ৱৰ্লি চিত্ৰকলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ৱৰ্লি আৰ্ট- মহীশূৰ

ৱৰ্লি চিত্ৰকলা হৈছে এক আদিবাসী কলা। ভাৰতমহাৰাষ্ট্ৰৰ উত্তৰ সাহ্যাদ্ৰী ৰেঞ্জৰ লোকসকলে ঘাইকৈ এই কলা অনুশীলন কৰিছিল। পালঘৰ জিলাৰ দহানু, তালাচৰি, জৱহাৰ, পালঘৰ, মোখদা আৰু বিক্ৰমগড় চহৰ এই ৰেঞ্জৰ অন্তৰ্গত। এই কলা মহাৰাষ্ট্ৰতে প্ৰথম আৰম্ভ হৈছিল আৰু এতিয়াও ইয়াত অনুশীলন কৰা হয়।

আনন্দগ্ৰামৰ সংস্কৃতি সংগ্ৰহালয়ত থকা ৱৰ্লি পেইণ্টিং, নতুন দিল্লী

পটভূমি[সম্পাদনা কৰক]

থানেৰ জিব্যা চ'মা মাছে নামৰ শিল্পীগৰাকীয়ে ৱৰ্লি চিত্ৰকলাক জনপ্ৰিয় কৰাত মুখ্য ভূমিকা লৈছিল। তেখেতে নিজৰ ছবিসমূহৰ বাবে কেইবাটিও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। ২০১১ চনত তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰে। ৱৰ্লি ট্ৰাইবটো ভাৰতৰ এটি আটাইতকৈ পুৰণি ট্ৰাইব। ১০ শতিকাৰে বুলি ভৱা হৈছে যদিও ১৯৭০ চন পৰ্যন্ত এই কলাই পৰিচিতি লাভ কৰা নাছিল।[1] প্ৰকৃতি আৰু প্ৰকৃতিৰ উপাদান সমূহেই ৱৰ্লি চিত্ৰকলাৰ মূল উপজীব্য। তেওঁলোক ঘাইকৈ কৃষিনিৰ্ভৰ। জীৱনৰ বাবে প্ৰয়োজনীয় সম্পদ সৰবৰাহৰ বাবে তেওঁলোকে প্ৰকৃতি আৰু বন্যজীৱনক সন্মানৰ চকুৰে চায়।[2] চিত্ৰ অংকনৰ বাবে তেওঁলোকে নিজৰ মাটিৰে সজা পঁজাৰ বেৰসমূহ ব্যৱহাৰ কৰে, যিদৰে পৌৰাণিক মানুহে গুহাৰ বেৰবোৰ কেনভাচৰূপে ব্যৱহাৰ কৰিছিল।

চিত্ৰ অংকনৰ পদ্ধতি[সম্পাদনা কৰক]

এগৰাকী বাদ্যযন্ত্ৰী, ১৮৮৫

ৱৰ্লিৰ প্ৰাথমিক ছবি সমূহ আঁকিবলৈ জ্যামিতিৰ প্ৰাথমিক আকাৰ যেনে বৃত্ত, ত্ৰিভুজ, চতুৰ্ভুজ আদিৰ ব্যৱহাৰ কৰা হয়। ইয়াত বৃত্ত একোটিয়ে চন্দ্ৰ বা সূৰ্যক সূচোৱাৰ বিপৰীতে ত্ৰিভুজ একোটাই পাহাৰ বা গছ সূচায়। একেদৰে বৰ্গ বা চতুৰ্ভুজ একোটাই মানবীয় আৱিষ্কাৰক বুজায়, যি এক পৱিত্ৰ ঘেৰা বা এটুকুৰা মাটিক সূচায়। ৱৰ্লি আৰ্টৰ প্ৰতিখন আনুষ্ঠানিক চিত্ৰৰে কেন্দ্ৰীয় ৰূপটো হ'ল বৰ্গ- যাক চৌক বা চৌকত বুলি জনা যায়। ই ঘাইকৈ দেৱচৌক আৰু লগনচৌক নামে জনাজাত। দেৱচৌকৰ অন্তৰ্গত সাধাৰণতে উৰ্বৰতাৰ প্ৰতীক পালাঘাটৰ ছবি অংকন কৰা হয়।[3]

ৱৰ্লিত অংকিত পুৰুষ দেৱতা সকল অসামান্য আৰু আত্মা সম্বন্ধীয়, যি সাধাৰণতে মানুহৰ ৰূপ লয়। আনুষ্ঠানিক চিত্ৰসমূহৰ মূল বিষয় আছিল চিকাৰ, মাছ-ধৰা, কৃষি, গছ বা জীৱ-জন্তু। উৎসৱ আৰু লোকনৃত্যও ছবিসমূহত ঠাই পাইছিল। এটা আনটোৰ ওপৰত ৰাখি কোণা-কোণিকৈ অঁকা দুটা ত্ৰিভুজে মানুহ আৰু জন্তুক বুজাইছিল, য'ত ওপৰৰ ত্ৰিভুজটোৱে ধড় আৰু তলৰটোৱে শ্ৰেণী বুজাইছিল। ইয়াৰ অনিশ্চিত সন্তুলনেই হ'ল বিশ্ব-ব্ৰহ্মাণ্ডৰ সন্তুলনৰ প্ৰতীক। আকৌ ওপৰফালে ডাঙৰ ত্ৰিভুজে পুৰুষ আৰু তলৰফালে বহল ত্ৰিভুজে তিৰোতাক সূচায়।[4] আনুষ্ঠানিক চিত্ৰকলাৰ উপৰিও ৱৰ্লিত গাওঁবাসীৰ দৈনন্দিন জীৱনযাত্ৰাকো চিত্ৰিত কৰা হয়।

টৰ্পা নৃত্যও ৱৰ্লি চিত্ৰকলাৰ আন এক কেন্দ্ৰীয় বিষয়। টৰ্পা হ'ল ট্ৰাম্পেটৰ দৰে এবিধ বাদ্যযন্ত্ৰ। বিভিন্ন গাঁৱৰ পুৰুষসকলে ইয়াক পাল পাতি বজায়।

থানে জিলাৰ জিব্যা ছ'মা মাছে অংকন কৰা এখন ৱৰ্লি চিত্ৰ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]