সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২০

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
নৱম বৰ্ষ | আগষ্ট | ২০২০ | অষ্টম সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি বিশেষ সম্পাদনা কৰক

সৰোজ খান

অসমীয়া ৱিকিপিডিয়াত তেওঁৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক৷
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
ৱিকিমিডিয়ান: হানিফ আলী
আমাৰ অতি আদৰৰ বিহু উৎসৱটি এইবেলি পালন নকৰাকৈ থকাৰ বেদনা কেৱল অসমীয়াইহে জানে! অৱশ্যে বাধ্যত পৰিহে এইবেলি আমি ত্যাগ দিবলগীয়া হৈছে। সেই তেতিয়াৰে পৰাই মনৰ মাজত লুকাই থকা অবুজ সুখটো কোনোবাই কাঢ়ি লোৱা যেন অনুভৱ হৈছে। প্ৰতি বছৰৰ দৰে যদিও মনত তেনে আনন্দ নাই, তথাপি মোৰ তৰফৰ পৰা সকলো অসমবাসী তথা বিশ্ববাসীলৈ পবিত্ৰ ঈদ-উল-আজহাৰ হিয়াভৰা শুভেচ্ছা যাচিলোঁ।

পৃথিৱীত জন্ম লাভ কৰা তিনিমাহৰ কেঁচুৱাৰ দৰে ময়ো ৱিকিপিডিয়াৰ তিনি-চাৰি মাহমান বয়সৰ এজন সদস্য। ইমান কম সময়ত মনৰ কথা লিখিবলৈ পাই অতিকৈ সুখ অনুভৱ কৰিছোঁ। যদিও গধুৰ কথাৰে মনৰ ভাব প্ৰকাশ কৰাৰ ক্ষমতা মোৰ নাই, তথাপিও মোৰ অসমীয়া ৱিকিপিডিয়ালৈ যাত্ৰাৰ দুআষাৰ –

২০১৭ চনৰ জানুৱাৰী মাহত এজন ব্যক্তিৰ বিষয়ে জানিবৰ বাবে গুগলত সন্ধান কৰিছিলোঁ। নামটোৰ লগতে Wikipedia বুলিও লিখা আহিল। তাত ক্লিক কৰি সেই ব্যক্তিজনৰ বিষয়ে পঢ়িলোঁ। পিছে ইংৰাজী ভাষাত বুজিবলৈ মোৰ বাবে কঠিন আছিল। তেতিয়াই বাঁওফালে ‘ভাষা’ নামৰ এটা বুটাম দেখিলোঁ, তাত ক্লিক কৰি বঙালী ভাষাটো চিলেক্ট কৰি কেইবাটাও পঢ়িলোঁ। তাৰ পিছৰ পৰাই কিবা জানিবলৈ হ’লে পোনপটীয়াকৈ ৱিকিত সোমাই যাওঁ। তেতিয়াৰ পৰাই ভাবিবলৈ ধৰিলোঁ যে, এই প্ৰবন্ধবোৰ কোনে লিখিছে? পিছে বঙালী ভাষাত পঢ়ি তেনে তৃপ্তি পোৱা নাছিলোঁ। ২০১৮ চনত অসমীয়া ভাষাত সন্ধান কৰি দেখিলোঁ যে অসমীয়াতো বহুখিনি পোৱা যায়। কিন্তু বেছিভাগেই নাই! পাচপাকতে বেটুপাতলৈ আহি ৱিকিপিডিয়াৰ বিষয়ে অলপ জানিলোঁ আৰু বুজি পাইছিলোঁ যে, তাত সকলোৱেই সম্পাদনা, লিখা-মেলা কৰিব পাৰে। পিছে সেই বঙালী ৱিকিপিডিয়াৰ একাউণ্টটোৰেই লগ ইন কৰিলোঁ। কিন্তু একো লিখিব নোৱাৰিলোঁ। কেনেকৈ লিখে, কি লিখে একো বুজি পোৱা নাছিলোঁ। কেৱল এইখিনিহে গম পাইছিলোঁ যে সকলোৱে লিখিব পাৰে। গতিকে মই কেৱল প্ৰয়োজনীয় প্ৰবন্ধবোৰ পঢ়ি গৈ থাকিলোঁ।

