ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২০

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
ৱিকিৰ অষ্টাদশ বৰ্ষপূৰ্তি বিশেষ
নৱম বৰ্ষ | জুন | ২০২০ | ষষ্ঠ সংখ্যা
মুখবন্ধ
মুখবন্ধ সম্পাদনা কৰক

সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰে চিত্ৰ সলনি কৰি দিয়া মহামাৰীৰ সৈতে অক্লান্ত পৰিশ্ৰম কৰি যুঁজ দি থকা চিকিৎসাকৰ্মীসকললৈ অসমীয়া ৱিকিপিডিয়া সমাজৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো‍ঁ। অন্যান্য জৰুৰীকালীন সেৱা আগবঢ়াই থকাসকলৰ ওচৰতো আমি কৃতজ্ঞ।

অসমীয়া ৱিকিপিডিয়াৰ অষ্টাদশ বৰ্ষপুৰ্তি উপলক্ষে বিশেষ ভাৱে সজ্জিত জুন মাহৰ ৱিকিপত্ৰিকা।
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত এখেতসকলৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক৷
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
নিৰঞ্জন বড়া

 অসমীয়া ৱিকিপিডিয়া ২০০২ চনতেই আৰম্ভ হোৱা কিন্তু ২০১৫ চনলৈকে মই গমেই নাপাওঁঁ যে ৱিকিপিডিয়াৰ প্ৰবন্ধবোৰ আমিও লিখিব পাৰোঁ৷ ২০১৫ চনত আমাৰ শিক্ষানুষ্ঠানখনত অসমীয়া ৱিকিপিডিয়া সমাজৰ এখন আলোচনাসভা অনুষ্ঠিত হয় আৰু মোক বন্ধু এজনে কথাটো জনালে৷ তেওঁৰ কথামতে তালৈ গ’লো আৰু অসমীয়া ৱিকিপিডিয়াৰ কথা গ’ম পালোঁ৷ কেনেকৈ একাউণ্ট খোলে কেনেকৈ লিখা হয় এইবোৰ৷ মিটিঙৰ পৰা আহি বহুত উচ্ছাহ৷ লিখিয়ে যাম এফালৰপৰা, এনে মনোভাৱ৷ মিটিঙত কৈছিল যে নিজৰ অঞ্চলটোৰ বিষয়ে লিখিব পাৰা, লিখি দিলোঁ৷ আৰু কি লিখোঁ কি লিখোঁ ভাবি আৰু এটা লিখি দিলোঁ৷ দুই লাইন মাত্ৰ৷ সদায় লিখিম ভাবিছিলোঁ লিখা নহ’ল এবছৰ মান৷ তাৰ পিছত ভবাও নহ’ল৷ মিটিঙত বহুত কৈছিলে বানান নাজানিলেও লিখিবা, শুদ্ধ কৰা মানুহ ওলাব৷ এইবোৰ কথায়ে মনত খু দুৱাই আছিলে কিন্তু লিখা নহ’ল৷

