সমললৈ যাওক

বাংলা পক্ষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাংলা পক্ষ
গঠন ৭ জানুৱাৰী ২০১৮ (2018-01-07) (৮ বছৰ পূৰ্বে)
প্ৰতিষ্ঠাপক গৰ্গ চট্টোপাধ্যায়
প্ৰতিষ্ঠাস্থলী পশ্চিমবঙ্গ
Legal status সক্ৰিয়
Focus ভাৰত, বঙালি জাতীয়তাবাদ
Headquarters কলকাতা
Location
Region served
পশ্চিমবঙ্গ
ত্ৰিপুৰা
Products বাংলা পক্ষ বাৰ্তা (মাহেকীয়া সংবাদপত্ৰ)
সদস্য 200,000-300,000
Official language
বাংলা
ৱেবছাইট www.banglapokkho.com
বাংলা পক্ষৰ প্ৰথম জাতীয় সম্মিলন

বাংলা পক্ষ (ইংৰাজী: Bangla Pokkho) এটি বঙালী জাতীয়তাবাদী সংগঠন। ২০১৭ চনৰ ২৫ ডিচেম্বৰ তাৰিখত পশ্চিমবংগৰ বৰ্ধমান জিলাত সৰ্বপ্ৰথম বাংলা পক্ষৰ পতাকা উন্মোচন কৰা হৈছিল।[1] ইয়াৰ প্ৰতিষ্ঠাতা তথা বৰ্তমান সভাপতি গৰ্গ চেটাৰ্জী[2][3]এই সংগঠনটো মূলতঃ ভাষিক ভিত্তিত সংগঠিত আৰু তেওঁলোকৰ লক্ষ্য হৈছে ভাৰতত বাংলা সংস্কৃতি ৰক্ষা কৰা।[4] বাংলা পক্ষই ভাৰতীয় নাগৰিকত্ব সংশোধনী আইন সংক্ষেপে কা (CAA) আইনৰ বিৰোধিতা কৰিছিল।

দাবী আৰু প্ৰতিবাদ

[সম্পাদনা কৰক]

বাংলা পক্ষই মূলতঃ পশ্চিম বংগৰ বাসিন্দাসকলৰ বাবে চৰকাৰী চাকৰিত ১০০% সংৰক্ষণ[5] আৰু শিক্ষা, সামৰিক, প্ৰশাসনিক ইত্যাদি চাকৰিত ৯০% সংৰক্ষণৰ দাবী কৰে।[6] দলটোৱে পশ্চিম বংগ আৰু ত্ৰিপুৰাৰ বহু ঠাইত অসংখ্য সভা-সমিতি, ৰেলী ইত্যাদি অনুষ্ঠিত কৰিছিল।

বাংলা পক্ষই ৰেলৱে, জে.ই.ই, নীট ইত্যাদি বিভিন্ন পৰীক্ষাত আৰু বেংক, কাৰ্যালয় আৰু অন্যান্য খণ্ডতো বাংলা ভাষা প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰে। দলটোৱে প্ৰস্তাৱ দিছিল যে পশ্চিম বংগৰ শীৰ্ষ প্ৰশাসনিক বিষয়াসকল আই.এ.এছ বা আই.পি.এছ কেডাৰৰ পৰা নহয়, ডব্লিউ.বি.ছি.এছ/ডব্লিউ.বি.পি.এছ কেডাৰৰ পৰা আহিব লাগিব।[7]

২০২০ চনৰ জুন মাহত বাংলা পক্ষৰ সভাপতিয়ে অসমৰ স্ৰষ্টা স্বৰ্গদেউ চাওলুং চুকাফাক অপমান কৰি টুইটাৰৰ যোগে দুটা টুইট কৰি কৈছিল:

  • ভাৰতবৰ্ষৰ অসম ৰাজ্যত চীনদেশীয় আক্ৰমণকাৰী চাওলুং চুকাফাৰ স্মৃতিত অসম দিৱস পালন কৰা হয়। চাওলুং চুকাফা বহু নিৰীহ মানুহক অতি নিৰ্মমভাৱে হত্যা কৰি দেশৰ ৰাজসিংহাসনত বহিছিল। তদুপৰি অসমৰ বিজেপি চৰকাৰ এই হত্যাকাৰীক মহানায়কৰ ৰূপত পূজা কৰে। উল্লেখনীয় অসমৰ বিচ্ছিন্নতাবাদী উগ্ৰপন্থী সংগঠন আলফাৰ সহযোগিতাত প্ৰতি বছৰ অসমত এই উৎসৱ পালন কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]
  • অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰতি বছৰত চীনদেশীয় আক্ৰমণকাৰীৰ স্মৃতিত অসম দিৱস পালন কৰে কিয়? আনদিশে অসমৰ বিচ্ছিন্নতাবাদী উগ্ৰপন্থী সংগঠন আলফা ইয়াত সহযোগ কিয় কৰে? অসমৰ বিজেপি চৰকাৰ ৰাজকোষৰ ধন, চীনদেশীয় আক্ৰমণকাৰীৰ উৎসৱত ব্যয় কৰে-ভাৰতীয় সকলে এই কথাষাৰ জানেনে?[উদ্ধৃতিৰ প্ৰয়োজন]

অসমৰ স্ৰষ্টা স্বৰ্গদেউ চাওলুং চুকাফাক অপমান কৰাৰ বাবে গৰ্গ চেটাৰ্জীৰ বিৰূদ্ধে সমগ্ৰ অসমতে অভিযোগ দাখিল কৰা হৈছিল। অসম চৰকাৰৰ আদেশমৰ্মে অসম পুলিচে তেখেতক গ্ৰেপ্তাৰ কৰিবলৈ কলকাতা অভিমুখে ৰাওনা হৈছিল। লগতে বাংলা পক্ষৰ এটা উগ্ৰ দলে ভিডিঅ’ প্ৰকাশ কৰি কৈছিল "অসমৰ সকলো ট্ৰেইন পশ্চিমবংগৰ মাজেদি যাতায়ত কৰে, গতিকে গৰ্গক গ্ৰেপ্তাৰ কৰিলে অসমৰ ট্ৰেইনযাত্ৰী ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে।"[উদ্ধৃতিৰ প্ৰয়োজন] অৱশেষত, গৰ্গ চেটাৰ্জীয়ে এটি ভিডিঅ' প্রকাশ কৰি অসমৰ স্বভিমান স্বৰ্গদেউ চাওলুং চুকাফাক মহানায়ক আখ্যা প্রদান কৰি অসম চৰকাৰ তথা অসমৰ জনগণৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]