দুটাকৈ বছৰ পাৰ হৈ গ’ল, অৰ্থাৎ ২০২০ চন আহিল। এতিয়াও অসমীয়াত বহুত প্ৰবন্ধ বিচাৰি পোৱা নাই। মই ভাবিলোঁ! পামনো কেনেকৈ? মোৰ দৰে সকলোৱে বহি থাকিলে কেনেকৈ বিচাৰি পাম? পিছে ২০২০ চনৰ ১৪ জানুৱাৰীত এটা পৃষ্ঠা সৃষ্টি কৰিবলৈ চেষ্টা কৰিলোঁ। এদিনাখন এটা পৃষ্ঠাৰ দুটা শাৰী অনুবাদ কৰি থৈ দিলোঁ। অলপ পৰৰ পিছত ই-মেইল এটা আহিল যে, 'পাণবজাৰ' নামৰ পৃষ্ঠাটো অজয় দাসৰ দ্বাৰা স্থানান্তৰ কৰা হ’ল। তেতিয়া মই অজয় দাসৰ লগত যোগাযোগ কৰিলোঁ আৰু ৱিকিপিডিয়াৰ বিষয়বোৰ এটা দুটাকৈ শিকিবলৈ ধৰিলোঁ। ৱিকিপিডিয়াত কাম কৰাৰ বাবে অজয় দাসে মোক বৰকৈ সহায় কৰিছে। যদিও এতিয়াও বহুত শিকিবলৈ বাকী আছে। অৱশ্যে আজিকালি শিকিবলৈও বৰ সহজ হৈ গৈছে। যেনেঃ ইউটিউব ভিডিঅ’, হোৱাটচএপ গ্ৰুপ, ফেচবুক গ্ৰুপ ইত্যাদি ছ’চিয়েল মিডিয়াৰ দ্বাৰা বৰ সহজে শিকিব পৰা যায়। শেহতীয়াকৈ মই হোৱাটচএপৰ দ্বাৰা ৱিকিউৎস-ত কাম কৰা শিকিলোঁ। এই ক্ষেত্ৰত ভাস্কৰ দা, গীতাৰ্থ দা, অজয় দাস আৰু কেইবাজনেও সহায় আগবঢ়াইছে।

অসমীয়া ৱিকিপিডিয়াত লৈংগিক ব্যৱধানৰ উন্নতি কৰা আৰু দক্ষিণ এছিয়াৰ নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে ১ ফেব্ৰুৱাৰী ২০২০ - ৩১ মাৰ্চ ২০২০ লৈ অনুষ্ঠিত হোৱা অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা ( ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০) -ত অংশ গ্ৰহণ কৰিলোঁ। তাত অংশগ্ৰহণ কৰি মই ৩১টা নতুন প্ৰবন্ধ সৃষ্টি কৰি তৃতীয় স্থানত আছিলোঁ। য’ত প্ৰথম স্থানত আছিল – অজয় দাস, দ্বিতীয় স্থানত- ঈশান জ্যোতি বৰা। এই প্ৰতিযোগিতাই মোৰ মনত বৰকৈ আগ্ৰহ জগাই তুলিছিল। যদিও নতুন সদস্য হৈ প্ৰতিযোগিতা কৰা মোৰ বাবে ইমান সহজ নাছিল। তথাপিও বহু ভুল-ত্ৰুটিৰ মাজেৰে আগবাঢ়ি গৈ আছিলোঁ।

মোৰ এনে কাম চাই বহুতে প্ৰশ্ন কৰে, “ৱিকিপিডিয়াত কাম কৰি তোমাৰ কি লাভ?” মই তেওঁলোকক এটাই উত্তৰ দিওঁ যে, ঘৰৰ কাম যিদৰে বাহিৰৰ মানুহে নকৰে আৰু ঘৰৰ কাম কৰোঁতে কোনোবাই লাভ-লোকচান নেদেখে ঠিক সেই দৰে এই কামটোও ঘৰৰ কামৰ নিচিনা। আজিলৈকে আমাৰ অসমীয়া ৱিকিত ২০০-ৰ অধিক সদস্য দেখিবলৈ পোৱা যায়। কিন্তু তাৰ ভিতৰত সক্ৰিয় সদস্য অতি কম। বাকী একাউণ্ট বিলাক এনেই পৰি আছে। যদি প্ৰতিজন সদস্যই মাহত এটাকৈয়ো প্ৰবন্ধৰ সৃষ্টি কৰে তেন্তে মাহত ২০০ৰো অধিক প্ৰবন্ধ হৈ যাব। তেন্তে অসমীয়া ৱিকিপিডিয়াই উন্নতি কৰোঁতে কিমান দিন লাগিব?

