সোণাৰাম পাঞাং কটকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
সোণাৰাম পাঞাং কটকী
জন্ম ১৮৮৫
উভটামুখ মিচিং গাঁও, ঢকুৱাখনা, লখিমপুৰ জিলা
মৃত্যু ২০ অক্টোবৰ ১৯৫২
গন্ধিয়া মিচিং গাঁও, যোৰহাট জিলা
পেছা সাহিত্যিক, বুৰঞ্জীবিদ, ব্যৱসায়ী, সমাজকৰ্মী
ভাষা অসমীয়া ভাষা, মিচিং ভাষা
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পিতৃ-মাতৃ কাৰবাং পাঞাং (পিতৃ)
আঙনী পাঞাং (মাতৃ)

সোণাৰাম পাঞাং কটকী (১৮৮৫ – ২০ অক্টোবৰ ১৯৫২) এগৰাকী মিচিং জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণেতা, সাহিত্যিক, সমাজ কৰ্মী, শিক্ষানুৰাগী ব্যক্তি।

জন্ম আৰু পৰিচয়[সম্পাদনা কৰক]

লক্ষ্মীমপুৰ জিলাৰ ঢকুৱাখানা মহকুমাৰ উভটামুখ মিচিং গাঁৱত ১৮৮৫ চনৰ অক্টোবৰ মাহৰ পূৰ্ণিমাৰ দিনা পাঞাং কটকীৰ জন্ম। পিতৃ কাৰবাং পাঞাং আৰু মাতৃ আঙনী পাঞাঙৰ কেইবাগৰাকী পুত্ৰৰ ভিতৰত সোণাৰাম পাঞাং কটকী আছিল আটাইতকৈ কনিষ্ঠ। পিতৃ কাৰবাং পায়াং আধ্যাত্মিক ধ্যান-ধাৰণাৰে পুষ্ট এগৰাকী প্ৰগতিবাদী লোক আছিল। সোণাৰাম পাঞাং কটকীয়ে চিলা পথাৰৰ চামকাং মিচিং গাৱঁৰ মাজনী তায়েঙক বিয়া কৰায়। তেওঁলোকৰ ৪ গৰাকী ছোৱালী আৰু এগৰাকী পুত্ৰ। ১৯৫০ চনৰ প্ৰলয়ংকাৰী ভূমিকম্পত তেওঁৰ সৰ্বস্ব হেৰুৱাই ওভতামুখ মিচিং গাঁও এৰি অস্থায়ী ভাৱে বৰ্তমান যোৰহাট জিলাৰ গন্ধিয়া মিচিং গাৱঁত আশ্ৰয় লয়। ১৯৫২ চনৰ ২০ অক্টোবৰত গন্ধিয়া মিচিং গাঁৱত তেওঁৰ মৃত্যু হয়। বিভিন্ন পাহাৰীয়া ভাষা-ভাষী আৰু ব্ৰিটিছ চৰকাৰৰ মাজত মধ্যস্থতাকাৰী কথাৰ বিনিময় কৰ্ম আগবঢ়োৱাৰ বাবে ব্ৰিটিছে তেওঁক কটকী উপাধিটো সম্ভৱ প্ৰদান কৰিছিল।[1]

শিক্ষা[সম্পাদনা কৰক]

