ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২০

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
নৱম বৰ্ষ | জুলাই | ২০২০ | সপ্তম সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত এখেতসকলৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক৷
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
হাতৰ মুঠিতে সকলো তথ্য লুকাই থকা ইণ্টাৰনেট সম্প্ৰতি সুলভ আৰু অপৰ্যাপ্ত। আৰু এই তথ্য ভঁৰালৰ সৰ্ববৃহৎ পেৰাটোৱেই ৱিকিপিডিয়া। এই পেৰাটোৰেই এখন তৰুণ মোনা হ'ল অসমীয়া ৱিকিপিডিয়া। সদ্য প্ৰাপ্ত বয়স্ক অৱস্থা প্ৰাপ্ত অসমীয়া ৱিকিপিডিয়াই অন্তৰ্মুখী স্বভাৱ এৰি লাহে লাহে জগতমুখী হোৱাৰ উপক্ৰম হৈছে।

২০১২ চনত দ্বাদশ শ্ৰেণীত থাকোঁতেই অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত হোৱাৰ সুযোগ পাইছিলো। ৱিকিপিডিয়াত সম্পাদনা আৰম্ভ কৰিয়েই প্ৰথমতে নিজৰ প্ৰিয় বিষয়বোৰৰ কথা ইংৰাজীৰ পৰা অসমীয়ালৈ তৰ্জমা কৰা আৰম্ভ কৰিলো। লাহে লাহে নিজে বিচাৰ খোচাৰ কৰি, লগাখিনি চেকি লৈ তথ্যসূত্ৰৰে সজাই নিৰ্মেদ প্ৰবন্ধ এটা সৃষ্টি কৰাটো যে অতি মজাৰ কাম সেয়া বুজি উঠিলো। সেই সময়ৰ ৱিকিপিডিয়াৰ প্ৰশাসক,সম্পাদকসকলেও আজিৰ দৰেই সঁহাৰি দি ভুলবোৰ শুধৰাই দিছিল, নজনাবোৰ বুজাই দিছিল। এজন সম্পাদকৰ সৈতে মিলি হেৰী পটাৰৰ পৃথিৱীখন অসমীয়া ৱিকিলৈ লৈ অনাৰ চেষ্টা কৰিছিলো। পিছে আন এক প্ৰতিযোগিতাৰ পিছত পৰি ৱিকিপিডিয়াৰ পদূলিটো কোনখিনিত এৰি আহিলো তৎ ধৰিব নোৱাৰিলো। ২০১৮ চনতে ডাঃ গীতাৰ্থ বৰদলৈ দাই হোৱাট্ছ এপ গ্ৰুপটোত যোগ কৰাই দিছিল যদিও প্ৰায় দুবছৰ নিবোকা চামোন হৈ বহি আছিলো। চকুৰ আগেৰে ৱিকি মিট, প্ৰজেক্ট টাইগাৰ আদিবোৰ পাৰ হৈ গ'ল কিন্তু মোৰ অংশগ্ৰহণ কৰা নহ'ল।

কৰ'ণা ভাইৰাছে আনি দিয়া স্থবিৰতাই মানুহবোৰক পাহৰি থৈ অহা কেঁকুৰীৰ ধূলিবোৰ ফু মাৰি চাই অহাৰ সুযোগ এটা দিলে। তেনে সুযোগ পাই ময়ো ৱিকিপিডিয়া সদস্য পৃষ্ঠা খুলি চাবলৈ মন কৰিলো। পিছে গুপ্তশব্দ পাহৰি মই নতুন একাউণ্ট এটা খুলিবলগীয়া হ'ল। এনেকৈয়ে সুদীৰ্ঘকাল অজ্ঞাতবাসৰ পিছত মোৰ এয়া দ্বিতীয় ইনিংছ।

ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ উন্নীতকৰণত ৱিকিপিডিয়াই এক নৱজাগৰণ আনিছে। খুব শেহতীয়াকৈ অসমীয়া ৱিকিউৎসই সৰ্বভাৰতীয় পৰ্যায়ত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এইবোৰ বহু আশাৰ খবৰ। সদস্যসকলে বহু কষ্ট স্বীকাৰ কৰি চহ কৰা মাটিৰ সোণালী ফচল। নিৰ্ভুল, বিশ্বাসযোগ্য আৰু নিৰলংকাৰ তথ্যৰ চাহিদা যথেষ্ট আছে আৰু ৱিকিপিডিয়া এনে তথ্যৰ সুলভ ভঁৰাল। অসমীয়া ৱিকিৰ সক্ৰিয় সদস্যসংখ্যা তাকৰীয়া হ'লেও সদস্যসকলৰ কৰ্মোদ্যম শলাগিবলগীয়া।

অসম আৰু অসমীয়া ভাষা বুলিলেই আমাৰ আৱেগ উথলি উঠে। পিছে আৱেগৰ সঠিক ব্যৱহাৰ কৰিব নজনা জাতি হিচাপে আমি (কু)খ্যাত। সম্প্ৰতি মোবাইল বা লেপটপত অসমীয়া লিপি সকলোৰে বাবে সহজলভ্য। গণমাধ্যমত অসমীয়া লিখা-মেলাবোৰ দেখিলেই তাৰ উমান পোৱা যায়। তৎসত্ত্বেও কিন্তু অসমীয়া ৱিকিৰ সক্ৰিয় সদস্য এমুঠি মানহে। তদুপৰি বাংলা ভাষাই তাহানিতে লগোৱা গ্ৰহণৰ দাগ আজিকোপতি বৰ্তি থকাৰ দৰে এতিয়াও গুগলত 'ৰ' নিদিয়াকৈ কৰা বেছিভাগ বিচাৰ-খোচাৰৰ প্ৰথম ফলাফল বাংলা ৱিকিপিডিয়া বা বাংলা ৱেবচাইটত আহে। অসমৰ মানুহখিনিক একগোটে বান্ধি ৰাখিবলৈ ভাষাটোৱেই আটাইতকৈ সুদৃঢ় জৰী। সম্ভৱতঃ 'ৰ'টো অসমীয়া মানুহৰ আটাইতকৈ প্ৰিয় আখৰ। জাতীয়তাবাদৰ এক ভেঁটি হিচাপে গঢ় লৈ উঠা আমাৰ আদৰৰ ভাষাটোৰ বিশ্বজোৰা প্ৰতিপত্তি বজাই ৰাখিবলৈ কোনো প্ৰতিবন্ধকতা নোহোৱাকৈ ভাষাটো ওচৰতে পোৱাটো অতীৱ প্ৰয়োজনীয়। এই ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াই ভাষাটোৰ একনিষ্ঠ সেৱক হোৱাৰ সুযোগৰ সদ্ব্যৱহাৰ কৰিব লাগে। অসম বিষয়ক তথ্যসমৃদ্ধ প্ৰবন্ধ সৃষ্টি কৰাত আমি সদায়ে গুৰুত্ব দিব লাগে। অসমৰ গছ, লতা, পশু, পক্ষী, সম্পদ, সমস্যা, সুখ, দুখ, কিতাপ, কাহিনী, ইতিহাস, বুৰঞ্জীৰ কথা সম্বলিত প্ৰবন্ধসমূহ যথেষ্ট পৰিমাণে তথ্যপূৰ্ণ হ'ব লাগে। অন্ততঃ অসমৰ বিষয়ে থকা প্ৰবন্ধ সমূহত অসমীয়া ৱিকিপিডিয়াত সৰ্বাধিক তথ্য থাকিব লাগে। মোৰ আশা, এনে এটা দিন সোনকালে আহিব যেতিয়া মানুহে ইণ্টাৰনেটৰ সকলো সন্ধান অসমীয়াত কৰিব আৰু ফলাফলৰ বাবে প্ৰথম পচন্দ হিচাপে অসমীয়া ৱিকিপিডিয়াক আগস্থান দিব।

