সৎনামী বিদ্ৰোহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৎনামী বিদ্ৰোহ
তাৰিখ ১৬৭২
স্থান
নাৰনল, পঞ্জাব
কাৰণ জিজিয়া কৰৰ বিৰুদ্ধে সৎনামীসকলৰ বিৰোধিতা
ফলাফল মোগলৰ হাতত সৎনামীসকলৰ পৰাজয়

সৎনামী বিদ্ৰোহ (ইংৰাজী: Satnami Rebellion) হৈছে সৎনাম পন্থৰ অনুগামী সৎনামীসকলে ১৬৭২ চনত মোগল সম্ৰাট ঔৰংজেৱৰ বিৰুদ্ধে কৰা এক বিদ্ৰোহ। সৎনামী (সত্য নাম বা ঈশ্বৰৰ পূজাৰী)সকল আছিল এক ভক্তিবাদী হিন্দুধৰ্মীয় সম্প্ৰদায়। বৈষ্ণৱসকলৰ দৰে বৈৰাগীৰ বেশত থকা এই লোকসকলে কবীৰৰ দৰে একেশ্বৰবাদী আছিল আৰু ধৰ্মীয় আনুষ্ঠানিকতা আৰু অন্ধবিশ্বাসত আস্থা নাৰাখিছিল। সৎনামীসকলৰ সদৰ ঠাই আছিল দিল্লীৰ দক্ষিণ পূবে প্ৰায় ৭৫ মাইল দূৰত্বত অৱস্থিত নাৰনলত। খাফি খানে লিখিছে যে– সৎনামীসকল "ক্ষুদ্ৰ পুঁজিৰ শস্য বেপাৰীৰূপে কৃষি আৰু ব‍্যৱসায়ৰ লগত জড়িত আছিল।" ঐতিহাসিক ইৰফান হবিবৰ মতে, সৎনামীসকলৰ বহুসংখ্যক সমৃদ্ধ কৃষক আৰু সঞ্চিত পুঁজিৰ অধিকাৰী আছিল আৰু তেওঁলোকে নিজকে গ্ৰাম্য বণিক আৰু সুদখোৰ ঐতিহ‍্যবাহী শ্ৰেণীৰ প্ৰতিদ্বন্দ্বীৰূপে প্ৰতিষ্ঠা কৰিছিল। হবিবৰ মতে, সৎনামীসকলে সম্ভৱতঃ ভাৰতবৰ্ষৰ গ্ৰামীণ নি-পীড়িতৰ মাজৰ বিৰাট বিভাজন ভাঙি পেলোৱাৰ ক্ষেত্ৰত সফল হৈছিল। ১৬৭২ খ্ৰী:ত পঞ্জাবৰ নাৰনলত আৰম্ভ হোৱা এই বিদ্ৰোহৰ মূল কাৰণ আছিল সৎনামী কৃষকৰ ওপৰত মোগল ৰাজস্ব কৰ্মচাৰীৰ অত্যাচাৰ।[1] নাৰনলৰ এক শস্য ভঁৰাল পহৰাত মোগল পদাতিক সৈন‍্য‌ই এজন সৎনামী কৃষকক মূৰত আঘাত কৰাৰ ঘটনাক তৎকালীন কাৰণৰূপে লৈ সৎনামী বিদ্ৰোহ আৰম্ভ হৈছিল।[1] বিদ্ৰোহী সকলে যুদ্ধত লিপ্ত হৈ নাৰনলৰ স্থানীয় মোগল ফৌজদাৰক নিহত কৰে আৰু সৎনামীসকলে নিজৰ থানা স্থাপন কৰি কৰ সংগ্ৰহ কৰিবলৈ ধৰে। সৎনামীসকলে তেওঁলোকৰ নেতা গৰীৱদাস হাড়াৰ নেতৃত্বত নাৰনল আৰু বাইৰাট চহৰ অৱৰোধ কৰি প্ৰবল লুণ্ঠন কাৰ্য আৰম্ভ কৰে। কিন্তু খাফি খানৰ মতে সৎনামী বিদ্ৰোহৰ সুযোগ লৈ প্ৰকৃততে ৰাজপুতসকলেহে লুটপাত চলাইছিল। সৎনামী বিদ্ৰোহৰ প্ৰতি ৰাজপুতসকলৰ সক্ৰিয় সমৰ্থনৰ যথেষ্ট তথ্য পোৱা যায়। সি যি নহওক সৎনামী বিদ্ৰোহৰ পৰিপ্ৰেক্ষিতত দিল্লীলৈ খাদ্য - শস্যৰ যোগান হ্ৰাস পাইছিল আৰু জনগণৰ মাজত উদ্বেগ-আতংকৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত ঔৰংজেৱে এক শক্তিশালী গোলন্দাজ বাহিনী সহ ১০,০০০ সৈন্যৰ এক শক্তিশালী সৈন‍্যদল সৎনামীসকলৰ বিপক্ষে প্ৰেৰণ কৰিলে। অনভিজ্ঞ যোদ্ধা সৎনামীসকলে মৰণপন যুদ্ধ কৰি অৱশেষত বিশাল মোগল বাহিনীৰ হাতত পৰাভূত হ'ল। গৰীৱদাস হাড়াসহ কেইবাহাজাৰ সৎনামী বিদ্ৰোহী নিহত হ'ল। ভক্তিপ্ৰাণ আৰু শান্তিকামী সম্প্ৰদায় সৎনামীসকলৰ এই বিদ্ৰোহে অৱশ্যে এই কথা নিশ্চিতভাৱে প্ৰমাণ কৰিলে যে মোগল সিংহাসনৰ মহিমা সাধাৰণ প্ৰজাৰ ওচৰত কমি গৈছিল। মোগল সম্ৰাট যে আগৰ দৰে প্ৰজাৰ ওচৰত ন‍্যায় বিচাৰৰ মূৰ্ত প্ৰতীক হৈ থকা নাই এই কথা নিশ্চিতভাৱে প্ৰমাণিত হৈছিল।[1]

