সদস্য:Krishna Kure
সৎনামী জাতি : সৎনাম ধৰ্মৰ অনুগামীসকলক সৎনামী বুলি কোৱা হয়। ভাৰতবৰ্ষৰ ছত্তীছগঢ়,পঞ্জাৱ, হাৰিয়ানা, দিল্লী, অসম, উৰিষ্যা আদি বিভিন্ন ৰাজ্যত সৎনাম ধৰ্মাৱলম্বী সৎনামী লোক বসবাস কৰি আছে। তেওঁলোক একেশ্বৰবাদত বিশ্বাস কৰে। সৎনাম ধৰ্মত কোনো মূৰ্তি পূজা নাই। তেওঁলোক সহজ-সৰল আৰু সত্যৰ পথত চলা পৱিত্ৰ মনৰ ব্যক্তি। সকলো ধৰ্মকেই তেওঁলোকে সমানে জ্ঞান কৰে আৰু সকলো মানুহকে সমান বুলি ভাবে। প্ৰতি বছৰে ১৮ ডিচেম্বৰ তাৰিখে সৎনাম ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীশ্ৰীঘাসীদাস বাবাৰ জন্মদিনটো সৎনামী লোকসকলে গুৰু জয়ন্তী উৎসৱ হিচাপে পালন কৰে। ১৭৫৬ চনৰ ১৮ ডিচেম্বৰৰ দিনা ছত্তীছগঢ়ৰ গিৰৌদপুৰীত গুৰু ঘাসীদাস বাবাৰ জন্ম হৈছিল।[1]
অসম আগমন
[সম্পাদনা কৰক]যেতিয়া আৰ্যসকল সিন্ধু নদীৰ পাৰত অনাৰ্যৰ লগত যুদ্ধ কৰিছিল তেতিয়াই ভূমধ্য সাগৰ পাৰ হৈ অসমত সৎনামীসকল প্ৰৱেশ কৰিছিল বুলি জনা যায়। বুৰঞ্জীবিদ সত্যেন বৰকটকীৰ মতে,"খ্ৰীষ্টপূৰ্ব দুহেজাৰ চনৰ সময়ৰ পৰা চীন দেশৰ হোৱাংহো আৰু ইয়াং চিকিয়াং নদীৰ পাৰৰ পৰা অসমৰ মাজেদি ভাৰতলৈ এক জনপ্ৰৱাহ চলি আছিল। এই মংগোল লোকসকল আৰু ব্ৰহ্মদেশৰ উত্তৰ অঞ্চলৰ পৰা দেশান্তৰিত হৈ অহা লোকসকলে অসমৰ মুঠ অধিবাসী সকলৰ এটা প্ৰধান অংশ অধিকাৰ কৰি আছে। অষ্ট্ৰিক প্ৰজাতিৰ লোকসকল ভাৰতৰ দক্ষিণ - পশ্চিম অঞ্চলৰ সাগৰ পথেদি অসমত প্ৰৱেশ কৰিছিল। অসমৰ কেতবোৰ জাতি জনজাতি যেনে - কেওঁঁট, সৎনামী, চাওঁতাল, কুকি, মণিপুৰী, কছাৰী, মেঘালয়ৰ খাচী, জয়ন্তীয়া আৰু অৰুণাচল প্ৰদেশৰ ৱাংচু নামেৰে এটা জনজাতিৰ মাজত অষ্ট্ৰিক প্ৰজাতিৰ লোকসকলৰ কিছু মিল দেখা যায়। পণ্ডিতসকলৰ মতে, অষ্ট্ৰিকসকল হয়তো অসমৰ মাজেদি আহি উত্তৰ বংগ বা নেপাল আদি ঠাইলৈ গৈছিল নাইবা তেওঁলোকৰ ভালেমান লোক ইয়াতে ৰৈ গৈছিল আৰু পাছত মংগোলীয় সকল আহি অসম সোমোৱাত তেওঁলোকৰ সৈতে এই লোকসকল মিলি গৈছিল আৰু এতিয়া তেওঁলোকৰ মংগোলীয় লক্ষণেই বেছি। অষ্ট্ৰিকসকলেই অসমলৈ অহা প্ৰথম লোক বুলি ভাবিবৰ থল আছে আৰু সেয়েহে তেওঁলোক অসমৰ মূল অধিবাসী।"