মেচাকি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেচাকি
Sarcochlamys pulcherrima
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophyta
(অশ্ৰেণীকৃত): Magnoliopsida
বৰ্গ: Rosales
পৰিয়াল: Urticaceae
গণ: Sarcochlamys
প্ৰজাতি: Sarcochlamys pulcherrima
সমাৰ্থক

Sarcochlamys pulcherrima Gaud.
Urtica pulcherrima
Sphaerotylos medogensis
Dogal tree

মেচাকি বা মেচাকি পাত (বৈজ্ঞানিক নাম: Sarcochlamys pulcherrima) পূব এচিয়াৰ বিভিন্ন অঞ্চল যেনে দক্ষিণ চীন, ভাৰত, ম্যানমাৰ, থাইলেণ্ড আৰু ইণ্ডোনেচিয়া আদি দেশৰ এবিধ থলুৱা চিৰসেউজ সপুষ্পক উদ্ভিদ। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত মেচাকি সহজলভ্য। উদ্ভিদবিধক খাছি ভাষাত খাজাঠ্চিৰ, মিচিং ভাষাত অম্বে আৰু মিজো ভাষাত লেংঅ'-চি-কাত নামেৰে জনা যায়।[1][2]

বিৱৰণ[সম্পাদনা কৰক]

জেকা পলসুৱা মাটি মেচাকিৰ বাবে উপযুক্ত। ই এবিধ গুল্মজাতীয় উদ্ভিদ আৰু এজোপা পূৰ্ণাংগ গছ ২-৬ মিটাৰ পৰ্যন্ত ওখ হয়। ধাৰ থকা দীঘলীয়া পাতসমূহৰ মূৰটো জোঙা আৰু ই ১৩-১৭ ছেমি দীঘল হয়। পাতৰ মূল শিৰাৰ সমানে দুডাল অতিৰিক্ত শিৰা থাকে। পাতৰ তল অংশ মিহি শুংযুক্ত আৰু ওপৰফাল মসৃণ। এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত গছসমূহত হালধীয়া ৰঙৰ ফুল ধৰে।[2]

ব্যৱহাৰ[সম্পাদনা কৰক]

মেচাকিৰ কুমলীয়া কোঁ‌হ, পাত আৰু ফল বনৌষধি তথা খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয়ে তেওঁলোকৰ পৰম্পৰাগত ৰন্ধন-প্ৰকৰণত মেচাকিৰ ব্যৱহাৰ কৰে। বহু লোকে ডায়েৰীয়া আৰু ডিচেণ্ট্ৰি ৰোগত ইয়াৰ পাত ঔষধি হিচাপে ব্যৱহাৰ কৰে।[2]

মেচাকিৰ পাত পোহনীয়া তৃণভোজী জন্তুৰ আহাৰ হিচাপেও ব্যৱহাৰ হয়।[2]

ইয়াৰ গা-গছৰ পৰা আঁ‌হ উলিয়াই ৰছী আদি তৈয়াৰ কৰা হয়। পাত আৰু ঠেঙুলিৰ পৰা প্ৰাকৃতিক ৰং আহৰণ কৰা হয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Sarcochlamys pulcherrima". Tropical.theferns.info. http://tropical.theferns.info/viewtropical.php?id=Sarcochlamys+pulcherrima। আহৰণ কৰা হৈছে: 27 July 2020. 
  2. 2.0 2.1 2.2 2.3 "Dogal Tree". s of India. http://www.flowersofindia.net/catalog/slides/Dogal%20Tree.html। আহৰণ কৰা হৈছে: 27 July 2020.