰণ ঠাকুৰ
দৈত্যাৰি, ত্ৰিপুৰাৰি, নৰহৰি৷ গয়াপালৰ পত্নী উৰ্বশী মাধৱদেৱৰ ভনীয়েক আছিল৷

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

দৈত্যাৰি ঠাকুৰে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনক কেন্দ্ৰ কৰি “মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ চৰিত্ৰ’’ নামে এখনি চৰিত পুথি ৰচনা কৰে। এই পুথিখন তেওঁ বেহাৰৰ মধুপুৰ থাকোঁতে লিখিছিল৷ পুথিখন ৰচনা কৰোঁতে তেওঁ পিতৃ ৰামচৰণ ঠাকুৰ আৰু মধুপুৰ সত্ৰৰ প্ৰথমজন সত্ৰীয়া বুঢ়ীৰ পো গোবোন্দ আতৈৰ পৰা সহায় পাইছিল৷ পিছত এই পুথিখন হৰিবিলাস আগৰৱালাই ১৯০০ চনত ছপা কৰি প্ৰকাশ কৰে৷[4] সত্যেন্দ্ৰনাথ শৰ্মাঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত গ্ৰন্থত উল্লেখ কৰিছে যে "দৈত্যাৰি ঠাকুৰৰ চৰিত বহু পৰিমাণে নিৰ্ভৰযোগ্য, অতিপ্ৰাকৃত ঘটনাও বৰ বিশেষ নাই।"

ঠাকুৰ ৰচিত নাট দুখন হ'ল- নৃসিংহ যাত্ৰা আৰু স্যমন্ত হৰণ[4]। এই নাট দুখনৰ কলাকৌশলত বৰ বিশেষ গুৰুত্ব দেখিবলৈ পোৱা নাযায় যদিও গীতবোৰ যথেষ্ট আকৰ্ষণীয়।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 সত্যেন্দ্ৰনাথ শৰ্মা. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. 
  2. ৰায়চৌধুৰী, ড° ভূপেন্দ্ৰ (২০০৭). মথুৰাদাস বুঢ়া আতাৰ জীৱন সুৰভি. ৰেখা প্ৰকাশন. পৃষ্ঠা. ৯১. 
  3. ঠাকুৰ, দৈত্যাৰি (১৯৫৫ চন). মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধবদেৱ. দত্তবৰুৱা পাব্লিছিং প্ৰ: কো: লি:. 
  4. 4.0 4.1 দাস, দিগম্বৰ (১৯৯৫). বৰপেটাৰ বুৰঞ্জী. জীৱন-জেউতি প্ৰকাশন, বৰপেটা. পৃষ্ঠা. ১৩৩.