সমকামী পুৰুষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সমকামী পুৰুষ (ইংৰাজী: Gay) বা গে শব্দটো প্ৰাথমিকভাবে সমকামী বা সমকামী হিচাপে বৈশিষ্ট থকা ব্যক্তি বিশেষক বুজায়। শব্দটো মূলত "ভাৱনাহীন", "শুভ", বা "উজ্জ্বল" হোৱাৰ অৰ্থত ব্যৱহাৰ হয়।

সমকামিতাৰ পৰিশিষ্ট হিচাপে এই শব্দ ১৯শ শতিকাৰ প্ৰথমৰ ফালে ব্যৱহাৰ আৰম্ভ হলেও পৰৱৰ্তী কালত বিংশ শতিকাৰ ফালে ধীৰে ধীৰে ইয়াৰ ব্যৱহাৰ বৃদ্ধি পায়।[1] আধুনিক ইংৰাজী ভাষাত, কোনো ব্যক্তিক উল্লেখ কৰিবলৈ বিশেষণ আৰু বিশেষ্য হিচাপে এই শব্দৰ ব্যৱহাৰ হয়। সমকামী পুৰুষ আৰু সমকামিতাৰ লগত যুক্ত আলোচনা আৰু সংস্কৃতিৰ ক্ষেত্ৰত এই শব্দ ব্যৱহাৰ হৈ আহিছে। ২০শ শতিকাৰ শেষত, ইংৰাজী গে শব্দটো প্ৰধানকৈ এলজিবিটি গোষ্ঠীৰ প্ৰস্তাৱিত হয় আৰু শৈলী নিদের্শনা সমলিংগৰ প্ৰতি আকৃষ্ট ব্যক্তিক বৰ্ণনা কৰিবলৈ এই ৰ্য ব্যৱহাৰ কৰা হয়।[2][3]

সমকামিতা[সম্পাদনা কৰক]