[2] ইয়াৰ পৰা জানিব পাৰি যে সৎনামী সকল তেতিয়াই অসমলৈ আহিছিল আৰু এওঁলোক অষ্ট্ৰিক প্ৰজাতিৰ থকা হেতুকে অসমৰ মূল অধিবাসী। তদুপৰি ১৬৭২ - ১৯০০ চনৰ ভিতৰত পৰ্যায়ক্ৰমে এই লোকসকলৰ আগমন ঘটিছিল বুলি জানিব পাৰি। কিছু লোক মোগলৰ লগত আৰু কিছু লোক ইংৰাজৰ লগত আহে। অসমৰ চাহ বাগানত কাম কৰাৰ উদ্দেশ্যে বৃটিছ চৰকাৰে আৰকাঠীয়া আৰু গিৰমিটীয়া প্ৰথাৰে ১৮৩৭-১৮৪৫ চনত মধ্যপ্ৰদেশ, পঞ্জাৱ, উৰিষ্যা, বিহাৰ, উত্তৰপ্ৰদেশ আদি ঠাইৰ পৰা বৃহৎ সংখ্যক বনুৱা অসমলৈ আনিছিল।[3][4] তেওঁলোকৰ লগত সৎনামী লোকৰো আগমন ঘটিছিল। কিন্তু চাহ বাগানত কিছুদিন কাম কৰাৰ পিছত তেওঁলোক গাওঁ পাতি বসবাস কৰিবলৈ ধৰিলে। সৎনামী সকল অসমলৈ অহাৰ সন্দৰ্ভত বিভিন্ন মতবাদ আছে। বৰ্তমান অসমৰ নগাঁও, হোজাই, কাৰ্বি আংলং, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট, যোৰহাট, শোণিতপুৰ, ওদালগুৰি, বিশ্বনাথ,কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি,বাক্সা আদি জিলাত বৃহৎ সংখ্যক সৎনামী লোক বসবাস কৰি আছে।
জীৱিকা
[সম্পাদনা কৰক]সৎনামীসকল প্ৰধানতঃ কৃষিজীৱী লোক। কিছুমান চাকৰিয়াল আৰু কিছুমান ব্যৱসায়-বাণিজ্যত জড়িত হৈ আছে।
শিক্ষা
[সম্পাদনা কৰক]এসময়ত সৎনামীসকল নিৰক্ষৰ আছিল। কিন্তু বৰ্তমান পূৰ্বৰ তুলনাত শিক্ষা-দীক্ষাত যথেষ্ট আগবাঢ়িছে। যুৱক - যুৱতী সকলে স্নাতক, স্নাতকোত্তৰ, মেডিকেল, ইঞ্জিনীয়াৰিং, এল. এল. বি. আদি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। শিক্ষাৰ লগতে সাংস্কৃতিক, অৰ্থনৈতিক, ক্ৰীড়া আদি দিশতো আগুৱাঢ়ি গৈছে।
জাতি পঞ্জীয়ন
[সম্পাদনা কৰক]সৎনামী সকলৰ প্ৰায় ৬৫ টা গোত্ৰ বা উপজাতি আছে। ভাৰত চৰকাৰৰ তালিকাত বিভিন্ন ৰাজ্যত সৎনামী সকল অনুসূচিত জাতিৰ তালিকাত অন্তৰ্ভুক্ত আছে, যদিও অসমত অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে। অসম চৰকাৰৰ W.P.T./BC Department, Dispur Join Secy memo No. TAD/OBC/128/2000/19 যোগে N.Ahmed দেৱে গত ১/৩/২০০১ তাৰিখে স্বাক্ষৰ কৰি বিভিন্ন বিভাগত ইয়াৰ প্ৰতিলিপি সম্প্ৰসাৰণ কৰে আৰু অসমত সৎনামী জাতি বৰ্ণ তালিকাত অন্তৰ্ভুক্ত হয়।[5] অন্যান্য জাতি জনগোষ্ঠীৰ দৰেই সৎনামী হৈছে এক সুকীয়া জাতি।
ধৰ্ম-সংস্কৃতি