 প্ৰায় তিনিবছৰৰ পিছত লগৰজনে ক’লে ৱিকিউৎসত লিখা মানুহ লাগে বহুত কম হৈ আছে৷ এখন কৰ্মশালা আছে৷ মই ভাবিলোঁ শিকি থোৱা যাওক সময়টো আছেই গতিকে লিখি থাকিব পাৰিম৷ কৰ্মশালাত সেইদিনা প্ৰথম বাৰৰ বাবে‌ অসমৰ ৱিকিমিডিয়ান সকলক লগ পালোঁ৷ এওঁলোক এজন‌ এজন ডাঙৰ ৱিকিমিডিয়ান৷ এজনে যদি ১০০ টাতকৈ অধিক প্ৰবন্ধ লিখিছে আনজনে কেইবাখনো কিতাপ দিনে ৰাতিয়ে টাইপ কৰি অসমীয়াত লিখিছে৷ মইটো পলাই দিওঁ যেন লাগিছিল৷ কিন্তু থাকিলোঁ কাৰণ কৰ্মশালাখন বহুত মনোগ্ৰাহী আছিল৷ মোৰ সদায় হামিয়াই হিকতিয়াই চকু ৰঙা হৈ থাকে কিন্তু কৰ্মশালাখনত হামিয়াই থকা মনত নপৰে৷ দুপৰীয়া আহাৰৰ সময়তো আমাৰ আহাৰ খাবলৈ উঠি যাবলৈ মন যোৱা নাছিল৷ কৰ্মশালাৰ প্ৰথম আকৰ্ষণ আছিল archieve.org. সংসাৰৰ কিতাপ বোৰটো তাতেই সোমাই আছে৷ মাত্ৰ download কৰক আৰু পঢ়ি যাওক আৰু যদিহে কিতাপখনৰ কপিৰাইট নাই সেইখন ৱিকি উৎসলৈ লৈ আহক৷ কৰ্মশালাটোৰ মুখ্য আকৰ্ষণ আছিল OCR৷ OCRৰ যি শক্তি গম পোৱাৰ পিছত সকলোৰে উচ্ছাহ কেইবা গুণো বাঢ়ি গ’ল৷ যি শিকালে আমি মন দি শিকি গ’লো৷ পিছত কৰ্মশালাৰ পৰা উভতি আহি লিখা আৰম্ভ কৰি দিলোঁ৷ সংশোধন বৈধকৰণ সকলো কৰি গৈ আছোঁ এতিয়াও৷ লাহে লাহে কিন্তু অলপ অলপ৷ ইমানো জীৱন ব্যস্ত নহয় তথাপিও সময়ে নিমিলে৷ সেইসকলক কিন্তু মানিব লাগিব যিসকলে বহু ব্যস্ততাৰ মাজতো কাম কৰি আছে নিয়মিতভাৱে৷ অসমীয়া ভাষাক আগুৱাই লৈ যোৱা এই সকল স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা আনছাং নায়ক নায়িকা৷

 এতিয়া বৰ্তমানলৈ আহোঁ৷ মে’ মাহত CIS-A2K তৰফৰ পৰা এখন [প্ৰুফৰিডাথন]ৰ আয়োজন কৰা হৈছিল৷ ১ মে’ৰ পৰা ১০ মে’লৈকে হোৱা এই প্ৰতিযোগিতাত ভাৰতৰ মুঠ ১২টা ভাষাই অংশগ্ৰহণ কৰিছিল৷ অসমীয়া ৱিকিউৎসৰ তৰফৰ পৰা মুঠ ২৫জন সদস্য/ সদস্যাই অংশগ্ৰহণ কৰিছিল৷ এই সদস্য সদস্যা সকলৰ প্ৰচেষ্টাত অসমীয়া ৱিকিউৎসই প্ৰতিযোগিতাখনত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল৷ সৰ্বভাৰতীয় ভিত্তিত দুজনকৈ অসমীয়া ৱিকিমিডিয়ান প্ৰথম দহটা স্থানৰ ভিতৰত থাকে৷ এইয়া মাত্ৰ আৰম্ভণি আগলৈও অসমীয়া ৱিকিৰ স্বেচ্চাসেৱক সকলে এনে প্ৰচেষ্টা আগবঢ়াই যাব৷ বিকিউৎসৰ পুৰণি কিতাপবোৰ নপঢ়িলে বিশ্বাস কৰিব নোৱাৰি যে অসমীয়া ভাষাত বহুত ভাল পুথি আছিল৷ সকলোৱে এইসমূহ পুথি ডিজিটেলাইজ কৰাত সহায় কৰিব লাগে৷

 মই আগতে গুৰুত্ব নিদিয়া ৱিকিপিডিয়াৰ এটা লিংক হল ‘যিকোনো এটা পৃষ্ঠা’৷ ই ৰেডিঅ’ত গান শুনি থকাৰ দৰে কেনি লৈ যায় প্ৰথমে জনা নাযায়৷ পঢ়িও ভাল লাগে, সম্পূৰ্ণ অজ্ঞাত বিষয়লৈ নিব পাৰে৷ কিছুমান জনা বিষয়ো দেখুৱায় ই৷ এইবোৰত কিছুমান সৰুসুৰা ভুল থাকি যায় যিবোৰ শুদ্ধ কৰিও ৱিকিলৈ অৱদান আগবঢ়াব পাৰি, নতুন কথা সংযোগ কৰিব পাৰি, পুৰণি প্ৰবন্ধ আপডেট কৰিব পাৰি৷ বহুত বহুত প্ৰবন্ধ লিখা সকলোৰে পক্ষে সম্ভৱ নহয় কিন্তু সকলোৱে এনেদৰে অলপ অলপ বৰঙনি আগবঢ়াব পাৰে ৱিকিজগতলৈ৷ আৰু এনেকৈয়ে অসমীয়া ৱিকি বহুদূৰ আগবাঢ়ি যাব বুলি মই বিশ্বাস কৰোঁ৷