উভটামুখ অয়েঙীযা মিচিং গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত সোণাৰাম পাঞাং কটকীক ১০ (দহ) বছৰ বয়সত নাম ভৰ্তি কৰে। সৰুকালৰ পৰা পাঞাং কটকীয়ে মেধাবী ছাত্ৰ হিচাপে পৰিচয় দাঙি ধৰে। তেওঁ ১৯০১ চনত প্ৰাথমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ ক্নগগতে বৃত্তিও লাভ কৰে। কিন্তু সেই ঠাইত উচ্চশিক্ষানুষ্ঠান নথকাৰ ফলত সোণাৰাম পাঞাং কটকীয়ে লক্ষ্মীমপুৰ মধ্য ইংৰাজী বিদ্যালয়ত নাম ভৰ্তি হয়। ১৯০৪ চনত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ উপৰি বৃত্তিও লাভ কৰে। পিছত হাইস্কুলত নাম ভাৰ্তি কৰিবলৈ ডিব্ৰুগড়লৈ যায়। ১৯০৪ চনত পাঞাং কটকীক সপ্তম মান শ্ৰেণীত নাম ভৰ্তি কৰে। কিন্তু ১৯০৬ চনত নৱম মান শ্ৰেণীত পঢ়ি থাকোত গোটেই লক্ষ্মীমপুৰ জিলাত ‘কলেৰা’ বেমাৰে ভয়াবহ ৰূপ ধাৰণ কৰাত কাৰবাং পাঞাঙৰ পৰিয়ালৰ চাৰিজনৰ বাহিৰে সকলোৰে মৃত্যু হয়। এনে প্ৰতিকূল পৰিস্থিতিত সোণাৰাম পাঞাং কটকীৰ পঢ়া ইমানতে সামৰণি পৰে।[1]

সামাজিক কামকাজ[সম্পাদনা কৰক]

পাঞাং কটকীৰ উচ্চ শিক্ষা লাভ নহলেও তেওঁৰ সাহস, মনোবল তথা আত্মবিশ্বাস অটুত আছিল। তেওঁ সংস্কাৰসুখী কৰ্মৰে মিচিং সমাজখনক আধ্যাত্মিক আৰু বৌদ্ধিক দিশত উত্তৰণ ঘটাবলৈ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাত ব্ৰতী হয়। ১৯৩৯ চনত তেওঁ ঢকুৱাখানাৰ বগৰিগুৰি মিচিং গাঁৱত এখন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰে আৰু নিজেও শিক্ষাদানত ব্ৰতী হয়। পিতৃ কাৰবাং পাঞাঙৰ পৰা লাভ কৰা আধ্যাত্মিক ধ্যান ধাৰণাৰে অনুপ্ৰাণিত হৈ পাঞাং কটকীয়েও বিশ্বাস কৰিছিল যে আধ্যাত্মিক ধ্যান-ধাৰণাইহে মানৱ সমাজক সুখ-শান্তি শৃংশলাৰে পৰিচালিত কৰে। সেয়ে বগৰিগুৰি মিচিং গাৱঁত এটি ‘নামঘৰ’ প্ৰতিষ্ঠা কৰি মিচিং সমাজত বৈষ্ণৱ ধৰ্মৰ জৰিয়তে আধ্যাত্মিক তথা বৌদ্ধিক দিশত উত্তৰণ ঘটাবলৈ প্ৰচেষ্টা চলায়। পাঞাং কটকীয়ে বগৰিগুৰিৰ পাছত লাইমেকুৰী, মেচাকি চাপৰি আদি ঠাইৰ মিচিং মানুহৰ মাজত শিক্ষা আৰু আধ্যত্মিকতাৰ প্ৰচাৰৰ বাবে উঠিপৰি লাগে। শিক্ষাৰ পোহৰ নপৰা অতি পিছ পৰা মেচাকি চাপৰিত ১৯১৩ চনত এখন প্ৰাইমেৰী স্কুল প্ৰতিষ্ঠা কৰি নিজেও শিক্ষাদান কৰিছিল। ইয়াৰ উপৰি তেওঁৰ মেচাকি চাপৰিত নামঘৰ, পুথিভঁৰাল আৰু মুৰংঘৰ আদি প্ৰতিষ্ঠা কৰে। পাঞাং কটকীৰ সংস্কাৰমুখী কৰ্মৰাজিয়ে বহুতো নিৰক্ষৰ মিচিং মানুহৰ চকু মেল খুৱালে আৰু ধৰ্ম- শিক্ষা আদিত ব্ৰতী হ'বলৈ ধৰিলে। কেতিয়াবা কেতিয়াবা সভা-সমিতি পাতি শিক্ষা-দীক্ষা আৰু আধ্যাত্মিক প্ৰগতিবাদী চিন্তাধাৰাই সামাজিক, অৰ্থনৈতিক তথা সাংস্কৃতিক উন্নতিত মানুহৰ প্ৰমূল্যবোধৰ শিক্ষা আৰু সমাজ জীৱনৰ লগত খোজ মিলাই আগুৱাই যাবলৈ মিচিং সমাজক আহ্বান জনায়।[1]