[সম্পাদনা কৰক]সৎনামীসকলৰ নিজস্ব ধৰ্ম-সংস্কৃতি আছে। তেওঁলোকে সৎনাম ধৰ্ম পালন কৰে। আৰ্য সনাতন ধৰ্মৰ প্ৰভাৱত পৰি তেওঁলোকে দেৱালী, ফাকুৱা(হোলী) আদি উৎসৱ পালন কৰে। দেৱালীৰ পিছদিনা গোবৰধন পূজা পাতে। উৎসৱ-পাৰ্বণত পন্থী, চোৱা, দদৰীয়া, দণ্ডা আদি গীত আৰু নৃত্য পৰিৱেশন কৰে। বিভিন্ন ধৰণৰ পিঠা-পনা বনায়। সকলো সামাজিক কাম-কাজ কৰাৰ আগতে পন্থীগীত, আৰতি-মঙ্গল আদি কৰে। সৎনামীসকলৰ নামঘৰত একোখনকৈ জৈতখাম স্থাপন কৰা আছে। ধৰ্মৰ প্ৰতীক এই জৈতখামত লগোৱা বগা ৰঙৰ পতাকাখনে শান্তি আৰু সত্যৰ বাৰ্তা বহন কৰি আহিছে। ১৮ ডিচেম্বৰ গুৰু জয়ন্তী উৎসৱৰ দিনা জৈতখামত গাঁৱৰ সকলো পুৰুষ - মহিলাই মিলি আৰতি - মংগলেৰে গুৰুজনাক স্মৰণ কৰে।
ভাষা
[সম্পাদনা কৰক]সৎনামী লোকসকলে ছত্তীশগঢ়ী ভাষা (প্ৰাচীন হিন্দী) কয়। কিন্তু ৰাজ্যভেদে আঞ্চলিক ভাষাৰ সংমিশ্ৰণ ঘটা দেখা যায়।
সামাজিক ব্যৱস্থা
[সম্পাদনা কৰক]জন্ম, বিবাহ, মৃত্যু আদিৰ ক্ষেত্ৰত তেওঁলোকৰ নিজা নীতি-নিয়ম আছে। পৰম্পৰা অনুযায়ী সামাজিক নীতি - নিয়মৰে নিজৰ কাম সম্পন্ন কৰে। প্ৰত্যেক সামাজিক কামৰ আৰম্ভণি গুৰু বন্দনাৰে হয়। সমাজত পুৰুষ - মহিলা উভয়ৰে সমানে স্থান আছে।
সংগঠন
[সম্পাদনা কৰক]১৯৬৯ চনত সদৌ অসম সৎনামী সমাজ কল্যাণ পৰিষদনামৰ সংগঠনৰ জন্ম হয়। এই বৃহৎ সংগঠনটোৱে সমাজৰ কাম-কাজবোৰ সুচাৰুভাৱে সম্পাদনা কৰি আহিছে। তদুপৰি ৫/৫/২০২০ তাৰিখে অসম সৎনামী যুৱ পৰিষদ নামৰ এটা যুৱ সংগঠনৰ গঠন কৰা হয়।
ইতিহাস
[সম্পাদনা কৰক]সৎনামীসকলৰ নিজা ইতিহাস আছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ (১৯৪২) ভিতৰত কলিয়াবৰ দলগাঁৱৰ স্বৰ্গীয় গুহা মহন্ত(সৎনামী), স্বৰ্গীয় সুধাৰাম সৎনামী, গহপুৰ কাউৰীপথাৰৰ নিবাসী স্বৰ্গীয় কুনুৱা মহাজন(সৎনামী), শিৱসাগৰ হাতীঘূলিৰ মুক্তিযোদ্ধা স্বৰ্গীয় চৰন বনজাৰে আৰু স্বৰ্গীয় বগাই বনজাৰে দেৱৰ নাম উল্লেখযোগ্য।[6][7] কলিয়াবৰৰ দলগাৱঁত জন্মগ্ৰহণ কৰা অসম গৌৰৱ স্বৰ্গীয় মিনীমাতা ছত্তীছগঢ় জিলাৰ নিবাসী স্বৰ্গীয় শ্ৰীশ্ৰীআগমদাস গুৰুৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। মিনীমাতা একেৰাহে ১৯৫২ চনৰ পৰা ১৯৭২ চনলৈকে ছত্তীছগঢ়ৰ পৰা লোকসভাৰ সাংসদ নিৰ্বাচিত হৈছিল। তেৱেঁই ছত্তীছগঢ়ৰ প্ৰথম মহিলা সাংসদ আছিল।