নিৰঞ্জন বড়া (talk) 17:37, 31 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
২০১৪ চনৰ ব্ৰাজিলৰ চাও পাউল' চহৰৰ ১৮তম বাৰ্ষিক গৌৰৱ যাত্ৰাৰ চিত্ৰ।

গৌৰৱ যাত্ৰা বা প্ৰাইড পৰেড (ইংৰাজী: Pride parade) হৈছে সমকামী নাৰী, সমকামী পুৰুষ, উভকামী, ৰূপান্তৰকামী তথা কুইয়াৰ (এলজিবিটিকিউ) লোকসকলৰ সামাজিক স্বীকৃতি আৰু স্ব-স্বীকৃতি, সাফল্য, আইনী অধিকাৰ, তথা গৌৰৱ উদযাপনৰ বাবে ৰাজহুৱা স্থানত আয়োজন কৰা অনুষ্ঠান। এনে অনুষ্ঠানসমূহ প্ৰাইড মাৰ্চ (pride marche), প্ৰাইড ইভেণ্ট (pride event), গৌৰৱোৎসৱ বা প্ৰাইড ফেষ্টিভেল (pride festival) নামেৰেও পৰিচিত। কিছু ক্ষেত্ৰত এনে অনুষ্ঠানসমূহে আইনী অধিকাৰ যেনে একে-লিংগৰ লোকৰ বিবাহৰ অধিকাৰ, ৰূপান্তৰকামী লোকসকলৰ সম-অধিকাৰ আদিৰ বাবে বিক্ষোভ প্ৰদৰ্শন হিচাপেও কাম কৰে। গৰিষ্ঠসংখ্যক গৌৰৱ যাত্ৰা বাৰ্ষিকভাবে আয়োজিত এক অনুষ্ঠান আৰু ১৯৬৯ চনৰ নিউয়ৰ্ক মহানগৰৰ ষ্টনৱালৰ বিদ্ৰোহক স্মৰণ কৰি জুন মাহত আয়োজন কৰা হয়। ষ্টনৱালৰ বিপ্লৱে আধুনিক এলজিবিটিকিউ সামাজিক আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। প্ৰতি বছৰে এলজিবিটি সমাজৰ নবীন-প্ৰবীণ সদস্যসকলক এই সমাজৰ ইতিহাস অধিক বিস্তাৰিতভাবে জনাৰ বাবে প্ৰয়োজনীয় শিক্ষাৰ অংশ হিচাপে দীৰ্ঘদিনৰ পৰা চলি অহা এই পৰম্পৰালৈ আদৰণি জনোৱা হয়।

প্ৰবন্ধটি ইয়াত বিতংকৈ পঢ়ক

এপ্ৰিল মাহৰ ভাল প্ৰবন্ধ ক'ৰণা ভাইৰাছ ৰোগ ২০১৯ৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
মে’-২০২০ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা ~  ২৩৯

বিশ্বৰ প্ৰেক্ষাপট

  1. ‎কেমব্ৰিজ বিশ্ববিদ্যালয়
  2. ‎এক্সট্ৰেক্‌চন (চলচ্চিত্ৰ)
  3. মৰক্কো
  4. ‎আন্তৰ্জাতিক ধাত্ৰী দিৱস
  5. হেৰমান হেস
  6. টিমথী ডেক্সটাৰ
  7. ফ্লোৰেন্স নাইটিংগেল
  8. হ'ম'ফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়াৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস
  9. আৱিষ্কাৰ আৰু আৱিষ্কাৰক
  10. দ্য ৱে'ল্থ অৱ নেশ্বন্স
  11. ৰবাৰ্ট টি কিয়োচাকি
  12. আফ্ৰিকান ছোৱাইন ফিভাৰ
  13. আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস
  14. গিয়ৰ্গ ছিমন ওম
  15. ‎মাৰ্টিন ওম
  16. ‎ষ্টিভেন জনছন
  17. মহেঞ্জোদাৰো
  18. হৰপ্পা
  19. আন্তৰ্জাতিক চাহ দিৱস
  20. ডেনিয়েল কাহনেমেন
  21. ছুছান কেইন
  22. আলেছেন্দ্ৰো ভল্টা
  23. জন কীটছ
  24. ৰবিনছন ক্ৰুছো
  25. ডেনিয়েল ডিফো
  26. জোছেফ জন টমছন
  27. আইনষ্টাইন-জিলাৰ্ডৰ চিঠি
  28. লিঅ' জিলাৰ্ড
  29. মেৰী শ্বেলী
  30. মেহৰগড়
  31. বিশ্ব ঐতিহ্যবাহী স্থান
  32. নৱপ্ৰস্তৰ যুগ