ব্যৱসায়[সম্পাদনা কৰক]

মিচিং মানুহৰ মাজত আৰ্থিক উন্নতি সাধনৰ পথ প্ৰশস্ত কৰি তোলাৰ উদ্দেশ্যে এখন সমবায় সমিতি গঠন কৰে। সেই সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চিচিমুখত ‘চিচি-শ্ব-মিল’ বা ‘চিচিকল ঘৰ’ প্ৰতিষ্ঠা কৰিছিল। কটকীয়ে ইয়াত কাঠৰ যোগান ধৰা ঠিকা লয়। পিচত এই কাম সমবায় সমিতিক গটাই দি পাঞাং কটকীয়ে পুনৰ অন্য এটা বনৌষধি ব্যৱসায় প্ৰতিষ্ঠা কৰে। পাহাৰৰ পৰা বিভিন্ন বনৌষধি গছৰ বাকলি, শিপা, আৰু গছৰ পাত গোটই এবিধ চালৰ বেমাৰৰ বনৌবধি তৈয়াৰ কৰি ব্যৱসায় আৰম্ভ কৰে। এই ব্যৱসায়ো বাদ দি তেওঁ বেতৰ যোগান ধৰাৰ ঠিকা লৈছিল। ধেমাজিৰ পৰা বেত ডিব্ৰুগড়লৈ যোগান ধৰিছিল।[1]

বুৰঞ্জী প্ৰণেতা পায়েং কটকী[সম্পাদনা কৰক]

