সৰোজ খান
| সৰোজ খান | |
|---|---|
আইকনিক উইমেন অৱ দ্য ইয়েৰ এৱাৰ্ড ২০২০ত সৰোজ খান | |
| জন্ম | নিৰ্মলা নাগপাল ২২ নৱেম্বৰ, ১৯৪৮ বোম্বে, বোম্বে ষ্টেট, ভাৰত |
| মৃত্যু | ৩ জুলাই, ২০২০ (৭১ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ |
| অন্য নাম | সৰোজ খান |
| পেচা | নৃত্য পৰিচালক |
| সক্ৰিয় হৈ থকা সময় | ১৯৫৮-২০২০ |
| দাম্পত্যসঙ্গী | বি. সোহনলাল |
নিৰ্মলা নাগপাল, জনপ্ৰিয়ভাৱে সৰোজ খান (২২ নৱেম্বৰ ১৯৪৮ - ৩ জুলাই ২০২০) ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰখ্যাত নৃত্য পৰিচালক। প্ৰায় ৪০ বছৰ কাল নৃত্য নিৰ্দেশনা কৰা সৰোজ খানে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য হল ৮টা শ্ৰেষ্ঠ নৃত্য নিৰ্দেশনাৰ ফিল্মফেয়াৰ আৰু ৩টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। প্ৰায় ২০০০ গানৰ নৃত্য নিৰ্দেশনা কৰা সৰোজ খানক "ভাৰতীয় নৃত্য নিৰ্দেশনাৰ মাতৃ" বুলি অভিহিত কৰা হয়।
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৪৮ চনৰ ২২ নৱেম্বৰ তাৰিখে ভাৰতৰ বোম্বে ষ্টেটৰ বোম্বেত নিৰ্মলা নাগপালৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃয়ে দেশ বিভাজনৰ পিছত ভাৰতলৈ আহিছিল। তেওঁ তিনি বছৰ বয়সতে নাজৰানা বোলছবিত শিশুশিল্পী হিচাপে অৱতীৰ্ণ হৈছিল।[1] ১৯৫০ৰ দশকত তেওঁ পাৰ্শ্বীয় নৃত্যশিল্পী হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। তেওঁ নৃত্য নিৰ্দেশক বি. চহনলালৰ তলত কাম কৰি থাকোঁতে নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল। পিছলৈ তেওঁ নিজকে এগৰাকী নৃত্য পৰিচালক হিচাপে প্ৰতিষ্ঠা কৰিলে। প্ৰথমে তেওঁ সহকাৰী নৃত্য পৰিচালক হিচাপে আৰু পিছলৈ ১৯৭৪ চনত মুক্তি লাভ কৰা গীতা মেৰা নাম ছবিৰ জৰিয়তে পূৰ্ণ পৰ্যায়ৰ নৃত্য পৰিচালক হিচাপে কাম কৰিছিল। পিছলৈ তেওঁ শ্ৰীদেৱীৰ মিঃ ইণ্ডিয়া (১৯৮৭) ছবিৰ হাৱা হাৱাই, নাগিনা (১৯৮৬) আৰু চান্দিনী (১৯৮৯) বোলছবি আৰু মাধুৰী দীক্ষিতৰ তেজাব (১৯৮৮) বোলছবিৰ এক দ' তিন, থানেদাৰ (১৯৯০) বোলছবিৰ তাম্মা তাম্মা আৰু বেটা (১৯৯২) বোলছবিৰ ধক ধক কৰনে লাগাৰ নৃত্য নিৰ্দেশনা কৰি বিশেষভাৱে সমাদৃত হৈছিল।[2] তাৰপিছত তেওঁ বলিউডৰ আটাইতকৈ বেছি সফল নৃত্য নিৰ্দেশক হিচাপে পৰিগণিত হয়।[1][3]
২০১৪ চনত সৰোজ খনে গুলাব গেং ছবিত আকৌ এবাৰ মাধুৰী দীক্ষিতৰ লগত কাম কৰে।[4]
টেলিভিছনত প্ৰদাৰ্পণ
[সম্পাদনা কৰক]সৰোজ খানে ২০০৫ চনত ষ্টাৰ প্লাছ চেনেলত প্ৰদৰ্শিত হোৱা নাচ বালিয়ে নামৰ নৃত্য অনুষ্ঠানৰ বিচাৰক আছিল। ইয়াৰ দ্বিতীয় সংস্কৰণতো তেওঁ বিচাৰকৰ ভূমিকা পালন কৰিদিল। তাৰপিছত তেওঁ ২০০৮ চনত চনী টিভিত প্ৰদৰ্শিত হোৱা ওস্তাদকে ওস্তাদ শ্ব'ৰ বিচাৰক আছিল। এনডিটিভি ইমাজিনত ২০০৮ চনত প্ৰদৰ্শিত হোৱা নাচলে ভে ৱিথ সৰোজ খানতো তেওঁক দেখা গৈছিল। এই শ্ব'ৰ কাৰণে তেওঁ নৃত্য নিৰ্দেশনা কৰিছিল। ২০০৮ চনতে তেওঁক বুগী ৱুগী নামৰ নৃত্যৰ শ্ব'ৰ বিচাৰক হিচাপে দেখা গৈছিল। তেওঁ ২০০৯ চনত চনী টিভিত প্ৰদৰ্শিত হোৱা জনপ্ৰিয় নৃত্য শ্ব' ঝলক দীখলা যাৰ তৃতীয় সংস্কৰণৰ বিচাৰক আছিল। ইয়াৰ লগতে তেওঁক বহুকেইটা ডান্স ৰিয়েলিটি শ্ব'ত অতিথি হিচাপে দেখা যায়।
২০১২ চনত ফিল্ম ডিভিছন ইণ্ডিয়ায় প্ৰযোজনা আৰু নিধি তুলিৰ পৰিচালনাৰে তেওঁৰ জীৱনৰ আধাৰিত দা সৰোজ খান ষ্টৰী নামৰ তথ্যচিত্ৰ মুক্তি লাভ কৰে।[5][6]
