উত্তৰকাশী জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উত্তৰকাশী জিলা
উত্তৰ কাশী, বাৰাহাট
—  জিলা  —
অন্য নাম: UKI
ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থান
ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থান
দেশ  ভাৰত
ৰাজ্য উত্তৰাখণ্ড
সংমণ্ডল গড়ৱল
সদৰ উত্তৰকাশী
মাটিকালি1451 km2claimed by China
 - মুঠ ৮,০১৬ কি.মি. 
(৩,০৯৫ বৰ্গ মাইল)
জনসংখ্যা
 - মুঠ ৩,৩০,০৮৬ জন
 - জনঘনত্ব ৪১ প্ৰতি বৰ্গ কি.মি. 
(১০৬.২ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
যানবাহনৰ নম্বৰ UK
ৱেবছাইট uttarkashi.nic.in

উত্তৰকাশী জিলা উত্তৰ ভাৰতউত্তৰাখণ্ড ৰাজ্যৰ গড়ৱল সংমণ্ডলৰ অন্তৰ্গত এখন জিলা। উত্তৰকাশী নগৰ এই জিলাৰ সদৰ ঠাই। বাৰকোট, ডুণ্ডা, ভাটৱাড়ী, চিন্যালী চৌৰ, পাৰোলা আৰু মোৰী এই জিলাৰ তহচিল।

উত্তৰকাশী জিলা হিমালয় পৰ্বতমালাত অৱস্থিত। এই জিলাৰ অন্তৰ্গত গংগোত্ৰীৰ পৰা গংগা নদী আৰু যমুনোত্ৰীৰ পৰা যমুনা নদীৰ উৎপত্তি ঘটে। এই জিলাত কেইবাটাও মঠ-মন্দিৰ আছে যিয়ে হাজাৰ হাজাৰ তীৰ্থযাত্ৰীক আকৰ্ষিত কৰে। এই জিলাৰ উত্তৰে হিমাচল প্ৰদেশ, উত্তৰ-পূবত তিব্বত, পূবে চামোলী জিলা, দক্ষিণ-পূবত ৰুদ্ৰপ্ৰয়াগ জিলা, দক্ষিণে তেহৰী গড়ৱাল জিলা আৰু পশ্চিমে দেৰাডুন জিলা অৱস্থিত।

বিধানসভা সমষ্টিসমূহ[সম্পাদনা কৰক]

  • পৰোলা (SC)
  • যমুনোত্ৰী
  • গংগোত্ৰী

জনগাঁথনি[সম্পাদনা কৰক]

উত্তৰকাশী জিলাৰ ধৰ্মসমূহ
ধৰ্ম শতাংশ
হিন্দু
  
৯৯.৪২%
মুছলমান
  
০.০৮%

২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰকাশী জিলাৰ জনসংখ্যা ৩৩,০০৮৬জন।[1] জনঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত ৪১জন (১১০ প্ৰতি বৰ্গ মাইল)।[2] লিংগ অনুপাত হৈছে প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৯৫৯ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ হৈছে ৭৫.৯৮%।[3]

ঐতিহাসিক জনসংখ্যা
বছৰ জনসংখ্যা ±%
1901 69,209
1911 77,429 +11.9%
1921 81,958 +5.8%
1931 89,978 +9.8%
1941 1,02,280 +13.7%
1951 1,06,058 +3.7%
1961 1,22,836 +15.8%
1971 1,47,805 +20.3%
1981 1,90,948 +29.2%
1991 2,39,709 +25.5%
2001 2,95,013 +23.1%
2011 3,30,086 +11.9%

ভাষা[সম্পাদনা কৰক]

উত্তৰকাশী জিলাৰ অধিকাংশ লোকেই গড়ৱলী ভাষা কয় যদিও ইয়াত হিন্দী ভাষাৰ বৰকৈ প্ৰচলন আছে।[4] তদুপৰি ইয়াত বঙালী, ভোজপুৰী, মাৰাঠী, পাহাৰী, নেপালী, পঞ্জাবী, উৰ্দু আদি ভাষাৰো প্ৰচলন আছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  2. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  3. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  4. C-16 Population By Mother Tongue – Uttarakhand (Report). Office of the Registrar General & Census Commissioner, India. http://www.censusindia.gov.in/2011census/C-16/DDW-C16-STMT-MDDS-0500.XLSX। আহৰণ কৰা হৈছে: 6 October 2019. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]