শেষত কওঁ এই বিপদৰ দিনবোৰ সোনকালে শেষ হওক। সোনকালে আকৌ ৱিকি চাহমেল হওক। সকলোৰ গোমোঠা মুখত হাঁহি বিৰিঙক। পৃথিৱীজোৰা পৰিয়ালটোৰ সকলোটি সুৰক্ষিত থাকক।

Drnayanjyoti (talk) 16:46, 30 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
চুন্যৎফা বা উদয়াদিত্য সিংহ (খ্ৰী: ১৬৭০-১৬৭২)আহোম সাম্ৰাজ্যৰ এজন ৰজা আছিল। আহোম-মোগলৰ সংঘৰ্ষৰ কালছোৱাতে মৃত্যুবৰণ কৰা জ্যেষ্ঠ ভ্ৰাতৃ চুপংমুং ওৰফে চক্ৰধ্বজ সিংহৰ পিছতেই তেওঁ‌ ৰাজপাটত বহে। তেওঁ‌ৰ ৰাজত্বকালতেই বৰ সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত মোগলৰ বিৰুদ্ধে অসমীয়া সৈন্যই শৰাইঘাটৰ যুদ্ধত নিৰ্ণায়ক বিজয় সাব্যস্ত কৰে। শাসনকালৰ পিছৰ সময়ছোৱা ডফলাসকলৰ বিৰুদ্ধে বিফল অভিযান, বৃন্দাবনৰ পৰমানন্দ সন্ন্যাসীৰ আধ্যাত্মিক প্ৰভাৱৰ ফলত বিষয়াসকলৰ অসন্তুষ্টি আদি ঘটনাৰে পূৰ্ণ। ইয়াৰ ফলশ্ৰুতিতে পিছলৈ চুন্যতফাক ক্ষমতাচ্যুত কৰি প্ৰাণনাশ কৰা হয়। তেওঁৰ ৰাজত্বকালৰ পৰৱৰ্তী কালছোৱাত ৰাজ্যত বিভিন্ন খাম-খেয়ালি আৰম্ভ হৈ ১৬৮১ চনত চুপাতফা ওৰফে গদাধৰ সিংহ ৰাজপাটত বহালৈকে চলে।

প্ৰৱন্ধটি ইয়াত বিতংকৈ পঢ়ক

এপ্ৰিল মাহৰ ভাল প্ৰবন্ধ ক'ৰণা ভাইৰাছ ৰোগ ২০১৯ৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
জুন-২০২০ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ১৩৯

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. ভাৰ্জিনিয়া উল্‌ফ
  2. মৌলানা আব্দুল হামিদ খান ভাষাণী
  3. হিৰ'ড'টাছ
  4. আব্ৰাহাম থ'মাছ কুভুৰ

গ্ৰন্থ বিষয়ক

  1. ইলিয়াদ

অন্যান্য

  1. এইচ্ছ এম এছ বিগলৰ দ্বিতীয় সমুদ্ৰযাত্ৰা
  2. এলনৱিক গাৰ্ডেন
  3. জৰ্জ ফ্লইড হত্যাকাণ্ড

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. ‎ছাজিদ-ৱাজিদ
  2. ৱাজিদ খান (শিল্পী)
  3. জেহিৰুদ্দিন আহমদ
  4. বাসু চেটাৰ্জী
  5. সাৱিত্ৰী (অভিনেত্ৰী)
  6. সামান্থা আক্কিনেনী
  7. আদুৰ গোপালকৃষ্ণন
  8. বছেন মুৰ্মু
  9. সুশান্ত সিং ৰাজপুত
  10. কৰিমুল হক
  11. নয়নতাৰা
  12. কাজল আগাৰৱাল
  13. কীৰ্তি সুৰেশ
  14. ৰাকুল প্ৰীত সিং
  15. বাণী ভজন
  16. ‎ৰাম চৰণ তেজা
  17. ‎জীতেন্দ্ৰ কুমাৰ
  18. বিজয় (অভিনেতা)
  19. প্ৰভাস
  20. শ্বেতা ত্ৰিপাঠী
  21. পংকজ ত্ৰিপাঠী
  22. নানা পাটেকৰ
  23. মুকেশ খান্না
  24. কেলুচৰণ মহাপাত্ৰ
  25. গায়ত্ৰী যোশী