সোণাৰাম পাঞাং কটকী “মিৰি জাতিৰ বুৰঞ্জী” লিখক হিচাপেহে মিচিং সমাজত সৰ্বজ্ঞাত। তেওঁৰ সেই সময়ত আক্ষেপ আছিল যে কোনো বুৰঞ্জী পুথিত মিৰি জাতিৰ ইতিবৃত্তৰ তথ্য নাছিল। সেয়ে তেওঁ মিচিং জনজীৱনৰ ইতিবৃত্তৰ প্ৰণয়ণৰ ৰাবে সংকল্পবদ্ধ হয় আৰু বুৰঞ্জীৰ সমল বিচৰাত ব্ৰতী হয়। মিচিং জাতিৰ বুৰঞ্জী প্ৰণয়ন কৰিবলৈ আবৰ পাহাৰ, ডফলা পাহাৰ তথা উত্তৰ-পূৰ্বাঞ্চল (নেফা) ভ্ৰমণ কৰিবলৈ পৰিকল্পনা প্ৰস্তুত কৰে। তেওঁ ১৯২১ চনৰ জানুৱাৰী মাহত যাত্ৰা আৰম্ভ কৰি ফেব্ৰুৱাৰী মাহত মিৰি পাহাৰত উপস্থিত হয়। এই অঞ্চলৰ জ্ঞানী লোকসকলৰ পৰা মিৰি জাতি-উপজাতি, বংশ পৰিচয় তথা আত্মীয় কুটুম্বৰ ইতিবৃত্তৰ সমল আহৰণ কৰে। ১৯২২ চনত তেওঁ মুনহি পাহাৰলৈ যায় আৰু এই পাহাৰত ১০/২০ খমমান ঠাইত ছমাহ কাল ভ্ৰমণ কৰি সোতৰশ আৰু ওঠৰশ শতিকাৰ লিখিত অলিখিত শ্ৰুতিমূলক বুৰঞ্জী তথ্যৰ সমল লাভ কৰে। ১৯২২ চনৰ জুলাই মাহত পুনৰ যাত্ৰা আৰম্ভ কৰি ডামাপাহাৰৰ ডা্ৰ, কিংগিন, বেলেন, শ্ৰিয়া ইয়াং কিয়াং আৰু বুলিম আদি বৃহৎ গাঁওবোৰত উপস্থিত হয়গৈ। বিভিন্ন লোকৰ পৰা মিচিং বংশাৱলীৰ উৎপত্তিৰ তথ্য আহৰণ কৰে। ১৯২৩ চনতো কিছুমান তথ্যভিজ্ঞ ‘গামক’ লগত লৈ মেৰা পাহাৰ পায়গৈ তাত থকা চিলক, বাৰধি, অয়াং, ৰাণা চিয়াকামা, নামচিং, ৰীয়া আৰু শদিয়াৰ গাঁওবোৰ পৰিভ্ৰমণ কৰি বুৰঞ্জীৰ সমল আহৰণ কৰে। এনেদৰে পাঞাং কটকীয়ে মিৰি জাতিৰ বুৰঞ্জী প্ৰণয়নৰ সন্দৰ্ভত ১৩ বছৰ কাল পাহাৰে ভৈয়ামে অধ্যয়ন চলায়। তেওঁৰ ‘মিৰি জাতিৰ বুৰঞ্জীখনৰ পাতনিমতে বুৰঞ্জীখন ১৯৩৫ চনত প্ৰকাশ কৰে। মিৰি জাতিৰ বুৰঞ্জীখন মিচিং জনজীৱনৰ এক দলিল বা মাইলৰখুটি। ইয়াত মিৰি বা মিচিং জাতিক ভালকৈ প্ৰতিফলিত কৰিছে। তেওঁ বুৰঞ্জীখনত ত্ৰয়োবিংশটা অধ্যায় আছে। মিচিং বা মিৰিসকল বৰ আৱৰৰ বংশোদ্ভৱ। সেয়ে প্ৰথম অধ্যায়ৰ পৰা ষষ্ঠ অধ্যায়লৈ পাহৰত থকা কালছোৱাৰ বিবৰণ দিয়া আছে। ইয়াত মিৰি দেশৰ সীমা-ৰেখা, বিভিন্ন বৰ আৱৰৰ খেল বা ঠাল, বংশ, সাজপাৰ, বিবাহ প্ৰথা, খোৱাবোৱা প্ৰণালী উল্লেখ কৰা আছে। তদুপৰি বৰ আৱৰৰ লগত মিৰি বা মিচিং জাতিৰ সামাজিক ধৰ্ম-কৰ্ম, ৰীতি-নীতিৰ কথা উল্লেখ আছে। চুটীয়া ৰজা, আহোম ৰজা আৰু ব্ৰিটিছৰ লগত সঘনাই হোৱা যুদ্ধৰ কথাও বৰ্ণনা কৰা আছে। আনহাতে সপ্তম অধ্যায়ৰ পৰা এয়োবিংশ অধ্যায়লৈ মিৰি সকল পাহাৰৰ পৰা ভৈয়ামলৈ নামি অহা আৰু ইয়াত থিতাপি লোৱা বিস্তৃত বিৱৰণ দাঙি ধৰিছে। সপ্তম অধ্যায়ত মিৰি বা মিচিঙৰ বসতিৰ সীমা এই দৰে নিৰ্ণয় কৰিছে- “এইফালে শদিয়াৰ পৰা সীমা কৰি তেজপুৰলৈকে ব্ৰহ্মপুত্ৰৰ দুই পাৰে, আনফালে সোৱণশিৰি উজনিৰ পৰা ভটিয়াই ধনশিৰীলৈকে আৰু খেৰকটীয়া ৰঙানদীৰ মুখলৈকে মিৰিসকল জুৰি আছে।” তদুপৰি লোকসংখ্যা গা-খাজনা, অতীতৰ ‘গাম'ৰ পৰা গাঁওবুঢ়া হোৱা, মানৰ লগত ৰণ আৰু অসমীয়া হিন্দু মিৰি জাতিলৈ ৰূপান্তৰ হোৱা কথা মিৰি জাতিৰ বুৰঞ্জীত লিপিবদ্ধ কৰা আছে। তদুপৰি মিৰি সকলে মহাপুৰুষীয়া গুৰুত শৰণ লোৱা কথা কালসঙ্গতি ধৰ্মমতে ‘ৰাতিখোৱা’ সকাম কৰা কথাও উল্লেখ আছে। উল্লেখযোগ্য যে মিচিংসকলৰ প্ৰচলিত মত এই পৃথিবীত থকা চেতন-অবচেতন সকলোকে চেদিমেলংএ শ্ৰজিলে এই কথাষাৰ তেওঁৰ বুৰঞ্জীত উল্লেখ আছে। চেদিমেলং মানে জগতৰ পুৰুষ-প্ৰকৃতি। বুৰঞ্জীখনত মিচিং জাতিৰ বিভিন্ন বংশাৱলী দেখুৱা হৈছে। লগতে কোন বংশ, ঠাল, খেলৰ কি ‘গোত্ৰ’ তথা মিচিঙৰ সামাজিক প্ৰথামতে একে গোত্ৰৰ মাজত বিয়াবাৰু নিষেধ ইত্যাদি লিপিবদ্ধ কৰা আছে। মিচিঙৰ সাজপাৰ, বিহু, সকাম নিকাম, ধৰ্ম্ম-কৰ্ম আদি আধ্যাত্মিক ধ্যান-ধাৰণাৰ কথা লিপিবদ্ধ কৰা আছে। তদুপৰি মিচিং সকলক সম্পূৰ্ণ কৃষিজীৱী জাতি হিচাপে বুৰঞ্জীখনত চিহ্নিত কৰিছে আৰু কৃষি উৎপাদনেই মিচিঙ সকলৰ আৰ্থিক দিশৰ মাইলৰ খুঁটি বুলি উল্লেখ কৰিছে। মুঠতে মিৰি জাতিৰ বুৰঞ্জীখন অতীত মিচিঙৰ সামাজিক, শিক্ষা, ৰাজনৈতিক, অৰ্থনৈতিক, কৃষি-সংস্কৃতি, ভাষা ধৰ্ম-কৰ্মৰ কথা লিপিবদ্ধ কৰা এক ঐতিসাহিক দলিল।[1]