ডাঃ বি.পি. বঘেলে তেওঁৰ 'সৎনাম সাৰ' গ্ৰন্থত লিখিছে যে– মোগল সম্ৰাট ঔৰংজেৱে প্ৰণয়ন কৰা জিজিয়া কৰৰ সৎনামীসকলে বিৰোধিতা কৰাক লৈ এগৰাকী মোগল পদাতিক সৈন‍্য‍ই এজন সৎনামী কৃষকৰ মূৰত আঘাত কৰে, ফলত তেওঁৰ মৃত্যু হয় আৰু এই ঘটনাক কেন্দ্ৰ কৰিয়েই সৎনামী বিদ্ৰোহৰ সূত্ৰপাত ঘটে।[2] এই বিদ্ৰোহৰ নেতৃত্বত সৎনামী সকলৰ মুখিয়াল বীৰভান আৰু যোগীদাস আছিল।[2] ঔৰংজেৱে নিচাসক্ত হাতীৰে গচকাই বহুতো বিদ্ৰোহীক হত্যা কৰাই যুদ্ধৰ দমন কৰিছিল। প্ৰায় ২০০০ সৎনামী বিদ্ৰোহী এই বিদ্ৰোহত নিহত হৈছিল। সৎনামী সকল তন্ত্ৰ বিদ‍্যাত পাৰ্গত আছিল। ইয়াৰ আগেয়ে হোৱা যুদ্ধত তেওঁলোকে তন্ত্ৰ-মন্ত্ৰৰে মোহিত কৰি যুদ্ধৰ পৰা ঔৰংজেৱৰ সৈনিকসকলৰ ধ‍্যান আঁতৰাই দি তেওঁলোকক পৰাজিত কৰিছিল। এনেকৈ সৎনামীসকলে তন্ত্ৰ বিদ‍্যাৰ প্ৰয়োগ কৰি তিনিবাৰ যুদ্ধত জয়ী হৈছিল। চতুৰ্থবাৰ হোৱা যুদ্ধত ঔৰংজেৱৰ ১০,০০০ বিশাল সৈন‍্য‍ৰ লগত তিষ্ঠিব নোৱাৰি অনভিজ্ঞ যোদ্ধা সৎনামী সকল পৰাজয় বৰণ কৰিব লগা হয় আৰু বিভিন্ন ৰাজ‍্যলৈ পলায়ন কৰে।[2]

সহায়ক গ্ৰন্থপুঞ্জী[সম্পাদনা কৰক]

  • ভাৰতবৰ্ষৰ ইতিহাস
  • सतनाम सार

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 হুছেইন, ড॰ তচদ্দুক আমানুল. ভাৰতবৰ্ষৰ ইতিহাস. পৃষ্ঠা. ২৭১, ২৭২. 
  2. 2.0 2.1 2.2 बघेल, डॉ बी.पी. (2019). "औरंगजेब से सतनामियों का विरोध, सतनामियों का विद्रोह". सतनाम सार. लेखक - डॉ बी.पी.बघेल. পৃষ্ঠা. ৩০, ৩১.