সদৌ শেষত মই তেওঁলোকক আহ্বান জনাওঁঁ, যিসকলে বিচাৰিলে এতিয়াও আমাক সহায় কৰিব পাৰে। সহায় আগবঢ়াব পাৰে অসমীয়া জাতিলৈ। সহায় কৰিব পাৰে ইণ্টাৰনেট জগতত অসমীয়া ভাষাৰ উন্নতি কৰিবলৈ। বেছিকৈ নোৱাৰিলেও প্ৰতি মাহে এটা নতুন প্ৰবন্ধ লিখি বা অনুবাদৰে অসমীয়া ভাষাক ইণ্টাৰনেটৰ জগতত সমৃদ্ধ কৰক। সকলোকে ধন্যবাদ জনাই মোৰ মনৰ কথা ইয়াতেই সামৰিছোঁ।

জয় হিন্দ

জয় আই অসম।

হানিফ আলী (talk) 12:01, 31 July 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
বিল গেটছ

উইলিয়াম হেনৰি গেটছ তৃতীয় হৈছে এগৰাকী আমেৰিকান পুঁজিপতি, ছফ্টৱেৰ নিৰ্মাতা, বিনিয়োগকাৰী, আৰু মানৱমিত্ৰ। মাইক্ৰ'ছফ্টৰ সহ-প্ৰতিষ্ঠাতা হিচাপে তেখেত জনাজাত। মাইক্ৰ'ছফ্টত কৰ্মনিৰ্বাহ কৰি থকাৰ সময়ত তেখেত অধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া, সভাপতি, মুখ্য ছফ্টৱেৰ স্থপতিৰ পদত অধিষ্ঠিত হৈছিল। ১৯৭০-৮০ৰ সময়ছোৱাত ঘৰুৱা কম্পিউটাৰ (মাইক্ৰ'কম্পিউটাৰ) বিপ্লৱৰ তেখেত এগৰাকী প্ৰভাৱশালী উদোগী আৰু অগ্ৰণী ব্যক্তি।

ৱাশ্বিংটনৰ ছিয়াটলত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা বিল গেটছে তেওঁৰ বাল্যবন্ধু প'ল এলেনৰ লগলাগি ১৯৭৫ চনত, নিউ মেক্সিকোৰ আলবুকাৰ্কত মাইক্ৰছ'ফ্টৰ সহ-প্ৰতিষ্ঠা কৰে। পৰৱৰ্তী পৰ্যায়ত সেইটো পৃথিৱীৰ সৰ্ববৃহৎ ছফ্টৱেৰ কোম্পানী হিচাপ পৰিগণিত হয়। ২০০০ চনৰ জানুৱাৰীলৈকে বিল গেটছে কোম্পানীৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব পালন কৰে। তাৰপিছত তেখেতে মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰে, কিন্তু অধ্যক্ষ হিচাপে কৰ্মনিৰ্বাহ কৰি থাকে আৰু পাছলৈ মুখ্য ছফ্টৱেৰ স্থপতিৰ পদত বহে।

প্ৰবন্ধটি ইয়াত বিতংকৈ পঢ়ক

এপ্ৰিল মাহৰ ভাল প্ৰবন্ধ ক'ৰণা ভাইৰাছ ৰোগ ২০১৯ৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
জুলাই-২০২০ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ৯৬

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. মেলিণ্ডা গেটছ
  2. বিল গেটছ
  3. তেৎছুকো কুৰ'য়ানাগি
  4. জাৰেড ডায়মণ্ড
  5. গৰ্গ চট্টোপাধ্যায়

অন্যান্য

  1. কলমকাৰী
  2. সোন বিল

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. ৰাশী খান্না
  2. জগদীপ
  3. কবীৰ
  4. তুকাৰাম
  5. প্ৰিয়ামণি
  6. জৰ্জ বেকাৰ
  7. জিৎ (অভিনেতা)
  8. সায়েশা সৈগল
  9. সুধীন দাশগুপ্ত
  10. নাছিৰুদ্দিন শ্বাহ
  11. প্ৰভাত মুখাৰ্জী
  12. নন্দিতা স্বেতা
  13. বৈষ্ণৱী মহন্ত
  14. ৰশ্মিকা মন্দান্না

অন্যান্য

  1. মধুবানী চিত্ৰশিল্প
  2. ৱৰ্লি চিত্ৰকলা
  3. কুটিল লিপি
  4. গুপ্তলিপি
  5. শ্যাম সুন্দৰ টিলা
  6. নাছিৰনগৰ আশুতোষ পাইলট হাইস্কুল
  7. সৎনামী বিদ্ৰোহ
  8. বাংলা পক্ষ
  9. বনশ্ৰী সেনগুপ্ত