ভাৰতীয় পটভুমি

  1. ‎দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ
  2. অশোকৰ অনুশাসন
  3. ৰামানন্দ সাগৰ
  4. বীৰবল
  5. ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া
  6. প্ৰফুল্লচন্দ্ৰ ৰায়
  7. ৰামায়ণ (ধাৰাবাহিক)
  8. বিক্ৰম আৰু বেতাল
  9. অছৰগঞ্জ
  10. ৰোমিত ৰাজ
  11. ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ
  12. অনিল কাপুৰ
  13. সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ
  14. বলিউড হাংগামা
  15. বিষ্ণু পুৰাণ (ধাৰাবাহিক)
  16. কোচ বিহাৰ
  17. মহাভাৰতৰ পাত্ৰ
  18. ‎চৰক
  19. ‎কমলা দাস
  20. শান্তনু
  21. তুলসীদাস
  22. শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯
  23. ধোলাভীড়া
  24. ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান
  25. মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়
  26. পাণিনি
  27. আনন্দ কুমাৰ
  28. ডিস্কভাৰী অৱ ইণ্ডিয়া (গ্ৰন্থ)
  29. প্ৰেমচন্দ
  30. বলবীৰ সিং
  31. অনিৰুদ্ধ
  32. লোথাল
  33. নীৰজ কবি
  34. আমলা ৰুইয়া
  35. ‎চান্দ সদাগৰ
  36. ভূপাল দুৰ্ঘটনা
  37. পৰীক্ষিত
  38. বেজান দাৰুৱালা
  39. ‎জন্মেজয়
  40. ‎শকুনি
  41. অনুপমা চোপ্ৰা
  42. ই চি জৰ্জ সুদৰ্শন
  43. উল্লাসনগৰ
  44. কালিচৰণ ব্ৰহ্ম
  45. মাদ্ৰৱতী
  46. পাৰ্থ চট্টোপাধ্যায়