সমকামিতাৰ ৰামধেনু গৌৰৱ পতাকা

সমকামিতা (Homosexuality), বুলিলে সমলিংগৰ ব্যক্তিৰ প্রতি "প্ৰেম, আৱেগিক আকৰ্ষণ, যৌন আকৰ্ষণ অথবা যৌন আচৰণ"ক বুজায়। যৌন অভিমুখীতা হিচাপে সমকামিতা বুলিলে মূলত সমলিংগৰ ব্যক্তিৰ প্ৰতি "স্নেহ বা প্ৰণয়ঘটিত এক ধৰণৰ যৌন প্রৱণতা"ক বুজায়। এই ধৰণৰ সম্পৰ্কৰ ভিত্তিত গড় লৈ উঠা ব্যক্তিগত বা সামাজিক পৰিচিতি বা এই ধৰণৰ আচৰণ আৰু সমজাতীয় ব্যক্তিসকলক লৈ গঠিত সম্প্ৰদায়কো এই শব্দৰ দ্বাৰা নিৰ্দেশ কৰা হয়।"[4][5] উভকামিতা আৰু বিপৰীতকামিতাৰ লগত সমকামিতা যৌন অভিমুখীতাৰ(Sexual Orientation) তিনটা প্ৰধান ভাগৰ অন্যতম হিচাপে পৰিগণিত হৈছে ।[4]বিজ্ঞানীসকলে সমকামিতাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই। কিন্তু তেওঁলোকে বিশ্বাস কৰে যে, জিনগত, হৰমনগত আৰু পৰিৱেশগত কাৰকসমূহৰ এক জটিল আন্তঃক্ৰিয়াৰ ফলত এই অৱস্থা সৃষ্টি হয়।[4][6] ইয়াত মানুহৰ ইচ্ছা-অনিচ্ছাৰ লগত কোনো সম্পৰ্ক নাই।[4] তেওঁলোকে জীৱবিজ্ঞান নিৰ্ভৰশীল তত্ত্ব সমূহক বেছি সমৰ্থন কৰে ।[6] ইয়াৰে ভিতৰত উল্লেখযোগ্য কিছুমান হল জিন, মাতৃগৰ্ভৰ পৰিৱেশ আৰু এই দুই প্ৰভাৱৰ মেলবন্ধন অথবা এই গোটেই সমূহৰ লগত সামাজিক প্ৰভাৱৰ মেলবন্ধন।[7][8] যৌন অভিমুখীতা নিৰ্ধাৰণত সন্তানপালন বা শৈশৱৰ অভিজ্ঞতাৰ কোনো ভূমিকা আছে নে নাই এতিয়ালৈকে প্ৰমাণ হোৱা নাই।[7] কোনো কোনোৱে সমকামী যৌন আচৰণক অপ্ৰাকৃতিক বুলিলেও[9] বৈজ্ঞানিক গৱেষণাত দেখা গৈছে যে, সমকামিতা মানৱ যৌনতাৰ এটি সাধাৰণ আৰু প্ৰাকৃতিক প্ৰকৰণ আৰু অন্য কোনো প্রভাৱৰ অস্তিত্বক এৰি ই কোনো নেতিবাচক মনস্তাত্ত্বিক প্ৰতিক্রিয়া সৃষ্টি নকৰে।[4][10] যৌন অভিমুখীতা পৰিৱৰ্তনৰ বিভিন্ন কৰ্মসূচীৰ কাৰ্যকাৰিতা সম্পৰ্কে যথেষ্ট প্ৰমাণ নাই।[11] মহিলা সমকামীসকলক বুজাবলৈ আটাইতকৈ বেছি ব্যৱহাৰ কৰা শব্দ হল লেছবিয়ান(Lesbian) আৰু পুৰুষ সমকামীৰ ক্ষেত্ৰত গে(Gay) ব্যৱহাৰ কৰা হয়। যদিও গে শব্দটো সমকামী মহিলা আৰু পুৰুষ উভয়ক বুজাবলৈ সাধাৰণভাৱে ব্যৱহাৰ কৰা হয়। বিভিন্ন কাৰণত স্বঘোষিত সমকামীৰ সংখ্যা আৰু মুঠ জনসংখ্যাৰ মাজত সমকামী সম্পৰ্কত আৱদ্ধ মানুহৰ অনুপাত নিৰ্ণয় কৰা টান। এই কাৰণ সমূহৰ ভিতৰত প্ৰধান হল সমকামভীতি আৰু বিপৰীতকামবাদৰ সমৰ্থনজনিত বৈষম্যেৰ বাবে সমকামী সকলে তেওঁলোকৰ যৌনতা মুকলিকৈ স্বীকাৰ নকৰে।[12] অন্যান্য প্ৰাণী সমূহৰ মাজতো সমকামী আচৰণৰ নিদৰ্শন নথিভুক্ত হৈছে।[13][14][15][16][17] অনেক সমকামী মানুহে স্থায়ী পাৰস্পৰিক সম্পৰ্কত আৱদ্ধ আছে। সাম্প্ৰতিক কালত লোকপিয়লৰ ফৰ্ম, ৰাজনৈতিক পৰিস্থিতি ইত্যাদিৰ অনুকূল অৱস্থাত তেওঁলোকৰ আত্মপ্ৰকাশৰ পথ নিৰাপদ হৈছে।[18] মূল মনস্তাত্ত্বিক গঠনৰ দিশৰ পৰা এই সম্পৰ্ক সমূহ বিপৰীতকামী সম্পৰ্কৰ সমান।[19] সমকামী সম্পৰ্ক আৰু কাৰ্যকলাপ ঠাই ভেদে শাস্তি আৰু নিন্দা - উভয়ৰ নিদৰ্শন আছে, কেওল প্ৰকাশৰ ভংগীমা আৰু সংশ্লিষ্ট সংস্কৃতিজনিত তাৰতম্য দেখা যায়।[20] ঊনবিংশ শতিকাৰ শেষভাগৰ পৰা সমকামী সকলৰ অধিকাৰ প্রতিষ্ঠাৰ উদ্দেশ্যে বিশ্বব্যাপী আন্দোলন আৰম্ভ হৈছে। এই অধিকাৰ সমূহৰ ভিতৰত প্ৰধান হল সমলৈংগীক বিবাহ, এলজিবিটি দত্তক গ্ৰহণ আৰু এলজিবিটি সন্তানপালন, কৰ্মক্ষেত্ৰত বৈষম্যবিৰোধী আইন আৰু সমানাধিকাৰ, যৌন অভিমুখীতা আৰু সামৰিক পৰিষেবা, স্বাস্থ্য পৰিষেবাত সমানাধিকাৰ, আৰু অপ্ৰাপ্তবয়স্ক সমকামীসকলৰ নিৰাপত্তাৰ স্বাৰ্থত এণ্টি-বুলিং আইন প্ৰণয়ন ইত্যাদি।

স্বীকৃৰ্তি আৰু আইন[সম্পাদনা কৰক]

  কোনো তথ্য নাই
সমকামিতা বৈধ
  সমকামী বিবাহ বৈধ
   সমকামী বসবাস বৈধ
   আন্তৰাষ্ট্ৰীয় বিবাহ অনুজ্ঞা পত্ৰক স্বীকৃৰ্তি
  সমকামী বসবাস বৈধ নহয়
সমকামিতা অবৈধ
  নিম্নতম শাস্তি
   কঠোৰ শাস্তি
  আজীৱন কাৰাবাস
  মৃত্যু দণ্ড

ইতিহাসৰ প্ৰায় সকলোসময়ত সমকামী সম্পৰ্ক আৰু আচৰণ নিন্দিত হৈ আহিছে। কেতিয়াবা সামাজিক উদাৰতা আৰু আনুকূল বুলিও পৰিলক্ষিত হৈছে। এই প্রশংসা আৰু নিন্দা নিৰ্ভৰ কৰি স্থানভেদে সমকামিতাৰ বহিঃপ্ৰকাশৰ ৰূপ, সমসাময়িক বিভিন্ন ধৰ্মবিশ্বাসৰ প্ৰভাৱ আৰু সাংস্কৃতিক মানসিকতাৰ ওপৰত নিৰ্ভৰশীল।[21] অধিকাংশ সমাজ আৰু চৰকাৰ ব্যৱস্থাত সমকামী আচৰণক দণ্ডণীয় অপৰাধ হিচাপে গণ্য কৰা হয়, উদাহৰণস্বৰূপে ভাৰত আৰু বাংলাদেশ (দহ বছৰৰ পৰা আজীৱন কাৰাদণ্ড)[22] সহ দক্ষিণ এছিয়াৰ ৭তা দেশৰ সংবিধানত ৩৭৭ ধাৰা আৰু ১৯তা দেশত সমপৰ্যায়ৰ ধাৰা বা সম্পূৰক ধাৰা মতে সমকামিতা আৰু পশুকামিতা প্রকৃতিবিৰোধী যৌনাচাৰ হিচাপে শাস্তিযোগ্য আৰু দণ্ডনীয় ফৌজদাৰী অপৰাধ।[22] ২০১৫ চনৰ জুলাইৰ এটি পৰিসংখ্যান অনুযায়ী, পৃথিৱীৰ মুঠ ৭২ খন দেশত [lower-alpha 1] আৰু পাঁচখন দেশৰ উপ-জাতীয় আইনী বিধিমালাত[lower-alpha 2] সমকামিতা চৰকাৰী ভাবে অবৈধ, যাৰ অধিকাংশই এছিয়া আৰু আফ্ৰিকাত অৱস্থিত। ইয়াৰে ভিতৰত কিছুমান দেশত সমকামী আচৰণৰ অপৰাধত মৃত্যুদণ্ড দিয়াৰো বিধান আছে।

সমকামিতা আৱহমানকাল ধৰি অসামাজিক বিবেচিত হোৱাৰ প্ৰধান কাৰণ সমূহ হল; এই যৌনাচৰণ মাধ্যমত সন্তানৰ জন্মদান সম্ভৱ নহয়, ফলত মানুহৰ বংশৰক্ষা সম্ভৱ নহয়। তদুপৰি পৃথিৱীৰ প্ৰায় বোৰ প্ৰধান ধৰ্মই সমকামী যৌনাচৰণ নিষিদ্ধ কৰিছে।[23] বৰ্তমান সমাজতো অধিকাংশ ক্ষেত্ৰত সমকামী যৌনাচৰণ একপ্ৰকার যৌনবিকৃতি হিচাপে পৰিগণিত। ১৯৭৩ চনত পাশ্চাত্য মনস্তাত্ত্বিক সকলে 'সমকাম প্ৰৱণতা'ক মানসিক ৰোগৰ তালিকাৰ পৰা বাদ দিয়ে। ১৯৭৫ চনত যুক্তৰাষ্ট্ৰৰ আন্তজাৰ্তিক মনস্তত্ত্ব ফেডাৰেচনে 'সমকাম প্ৰৱণতা'ক স্বাভাৱিক বুলি দাবী কৰে। পাশ্চাত্য আৰু উন্নত কিছু দেশৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো দেশত সমকামী যৌনাচাৰণৰ প্ৰতি সাধাৰণ মানুহৰ বৈৰীভাৱ বিৰাজমান। অধিকাংশ সমাজে সমকামী যৌনাচাৰণক এক অস্বাভাৱিক আৰু নেতিবাচক প্ৰবৃত্তি হিচাপে লজ্জাৰ কাৰণ আৰু ধিক্কাৰযোগ্য বুলি বিবেচনা কৰে। ধৰ্ম[23][24] আৰু আইনৰ বিধান আৰু সামাজিক অনুশাসনৰ কাৰণে কাৰ্যকলাপ তথা সমকামী যৌনসংগম বিশ্বৰ অধিকাংশ স্থানত অবৈধ আৰু গুপ্ত আচৰণ হিচাপে সংঘটিত হয়।

বিংশ শতিকাৰ প্ৰেক্ষাপট[সম্পাদনা কৰক]

বিংশ শতিকাৰ দ্বিতীয় দশকত ইউৰোপ আৰু পাশ্চাত্যেৰ কিছুমান দেশে সমকামী যৌনাচাৰণৰ অবৈধতা উঠাই দিয়ে । কিছুমান দেশত সমকামী ব্যক্তি সকলৰ বিবাহ আইনসিদ্ধ বুলিও ঘোষণা কৰা হয়। ২০১৫ চন অনুযায়ী এই দেশসমূহৰ সংখ্যা ১৮ (পূৰ্ণ বা আংশিক), ইয়াৰ অধিকাংশই আমেৰিকা, পশ্চিম ইউৰোপ, আৰু যুক্তৰাষ্ট্ৰত অৱস্থিত[lower-alpha 8]। ষ্টনৱাল ঘটনাৰ পিছৰ পৰা [25] সমকামী ব্যক্তি সকলে এলজিবিটি সামাজিক আন্দোলনৰ সূচনা ঘটায়। এই আন্দোলনৰ উদ্দেশ্য আছিল সমকামী সকলৰ প্ৰতি সমাজৰ দৃষ্টি আকৰ্ষণ, স্বীকৃতি, আইনী অধিকাৰদান আৰু একে লগে সমলিঙ্গৰ বিবাহ, দত্তকগ্ৰহণ, সন্তানপালন, বৈষম্যবিৰোধী আইন প্ৰয়োগ, সেৱা আৰু স্বাস্থ্য বৈষম্যেৰ বিৰোদ্ধে অধিকাৰ প্ৰদানৰ দাবী উত্থাপন। তদুপৰি একে সময়ে ধৰ্ম আৰু ৰাজনীতি প্ৰভাৱিত কিছু প্ৰাক্তন সমকামী বা এক্স-গে সংগঠনৰ সূচনা ঘটাই সমকামী অভিমুখীতা পৰিবৰ্তনৰ মাধ্যমত মনোভাৱ দুৰীকৰণ আৰু সমকামী প্ৰৱণতা প্ৰতিকাৰৰ বাবে প্ৰতিষ্ঠানিকভাৱে উদ্যোগ গ্ৰহণ আৰম্ভ কৰে।[11]

কাৰণ[সম্পাদনা কৰক]

বিজ্ঞানে সমকামিতাৰ কাৰণ বিচাৰিব চেষ্টা কৰি আছে। ইয়াৰ ফলস্ৰূপে জৈৱিক আৰু পৰিৱেশগত কাৰণসমূহ ইয়াৰ প্ৰধান কাৰণ ওলাই পৰিছে। জৈৱিক কাৰণ সম্বন্ধে গৱেষণা হৈছে সেইবোৰৰ হল জিনগত আৰু হৰমনগত, বিশেষকৈ ভ্ৰূণৰ বিকাশৰ সময়ত যিবোৰ পৰিবৰ্তনৰ ফলত মস্তিষ্কৰ গঠনগত আৰু কার্যগত পৰিবৰ্তন ঘটে আৰু সোঁহতীয়া বা বাওঁহতীয়া হোৱাৰ প্ৰৱণতা ইত্যাদি অন্য কোনো কোনো স্বভাৱগত বৈশিষ্ট্যও নিৰ্ধাৰিত হয়।[6][7] পৰিৱেশৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্রভাৱ (সামাজিক, মানসিক) আৰু জৈৱিক বিষয় যৌন অভিমুখীতাক প্ৰভৱিত কৰে। যদিও অনেক গৱেষকৰ মতে মূলত প্ৰকৃতি আৰু প্ৰতিপালন — এই দুটাৰ জটিল সংমিশ্ৰণৰ ফলত এই অৱস্থা নিৰ্ধাৰিত হয়।[4][6] সমলিঙ্গৰ প্ৰতি যৌন আচৰণৰ প্ৰভাৱক হিচাপে একে পৰিৱেশত থকাৰ ভূমিকা মহিলাৰ ক্ষেত্ৰত নগণ্য আৰু পুৰুষৰ ক্ষেত্ৰত শূণ্য।[8]

ভাৰতত সমকামিতা[সম্পাদনা কৰক]

ভাৰতৰ বেংগালুৰু চহৰত অনুষ্ঠিত সমকামী গৌৰৱ(Gay Pride) শোভাযাত্ৰা (২০১৩)।

হিন্দুধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ সমূহত সমকামিতাৰ সুস্পষ্ট উল্লেখ নাই।[26] ভাৰতৰ প্ৰধান ধৰ্মবিশ্বাসত সমকামিতাৰ অৱস্থান কত, তাক লৈ গৱেষক সকলৰ মাজত দ্বিমত আছে। কোনো কোনোৰ মতে প্ৰচীন হিন্দু সমাজত সমকামিতা কেৱল প্ৰাসংগিক আছিল তেনে নহয়, বৰং তা গ্ৰহণীয়ও আছিল।[27] খাজুৰাহো, অজন্তা-ইলৰাৰ ভাস্কৰ্য, প্ৰাচীন ভাৰতীয় গ্ৰন্থত কিছুমান সমলিংগৰ উল্লেখ আৰু সমকামৰ আভাষ, বিভিন্ন সমকামিতাৰ লক্ষণ বহনকাৰী চৰিত্ৰ আদিয়ে ইয়াকে প্ৰমাণ কৰে। বাৎসায়নৰ কামসূত্ৰ গ্ৰন্থতো সমকামিতাৰ বৰ্ণনা আছে।

বৰ্তমান ভাৰতত সমকামিতা অবৈধ। [28] সমকামিতা সাধাৰণত ভাৰতীয় নাগৰিক সমাজ আৰু চৰকাৰত এটি নিষিদ্ধ বিষয়। ভাৰতত সমকামিতাক লৈ সাধাৰণ আলোচনাৰ সুযোগ কম। যদিও সাম্প্ৰতিক বছৰ সমূহত সমকামিতাৰ প্ৰতি ভাৰতীয় শোকৰ মনোভাৱ কিছু পৰিৱৰ্তন লক্ষ্য কৰা হৈছে। বিশেষত, ভাৰতৰ সংবাদমাধ্যম[29][30][31] আৰু বলিউডত[32] সমকামিতাৰ প্ৰদৰ্শন আৰু ইয়াৰ সংক্ৰান্ত আলোচনা বৃদ্ধি পাইছে।

২০০৯ চনৰ ২ জুলাইত দিল্লী উচ্চ ন্যায়ালয়ে এটি ৰায়ত স্পষ্টকৈ জনাই যে : প্ৰাপ্তবয়স্ক সকলৰ মাজত সম্মতিক্রমে সমকামিতাৰ আচৰণ অপৰাধৰ আওতাত নপৰে। এই ৰায়ত আৰু কোৱা হৈছে যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৭ ধাৰা ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ ৰক্ষা নীতিৰ পৰিপন্থী।[33] ২০১৩ চনৰ ১১ ডিচেম্বৰত পুনৰাই সমকামিতাক ভাৰতৰ উচ্চতম ন্যায়ালয়ে অবৈধ ঘোষণা কৰে আৰু ৩৭৭ ধাৰা অব্যাহত ৰাখে ।[34] এই ৩৭৭ ধাৰা মতে সমকামিতা আৰু পায়ুমৈথুন শাস্তিযোগ্য ফৌজদাৰী অপৰাধ। ইয়াৰ বাবে শাস্তি দহ বছৰৰ পৰা আজীবন কাৰাদণ্ড আৰু লগতে জৰিমনাও হব পাৰে।[35]

৩৭৭. প্ৰকৃতিবিৰুদ্ধ অপৰাধ: কোনো ব্যক্তি যদি স্বেচ্ছাই কোনো পুৰুষ, নাৰী বা পশুৰ লগত প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে যৌন সংগম কৰে, তেন্তে তেওঁক আজীৱন কাৰাদণ্ড দিয়া হব, অথবা বৰ্ণনা অনুযায়ী নিৰ্দিষ্ট কালৰ কাৰাদণ্ড প্ৰদান কৰা হব যি দহ বছৰ পৰ্যন্ত কাৰাদণ্ড হব পাৰে, আৰু ইয়াৰ লগত নিৰ্দিষ্ট অংকৰ আৰ্থিক জৰিমনাও দিব লাগিব। ব্যাখ্যা: ধাৰা অনুযায়ী অপৰাধ প্ৰমাণত যৌন সংগমৰ প্ৰয়োজনীয় প্ৰমাণ হিচাপে লিংগ প্ৰৱেশৰ প্রমাণ যথেষ্ট।[35][36]

৩৭৭ ধাৰাৰ ব্যাখ্যাত পায়ুসংগমজনিত যি কোনো যৌথ যৌন কাৰ্যকলাপকক ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছে। পৰস্পৰ সম্মতিক্ৰমে বিপৰীতকামী মুখকাম আৰু পায়ুসংগম উক্ত আইন অনুযায়ী শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰিব পাৰি।[37][38]

বিভিন্ন দল-সংগঠনে, অনুষ্ঠান আৰু ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত এই ধাৰাৰ অৱসান ঘটাবলৈ পুনৰ বিচাৰ কৰিব আবেদব জনাইছে। ইয়াৰ সপক্ষে আৰু বিপক্ষে সমানে যুক্তি আৰু সমৰ্থনকাৰী আছে। বৰ্তমান এই ধাৰা উচ্চতম ন্যায়ালয়ত পুনৰ বিচাৰৰ অধীনত।

লগতে চাওঁক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Harper, Douglas (২০০১-২০১৩). "গে" (ইংরেজি ভাষাত). অনলাইন ব্যুত্পত্তি অভিধান. http://www.etymonline.com/index.php?term=gay। আহৰণ কৰা হৈছে: জুলাই ৯, ২০১৫. 
  2. "GLAAD Media Reference Guide – Offensive Terms To Avoid" (ইংরেজি ভাষাত). এপ্রিল ২১, ২০১২. http://www.glaad.org/reference/offensive। আহৰণ কৰা হৈছে: জুলাই ৯, ২০১৫. 
  3. "Avoiding Heterosexual Bias in Language". American Psychologist (Committee on Lesbian and Gay Concerns (American Psychological Association, Inc)) খণ্ড 46 (9): 973–974. September 1991. http://www.apa.org/pi/lgbt/resources/language.aspx। আহৰণ কৰা হৈছে: জুলাই ৯, ২০১৫. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 "Sexual orientation, homosexuality and bisexuality". American Psychological Association. Archived from the original on August 8, 2013. http://web.archive.org/web/20130808032050/http://www.apa.org/helpcenter/sexual-orientation.aspx। আহৰণ কৰা হৈছে: August 10, 2013. 
  5. "Case No. S147999 in the Supreme Court of the State of California, In re Marriage Cases Judicial Council Coordination Proceeding No. 4365(...) – APA California Amicus Brief — As Filed" (PDF). p. 30. http://www.courts.ca.gov/documents/Amer_Psychological_Assn_Amicus_Curiae_Brief.pdf। আহৰণ কৰা হৈছে: 21 December 2010. 
  6. 6.0 6.1 6.2 6.3 Frankowski BL; American Academy of Pediatrics Committee on Adolescence (June 2004). "Sexual orientation and adolescents". Pediatrics খণ্ড 113 (6): 1827–32. doi:10.1542/peds.113.6.1827. PMID 15173519. http://pediatrics.aappublications.org/content/113/6/1827.long. 
  7. 7.0 7.1 7.2 "Submission to the Church of England's Listening Exercise on Human Sexuality". The Royal College of Psychiatrists. http://www.rcpsych.ac.uk/workinpsychiatry/specialinterestgroups/gaylesbian/submissiontothecofe.aspx। আহৰণ কৰা হৈছে: 13 June 2013. 
  8. 8.0 8.1 doi:10.1007/s10508-008-9386-1
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  9. Robinson, B. A. (2010). "Divergent beliefs about the nature of homosexuality". Religious Tolerance.org. http://www.religioustolerance.org/hom_fixe.htm। আহৰণ কৰা হৈছে: 12 September 2011. 
  10. ""Therapies" to change sexual orientation lack medical justification and threaten health". Pan American Health Organization. http://new.paho.org/hq/index.php?option=com_content&task=view&id=6803&Itemid=1926। আহৰণ কৰা হৈছে: 26 May 2012.  archived here [1].
  11. 11.0 11.1 American Psychological Association: Resolution on Appropriate Affirmative Responses to Sexual Orientation Distress and Change Efforts
  12. LeVay, Simon (1996). Queer Science: The Use and Abuse of Research into Homosexuality. Cambridge: The MIT Press ISBN 0-262-12199-9
  13. "Same-sex Behavior Seen In Nearly All Animals, Review Finds". ScienceDaily. http://www.sciencedaily.com/releases/2009/06/090616122106.htm. 
  14. 1,500 animal species practice homosexuality. The Medical News, 23 October 2006
  15. Sommer, Volker & Paul L. Vasey (2006), Homosexual Behaviour in Animals, An Evolutionary Perspective. Cambridge University Press, Cambridge. ISBN 0-521-86446-1
  16. (Bagemihl 1999)
  17. Harrold, Max (16 February 1999). "Biological Exuberance: Animal Homosexuality and Natural Diversity". The Advocate, reprinted in Highbeam Encyclopedia. http://www.thefreelibrary.com/Biological+Exuberance:+Animal+Homosexuality+and+Natural+Diversity.-a053877996। আহৰণ কৰা হৈছে: 10 September 2007. 
  18. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; amici নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  19. Sexual Orientation. American Psychiatric Association.
  20. Murray, Stephen O. (2000). Homosexualities. University of Chicago. 
  21. 22.0 22.1 State-sponsored Homophobia: A world survey of laws prohibiting same sex activity between consenting adults The International Lesbian, Gay, Bisexual, Trans and Intersex Association, authored by Lucas Paoli Itaborahy, May 2014
  22. 23.0 23.1 McDermott, Ryon C.; Schwartz, Jonathan P.; Lindley, Lori D.; Proietti, Josiah S. (2014). "Exploring men's homophobia: Associations with religious fundamentalism and gender role conflict domains". Psychology of Men & Masculinity খণ্ড 15 (2): 191–200. doi:10.1037/a0032788. 
  23. "Code of Ethics, American Association of Christian Counselors". American Association of Christian Counselors. http://aacc.net/files/AACC%20Code%20of%20Ethics%20-%20Master%20Document.pdf#page=15। আহৰণ কৰা হৈছে: May 2015. 
  24. Adam, p. 82.
  25. "Homosexuality and Hinduism". http://www.religionfacts.com/homosexuality/hinduism.htm. 
  26. "Same Sex love in India" by Ruth Vanita and Saleem Kidwai (MacMillan, Delhi, 2000)
  27. http://www.reuters.com/article/2013/12/11/us-india-rights-gay-idUSBRE9BA05620131211
  28. UN body slams India on rights of gays The Times of India, 24 April 2008
  29. "Fear and loathing in gay India". BBC News. http://news.bbc.co.uk/2/hi/south_asia/4304081.stm। আহৰণ কৰা হৈছে: 2008-04-17. 
  30. Why should homosexuality be a crime? The Times of India, 18 September 2003
  31. "Queering Bollywood". http://media.opencultures.net/queer/. 
  32. It's OK to be gay in India: Delhi High Court decriminalises homosexual sex Examiner.com, 2 July 2009
  33. http://edition.cnn.com/2013/12/11/world/asia/india-same-sex-relationship/
  34. 35.0 35.1 "Sodomy Laws Around the World". 24 April 2007. http://www.sodomylaws.org/world/india/india.htm। আহৰণ কৰা হৈছে: 1 September 2007. 
  35. "Indian Penal Code". District Court Allahabad. http://districtcourtallahabad.up.nic.in/articles/IPC.pdf। আহৰণ কৰা হৈছে: 11 December 2013. 
  36. "Bangladesh: Treatment of homosexuals including legislation, availability of state protection and support services". www.unhcr.org. http://www.unhcr.org/refworld/country,,IRBC,,BGD,,4dd1122f2,0.html। আহৰণ কৰা হৈছে: 9 December 2012. 
  37. "Bangladesh_Penal_Code_1860_Full_text.pdf (application/pdf Object)". www.unodc.org. https://www.unodc.org/tldb/pdf/Bangladesh_Penal_Code_1860_Full_text.pdf। আহৰণ কৰা হৈছে: 9 December 2012. 

গ্ৰন্থৰাজি[সম্পাদনা কৰক]

বহিঃসংযোগ[সম্পাদনা কৰক]

সাঁচ:Wikicommons


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "lower-alpha" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="lower-alpha"/> টেগ্‌ পোৱা নগ'ল