দেৱদাস বনজাৰে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
দেৱদাস বনজাৰে (সৎনামী)
জন্ম ১৯৪৭
সাংকৰা, ৰায়পুৰ, ছত্তীছগঢ়, ভাৰত
মৃত্যু ২০০৫
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা নৰ্তক
দাম্পত্যসঙ্গী ৰামবাই
অংশীদাৰ ফুলসিং বনজাৰে
ভাগৱতী বাই[1]

দেৱদাস বনজাৰে (ইংৰাজী: Devdas Banjare, ১৯৪৭ - ২০০৫): সৎনামী সকলৰ প্ৰধান নৃত্য পন্থীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰা এগৰাকী বিশিষ্ট নৰ্তক শিল্পী ।[1] ছত্তীছগঢ়ৰ প্ৰথম মঞ্চ শিল্পী।

জন্ম[সম্পাদনা কৰক]

দেৱদাস বনজাৰেৰ জন্ম ১ জানুৱাৰী ১৯৪৭ চনত মধ্য ভাৰতছত্তীছগঢ় ৰাজ‍্যৰ সাংকৰা নামৰ গাঁৱত হৈছিল। কিন্তু তেওঁ দুৰ্গ জিলাৰ ওমদা গাঁৱত ডাঙৰ - দীঘল হৈছিল। তেওঁৰ পিতৃৰ নাম ফুলসিং বনজাৰে আৰু মাতৃৰ নাম ভাগৱতী বাই আছিল। তেওঁৰ বাল‍্যকালৰ নাম আছিল জেঠু।

শিক্ষা[সম্পাদনা কৰক]

দেৱদাস বনজাৰেই ৰিচালী প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ভিলাই চেক্টৰ-১ হায়াৰ চেকেণ্ডেৰী বি. এচ. পি. স্কুলৰ পৰা ১৯৬৭ চনত মেট্ৰিক পাছ কৰে। ছত্তীছগঢ়ৰ প্ৰিয় খেল কাবাডীৰ তেওঁ ৰাজ‍্যস্তৰীয় চেম্পিয়ন আছিল।[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

দেৱদাস বনজাৰে এগৰাকী আন্তৰাষ্ট্ৰীয় পন্থী শিল্পী ৰূপে পৰিচিত। তেওঁ ১৯৭৩ চনৰ ১০ ফেব্ৰুৱাৰীত গুৰু ঘাসীদাস জন্মভূমি গিৰৌদপুৰীত অখিল ভাৰতীয় স্তৰত আয়োজিত মংগল গীত তথা পন্থী নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক অৰ্জন কৰে আৰু সৰ্বশ্ৰেষ্ঠ পন্থী নৰ্তক ৰূপে সন্মানিত হয়।[1] ১৯৭৪ চনত হবীব তনবীৰৰ দ্বাৰা ৰচিত নাটক চৰণদাস চোৰত কাম কৰাৰ লগতে নাটক ৱৰ্কচপৰ দ্বাৰা মহত্বপূৰ্ণ চহৰ ভ্ৰমণ কৰাৰ সুযোগ পাইছিল।[1] ২৬ জানুৱাৰী ১৯৭৫ চনত দিল্লীত আয়োজিত গণতন্ত্ৰ দিৱসছত্তীছগঢ় ইস্পাত মন্ত্ৰালয়ৰ হৈ প্ৰতিনিধিত্ব কৰা দেৱদাসৰ নৃত্য লাখ লাখ লোকে উপভোগ কৰিছিল।[2]