অসম  বিষয়ক

  1. অনিল ৰায়চৌধুৰী
  2. অসমীয়া জলপান
  3. চুজিন্‌ফা
  4. দৈনন্দিন বাৰ্তা
  5. কুলদা কুমাৰ ভট্টাচাৰ্য
  6. উৎপল দত্ত
  7. গীতালী বৰুৱা
  8. ‎ধুবুৰী ৰেল ষ্টেচন
  9. লালুকসোলা বৰফুকন
  10. আহোম-মোগলৰ সংঘৰ্ষ
  11. মুনীন বৰকটকী
  12. কোচ হাজো
  13. বকুল ফুলৰ দৰে
  14. বুৰৈ নদী
  15. ‎কানীন (চলচ্চিত্ৰ)
  16. অসুৰৰ আলিৰ সন্ধি
  17. ঘিলাধাৰী ঘাটৰ সন্ধি
  18. গড়গাঁও
  19. বাৰ ওঠৰ
  20. বাঁহী (আলোচনী)
  21. সদৌ অসম কবি সন্মিলন
  22. পঁইতা ভাত
  23. চুঙা পিঠা
  24. ভোলানাথ মহাবিদ্যালয়
  25. পবা বৰ্ষাৰণ্য
  26. ৰামধেনু (আলোচনী)
  27. অৰ্ণৱ, আস্থা আৰু JEC
  28. বাল গঙ্গাধৰ তিলক
  29. অয়নান্ত
  30. হেংদান
  31. অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত
  32. শোণিতপুৰ ৰাজ্য
  33. বৰুৱাৰ সংসাৰ
  34. নেতাই ধুবুনী ঘাট
  35. জয়পুৰ সংৰক্ষিত বনাঞ্চল, ডিব্ৰুগড়
  36. চামাদি
  37. প্ৰফুল্ল দত্ত গোস্বামী
  38. মৃগনাভি (চলচ্চিত্ৰ)
  39. জন্মযাত্ৰা (নাট)
  40. হেমন্ত দত্ত
  41. ডিমৌ
  42. অসম নেমু
  43. নামঘৰীয়া
  44. পেৰানৰ্মেল চছাইটি অফ অসম
  45. সোণাৰ বৰণ পাখি (চলচ্চিত্ৰ)
  46. চন্দনা গোস্বামী
  47. ভোজন বিহাৰ (ঝুমুৰা)
  48. ভাত
  49. গোপালপুৰ সত্ৰ
  50. অন্তৰীপ (উপন্যাস)
  51. গোপী-উদ্ধৱ সংবাদ (নাট)
  52. চুঙা চাউল
  53. বিজ্ঞান জগতত অসমীয়া মহিলা
  54. অসম ক্ৰিকেট সন্থা
  55. ববী শৰ্মা বৰুৱা
  56. কমলা গোহাঁই
  57. নিৰ্মলা বৰুৱা
  58. ৰজনীপ্ৰভা শইকীয়া
  59. তিলোত্তমা ৰায়চৌধুৰী
  60. নিৰ্মলা চলিহা
  61. শংখনিনাদ
  62. বনফুল
  63. ছাংলট ফেন্‌লা
  64. হলধৰ ভূঞা
  65. দিকচৌ বনত পলাশ (চলচ্চিত্ৰ)
  66. মেচ জনগোষ্ঠী
  67. দীননাথ বেজবৰুৱা
  68. ৰমাকান্ত মুক্তিয়াৰ আতা
  69. প্ৰদ্যুত বৰা
  70. হিমাংশু প্ৰসাদ দাস
  71. মানৱ আৰু দানৱ
  72. পিতা-পুত্ৰ
  73. যোগ-বিয়োগ
  74. মান্দালয় (গ্ৰন্থ)
  75. মৃণাল তালুকদাৰ
  76. বৰ্মন কছাৰী
  77. ললিতা
  78. ৰূপহী পথাৰ
  79. অসম শঙ্কৰ মিশ্যন
  80. হৃদয়ৰ প্ৰয়োজন
  81. কুলেন্দু পাঠক
  82. ৰূপম ভূঞা
  83. ‎দূৰণীৰ ৰঙ
  84. লোকনাথ গোস্বামী
  85. ‎অৰুণ নাথ
  86. শৈশৱতে ধেমালিতে
  87. ‎গগনচন্দ্ৰ অধিকাৰী
  88. বহুবৃত্ত
  89. গোপীকাবল্লভ গোস্বামী
  90. হলিৰাম মহন্ত ঠাকুৰ