মহাভাৰত সম্বন্ধীয়

  1. উত্তৰা
  2. বিৰাট
  3. ‎সুদেষ্ণা
  4. পৰাশৰ
  5. অশ্বত্থামা
  6. সত্যৱতী
  7. চিত্ৰলেখা
  8. চিত্ৰাঙ্গদ
  9. বিচিত্ৰবীৰ্য্য
  10. লখিন্দৰ
  11. পাণ্ডু
  12. মাদ্ৰী
  13. পুলস্ত্য

চলচ্চিত্ৰ

  1. আখুনি (চলচ্চিত্ৰ)
  2. ‎অহল্যা (চুটিছবি)
  3. শিৱাজী (চলচ্চিত্ৰ)

অন্যান্য

  1. ভাৰতত কোভিড-১৯ মহামাৰী লকডাউন
  2. মিজো লোক
  3. ভাৰতৰ উপৰাষ্ট্ৰপতি
  4. লোকসভাৰ অধ্যক্ষ
  5. কৃষ্ণ (ধাৰাবাহিক)
  6. মহাভাৰত (ধাৰাবাহিক)
  7. নেফামিজ
  8. গোলাপীমূৰীয়া হাঁহ
  9. বাঁকা, বিহাৰ
  10. ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰীসকলৰ তালিকা
  11. অৰৰিয়া জিলা
  12. ৰোগন জোছ (চুটিছবি)
  13. ভাৰতৰ মুখ্য ন্যায়াধীশ
  14. ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান
  15. অৰৱল জিলা
  16. ঔৰংগাবাদ জিলা, বিহাৰ
  17. মুৰাৰী চান্দ মহাবিদ্যালয়

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. বিজয় শংকৰ বৰ্মন
  2. অজিত কুমাৰ ভূঞা
  3. জেহিৰুল হুছেইন
  4. ‎প্ৰদীপ বৰুৱা
  5. ৰাজেন ৰাভা
  6. ভৃংগেশ্বৰ শৰ্মা
  7. বসন্ত কুমাৰ ভট্টাচাৰ্য
  8. মনোজ কুমাৰ গোস্বামী
  9. হেমাংগ কুমাৰ দত্ত
  10. অমলা বেজবৰুৱা
  11. অৰুণমণি চৌধুৰী
  12. সোণাৰাম পাঞাং কটকী
  13. ৰূপনাথ ব্ৰহ্ম
  14. ইন্দ্ৰেশ্বৰ শৰ্মা
  15. বিহুৰাম বড়ো
  16. জিণ্টু গগৈ
  17. পদ্ম কৈৰী
  18. ভূপতি চন্দ্ৰ ডেকা
  19. নুৰুল হক
  20. নীলোৎপল বৰা
  21. অমৃত প্ৰীতম
  22. অমৃতা গগৈ
  23. চুন্যৎফা
  24. মানিক বড়া
  25. পদ্ম হাজৰিকা
  26. চুক্লমফা
  27. চুহুংফা

চলচ্চিত্ৰ

  1. কালসন্ধ্যা
  2. বিভ্ৰাট (চলচ্চিত্ৰ)
  3. যুগদ্ৰষ্টা (চলচ্চিত্ৰ)
  4. ডেট্ গাষ্টি মৰ্নিং
  5. ভাইটি (চলচ্চিত্ৰ)

গ্ৰন্থ বিষয়ক

  1. মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা
  2. আহোমৰ দিন
  3. উচ্চাকাংক্ষা
  4. মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ
  5. সাউদৰ পুতেকে নাও মেলি যায়
  6. অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ
  7. অসমীয়া ভাষাৰ ব্যাকৰণ (গ্ৰন্থ)
  8. অসমীয়া ব্যাকৰণ প্ৰৱেশ
  9. বিন্দু (আলোচনী)
  10. অসমীয়া ভাষা (গ্ৰন্থ)

