অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত  
লেখক সত্যেন্দ্ৰনাথ শৰ্মা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী বিষয়ক গ্ৰন্থ
প্ৰকাশ ৮, ১২, ১৯৮১
মিডিয়া প্ৰকাৰ মুদ্ৰণ

অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত হৈছে সত্যেন্দ্ৰনাথ শৰ্মাৰ দ্বাৰা ৰচিত অসমীয়া ভাষা সাহিত্যৰ ইতিহাস বিষয়ক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ৷[1]গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৮১ চনত৷ এই গ্ৰন্থখনক অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সংক্ষিপ্ত বুৰঞ্জী বুলি অসমীয়া সাহিত্যত স্বীকৃতি দিয়া হৈছে৷ গ্ৰন্থখনৰ দশম সংস্কৰণত মুঠ সপ্তদশ অধ্যায় আছে৷ দশম সংস্কৰণটো প্ৰকাশ কৰিছে সৌমাৰ প্ৰকাশে৷ মুঠ পৃষ্ঠা-৪৯৬

বিষয়বস্তু[সম্পাদনা কৰক]

  • প্ৰথম অধ্যায়ঃ অসমীয়া ভাষাৰ উৎপত্তি আৰু সাহিত্যৰ যুগ বিভাগ
  • দ্বিতীয় অধ্যায়ঃ মৌখিক লোক সাহিত্য
  • তৃতীয় অধ্যায়ঃ চৰ্যাপদ আৰু অন্যান্য ৰচননা
  • চতুৰ্থ অধ্যায়ঃ প্ৰাক্শংকৰী যুগৰ সাহিত্য
  • পঞ্চম অধ্যায়ঃ বঙলা অসমীয়া উমৈহতীয়া সাহিত্য
  • ষষ্ঠ অধ্যায়ঃ বৈষ্ণৱ সাহিত্য
  • সপ্তম অধ্যায়ঃ বৈষ্ণৱ আন্দোলনৰ প্ৰভাৱমুক্ত কবি আৰু সাহিত্য
  • অষ্টম অধ্যায়ঃ বৈষ্ণৱ সাহিত্যঃ শংকৰী যুগ
  • নৱম অধ্যায়ঃ বৈষ্ণৱ সাহিত্যঃ শংকৰোত্তৰ যুগ
  • দশম অধ্যায়ঃ বিস্তাৰ আৰু অৱসাদ কাল (খ্ৰীঃ১৭০০-১৮২৬)
  • একাদশ অধ্যায়ঃ বৰ্তমান যুগ
  • দ্বাদশ অধ্যায়ঃ হেমচন্দ্ৰ গুণাভিৰামৰ অভ্যুদয়
  • ত্ৰয়োদশ অধ্যায়ঃ ৰমন্যাসৰ যুগ
  • চতুৰ্দশ অধ্যায়ঃ কাব্য-সাহিত্য
  • পঞ্চদশ অধ্যায়ঃ আধুনিক নাটকৰ উৎপত্তি আৰু বিকাশ
  • ষোড়শ অধ্যায়ঃ গদ্য সাহিত্য
  • সপ্তদশ অধ্যায়ঃ উত্তৰ স্বাধীনতা কালৰ সাহিত্য
  • পৰিশিষ্টঃ গীতি সাহিত্য, শিশু সাহিত্য, সংবাদপত্ৰ আৰু আলোচনী, অসমীয়া লিপি, অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ কালানুক্ৰমণিকা

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  1. সমীন্দ্ৰ হুজুৰি. "অসমীয়া প্ৰগতিশীল কবিতাৰ উন্মেষ-কালৰ কিছু কথা". বৌদ্ধিক বিচাৰ. Archived from the original on 14 August 2019. https://web.archive.org/web/20190814164143/http://bouddhikbichar.com/asomiya-pragatisheel-kabitar-unmekh-kalar-kisu-katha/। আহৰণ কৰা হৈছে: 14 August 2019.