সানমিহলি

  1. কম্পিউটাৰ মেম'ৰিৰ জোখ
  2. ভূূমি প্ৰদূষণ
  3. সাত বইনী পাহাৰ
  4. ভাষাবিজ্ঞান
  5. ‎গৌৰৱ যাত্ৰা
  6. ক্ৰম'জমীয় বিশংগতি
  7. চোৰধৰা
  8. মিঞা মানুহ
  9. ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞান (গ্ৰন্থ)
  10. ইলিয়াড
  11. কাংশপাৰ সত্ৰ
  12. আকছাই চীন
  13. ভাষা বিজ্ঞানৰ ভূমিকা
  14. গৰেনা ফ্ৰী ফায়াৰ
  15. ভক্তি প্ৰদীপ
  16. মাতৃ দিৱস
  17. টাৰডিগ্ৰেড
  18. ফা-হিয়েন
  19. মটু পাতলু
  20. ফ্ৰেংকেনষ্টাইন
  21. ব্ৰহ্মাণ্ড পুৰাণ
  22. ব্লগাৰ (সেৱা)
  23. ত'ত্ত'-চ্চান
  24. ট্ৰান্সজেণ্ডাৰ
  25. জয়-বিজয়
  26. ৰাৱণ
  27. ঋষি বিশ্ৰবা
  28. হিজিৰা
  29. হবিৰ্ভূ
  30. বেউলা
  31. প্ৰদ্যুম্ন
  32. টোকোৰা চৰাই
  33. বেণ্ডৱাগন প্ৰভাৱ
  34. নিশ্চিতকৰণ পক্ষপাতিতা
  35. মছলা চাহ
  36. ক'লা ৰাজহাঁহ তত্ত্ব
  37. পাণ্ডা পৰুৱা
  38. চিত্ৰাঙ্কন
  39. হিচাপবিদ্যা
  40. লঙ্গৰকৰণ
  41. ‎ব্ৰাহ্মী শাক
  42. আনৰেষ্ট্ৰিক্টেড ৱাৰফেয়াৰ
  43. বৰ-মানিমুনি
  44. ভ্ৰান্তি
  45. হাত ধোৱা
  46. পিম্পৰা গুচোৱা
  47. কাঠামোবদ্ধ প্ৰভাৱ
  48. কেলিগ্ৰাফী
  49. অনাতাঁৰ প্ৰযুক্তি
  50. অনাতাঁৰ গ্ৰাহক যন্ত্ৰ
  51. মোচ
  52. ডব্লিউ থ্ৰী স্কুলচ্
  53. জমাৎ-উল-বিদা
  54. মিছলীয়া কূট
  55. ভূমি লেটোৱা (ঝুমুৰা)
  56. চৰ্বী
  57. অমিতা
  58. ফল
  59. কাগজ
  60. ভ্ৰম
  61. পতঞ্জলি
  62. এইচ টি এম এল
  63. পেৰানৰ্মেল
  64. কাজিনেমু
  65. স্বাভাৱিক পক্ষপাতিতা
  66. বোধগত পক্ষপাতিতা
  67. ঊষা
  68. চি++
  69. শল্য−মুখা
  70. কলা (জীৱ বিজ্ঞান)
  71. ‎চেপিয়েনছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
ক'ৰ'ণা ভাইৰাছৰ মহামাৰীৰ সময়ত দেশজুৰি চলা লক-ডাউনৰ সময়ত গুৱাহাটীজালুকবাৰীৰ দৃশ্য (২০ এপ্ৰিল ২০২০)।
আলোকচিত্ৰশিল্পী: উৎপল জোনাক
উল্লেখনীয় ৱিকিমিডিয়ান

প্ৰভাকৰ শৰ্মা নেওগ: ২০০৭ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। তেওঁ কৰ্মসূত্ৰে অসমৰ শিলচৰস্থিত জাতীয় প্ৰাদ্যোগিক সংস্থানত কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত। অসমীয়া ৱিকিপিডিয়াত তেওঁৰ সম্পাদনাৰ সংখ্যা ৭,১০৮ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৯০। অসমীয়া ৱিকিপিডিয়াৰ লগতে ইংৰাজী ৱিকিপিডিয়া, ৱিকি কমন্স, ৱিকিউৎস, ৱিকিডে'টা আদি প্ৰায় কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে সৰ্বমুঠ ৮,১৫২ টা সম্পাদনা কৰিছে। লগতে অসমীয়া ৱিকিপিডিয়া আৰু কমন্সত বৰ্তমানলৈকে মুঠ ৪০ খন চিত্ৰ আপল’ড কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা তেওঁক তেওঁৰ অৱদানৰ বাবে “অক্লান্ত কৰ্মী পদক”, “The Working Wikipedian's Barnstar”, “Golden Barnstar”, “The Teamwork Barnstar” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰা হৈছে। তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰা হ'ল।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
বিশিষ্ট লেখক পদক
ঈশান জ্যোতি বৰা, ডাঃ নয়নজ্যোতি শৰ্মা আৰু ড° ৰবীন জামান
ইতিকথা পদক
চন্দন চিৰিং ফুকন
উদ্ভাৱন পদক
অম্লান বসুমতাৰী
কাৰিকৰী বিশেষজ্ঞ পদক
দিব্য দত্ত
কাৰিকৰী বিশেষজ্ঞ সহযোগী পদক
মৃদুল কুমাৰ শৰ্মা আৰু চাণক্য কুমাৰ দাস
প্ৰতিভাবান ন-সম্পাদকৰ পদক
কুলধৰ ৰাভা
ৰামধেনু পদক
অজয় দাস
ৱিকি উদ্যোগী পদক
প্ৰদ্যুৎ প্ৰতীম দত্ত
সহযোগিতা পদক
অন্বেষা ফুকন
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ অমূল্য অৱদান পদক
ঈশান জ্যোতি বৰা, চাণক্য কুমাৰ দাস, বিশ্বজিৎ বৈশ্য, গীতাৰ্থ বৰদলৈ আৰু অনামিকা বড়া
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ উদ্যোগী পদক
প্ৰদ্যুৎ প্ৰতীম দত্ত, নিৰঞ্জন বড়া, অনিমেষ বৰা, ভাস্কৰজ্যোতি ভূঞা, প্ৰাণজ্যোতি নাথ, প্ৰিয়দৰ্শিকা মেধি, দিব্য দত্ত, নয়নজ্যোতি নাথ, হানিফ আলী, অনামিকা বৰুৱা, বিদ্যুৎ শৰ্মা, মৌচুমী দাস আৰু মৃদুল কুমাৰ শৰ্মা
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সহযোগিতা পদক
নিজৰা কোঁচ, অম্লান বসুমতাৰী, বাবুল বৈশ্য, জলী ৰুমী বৰা, শশাংক বৰগোহাই, নিতিশা বৰদলৈ আৰু গীতাৰ্থ কৌশিক বৰঠাকুৰ


