নগেন্দ্ৰ নাথ ভট্টাচাৰ্য্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত কনিষ্ঠ অভিযন্তা নগেন্দ্ৰ নাথ ভট্টাচাৰ্য্য নলবাৰী জিলা|নলবাৰী সমাজ জীৱনৰ এটি পৰিচিত নাম। ভট্টাচাৰ্য্যই সাহিত্য চৰ্চাত দেৰিকৈ হাত দিলেও তেখেতে ইতিমধ্যে কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ, জীৱনী, সাধুকথা, লিমাৰিক, হাস্য-ব্যংগ, একাংকিকা আদি বিভিন্ন বিষয়ৰ ২৮খন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। তেখেতৰ গ্ৰন্থ সমূহ পঢ়ুৱৈ সমাজত সমাদৃত হৈছে। তদুপৰি তেখেতৰ বিভিন্ন লিখনি প্ৰান্তিক, গিৰজনি, আমাৰ অসম, অসমীয়া প্ৰতিদিন, অগ্ৰদূত, লুইত জ্যোতি, আমাৰ নলবাৰী, আৰ্যশ্ৰী, নলশ্ৰী, দীপ-শিখা, জ্ঞান-জ্যোতি আদি কাকত-আলোচনীত প্ৰকাশ পাইছে।

জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

নগেন্দ্ৰ নাথ ভট্টাচাৰ্য্য ৰ জন্ম হৈছিল নলবাৰী জিলাৰ অন্তৰ্গত আঠঘৰীয়াৰ এক কুলীন ব্ৰাহ্মণ পৰিয়াল ত ১৯৩৩ খ্ৰী:ৰ ডিচেম্বৰ মাহৰ ১৭ তাৰিখ (১৩৪০ ভাস্কৰাব্দৰ পুহ মাহৰ ১ তাৰিখ)ত। তেখেতৰ পিতৃ স্বৰ্গীয় প্ৰিয়নাথ ভট্টাচাৰ্য্য আছিল এজন সমাজ সেৱক। মাতৃ স্বৰ্গীয়া ব্ৰজবালা দেৱী আছিল নলবাৰী জিলাৰ অন্তৰ্গত গুৱাকুছি গাৱঁৰ "বৰহাকিম" খ্যাত প্ৰয়াত ভগৱান চন্দ্ৰ শৰ্মা দলৈৰ জীয়ৰী। ভট্টাচাৰ্য্যৰ তিনি গৰাকী জ্যেষ্ঠ ভাতৃ আৰু দুগৰাকী জ্যেষ্ঠা ভগ্নী আছিল।

ভট্টাচাৰ্য্যই প্ৰথমিক শিক্ষা গ্ৰহণ কৰিছিল আঠঘৰীয়া প্ৰাথমিক বিদ্যালয়ত। হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে বৰভাগ কালাগ হাইস্কুলত। বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয় লৈ উন্নীত হৈছে। সেইখন স্কুলৰ পৰাই ভট্টাচাৰ্যই ১৯৫৪ খ্ৰী:ত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত আৰ্থিক অনাটনৰ পঢ়া সামৰি চাকৰি কৰিবলৈ লয়। অৱশ্যে চাকৰিৰ মাজতে নলবাৰী কলেজৰ নৈশ শাখাত পঢ়ি ১৯৬৭ খ্ৰী:ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬২ খ্ৰী:ত ডিংডিঙি গাঁৱৰ প্ৰয়াত প্ৰিয় নাথ শৰ্মাৰ প্ৰথমা কন্যা কিৰণ দেৱীৰ লগত ভট্টাচাৰ্যৰ বিবাহ সম্পন্ন হয়। বৈবাহিক জীৱনত তেখেত সকলে তিনিটা সন্তান লাভ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

ভট্টাচাৰ্য্যই নলবাৰী জিলা সাহিত্য সভা, নলবাৰী সাহিত্য সমাজ, আৰ্য সাহিত্য সভা, চ'কবজাৰ লেখক সভা, চ'কবজাৰ পাণ্ডাৰ থান বিষ্ণু যজ্ঞ, পাণ্ডাৰ থান শাৰদীয় দুৰ্গা পূজা, অসম পেন্সনাৰ সন্থা, নলবাৰী জিলা শাখা, গোপাল বজাৰ থিঅ'চফিকেল লজ, সিন্ধু পণ্ডিত মানসিক উন্নয়ন কেন্দ্ৰ, পূব উপৰ বৰভাগ শাৰদীয় দুৰ্গা পূজা (আঠঘৰীয়া), আঠঘৰীয়া বিষ্ণু মন্দিৰ আদি অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত নিবিড় ভাবে জড়িত হৈ আছে। তেখেত আৰ্য সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক।

