সমললৈ যাওক

নতুন পৃথিৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নতুন পৃথিৱী
পৰিচালক আনোৱাৰ হুছেইন
ৰচনা পদ্ম বৰকটকী, সৰ্বানন্দ
চিত্ৰনাট্য আনোৱাৰ হুছেইন
কাহিনী আনোৱাৰ হুছেইন
প্ৰযোজক আনোৱাৰ হুছেইন
অভিনয়ত অনুপমা ভট্টাচাৰ্য
বিমল নাথ
সংগীত পৰিচালক ত্ৰিধাৰা
প্ৰযোজনা
কোম্পানীসমূহ
২নং নিউ থিয়েটাৰ্চ, কলিকতা
মুক্তি
১৯৫৮
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

নতুন পৃথিৱী (ইংৰাজী: Natun Prithibi) আনোৱাৰ ফিল্মচৰ বেনাৰত নিৰ্মিত আৰু আনোৱাৰ হুছেইন পৰিচালিত আৰু প্ৰযোজিত এখন অসমীয়া কথাছবি। আনোৱাৰ ফিল্মচৰ দ্বাৰা নিৰ্মিত এয়া দ্বিতীয় ছবি। ১৯৫৮ চনত ছবিখনে মুক্তি পাইছিল। কাহিনীটোৱো আনোৱাৰ হুচেইনে ৰচনা কৰিছিল। সংলাপ লিখিছিল পদ্ম বৰকটকী আৰু সৰ্বানন্দই। কলিকতাৰ ২নং নিউ থিয়েটাৰ্চ ষ্টুডিঅ'ত ছবিখন নিৰ্মাণ কৰা হৈছিল। নতুন পৃথিৱীৰ শব্দগ্ৰহণ আৰ.চি.এ. পদ্ধতিত কৰা হৈছিল।[1] ছবিৰ প্ৰচাৰৰ বাবে ট্ৰেলাৰ মুক্তি দিয়া এইখনে প্ৰথম অসমীয়া ছবি।[2]

নতুন পৃথিৱী এখন নাৰীকেন্দ্ৰিক ছবি। বিধৱা বিবাহক বিষয়-বস্তু হিচাপে লৈ ছবিৰ কাহিনীভাগ ৰচনা কৰা হৈছিল।[3]

অনুপমা ভট্টাচাৰ্য, বিমল নাথ,মলয়া দাস, বীণা দাস, বুধীন শৰ্মা, বিভূতি চক্ৰৱৰ্তী, সৰ্বানন্দ পাঠক, গীতা ভট্টাচাৰ্য, কল্পনা ৰায়, হেমেন চৌধুৰী আদিৰ উপৰিও পশ্চিমবঙ্গৰ নিতীশ মুখাৰ্জী, পদ্মা দেৱী, তপতী ঘোষ, অৰুণ কুমাৰ আদিয়েও ছবিখনত অভিনয় কৰিছিল।[1]

সঙ্গীত পৰিচালনা কৰিছিল ত্ৰিধাৰাই।[1] অন্য কিছুমান উৎসৰ মতে ছবিখনৰ সঙ্গীত পৰিচালক আছিল মুকুল বৰুৱা আৰু ৰাজেশ্বৰ বৰদলৈ।[4][2] কণ্ঠ দিছিল- শেৱালী দেবী, মিহিৰ বৰদলৈ, জ্যোতিৰ্ময় কাকতি আৰু মুকুল বৰুৱাই।[1]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 4 মঞ্চলেখা, পৃষ্ঠা ৩১৯, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭.
  2. 1 2 "Released Assamese Feature Films". Archived from the original on 16 September 2016. https://web.archive.org/web/20160916232427/http://www.enajori.com/?page_id=589 আহৰণ কৰা হৈছে: 18 April 2020.
  3. "'Women are the prime force of society'". https://timesofindia.indiatimes.com/city/guwahati/Women-are-the-prime-force-of-society/articleshow/39535827.cms আহৰণ কৰা হৈছে: 20-10-2019."'Women are the prime force of society'". https://timesofindia.indiatimes.com/city/guwahati/Women-are-the-prime-force-of-society/articleshow/39535827.cms আহৰণ কৰা হৈছে: 20-10-2019.
  4. "Notun Prithibi directed by Anowar Hussain". Archived from the original on 12 January 2020. https://web.archive.org/web/20200112045743/http://www.boxofficeassam.com/movie/notun-prithibi/ আহৰণ কৰা হৈছে: 18 April 2020.