বিশেষ অভিলেখ
মে’-২০২০ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

ভাৰতীয় অনলাইন মুদ্ৰন সংশোধন প্ৰতিযোগিতা ২০২০ত অসমীয়া ৱিকিউৎসৰ তৃতীয় স্থান।
একেটা মাহতে অসমীয়া ৱিকিপিডিয়াত দুই শতাধিক প্ৰবন্ধৰ সৃষ্টি আৰু অসমীয়া ৱিকিউৎসত দহৰো অধিক গ্ৰন্থৰ কাম সম্পূৰ্ণ।
অসমীয়া ৱিকিমিডিয়া অসমীয়া ৱিকিমিডিয়া ইউ টিউব চেনেলত নতুন সদস্যৰ বাবে দহৰো অধিক নতুন ভিডিঅ'ৰ কাম সম্পন্ন।

উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৬,৮৭৭ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২৫২ খনলৈ বৃদ্ধি পালে।
  • অনলাইন আলোচনা আৰু প্ৰশিক্ষণ:
    • ১ মে'ত সাহিত্য সভাৰ সভাপতি শ্ৰীযুত কুল শইকীয়াৰ সৈতে কেইজনমান ৱিকিপিডিয়ানৰ অনলাইন বাৰ্তালাপ হয়।
    • ৪ মে'ত অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ প্ৰশাসক গীতাৰ্থ বৰদলৈয়ে জুম এপৰ জৰিয়তে কেইবাজনো ন−শিকাৰুক মুদ্ৰণ সংশোধন সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰে।
    • ১৪ মে'ত জুম এপৰ জৰিয়তে অসমীয়া ৱিকিমিডিয়া সমাজৰ এখন আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়।


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অনামিকা বড়া ৪৬১ ৩০১৫ ২৩ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চাণক্য কুমাৰ দাস ৪৭৪ ১৩১১ ৮৪ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰাণজ্যোতি নাথ ২৪৮ ১০৩৪ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা ১০৭৮ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা ১৬১ ৯৪৯ ১২ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অম্লান বসুমতাৰী ৮০৩ - ১০১ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ডা০ গীতাৰ্থ বৰদলৈ - ৮০৪ ২২ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ২৫৮ ৩৪৪ ১৫ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
হানিফ আলী ৫৭ ৫৪২ ৪০ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ নিৰঞ্জন বড়া ৯২ ৪৭৮ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ বিশ্বজিৎ বৈশ্য ১২ ৬৪২ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ প্ৰদ্যুৎ প্ৰতীম দত্ত ৫৭ ৪১০ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ অনিমেষ বৰা - ৬০৬ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ অনামিকা বৰুৱা ৬২১ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫ ড০ ৰবীন জামান ৫৮৬ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬ বাবুল বৈশ্য ২৯৭ - ১০ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৭ চন্দন চিৰিং ফুকন ২৫৬ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৮ ছফিকুল ইছলাম ২৫০ - ৫০ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৯ অজয় দাস ২৫৪ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২০ অংশুমান দত্ত ২১৪ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২১ প্ৰিয়দৰ্শিকা মেধি - ২১৭ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২২ মৃদুল কুমাৰ শৰ্মা ৩৬ ১৫৪ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২৩ নয়নজ্যোতি নাথ ১৫৫ - ১৯ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২৪ অন্বেষা ফুকন - ১৩০ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২৫ বিদ্যুৎ শৰ্মা - ১০৩ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২৬ মৌচুমী দাস ১৪ ৮৮ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২৭ দিলীপ কুমাৰ ৰাভা ১০০ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২৮ ড০ জলি বৰা ৯৪ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।