তেওঁক চব টিভিৰ জনপ্ৰিয় হাস্য-ব্যংগাত্মক নাটক তাৰক মেহতা কা উল্টা চছমাত নৃত্য প্ৰতিযোগিতাৰ বিচাৰক হিচাপে দেখা গৈছিল। ইয়াৰ লগতে তেওঁক ৰেম' ডি'চুজাৰ ছবি এবিচিডিতো দেখা গৈছিল।
মৃত্যু
[সম্পাদনা কৰক]২০২০ চনৰ ১৭ জুন তাৰিখে শ্বাস-প্ৰশ্বাসজনীত অসুবিধাৰ বাবে তেওঁক মুম্বাইৰ বান্দ্ৰাত অৱস্থিত গুৰু নানক হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। ২০২০ চনৰ ৩ জুলাই তাৰিখে নিশা ১ বাজি ৫২ মিনিটত হৃদক্ৰিয়া বন্ধ হৈ ৭১ বছৰ বয়সত সৰোজ খানৰ মৃত্যু হয়।[7]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]
সৰোজ খানে তিনিবাৰ বিজয়ৰে শ্ৰেষ্ঠ নৃত্য পৰিচালনাৰ বাবে সৰ্বাধিক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[8]
তেওঁ শ্ৰেষ্ঠ নৃত্য পৰিচালনাৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তেজাবৰ পৰা খানৰ "এক ডো টিন" গীতটোত উৎকৃষ্ট নৃত্য পৰিচালনা আৰু দৰ্শকৰ সঁহাৰি চাই ফিল্মফেয়াৰে এই বঁটাটো প্ৰতিষ্ঠা দিছিল। ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈকে ৩ বছৰ ধৰি ফিল্মফেয়াৰ বঁটাত ধাৰাবাহিকভাৱে তেওঁ বঁটা লাভ কৰি হেট্ৰিক অৰ্জন কৰে।[9]
The Saroj Khan Story ২০১২ চনত নিধি তুলিৰ দ্বাৰা পৰিচালিত আৰু পাব্লিক চাৰ্ভিচ ব্ৰডকাষ্টিং ট্ৰাষ্টৰ দ্বাৰা নিৰ্মিত খানৰ জীৱনৰ-আধাৰিত এখন ভাৰতীয় তথ্যচিত্ৰ।[10]
| বৰ্ষ | চলচ্চিত্ৰ | মনোনীত কৰ্ম | শিতান | ফল | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০০৩ | দেৱদাস | দোলা ৰে দোলা | শ্ৰেষ্ঠ কৰিঅ'গ্ৰাফী | বিজয়ী | [11] |
| ২০০৬ | শ্ৰীনগৰম | সকলোবোৰ গীত | বিজয়ী | [12] | |
| ২০০৮ | জব উই মেট | য়ে ইস্ক হায়ে | বিজয়ী | [13] |
ফিল্মফেয়াৰ বঁটা
[সম্পাদনা কৰক]| বৰ্ষ | চলচ্চিত্ৰ | মনোনীত কৰ্ম | শিতান | ফল | তথ্য |
|---|---|---|---|---|---|
| ১৯৮৯ | এক দু টিন | শ্ৰেষ্ঠ কৰিঅ'গ্ৰাফী | বিজয়ী | ||
| ১৯৯০ | চালবাজ | না জানে কাহা চে | বিজয়ী | ||
| ১৯৯১ | ছেইলাব | হামকো কল হে ইণ্টেজাৰ | বিজয়ী | ||
| ১৯৯৩ | বেটা | ধক ধক কৰনে লগা | বিজয়ী | ||
| ১৯৯৪ | খলনায়ক | চোলি কে পিচে | বিজয়ী | ||
| ২০০০ | হাম দিল দে চুকে চনম | নিম্বুড়া নিম্বুড়া | বিজয়ী | ||
| ২০০৩ | দেৱদাস | দোলা ৰে দোলা | বিজয়ী | ||
| ২০০৪ | গুৰু | বৰচো ৰে | বিজয়ী |
আইফা বঁটা
- ২০০০ – শ্ৰেষ্ঠ নৃত্য পৰিচালনা: "নিম্বুড়া নিম্বুড়া" গীতৰ বাবে, হম দিল দে চুকে চনম।
- ২০০৩ – শ্ৰেষ্ঠ নৃত্য পৰিচালনা: "দোলা ৰে দোলা" গীতৰ বাবে, দেৱদাস।
- ২০১৯ – জীৱনজোৰা কৃতিত্ব বঁটা
জি চিনে বঁটা
- ২০০৩ – শ্ৰেষ্ঠ নৃত্য পৰিচালনা: "দোলা ৰে দোলা" গীতৰ বাবে দেৱদাস।
আমেৰিকান কৰিঅ'গ্ৰাফী বঁটা
- ২০০২ – বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰত অসাধাৰণ কৃতিত্ব: লগান: ৱান্স আপন এ টাইম ইন ইণ্ডিয়া (২০০১)
নন্দী বঁটা
- ১৯৯৮ – শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ নন্দী বঁটা: চূদলানি ৱুণ্ডি
কলাকাৰ বঁটা
- ২০১১ – নৃত্য নৃত্য পৰিচালনাত অসাধাৰণ অৱদানৰ বাবে ১৯ সংখ্যক বাৰ্ষিক কলাকাৰ এচিভাৰ বঁটা
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Gulzar; Govind Nihalani; Saibal Chatterjee (2003). Encyclopaedia Of Hindi Cinema. Popular Prakashan. পৃষ্ঠা. 573. ISBN 978-81-7991-066-5. https://books.google.com/books?id=8y8vN9A14nkC&pg=PT597। আহৰণ কৰা হৈছে: 13 June 2013.