ভট্টাচাৰ্য্যক অসম চৰকাৰে ২০০৮ খ্ৰীষ্টাব্দৰ ১৫ আগষ্টত সাহিত্যিক পেন্সন[1] দিয়ে। নলবাৰী জিলা সাহিত্য সভাই তেখেতক সম্বৰ্দ্ধনা গ্ৰন্থ প্ৰকাশ কৰি ২০১২ খ্ৰীষ্টাব্দৰ ৩০ ডিচেম্বৰত সম্বৰ্দ্ধনা দিয়ে। তদুপৰি ২০০৫ খ্ৰী:ৰ ডিচেম্বৰত দিল্লীৰ তালকোতৰা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দলিত সাহিত্য একাডেমিৰ ২১ সংখ্যক বাৰ্ষিক অধিৱেশনত ড: বি আৰ আম্বেদকাৰ নেচনেল ফেল'শ্বিপ এৱাৰ্ড ভট্টাচাৰ্য্যই লাভ কৰিছিল। ২০১৫  খ্ৰী: সেউজী সাহিত্য কানন, যজ্ঞভূমিয়ে তেখেতক সম্বৰ্দ্ধনা জনাইছিল। ইতিমধ্যে তেখেতে আন ভালেমান অনুষ্ঠান, প্ৰতিষ্ঠানৰ পৰাও সম্বৰ্দ্ধনা লাভ কৰিছে। তেখেত অসম সাহিত্য সভাৰ এজন আজীৱন সভ্য। জীৱন বোধৰ স্বকীয় চিন্তা-চৰ্চা আৰু অভিজ্ঞতাৰে ন-ন সাহিত্য সৃষ্টিত তেখেত ৰত হৈ আছে।

ভট্টাচাৰ্য্য আৰ্য সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক হোৱাৰ উপৰিও তিনিটা কাৰ্য কাল সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰ্যসাহিত্য সভাই ইতিমধ্যে ৰূপালী জয়ন্তী পালন কৰিছে। আনহাতে ভট্টাচাৰ্যই সদৌ অসম চৰকাৰী পেন্সনাৰ সন্থাৰ নলবাৰী শাখাৰ তিনিটা কাৰ্য কাল সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও এটা কাৰ্যকাল সভা পতিৰ দায়িত্ব পালন কৰিছিল। বৰ্তমান উপদেষ্টা হিচাপে সেৱা আগবঢ়াই আছে। শাখা সভাখনে ইতিমধ্যে সোণালী জয়ন্তী উৎসৱ পালন কৰিছে। তদুপৰি ভট্টাচাৰ্য্য "সিন্ধু পণ্ডিত মানসিক উন্নয়ন কেন্দ্ৰ"ৰ প্ৰতিষ্ঠা কালৰ আজীৱন সদস্য তথা এটা কাৰ্যকালৰ উপসভাপতি। বৰ্তমান কাৰ্যনিবাহক সমিতিৰ সদস্য হিচাপে সেৱা আগবঢ়াই আছে।

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • মহৎ লোকৰ বাণী (১৯৯২)
  • ফকৰা-যোজনা (১৯৯৪)
  • লোক-সংস্কৃতিৰ দৃষ্টিপাত (১৯৯৮)
  • মনোৰমা (কবিতা সংকলন, ১৯৯৯)
  • লিমাৰিক (লিমাৰিক সংকলন, ২০০০)
  • ৰামায়ণৰ সাধু (২০০০)
  • মহাভাৰতৰ সাধু (২০০১)
  • সাধু বিচিত্ৰা (২০০৫)
  • সাহিত্য একাডেমী বটা বিজয়ী বৰ অসমীয়া (জীৱনীগ্ৰন্থ, ২০০৬)
  • ৰাইজৰ পদূলিত (হাস্য-ব্যঙ্গ সংকলন, ২০০৭)
  • এৰা সুতিৰ গান (গল্প সংকলন, ২০০৭)
  • ৰং-বিৰঙৰ সাধু (২০০৭)
  • পদুমনিৰ সেউজ (শিশু উপন্যাস, ২০০৯)
  • সন্ধাতৰাৰ উচুপনি (চুটি গল্প সংকলন, ২০১০)
  • প্ৰেমৰ পৰিধি (কবিতা সংকলন, ২০১২)
  • অসম কুইজ (২০১২)
  • অসমীয়া ফকৰা-যোজনা (২০১৪)
  • আঠঘৰীয়াৰ মালিতা (২০১৫)
  • সাধুৰ কুকি (২০১৬)
  • হাঁহিৰ ৰহঘৰা (২০১৬)
  • বেয়া কথা নুশুনিবা-পিণ্ডদান (একাংকিকা, ২০১৭)
  • ন'বেল বঁটাপ্ৰাপক শ্ৰেষ্ঠ ভাৰতীয়া (২০১৭)
  • লোক-সংস্কৃতিত এভূমুকি (২০১৮)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]