গায়ত্ৰী যোশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গায়ত্ৰী যোশী

গায়ত্ৰী যোশী
জন্ম ২০ মাৰ্চ, ১৯৭৭ (৪৭ বছৰ)
নাগপুৰ, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০০৪
উল্লেখযোগ্য কৰ্ম স্বদেশ (২০০৪)
উচ্চতা ৫.৯ ফুট ০ ইঞ্চি (১.৮০ মিটাৰ)[1]
দাম্পত্যসঙ্গী বিকাশ অবিৰই (বি. ২০০৫)

গায়ত্ৰী যোশী (ইংৰাজী: Gayatri Joshi, জন্ম ২০ মাৰ্চ ১৯৭৭) হৈছে এগৰাকী ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী। তেওঁ অভিনয় কৰা প্ৰথমখন চলচ্চিত্ৰ ২০০৪ চনত মুক্তিপ্ৰাপ্ত 'স্বদেশ'।

জন্ম পৰিচয়[সম্পাদনা কৰক]

মাৰাঠী ভাষী পৰিয়ালত গায়ত্ৰী যোশীৰ জন্ম হয় ১৯৭৭ চনৰ ২০ মাৰ্চত মহাৰাষ্ট্ৰৰ নাগপুৰত।[2] তেওঁ নাগপুৰৰ মাউণ্ট কাৰমেল হাইস্কুলত পঢ়িবলৈ লয় যদিও পৰিয়াল সহ বোম্বাইলৈ যোৱাৰ পিছত ডাডাৰ জে.বি. ভাচ্চা হাইস্কুলত পঢ়িবলৈ লয়। স্কুলীয়া জীৱন সাং কৰাৰ পিছত চাইডেনহাম কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক কৰে।[2]

২০০৫ চনত তেওঁ বিকাশ অবিৰইৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[2]

কেৰিয়াৰ[সম্পাদনা কৰক]

১৯৯৯ চনত ফেমিনা মিচ ইণ্ডিয়া বিউটি প্ৰতিযোগিতাৰ যোশী আছিল চূড়ান্ত পাঁচজন প্ৰাৰ্থীৰ ভিতৰৰ এজন,[3] আৰু তেওঁ দৰ্শনসকলৰ পৰা ভোট লাভ কৰি চনী ইণ্টাৰটেণ্টমেণ্ট চেনেলৰ অভিষেক লাভ কৰিছিল। জাপানৰ ২০০০ চনত মিচ ইণ্টাৰনেচনেল ইভেণ্টত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাৰ বাবে তেওঁক নিৰ্বাচিত কৰা হৈছিল।[3] তেওঁ কেইটামান বিজ্ঞাপনৰ মডেল হিচাপে কাম কৰিছিল। তেওঁক জগজিৎ সিংৰ গজল 'কাগজ কী কস্তী' আৰু 'হঁস ৰাজ হঁস ঝানজৰিঅ' আদি ভিডিঅ’টো দেখা গৈছিল।[4]

কলেজত পঢ়ি থকা সময়ত তেওঁ বোম্বাই ডাইং, ফিলিপছ্‌, পণ্ডচ্‌, এড্ৰেচ্‌, চান্দচিল্ক আৰু এল.জি; লগতে শাহৰুখ খানৰ সৈতে হণ্ডাৰ বিজ্ঞাপনো কৰিছিল।[4] তেওঁ ২০০১ৰ কেটলগ আৰু কেলেণ্ডাৰত মডেল কৰে। ২০০৪ চনৰ ডিচেম্বৰত আশুতোষ গোৱাৰিকাৰ চলচ্চিত্ৰ 'স্বদেশ'ৰ যোগেদি তেওঁ বলিউদত আত্মপ্ৰকাশ কৰে, চলচ্চিত্ৰখনত যোশীৰ বিপৰীতে অভিনয় কৰিছে অভিনেতা শাহৰুখ খানে।[5][6][7] 'স্বদেশ' ভাৰতীয় চলচ্চিত্ৰ সমালোচকসকলোৰ পৰা খুব প্ৰশংসা লাভ কৰে।

চলচ্চিত্ৰপুঞ্জী[সম্পাদনা কৰক]

চন চলচ্চিত্ৰ টোকা
২০০৪ স্বদেশ বলিউডত আত্মপ্ৰকাশ

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • বলিউড মুভী এৱাৰ্ড, শ্ৰেষ্ঠ অভিষেক অভিনেত্ৰী - স্বদেশ (২০০৫)
  • ষ্টাৰ স্ক্ৰীণ এৱাৰ্ড, মষ্ট প্ৰমিচিং নিউকামাৰ - স্বদেশ (২০০৫)
  • জি চিনে এৱাৰ্ড, শ্ৰেষ্ঠ অভিষেক অভিনেত্ৰী - স্বদেশ (২০০৫)
  • গ্লবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডচ্‌, শ্ৰেষ্ঠ নবাগত অভিনেত্ৰী - স্বদেশ (২০০৫)

তথ্য সূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]