সাহিত্যকৰ্ম[সম্পাদনা কৰক]

সোণাৰাম পাঞাং কটকী এজন সাহিত্যিকো আছিল। তেওঁ ‘মিৰি দুৱান’ নামেৰে মিচিং-অসমীয়া-ইংৰাজী শব্দকোষ এখন প্ৰণয়ন কৰিছিল। এইখন মিচিং ভাষাৰ প্ৰথম শব্দকোষ আৰু ১৯১৫ চনত প্ৰকাশ হৈ ওলায়।[2] মিচিং ঐনিতম’ নামেৰে অন্য এখন পাণ্ডুলিপি প্ৰস্তুত কৰিছিল। তদুপৰি তেওঁ “মান পৰাজয়” নামৰ গ্ৰন্থ এখনো প্ৰস্তুত কৰিছিল। এই গ্ৰন্থখনত বুৰঞ্জীৰ বহু সমল লিপিবদ্ধ কৰা বুলি বহুতে মন্তব্য কৰে। অৱশ্যে এই দুয়োখন গ্ৰন্থ প্ৰকাশ কৰিব নোৱাৰা মনৰ দুখৰ কথা তেওঁৰ বিষয়ে আলোচনা কৰাসকলে প্ৰায়ে উল্লেখ কৰিছে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 টায়ে, নবীন (মাৰ্চ ২০০৫). সোণাৰাম পাঞাং কটকী শীৰ্ষক প্ৰবন্ধ, বৰেণ্য ব্যক্তিত্ব, সংকলন সম্পাদনা লক্ষ্মীনাথ তামুলী. প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১৬১-১৬৮. 
  2. মহন্ত, দীপকজ্যোতি (২০১৯). অসমত ভাষা সম্পৰ্কীয় অধ্যয়নৰ গতি প্ৰকৃতি. প্ৰকাশক ডিব্ৰুগড়: নক্সা.