আধা লেখা দস্তাবেজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আধা লেখা দস্তাবেজ  
লেখক ড॰ মামণি ৰয়ছম গোস্বামী
প্ৰচ্ছদ শিল্পী মনজিৎ ৰাজখোৱা
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় মামণি ৰয়ছম গোস্বামী
প্ৰকাৰ আত্মজীৱনী
প্ৰকাশক চন্দ্ৰ প্ৰকাশ (২০১১)[1]
প্ৰকাশ ১৯৮৮
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২২৩
আই.এচ.বি.এন. 978-81-244-0168-2

আধালেখা দস্তাবেজ (ইংৰাজী: Adha Lekha Dastabej) সাহিত্যিক ড॰ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী। গ্ৰন্থখন ১৯৮৮ চনত প্ৰকাশ পায়। ১৯৬৮ চনৰ জুন মাহৰ দুই তাৰিখে প্ৰসিদ্ধ সাহিত্যক হোমেন বৰগোহাঞিৰ প্ৰেৰণাদায়ক চিঠিয়ে তেওঁৰ হৃদয় স্পৰ্শ কৰিছিল। তেওঁৰ সেই উপদেশতে তেওঁ নিজৰ জীৱন-কাহিনীৰ বিষয়ে কিছু অংশ লিখিবলৈ লৈছিল।[1]

১৯৮৬ চনৰ 'অসম বাণী'ৰ বিহু সংখ্যাত 'দস্তাবেজৰ এক অংশ' বুলি তেওঁৰ স্মৃতিৰ কাহিনী এটা প্ৰকাশ পাইছিল। ১৯৭০ চনলৈকে জীৱনত ঘটি যোৱা কিছুমান ঘটনাৰ কাহিনীক লৈ গ্ৰন্থখন ৰচনা কৰিছে।[1]

গ্ৰন্থখনৰ বিষয়বস্তু[সম্পাদনা কৰক]

আধালেখা দস্তাবেজ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী। ইয়াত তেখেতে কোনো ধৰণৰ লুক-ধাক নকৰাকৈ নিজৰ জীৱন পাঠকৰ আগত উপস্থাপন কৰিছে। সৰুতে সত্ৰৰ পৰিবেশত ডাঙৰ দীঘল হোৱা কুলীন গোড়া বংশৰ ছোৱালী মামণি ৰয়ছমে সৰুকালৰ জীৱনৰ চিত্ৰ বৰ্ণনাৰ লগতে সত্ৰৰ ধাৰ্মিক আচাৰপূৰ্ণ পৰিবেশো বৰ্ণনা কৰিছে। সেই পৰিবেশত এগৰাকী কম বয়সীয়া বিধবাৰূপে জীৱনৰ সন্মুখীন হৈ কিদৰে তেওঁ হতাশাত ভাগি পৰিছিল তাৰ বৰ্ণনা দিছে। মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰা উপন্যাস সমূহৰ মূল ধাৰা আছিল কঠোৰ বাস্তৱৰ ধাৰাত দলিত-নিস্পেষিত মানুহৰ বিশেষকৈ নাৰীৰ জীৱনৰ বঞ্ছনা আৰু গ্লানি। এই গ্ৰন্থখনটো ইয়াৰ চিত্ৰ অংকন প্ৰতিফলিত হৈছে।

লেখিকাৰ চমু পৰিচয়[সম্পাদনা কৰক]

মামণি ৰয়ছম গোস্বামী হৈছে অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়।[2] তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 গোস্বামী, ড॰ মামণি ৰয়ছম (২০১১). আধা লেখা দস্তাবেজ. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ. ISBN 978-81-244-0168-2. 
  2. The Intimate Mornings with Mamoni Baideo; Archived 2012-02-27 at the Wayback Machine Manjeet Barua, 6/11/2006; Retrieved 1/12/2011

বাহ্যিক সংযোগ[সম্পাদনা কৰক]