- ↑ "'Tamma tamma loge' got okayed in the 48th take: Saroj Khan". Times Of India. 23 May 2013. Archived from the original on 23 September 2013. https://web.archive.org/web/20130923072259/http://articles.timesofindia.indiatimes.com/2013-05-23/news-interviews/39474489_1_saroj-khan-sanjay-dutt-madhuri-dixit-nene। আহৰণ কৰা হৈছে: 13 June 2013.
- ↑ Shoma A. Chatterji (28 October 2012). "Diva of Dance". The Tribune. http://www.tribuneindia.com/2012/20121028/spectrum/main2.htm। আহৰণ কৰা হৈছে: 13 June 2013.
- ↑ "Madhuri is still superb: Saroj Khan". The Times of India. 22 May 2013. Archived from the original on 11 June 2013. https://web.archive.org/web/20130611032630/http://articles.timesofindia.indiatimes.com/2013-05-22/news-interviews/39444524_1_indian-dance-saroj-khan-choreographer। আহৰণ কৰা হৈছে: 13 June 2013.
- ↑ "She’s the Dancing Queen". Indian Express. 1 April 2012. http://www.indianexpress.com/news/she-s-the-dancing-queen/931031/0। আহৰণ কৰা হৈছে: 13 June 2013.
- ↑ "The real 'Dhak Dhak' girl". MiD DAY. 15 June 2012. http://www.mid-day.com/lifestyle/2012/jun/150612-Mumbai-Guide-The-real-Dhak-Dhak-girl.htm। আহৰণ কৰা হৈছে: 13 June 2013.
- ↑ Correspondent, BizAsia (2019-04-28). "International Dance Day 2019: Five Bollywood choreographers that we love" (en-GB ভাষাত). BizAsia | Media, Entertainment, Showbiz, Events and Music. https://www.bizasialive.com/international-dance-day-five-bollywood-choreographers-that-we-love/। আহৰণ কৰা হৈছে: 2019-09-19.
- ↑ Desk, India com Entertainment (2020-07-03). "Saroj Khan Passes Away at 71: Here's a List of Her Best-Choreographed Songs of The Dance Maestro" (en ভাষাত). India News, Breaking News, Entertainment News | India.com. https://www.india.com/entertainment/saroj-khan-passes-away-at-71-heres-a-list-of-her-best-choreographed-songs-of-the-dance-maestro-4074024/। আহৰণ কৰা হৈছে: 2020-07-03.
- ↑ "A look at veteran choreographer Saroj Khan's list of awards and honours" (en ভাষাত). Zee News. 2020-07-03. https://zeenews.india.com/people/a-look-at-veteran-choreographer-saroj-khans-list-of-awards-and-honours-2293285.html। আহৰণ কৰা হৈছে: 2020-07-03.
- ↑ "Movie review". psbt.org. http://www.psbt.org/screening/movie_review/427.[সংযোগবিহীন উৎস]
- ↑ "50th National Film Awards". Directorate of Film Festivals. http://dff.nic.in/2011/50nfa.pdf। আহৰণ কৰা হৈছে: 14 March 2012.
- ↑ "53rd National Film Awards". Directorate of Film Festivals. http://dff.nic.in/2011/53rd_nff_2006.pdf। আহৰণ কৰা হৈছে: 19 March 2012.
- ↑ "55th National Film Awards". Directorate of Film Festivals. http://dff.nic.in/2011/55th_nff_2007.pdf। আহৰণ কৰা হৈছে: 26 March 2012.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত সৰোজ খান সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- সৰোজ খান সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
- সৰোজ খান সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।