নদ নদী

  1. ৰঙানৈ

অন্যান্য

  1. অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
  2. জলেশ্বৰ ( অসমৰ বিধানসভা সমষ্টি)
  3. পূৰ্ববংগ আৰু অসম
  4. ‎শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়
  5. অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকা
  6. জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’
  7. অসম ফুটবল সন্থা
  8. ডিব্ৰুগড় টাউন ৰেল ষ্টেচন
  9. অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ
  10. হাবুং মৈদাম

সানমিহলি

  1. ‎তেজপাত
  2. এইচ আই ভি আৰু সম লিংগৰ ব্যক্তিৰ মাজত যৌন অভিসাৰ
  3. ডিজিটেল মিডিয়াৰ ব্যৱহাৰ আৰু মানসিক স্বাস্থ্য
  4. ইলাচী
  5. স্থূলপোষকসমূহৰ তালিকা
  6. ধনীয়া
  7. কণ্ডম
  8. ঔষধি উদ্ভিদ
  9. চেংমৰা
  10. জীৰা
  11. বিৱৰ্তনীয়ভাৱে সুস্থিৰ কৌশল
  12. হালধি
  13. মান-ধনীয়া
  14. ধ্বনি (ব্যাকৰণ)
  15. ণত্ববিধি (ব্যাকৰণ)
  16. ষত্ববিধি (ব্যাকৰণ)
  17. সংস্কৃতকৰণ
  18. স্ফিংছ
  19. বিয়ছ পদ্ধতি
  20. বৈদিক গণিত
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
অসমীয়া সংস্কৃতিৰ এটা প্ৰধান অংগ “তামোল-পাণ”।
আলোকচিত্ৰশিল্পী: নৱজ্যোতি লহকৰ
উল্লেখনীয় ৱিকিমিডিয়ান

নিতুল বৰা: ২০১২ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। তেওঁ কৰ্মসূত্ৰে অসম চৰকাৰৰ অধীনস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগ, নগাঁও সংমণ্ডল, নগাঁও কাৰ্যালয়ত কৰ্মৰত। অসমীয়া ৱিকিউৎসত তেওঁৰ সম্পাদনাৰ সংখ্যা ২,৪০০ আৰু ৱিকিপিডিয়াত সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৩৯। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ ইংৰাজী ৱিকিপিডিয়া, ৱিকি কমন্স, ৱিকিউৎস, ৱিকিডে'টা আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ৩,২৫০টা সম্পাদনা কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “অক্লান্ত কৰ্মী পদক”, “ৱিকিউৎস: সাংস্কৃতিক পদক” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
মৃদুল কুমাৰ শৰ্মা
অক্লান্ত কৰ্মী পদক
কুলধৰ ৰাভা
প্ৰবন্ধকাৰ পদক
দীপকজ্যোতি মহন্ত
প্ৰদ্যুৎ প্ৰতীম দত্ত







বিশেষ অভিলেখ
জুন-২০২০ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
জুন মাহত

অ' টি আৰ এছ

পদ্ধতিৰে

কপিৰাইটযুক্ত ৮ খন গ্ৰন্থ

অসমীয়া ৱিকিউৎসলৈ অনা হয়।
উল্লেখনীয় কাম সম্পাদনা কৰক


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অম্লান বসুমতাৰী ৫৭২ ৬৩১ ১৪৩ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
মৃদুল কুমাৰ শৰ্মা - ৮৬৭ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা ৮৩৪ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনামিকা বড়া ৪০৪ ২৫৭ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ৩১৩ ২৫ ২২ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰাণজ্যোতি নাথ ২৪৬ ১৫১ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য ২০৬ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অজয় দাস ১৭৪ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ড॰ জলি বৰা - ১৫৭ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ অনিমেষ বৰা ১৪২ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ চন্দন চিৰিং ফুকন ১৪৪ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ অংশুমান দত্ত ১৪৩ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ ঈশান জ্যোতি বৰা ১৩০ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ ডা॰ গীতাৰ্থ বৰদলৈ ৯৩ ৪৫ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।