ধুবুৰী-ফুলবাৰী দলং
| ধুবুৰী-ফুলবাৰী দলং | |
|---|---|
ছিগমেণ্ট লগাই থোৱা দৃশ্য (ফুলবাৰী) | |
| তদাৰক সংস্থা | উত্তৰ-পূব সীমান্ত ৰেলৱে |
| মুঠ দৈৰ্ঘ্য | প্ৰায় ২০ কিলোমিটাৰ |
| নিৰ্মাণকৰ্তা | জাপান আন্তৰ্জাতিক সহযোগিতা সংস্থা |
| নিৰ্মাণ শেষ হয় | ২০২৬ (আশা কৰা হৈছে) |
| নিৰ্মাণ ব্যয় | Rs. ৪৯৯৭ কোটি |
ধুবুৰী-ফুলবাৰী দলং হৈছে উত্তৰ-পূব ভাৰতৰ অসম আৰু মেঘালয়ৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নিৰ্মাণাধীন এখন দলং।[1]
ধুবুৰী-ফুলবাৰী দলংখন ২০২৬–২৭ চনৰ ভিতৰত সমাপ্ত কৰাৰ পৰিকল্পনা কৰা হৈছে, এয়া নদীৰ ওপৰত ভাৰতৰ দীৰ্ঘতম দলং আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১৯ কিলোমিটাৰতকৈ বেছি। বাংলাদেশ সীমান্তৰ নিচেই ওচৰত অৱস্থিত এই নিৰ্মাণাধীন দলংখন অসমৰ ধুবুৰীৰ সৈতে মেঘালয়ৰ ফুলবাৰীৰ লগত সংযুক্ত কৰিব, যিটো ১২৭ বি নং ৰাষ্ট্ৰীয় ঘাই পথৰ এক বিচ্ছিন্ন সংযোগ। সামৰিক কাম-কাজ ২০১৯-২০২০ ত আৰম্ভ হয়।[2][3] এই দলঙৰ কাম জাপান আন্তৰ্জাতিক সহযোগিতা সংস্থাৰ দ্বাৰা অৰ্থায়ন কৰা হৈ আছে আৰু এইটো এনএইচআইডিচিএল-ৰ দ্বাৰা কাৰ্যকৰ কৰা হ’ব। এইখন ভাৰতৰ ব্ৰহ্মপুত্ৰ নদৰ ওপৰত প্ৰস্তাৱিত ৬খন দলংৰ মাজত এখন৷[4]
নিৰ্মাণ
[সম্পাদনা কৰক]
এল এণ্ড টিয়ে এই প্ৰকল্পৰ নিৰ্মাণ চুক্তি অধিগ্ৰহণ কৰে, য’ত ধুবুৰী ফালে ৩.৫ কিলোমিটাৰ আৰু ফুলবাৰী ফালে ২.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১২.৬২৫ কিলোমিটাৰ এপ্ৰ’চ ভায়াডাক্টকে ধৰি এখন নেভিগেচন দলং থাকিব, যি দুয়োফালে এপ্ৰ’চ ৰোড আৰু ইণ্টাৰচেঞ্জৰ সৈতে সংযুক্ত হ’ব।[5]
প্ৰায় ৪৯৯৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই দলংখনে নদীৰ দুয়োপাৰৰ মাজত যাত্ৰা কৰিবলৈ ফেৰী সেৱাৰ ওপৰত নিৰ্ভৰশীল অসম আৰু মেঘালয়ৰ লোকসকলৰ দীৰ্ঘদিনীয়া চাহিদা পূৰণ কৰিব। ইয়াৰ জৰিয়তে পথেৰে যাতায়ত কৰিবলগীয়া ২০৫ কিলোমিটাৰ দূৰত্ব ১৯ কিলোমিটাৰলৈ হ্ৰাস পাব, যিটো দলংখনৰ মুঠ দৈৰ্ঘ্য।[6]
বৰ্তমান স্থিতি
[সম্পাদনা কৰক]২০২৫ চনৰ এপ্ৰিল মাহলৈকে ভাৰতীয় সংবাদ মাধ্যমে প্ৰায় ৫৯% কাম সম্পূৰ্ণ হোৱাৰ বাতৰি প্ৰকাশ কৰিছিল। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ তত্বাৱধানত এই প্ৰকল্পটো এন এইচ আই ডি চি এলৰ সক্ৰিয় ৰূপায়ণৰ অধীনত আছে। বৰ্তমানৰ পৰিকল্পনাসমূহে ২০২৮ চনৰ শেষৰ ফালে চূড়ান্ত সম্পূৰ্ণতা আৰু মুকলি কৰাৰ লক্ষ্য ৰাখিছে।[7]

বৈশিষ্ট্য
[সম্পাদনা কৰক]- দৈৰ্ঘ্য: ১৯.৩ কিঃমিঃ
- ভাৰতৰ দীৰ্ঘতম দলং
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Ifrah Mufti. "India’s longest bridge set to come up between Assam & Meghalaya, impact millions of lives". theprint.in. https://theprint.in/tag/dhubri-phulbari-bridge/। আহৰণ কৰা হৈছে: 19 August 2020.
- ↑ "Dhubri Fulbari Bridge Abou". jagranjosh.com. Archived from the original on 24 January 2022. https://web.archive.org/web/20220124202418/https://m.jagranjosh.com/। আহৰণ কৰা হৈছে: 25 January 2022.
- ↑ "DPR for 12.6-km Dhubri-Phulbari bridge submitted https://www.sentinelassam.com/top-headlines/dpr-for-12-6-km-dhubri-phulbari-bridge-submitted/?infinitescroll=1". sentinelassam.com. Sentinel Digital Desk https://www.sentinelassam.com/top-headlines/dpr-for-12-6-km-dhubri-phulbari-bridge-submitted/?infinitescroll=1. https://www.sentinelassam.com/top-headlines/dpr-for-12-6-km-dhubri-phulbari-bridge-submitted/?infinitescroll=1। আহৰণ কৰা হৈছে: 19 August 2020.
- ↑ Fencing to be over by December: Sonowal
- ↑ https://themetrorailguy.com/dhubri-phulbari-bridge-status-update-news-design/
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;PIBনামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "Dhubri Phulbari Bridge, Length, Estimated Cost, Latest News" (en-IN ভাষাত). https://vajiramandravi.com/current-affairs/dhubri-phulbari-bridge/। আহৰণ কৰা হৈছে: 2025-06-29.
| |||||
| ৱিকিমিডিয়া কমন্সত ধুবুৰী-ফুলবাৰী দলং সম্পৰ্কীয় মিডিয়া ফাইল আছে। |