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. চুনী গোস্বামী
  2. চুৰেম্‌ফা
  3. চুণ্যেউফা
  4. চুহিত্পংফা
  5. চুক্লিংফা
  6. উদয়ন দুৱৰা
  7. প্ৰভাত শৰ্মা
  8. পৰমানন্দ মজুমদাৰ
  9. বিজয় চৌধুৰী
  10. মিনীমাতা
  11. জীতু-তপন
  12. ৰিপুঞ্জয় বৰদলৈ
  13. অখিল ৰঞ্জন দত্ত
  14. ৰসেশ্বৰ শইকীয়া বৰবায়ন
  15. সত্যৰঞ্জন বৰা
  16. ভবেন দাস
  17. ৰুদ্ৰ কন্দলী
  18. দৈত্যাৰি ঠাকুৰ
  19. কবিৰাজ চক্ৰৱৰ্তী

চলচ্চিত্ৰ

  1. বকুল (চলচ্চিত্ৰ)
  2. পৰিণাম
  3. বৃষ্টি (চলচ্চিত্ৰ)
  4. হলধৰ (চলচ্চিত্ৰ)
  5. মীমাংসা (চলচ্চিত্ৰ)
  6. সন্তান
  7. খোজ
  8. কাঁচঘৰ
  9. বনহংস
  10. শ্ৰীমতী মহিমাময়ী
  11. আলোকৰ আহ্বান
  12. বান (চলচ্চিত্ৰ)
  13. আদালত (চলচ্চিত্ৰ)

গ্ৰন্থ বিষয়ক

  1. অশান্ত ইলেকট্ৰন
  2. কুঁহিপাঠ
  3. মামৰে ধৰা তৰোৱাল
  4. ভাষা-বিজ্ঞান (গ্ৰন্থ)
  5. গান্ধীক কিয় হত্যা কৰিলো?
  6. নীলকণ্ঠী ব্ৰজ
  7. আধা লেখা দস্তাবেজ
  8. ছিন্নমস্তাৰ মানুহটো

অন্যান্য

  1. দেৱী দৌল
  2. চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়
  3. নাহৰকটীয়া মহাবিদ্যালয়
  4. চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়
  5. দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়
  6. দেৱৰাজ ৰয় মহাবিদ্যালয়
  7. বুঢ়াগোহাঞি
  8. বৰপাত্ৰগোহাঞি
  9. ন-খোৱা উৎসৱ
  10. বিচানকুছি

সানমিহলি

  1. চুটি গল্প
  2. গুৰু পূৰ্ণিমা
  3. ঘাসীদাস
  4. নাগপঞ্চমী
  5. ধাতু আৰু অধাতু
  6. ধ্বনিতত্ত্ব
  7. ধ্বনিবিজ্ঞান
  8. এলজিবিটি সমাজ
  9. এলজিবিটি প্ৰতীক
  10. কৌপাত
  11. তৰাগছ
  12. আখৈ
  13. জৈতখাম (জয় স্তম্ভ)
  14. কেনোপনিষদ
  15. মেচাকি
  16. বালকদাস
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
কলিকতাৰ ভাৰতীয় সংগ্ৰহালয়ত থকা অসমৰ মুখা শিল্পৰ নমুনা। চিত্ৰত কাগজ, কাপোৰ, মাটি আৰু তাল পাতেৰে সজা গৰুড়ৰ মুখা দেখা গৈছে।
আলোকচিত্ৰশিল্পী: Xopolino
উল্লেখনীয় ৱিকিমিডিয়ান

অনামিকা বৰুৱা: ২০১২ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। তিনিচুকীয়াৰ এই ৱিকিমিডিয়ান গৰাকী বৰ্তমান ডাক বিভাগত কৰ্মৰত। অসমীয়া ৱিকিউৎসত তেওঁৰ সম্পাদনাৰ সংখ্যা ৪,৫১১ আৰু ৱিকিপিডিয়াত সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৩৯। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ ইংৰাজী ৱিকিপিডিয়া, ৱিকিউৎস আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ৫,২৫৮টা সম্পাদনা কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “অক্লান্ত কৰ্মী পদক”, “ৱিকিউৎস পদক” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
অনামিকা বৰুৱা
অক্লান্ত কৰ্মী পদক
কুলধৰ ৰাভা







উল্লেখনীয় কাম সম্পাদনা কৰক


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অম্লান বসুমতাৰী১১৫১৮৪১- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
মৃদুল কুমাৰ শৰ্মা-১১২৮-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা৩৮৪১১৭৩-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কৃষ্ণা কুৰি১৩৩-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত৪৩৫২৬- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চাণক্য কুমাৰ দাস১৮৫-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য৪৩৫--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনামিকা বৰুৱা১৬৩২-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰদ্যুৎ প্ৰতীম দত্ত-৫২৮-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০অনিমেষ বৰা২১২-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১চন্দন চিৰিং ফুকন১৯৫-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২বিশ্বজিৎ বৈশ্য১৬৪-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩হানিফ আলী২২৬-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।