নীলকণ্ঠী ব্ৰজ
নীলকণ্ঠী ব্ৰজ | |
---|---|
লেখক | ড॰ মামণি ৰয়ছম গোস্বামী |
প্ৰচ্ছদ শিল্পী | উৎপল বৰা |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | উপন্যাস |
প্ৰকাশক | চন্দ্ৰ প্ৰকাশ |
প্ৰকাশ | ১৯৭৬[1] |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ১২৮ |
আই.এচ.বি.এন. | 978-81-244-0170-5 |
নীলকণ্ঠী ব্ৰজ (ইংৰাজী: Neelakanthi Braja) জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ সুদীৰ্ঘকাল বৃন্দাবনবাস কৰি পোৱা অভিজ্ঞতাৰে ৰচনা কৰা উপন্যাস। ১৯৭৬ চনত প্ৰকাশিত এই উপন্যাসখনৰ প্ৰকাশক চন্দ্ৰ প্ৰকাশ।[2][1]
এইখন মামণি ৰয়ছম গোস্বামীৰ দ্বিতীয়খন উপন্যাস। আয়তনৰ ফালৰপৰাও তুলনামূলকভাৱে ক্ষুদ্ৰ এই উপন্যাসখন কেইবাটাও দিশৰপৰা বৈশিষ্ট্যপূৰ্ণ। উপন্যাসখনৰ কাহিনী-গ্ৰন্থন বৰ কৌশলপূৰ্ণ আৰু হৃদয়গ্ৰাহী। ব্ৰজধামৰ পটভূমিত ৰচনা কৰা এইখন প্ৰথম অসমীয়া উপন্যাস। উপন্যাসখনত ব্ৰজধামৰ জীৱনধাৰাৰ কদৰ্য দিশবোৰ তুলি ধৰা বাবে তাৰ পৱিত্ৰতাক সন্দেহ কৰা হৈছে।[3]
গ্ৰন্থখনৰ বিষয়বস্তু[সম্পাদনা কৰক]
ব্ৰজাৱলী ৰামেশ্যামীৰ মুখত শুনা বৰ্ণনা আৰু বৃন্দাবনত বাস কৰা দুই-এজন লোকৰ বাস্তৱ জীৱনৰ দুই-এটা টুকুৰাক অৱলম্বন ৰূপে লৈ উপন্যাসখনৰ কোনো কোনো চৰিত্ৰ গঢ়ি তোলা হৈছে যদিও সৰহভাগ চৰিত্ৰই কল্পনাৰ ওপৰত প্ৰতিষ্ঠিত।[2]
লেখিকাৰ চমু পৰিচয়[সম্পাদনা কৰক]
মামণি ৰয়ছম গোস্বামী (ইংৰাজী: Mamoni Raisom Goswami, জন্ম:১৯৪২ – মৃত্যু:২০১১) হৈছে অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়।[4] তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 হাজৰিকা, লক্ষেশ্বৰ (15 Sep 2012). "জ্ঞানপীঠ বঁটা বিজয়িনী ড॰ মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু কৃতিত এভূমুকি ...". সাহিত্য ডট্ অৰ্গ. http://www.xahitya.org/2012/09/15/%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8%E0%A6%AA%E0%A7%80%E0%A6%A0-%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A6%BF%E0%A6%A8%E0%A7%80-%E0%A6%A1/। আহৰণ কৰা হৈছে: 21 July 2020.
- ↑ 2.0 2.1 গোস্বামী, ড॰ মামণি ৰয়ছম (২০১১). নীলকণ্ঠী ব্ৰজ. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ. ISBN 978-81-244-0170-5.
- ↑ অৰবিন্দ ৰাজখোৱা (৩০ নৱেম্বৰ ২০১১). "কদৰ্য জীৱনৰ মাজত মানৱতাৰ সন্ধান - মামণি ৰয়ছম গোস্বামীৰ উপন্যাস". দৈনিক জনমভূমি: ৭ পৃষ্ঠা.
- ↑ The Intimate Mornings with Mamoni Baideo; Manjeet Barua, 6/11/2006; Retrieved 1/12/2011