ভাগৱত আচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পৰিচয়[সম্পাদনা কৰক]

উত্তৰ-শংকৰী যুগ ৰ এগৰাকী প্ৰসিদ্ধ লেখক ভাগৱত আচাৰ্য। তেওঁ নিজকে শ্ৰী শ্ৰী হৰিদেৱ ৰ শিষ্য বুলি পৰিচয় দি থৈ গৈছে। সত্যেন্দ্ৰনাথ শৰ্মাঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ত ভাগৱত আচাৰ্য সম্ভৱতঃ তেওঁৰ উপাধি বুলিহে উল্লেখ কৰিছে। ভাগৱত আচাৰ্যৰ পিতৃৰ নাম হৰিমিশ্ৰ। তেখেতে কথাসূত্ৰ, সাত্বত-তন্ত্ৰ আৰু গীতাসাৰ এই তিনিখন গ্ৰন্থ ৰচনা কৰে।[1]

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ আদি ভাগতে তেখেতে কথাসূত্ৰ, সাত্বত-তন্ত্ৰ, আৰু গীতাসাৰ গ্ৰন্থ ৰচনা কৰে।[1]

কথাসূত্ৰ[সম্পাদনা কৰক]

এই গ্ৰন্থখনত ভাগৱত ৰ প্ৰতিটো স্কন্ধৰ কথাবোৰ সংক্ষিপ্ত ৰূপত বৰ্ণনা কৰা হৈছে। কথাসূত্ৰ গ্ৰন্থখন সমগ্ৰ ভাগৱতৰ সাৰস্বৰূপ।[1]

সাত্বত-তন্ত্ৰ[সম্পাদনা কৰক]

এই গ্ৰন্থখন সংস্কৃত সাত্বত-তন্ত্ৰৰ অনুবাদ। সাত্বত-তন্ত্ৰ গ্ৰন্থখন বৈষ্ণৱ ভক্তিতত্ত্ব সম্পৰ্কীয় গ্ৰন্থ। এই গ্ৰন্থখনত বিৰাট পুৰুষৰ উৎপত্তি, ভাগৱতী আৰু নিগুণা ভক্তিৰ লক্ষণ, নামৰ মহিমা আৰু অপৰাধ আদি ভক্তি সম্পৰ্কীয় তত্ত্বৰ বিৱৰণ পোৱা যায়।[1]

গীতাসাৰ[সম্পাদনা কৰক]

গীতাসাৰ গ্ৰন্থখনত শ্ৰীমদ্ভগৱতগীতা ৰ সাৰাংশ পদত বৰ্ণনা কৰিছে। এই গ্ৰন্থখন শ্ৰীমদ্ভাগৱত গীতাৰ সাৰস্বৰূপ।[1]

সাহিত্যিক বৈশিষ্ট্য[সম্পাদনা কৰক]

ভাগৱত আচাৰ্য ৰ ৰচনাসমূহ নিৰীক্ষণ কৰিলে প্ৰথমতেই চকুত পৰা বৈশিষ্ট্যটো হ'ল: লেখকৰ পাণ্ডিত্য আৰু থোৰতে কথা প্ৰকাশ কৰিব পৰাৰ শক্তিশালী দক্ষতা।[1]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 ড০ সত্যেন্দ্ৰনাথ শৰ্মা (২০১১,দশম সংস্কৰণ). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত.