অনিল ৰায়চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
অনিল ৰায়চৌধুৰী
জন্ম আগষ্ট ২৭ , ১৯২৬
বৰপেটা, দক্ষিণহাটী, অসম
মৃত্যু মে' ০১ , ২০২০ (৯৩ বছৰ)
গুৱাহাটী, অসম
পেছা সাহিত্যিক, সমজ বিজ্ঞানী
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
দাম্পত্যসংগী ভাৰতী ৰায়চৌধুৰী


অনিল ৰায়চৌধুৰী (ইংৰাজী: Anil Raichoudhury) এগৰাকী অসমীয়া সাহিত্যিক, সমাজবিজ্ঞানী, গীতিকাৰ, মুক্তিযোদ্ধা আৰু সাম্যবাদী আদৰ্শৰে উদ্বুদ্ধ প্ৰগতিশীল বুদ্ধিজীৱী।[1] ১৯২৬ চনত বৰপেটাত জন্মলাভ কৰা ৰায়চৌধুৰীয়ে স্কুলীয়া দিনতে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ লৈছিল। পৰৱৰ্তী কালত সাহিত্যিক হিচাপে সুনাম অৰ্জন কৰা ৰায়চৌধুৰী আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল আৰু প্ৰায় ডেৰশ গীত ৰচনা কৰিছিল। অসম সচিবালয়, শিক্ষকতা, কেন্দ্ৰীয় আবকাৰী পৰিদৰ্শক আদি কৰি প্ৰায় আঠটা চাকৰি বাদ দি ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় বিভাগৰ কৰ্মচাৰী হিচাপে নিযুক্ত হয়।[2] পৰৱৰ্তী সময়ত ১৯৮৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই প্ৰশাসনিক বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে। বিশ্ববিদ্যালয় কৰ্মীসংঘৰ সাধাৰণ সম্পাদকৰ উপৰি তেওঁ কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু ১৯৬২, ১৯৬৫ আৰু ১৯৭৫ চনত গ্ৰেপ্তাৰ হৈ কাৰাবাস খাটিছিল। প্ৰায় ৩৭ বছৰ ৬ মাহ চাকৰি কৰি ১৯৮৮ চনৰ ৩০ জুনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।[3] তেওঁ এজন বামপণ্ঠী নেতা আছিল।[4]

ৰায়চৌধুৰীয়ে অসম আত্মৰক্ষী ফৌজ আৰু অসম জাতীয় সভাৰো নেতৃত্ব লৈছিল। কৃষক শ্ৰমিক আন্দোলনতো তেওঁ অংশগ্ৰহণ কৰিছিল। ইয়াৰবাবে তেওঁ কেইবাবাৰো জেললৈ যাব লগা হৈছিল। ১৯৭১ চনৰপৰা ৰায়চৌধুৰীয়ে নতুন পৃথিৱী নামৰ এখন আলোচনী সম্পাদনা কৰিছিল। নতুন সাহিত্য পৰিষদৰো তেওঁ প্ৰতিষ্ঠাপক সদস্য আছিল। পৰৱৰ্তী সময়ত তেওঁ পৰিষদৰ সম্পাদক হোৱাৰ লগতে ১৯৯৮চনত সভাপতিও হৈছিল।[4] ৯৪ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।[2]

জন্ম[সম্পাদনা কৰক]

বৰপেটাৰ দক্ষিণহাটীৰ ৰায়পাৰা গাঁৱৰ বিখ্যাত ৰায়চৌধুৰী পৰিয়ালত ১৯২৬ চনত অনিল ৰায়চৌধুৰীৰ জন্ম হয়। দেউতাক প্ৰয়াত দেৱেন্দ্ৰ নাথ ৰায়চৌধুৰী আৰু মাক প্ৰয়াত গৌৰীবালা ৰায়চৌধুৰী।[1] সৰুতেই মাতৃ ঢুকোৱাত জেঠীমাকহঁতৰ লগত থাকিবলৈ লয়।

শিক্ষা[সম্পাদনা কৰক]

১৯৩৫ চনত দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ত ৰায়চৌধুৰীৰ শিক্ষা জীৱন আৰম্ভ হয়। প্ৰাথমিক বিদ্যালয় পঢ়াৰ পাছত বৰপেটা বিদ্যাপীঠত নামভৰ্তি কৰে। সেই সময়তে বৰপেটা চহৰত মদ, জুৱাৰ প্ৰকোপ বাঢ়ি অহা দেখি প্ৰসন্নলাল চৌধুৰীআৰু গিৰিশ চন্দ্ৰ চৌধুৰীৰ নেতৃত্বত এক জনমত গঢ়ি তুলিছিল।[5] স্বাধীনতা আন্দোলনৰ বাবে তেখেতে ১৯৪২/৪৩ চনত স্কুল বৰ্জন কৰিছিল যদিও পুনৰ ১৯৪৪ চনত প্ৰৱেশিকা পৰীক্ষাৰ আগমুহূৰ্তত বিদ্যালয়ত যোগদান কৰে। ১৯৪৪ চনত তেখেত প্ৰৱেশিকা পৰীক্ষাত অৱত্তীৰ্ণ হয় যদিও পৰীক্ষাত অনুত্তীৰ্ণ হয়। ১৯৪৫ চনত তেখেতে বৰপেটা বিদ্যাপীঠ হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। ১৯৪৭ চনত তেখেতে আই এ পৰীক্ষা পাছ কৰি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত বি কম পাঠ্যক্ৰমত নামভৰ্তি কৰে আৰু ১৯৪৯ চনত বি কম পৰীক্ষাত উত্তীৰ্ণ হয়। চাকৰিৰ সন্ধান আৰু এম কম পাঠ্যক্ৰম অধ্যয়নৰ মানসেৰে তেখেতে কলিকতালৈ যাত্ৰা কৰে যদিও বিফল হয় আৰু পুনৰ ১৯৭১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। পিচলৈ এম কম পাঠ্যক্ৰম সম্পূৰ্ণ কৰে যদিও পৰীক্ষাত নবহাকৈ থাকে।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

কলিকতাৰ পৰা ঘূৰি আহি ৰায়চৌধুৰীয়ে বৰপেটা এম ই স্কুলৰ প্ৰধান শিক্ষকৰ পদত যোগদান কৰে। একে বছৰতে তেখেতে আছাম ট্ৰেডিং কো-অপাৰেটিভত কৰ্মচাৰী ৰূপে যোগদান কৰে যদিও এই চাকৰি এৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অস্থায়ী কৰ্মচাৰীৰূপে যোগদান কৰে। এসময়ত এই চাকৰিও এৰি তেওঁ শ্বিলঙৰ কেন্দ্ৰীয় আবকাৰী পৰিদৰ্শক হয়। আবকাৰী পৰিদৰ্শক হিচাপে তিনিচুকীয়া আৰু ডিব্ৰুগড়তো তেখেতে কিছুদিন কাম কৰাৰ পাছত ১৯৫১ চনত পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাকৰিত যোগদান কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিষয়া হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।[1]

ছাত্ৰাৱস্থাৰ পৰাই তেখেত সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত আছিল। ১৯৪২-৪৩ চনত তেখেতে আছিল স্বাধীনতা আন্দোলনৰ ভলণ্টিয়াৰ। বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত পঢ়া সময়তে তেখেতে ছাত্ৰ কংগ্ৰেছ আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ জাতীয় সভাত অংশগ্ৰহণ কৰি বৰপেটা জিলাৰ জাতীয় মহাসভাৰ সম্পাদকৰ দায়িত্ব লয়। ৰাজনৈতিক জীৱনৰ সমান্তৰালকৈ তেখেতে নিজৰ লিখা-মেলাখিনিও আগুৱাই লৈ যায়। যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পঢ়ি থকা সময়ত তেখেত আছিল ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদক। এই সময়ছোৱাতে তেখেত লিখা মেলাৰ সৈতে জড়িত হয় আৰু আৱাহনৰ লগতে অন্যান্য আলোচনীত তেখেতৰ গল্প কবিতা প্ৰকাশ পাবলৈ ধৰে। এইখিনি সময়তে তেখেতে ১৯৫১-৫২ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰে। ১৯৬৪ চনলৈ পাৰ্টিত তেখেতে এক উল্লেখনীয় ভূমিকাত অৱত্তীৰ্ণ হয় আৰু মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি গঠনৰ বাবে ১৩ মাহ কাৰাবাস খাটে। ১৯৬২ চনতো ভাৰত-চীন যুদ্ধৰ সময়ত ভাৰত ৰক্ষা আইনৰ অধীনত তেখেতক ১৪ মাহৰ বাবে কাৰাৰুদ্ধ কৰি থোৱা হৈছিল।[1] ১৯৫২ৰ পৰা ১৯৬৪ চনৰ ভিতৰত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মী সংস্থা গঠনতো আগভাগ লয়। পৰৱৰ্ত্তী কালত অসম ৰাজ্যিক বিশ্ববিদ্যালয় কৰ্মী ফেডাৰচন গঠনত উদ্যোগ লয় আৰু এসময়ত সৰ্বভাৰতীয় কৰ্মী সংস্থাৰ সম্পাদক তথা কাৰ্য্যবাহী সভাপতিৰূপে কাৰ্য্যনিৰ্বাহ কৰে। তেখেতে প্ৰগতিশীল সাহিত্য সংগঠন গঢ়াতো আগভাগ লয়। ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা ঘোষনা কৰাৰ পিছতেই চৰকাৰে তেখেতক কাৰাৰুদ্ধ কৰে। ১৯৭৭ চনত ১৯ মাহ কাৰাৰুদ্ধ হৈ থকাৰ পিছত তেখেতে মুক্তিলাভ কৰে।[1]

সাহিত্যৰাজি[সম্পাদনা কৰক]

অনিল ৰায়চৌধুৰীয়ে ১৯৬৭ চনত সাহিত্য জগতত প্ৰৱেশ কতে। ড॰ পৰমানন্দ ৰাজবংশীৰ মতে অনিল ৰায়চৌধুৰী এজন যোদ্ধা নহয়, বোদ্ধাও। অসমৰ নৱ বৈষ্ণৱ ধৰ্ম, নামনি অসমৰ মধ্যশ্ৰেণী- এই দুখন গ্ৰন্থৰ উপৰিও অসমত বাংলাদেশী আৰু অসমীয়া ভাষা সম্পৰ্কে তেখেতে বহুখিনি মূল্যবান প্ৰবন্ধ লিখি থৈ গৈছে। 'কাণ্ডাৰী' তেখেতৰ এখন উল্লেখযোগ্য উপন্যাস আৰু 'দুধু মিঞা' অসমৰ গল্প সাহিত্যত বিশেষ স্থান পাবৰ যোগ্য।[6][1] গীতি সাহিত্যতো তেখেতৰ দখল আছিল আৰু তেখেত আকাশবাণীৰ এজন নিয়মীয়া গীতিকাৰ আছিল। ১৯৭১ চনত তেখেতৰ উদ্যোগত 'নতুন পৃথিৱী' নামৰ আলোচনীখন প্ৰকাশ পায়।[1] সৌমাৰজ্যোতি, আৱাহন, বৰদৈচিলা, মণিদীপা আদি আলোচনীতো তেওঁ বহু প্ৰবন্ধ লিখিছিল।[5]

গৱেষণামূলক[সম্পাদনা কৰক]

  • জ্যোতি চেতনা
  • নামনি অসমৰ মধ্যশ্ৰেণী
  • নামনি অসমৰ সামাজিক পটভূমি
  • অসমত বাংলাদেশী
  • অসমীয়া সমাজ আৰু নৱবৈষ্ণৱবাদ
  • অসমৰ সমাজ ইতিহাসত নৱবৈষ্ণৱবাদ
  • অসমীয়া ভাষা দৰ্শন

উপন্যাস[সম্পাদনা কৰক]

  • কাণ্ডাৰী
  • শত্ৰু

গল্প[সম্পাদনা কৰক]

  • ত্ৰিকোণ

গীত আৰু কবিতাৰ সংকলন[সম্পাদনা কৰক]

  • মধুচন্দ্ৰা

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ক্ৰান্তিকাল সাহিত্য বঁটা, ২০১৮

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

অনিল ৰায়চৌধুৰীৰ পত্নীৰ নাম ভাৰতী ৰায়চৌধুৰী। তেওঁৰ পুত্ৰ ভৰদ্বাজ ৰায়চৌধুৰী আৰু বিজয় ৰায়চৌধুৰী, কন্যা উৎপলা ৰায়চৌধুৰী আৰু ৰীণা ৰায়খাটনিয়াৰ।

মৃত্যু[সম্পাদনা কৰক]

২০২০ চনৰ ১ মে' তাৰিখে, ৯৪ বছৰ বয়সত গুৱাহাটীৰ চানমাৰিস্থিত নিজা বাসভৱনত বাৰ্ধক্যজনিত কাৰণত অনিল ৰায়চৌধুৰীৰ দেহাৱসান ঘটে। জি এম চি এইচত তেখেতে মৰোণোত্তৰ ভাবে দেহদান কৰে।[3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 "প্ৰগতিশীল বুদ্ধিজীৱী, গৱেষক লেখক অনিল ৰায়চৌধুৰীৰ দেহাৱসান" (Press release). ১ মে', ২০২০. 
  2. 2.0 2.1 "বিশিষ্ট সাহিত্যিক-সমাজ বিজ্ঞানী অনিল ৰায়চৌধুৰীৰ প্ৰয়ান" (Press release). Niyomiyabarta.org. 2 May. https://niyomiyabarta.org/assam/anil-rai-chodhuwray/। আহৰণ কৰা হৈছে: 4 May 2020. 
  3. 3.0 3.1 "শোষিতজনৰ মুক্তিকণ্ঠ, চিন্তাবিদ, বিশিষ্ট বাওঁপন্থী নেতা অনিল ৰায়চৌধুৰীৰ জীৱনাৱসান". বাতৰি. ২ মে', ২০২০. 
  4. 4.0 4.1 "অনিল ৰায়চৌধুৰীৰ দেহাৱসান" (Press release). অগ্ৰদূত. ২ মে. 
  5. 5.0 5.1 "সাহিত্যিক সমাজ বিজ্ঞানী অনিল ৰায়চৌধুৰীৰ বিয়োগ". গি এল পাব্লিকেশ্বন্‌ছ. প্ৰকাশক গুৱাহাটী. ২ মে' ২০২০. পৃষ্ঠা ১, ৮. 
  6. পৰমানন্দ মজুমদাৰ (২ মে', ২০২০). "সাহিত্য, শিল্প আন্দোলনৰ দিগদৰ্শী". প্ৰবন্ধ. অসমীয়া প্ৰতিদিন.