২১ মে ১৯৭৫ চনত ভূতপূৰ্ব ৰাষ্ট্ৰপতি মহামহিম ফকৰুদ্দিন আলি আহমেদে গণতন্ত্ৰ দিৱসৰ পেৰেডৰ প্ৰস্তুতিত আনন্দিত হৈ ৰাষ্ট্ৰপতি ভৱনলৈ প্ৰস্তুতিৰ অৰ্থে আমন্ত্ৰিত কৰে আৰু নিজ হাতে সোণৰ পদকেৰে সন্মানিত কৰিছিল।[2] তেওঁ ১৯৮২ চনত ভাৰত মহোৎসৱ লণ্ডনত, ১৯৮৫ চনত ভাৰত মহোৎসৱ পেৰিচ, যুৱ মেলা মস্কোত, ১৯৮৬ চনত ফ্ৰান্সত অনুষ্ঠিত ভাৰত মহোৎসৱত পন্থী নৃত্য প্ৰদৰ্শন কৰি ভাৰতৰ প্ৰতিনিধিত্ব কৰিছিল।[1] ইয়াত প্ৰভাৱিত হৈ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী মাননীয় ৰাজীৱ গান্ধীয়ে ৩১ জুলাইত নিজৰ শুভেচ্ছা পত্ৰ দি সন্মান জনাইছিল। ১৯৯০ চনত ইংলেণ্ড, জাৰ্মান, ফ্ৰান্সত আয়োজিত পেৰিচ তথা ডিজন মহোৎসৱত উৎকৃষ্ট কলা পন্থী প্ৰদৰ্শন কৰি ইণ্টাৰনেচনেল ডিজন ফেষ্টিভেল ৩০ ৰ খিতাপ অৰ্জন কৰিছিল।[1] তেওঁ ১৯৯১ চনত দিল্লী ৰাজহৰা ষ্টেডিয়ামত ২৫ ডিচেম্বৰত প্ৰতিভা সম্পন্ন ভূমিপুত্ৰ পদত সন্মানিত হোৱাৰ লগতে ১৯৯৩ ত সত্য দৰ্শন সংস্থান সৎনামী সমাজৰ দ্বাৰা ২৩ ডিচেম্বৰত সৎনামী সমাজ ৰত্নৰে সন্মানিত হয়।[1] তেওঁ গুৰু ঘাসীদাস বিশিষ্ট সেৱা পদক, গুৰুঘাসীদাস সামাজিক চেতনা পুৰস্কাৰ আদি লাভ কৰিছিল।

বনজাৰেই লণ্ডন, এডিনবাৰ্গ, কানাডা, হেম্বাৰ্গ, এষ্টাৰ্ডম, ৰোম, পেৰিচ, গ্লাছগো আৰু অষ্ট্ৰেলিয়াকে ধৰি বিশ্বৰ বহুকেইখন দেশ আৰু চহৰত পন্থী নৃত্য প্ৰদৰ্শন কৰি গৌৰৱ কঢ়িয়াই আনিছে।[1][2] তেওঁ বিশ্বৰ ৬৪ খন ঠাইত ভ্ৰমণ ও পন্থী নৃত্য প্ৰদৰ্শন কৰিছিল।[3]

তেওঁৰ জীৱন প্ৰথমৰ পৰাই বহুত কষ্ট আৰু অভাৱত অতিক্ৰম কৰিছিল। তেওঁৰ জীৱন কাহিনীক বিশিষ্ট সাহিত্যিক ড॰ পৰদেশী ৰাম বৰ্মাই আৰুগ ফুল নামৰ কিতাপত প্ৰকাশ কৰিছে।

মৃত্যু[সম্পাদনা কৰক]

২৬ আগষ্ট ২০০৫ চনত এক পথ দুৰ্ঘটনাত দেৱদাস বনজাৰেৰ মৃত্যু হয়।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 বনজাৰে (সৎনামী), দাদুৰাম (২০১৩). প্ৰতিষ্ঠা. সদৌ অসম সৎনামী সাহিত্য প্ৰকাশন সমিতি. পৃষ্ঠা. ৩০ - ৩৬. 
  2. 2.0 2.1 2.2 2.3 2.4 "अंतर्राष्ट्रीय ख्यातिप्राप्त पंथी नर्तक देवदास बंजारे". संजीव तिवारी. https://aarambha.blogspot.com/2007/06/blog-post_21.html?m=1। আহৰণ কৰা হৈছে: 3 August 2020. 
  3. বনজাৰে, দাদুৰাম (২০০৯). সৎনাম ধৰ্মৰ প্ৰতীক চিহ্ন "জয়ত খাম" (জয়স্তম্ভ) তাৎপৰ্য ও তপস্যা ভূমি গিৰৌদপুৰ ধামত সৰ্বোচ্চ ওখ জয়ত খাম নিৰ্মাণ. সদৌ অসম সৎনামী সাহিত্য প্ৰকাশন সমিতি. পৃষ্ঠা. ২৪.