[8] তেখেতৰ পৱিত্ৰ স্মৃতিত ছত্তীছগঢ় চৰকাৰে কলিয়াবৰত মিনীমাতা স্মৃতি ভৱন নিৰ্মাণৰ বাবে পুজিঁ আৱণ্টন দিছে। ই সৎনামী সমাজৰ বাবে এক পৰ্যটন থলী হিচাপে পৰিগণিত হ'ব। ব্ৰিটিছ চৰকাৰে তেওঁৰ শাসনকালত গুৰু ঘাসীদাসৰ পুত্ৰ বালকদাসক ১৮২৮ চনত ৰজা উপাধি প্ৰদান কৰিছিল আৰু তেখেতৰ সামাজিক আন্দোলন আৰু বীৰত্বত প্ৰভাৱিত হৈ এটি সোণৰ মুকুট, এখন স্বৰ্ণজড়িত তৰোৱাল আৰু এটা বগা হাতী প্ৰদান কৰিছিল। সৎনামী সকলৰ বাবে ই এক গৌৰৱৰ বিষয়। ইয়াৰ উপৰিও ১৬৭২ চনত পঞ্জাৱৰ নাৰনলত ঔৰংজেৱৰ লগত হোৱা যুদ্ধত সৎনামী সকলৰ অৱদান উল্লেখনীয়। যাক ভাৰত বুৰঞ্জীত সৎনামী বিদ্ৰোহ হিচাপে জনা যায়।[9]
ধৰ্মগ্ৰন্থ
[সম্পাদনা কৰক]সৎনামীসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ হৈছে-সৎনাম ধৰ্মগ্ৰন্থ আৰু নামায়ণ।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Ghasidas". https://en.m.wikipedia.org/wiki/Ghasidas.
- ↑ "অসমীয়া জাতি". https://as.m.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF.
- ↑ সৎনামী সম্প্ৰদায় আৰু সৎনাম ধৰ্ম. দুৰ্গাপ্ৰসাদ দাহাৰীয়া, সম্পাদক, সদৌ অসম সৎনামী সাহিত্য প্ৰকাশন সমিতি. ২০০১.
- ↑ সৎনামী, হেমন্ত (২০০৯). জাগৃতি. দুৰ্গাপ্ৰসাদ দাহাৰীয়া, সম্পাদক, সদৌ অসম সৎনামী সাহিত্য প্ৰকাশন সমিতি. পৃষ্ঠা. ৪৯.
- ↑ জাগৃতি. দুৰ্গাপ্ৰসাদ দাহাৰীয়া, সম্পাদক, সদৌ অসম সৎনামী সাহিত্য প্ৰকাশন সমিতি. ২০০৯. পৃষ্ঠা. ৭৮,৭৯.
- ↑ বৰা, নৰেন্দ্ৰনাথ (১৯৯৯). ভাৰতৰ স্বাধীনতা সংগ্ৰামত কলিয়াবৰৰ ভূমিকা. কলিয়াবৰ মুক্তি যুঁজাৰু সন্মিলন. পৃষ্ঠা. ৪৯.
- ↑ সৎনামী, দাদুৰাম (২০১৫). পোহৰ. সম্পাদক - জ্যোতিষ সৎনামী. পৃষ্ঠা. ৫.
- ↑ সৎনামী, দাদুৰাম (২০১৭). मिनीमाता की जीवन चरित और कीर्ति. লেখক - দাদুৰাম সৎনামী. পৃষ্ঠা. ১ - ১৬.
- ↑ হুছেইন, ডঃ তচদ্দুক আমানুল. ভাৰতবৰ্ষৰ ইতিহাস. পৃষ্ঠা. ২৭১, ২৭২.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মনপুৰ মৌচন্দা: অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ|২০১৫|[সম্পাদনা : ভূপেন শৰ্মা],(লেখক-গৌতম বৰা) পৃষ্ঠা : ১১১
- সতনাম সাৰ: গ্ৰন্থ|[লেখক : ডাঃ বি. পি. বঘেল] পৃষ্ঠা : ৩১, ৩২
- https://as.m.wikipedia.org/wiki/%E0%A6%B8%E0%A7%8E%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A7%80
- চাহ জনগোষ্ঠীৰ জাতি-উপজাতি:গ্ৰন্থ[প্ৰকাশক:অসম চাহ জনগোষ্ঠী সাহিত্য সভা|সম্পাদক:নকুল কুৰ্মী][লেখক:দীপচান্দ সৎনামী]পৃষ্ঠা:৪৪৫-৪৬৩