সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২০

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
নৱম বৰ্ষ | মে’ | ২০২০ | পঞ্চম সংখ্যা
উচৰ্গা
উচৰ্গা সম্পাদনা কৰক
ইৰফান খানৰ এখন চিত্ৰ
অংকন: নয়ন জ্যোতি নাথ
ঋষি কাপুৰ

২০২০ চনৰ ২৯ এপ্ৰিলত মাত্ৰ ৫৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক পদ্মশ্ৰী বঁটা বিজয়ী ইৰফান খান আৰু ২০২০ চনৰ ৩০ এপ্ৰিলত ৬৭ বছৰ বয়সত ইহলীলা সম্বৰণ কৰা ঘাইকৈ হিন্দী চলচ্চিত্ৰ জগতলৈ অৱদান আগবঢ়োৱা অন্যতম ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক ঋষি কাপুৰ , এই দুই মহাতাৰকালৈ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনাই এই মাহৰ ৱিকিপত্ৰিকাখন উচৰ্গা কৰা হৈছে।

সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

অ' মোৰ সুৰীয়া মাত/অসমৰ সুৱদী মাত

অজয় দাস(ৱিকিমিডিয়ান)

ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে CISৰ সহযোগত অসমীয়া ৱিকিপিডিয়াৰ হৈ মুম্বাই অনুষ্ঠিত Train The Trainer 2020 উচ্চস্তৰীয় প্ৰশিক্ষণ অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছিলোঁ। তাৰ ফলশ্ৰুতিতে জলি বায়ে মনৰ কথা লিখিবলৈ কৈছিল যদিও বাবুল বৈশ্য দা আৰু নয়নে ইতিমধ্যে যোৱা ৱিকিপত্ৰিকা সংখ্যা দুটাত তেওঁলোকৰ মনৰ কথাত বৰ সুন্দৰকৈ এই বিষয়ে উল্লেখ কৰিছে। সেয়ে এই সংখ্যাত মন মন্থন কৰি কিবা নতুন লিখিম বুলি থিৰ কৰিছিলোঁ। পিছে আগতে দুবাৰকৈ মনৰ কথা লিখাৰ পিছত শুকান জেওৰা চেপি-খুন্দিলে কিমানকণ বা ৰস ওলাব? সেয়ে সাহিত্যৰ ৰসত নুজুবুৰীয়াই তেল-মছলাবিহীন মনৰ পৰা পোনপটীয়াকৈ ওলোৱা একেবাৰে বিশুদ্ধ কথা খিনি হে ইয়াত লিখাৰ চেষ্টা কৰিলোঁ।

এপ্ৰিল মাহ তলাবন্ধৰ মাজেৰে পাৰ হোৱাৰ বাবে আন সকলো ক্ষেত্ৰলৈ বিৰূপ প্ৰভাৱ পেলালেও অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ বাবে আশীৰ্বাদৰ দৰে হ'ল। অভিলেখ সংখ্যক প্ৰবন্ধ সৃষ্টিৰ লগতে ৱিকিউৎসত নতুন সদস্যৰ জোৱাৰ উঠিল। এই মাহতেই কিজানি প্ৰথম বাৰৰ বাবে অসম সাহিত্য সভা প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে ৱিকিপিডিয়াৰ লগত জড়িত হৈ পৰিল। ঈশান দা আৰু নয়নৰ ১০০টাকৈ প্ৰবন্ধ সম্পূৰ্ণ হোৱাৰ লগতে মোৰো ৬০০ প্ৰবন্ধ সম্পূৰ্ণ হ'ল। ইয়াৰ লগতে প্ৰচাৰ মাধ্যমত থকা সকলে অতি সুন্দৰকৈ সামাজিক মাধ্যম সমূহ চলাই নিয়া দেখি আনন্দিত অনুভৱ কৰিছোঁ। এই ধাৰা যেন সদায় অব্যাহত থাকক তাৰে কামনা কৰিলোঁ। (জন্ম মাহৰ বিষয়ে জহাই ভালেই লাগিছে!) ৱিকিয়ে আমাক এখন সমাজ দিছে। এই সমাজৰ লগত জড়িত সকলো এতিয়া নিচেই আপোন। সকলো সময়তে সহায়ৰ হাত আগবঢ়োৱা সকলো সদস্যলৈ সদায় কৃতজ্ঞ।

এই চেগতে মুম্বাইত অনুভৱ কৰা বিৰল অভিজ্ঞতাৰ সাক্ষী হোৱাৰ মুহূৰ্ত ভাগ বতৰা কৰিবলৈ মন গৈছে। কৰ্মশালাৰ দ্বিতীয়দিনা তাত সংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছিল। এই অনুষ্ঠানতে আমি অসমৰ কেইজনে অসম সংগীত "অ' মোৰ আপোনাৰ দেশ" পৰিবেশন কৰিছিলোঁ। সেই মুহূৰ্ত খিনিৰ অভিজ্ঞতা মোৰ বাবে বিৰল! ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভাষাৰ প্ৰতিনিধি সকলে যেতিয়া অসম সংগীতৰ সন্মানত থিয় হৈছিল সেই সময়ত গৌৰৱবোধত এক অজান শিহৰণ অনুভৱ কৰিছিলোঁ। বিশেষ নাই, ৱিকিমিডিয়াৰ লগতে অন্তৰ্জালত অসমীয়া ভাষা জয়যাত্ৰা অব্যাহত থাকক আৰু জ্ঞান আৰু তথ্যৰ মুক্ত আদান-প্ৰদান আৰু উচ্চ পৰ্যায়ত প্ৰতিষ্ঠিত হওঁক তাৰে কামনাৰে....
পৃথিৱীৰ ক'তো/বিচাৰি জনমটো/নোপোৱা কৰিলেও পাত
-অজয় দাস (বাৰ্তা) 15:10, 30 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
ভোলানাথ বৰুৱা

ভোলানাথ বৰুৱা (১৮৫৩-৩০ মে', ১৯২৩) এগৰাকী অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী আছিল। তেওঁক সাধাৰণতে শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত বুলি অভিহিত কৰা হয়। তেওঁক প্ৰায়েই সাউদ ভোলানাথ বৰুৱা অথবা সদাগৰ ভোলানাথ বৰুৱা হিচাপে সম্বোধন কৰা হয়। ঊনৈশ শতিকাৰ অন্তিমত আৰু কুৰি শতিকাৰ প্ৰথমাৰ্ধত এইগৰাকী ব্যক্তিয়ে ভাৰতবৰ্ষৰ একাধিক ঠাইত বাণিজ্য তথা ব্যৱসায়িক কেন্দ্ৰ স্থাপন কৰিছিল আৰু ব্যৱসায়ৰ লাভাংশৰ এক শকত ধন অসম আৰু বাহিৰৰ নানান শিক্ষা প্ৰতিষ্ঠান আৰু ভাষা-সাহিত্যৰ উন্নতিৰ হকে ব্যয় কৰিছিল। ভাৰতৰ কলিকতা বিশ্ববিদ্যালয়, কাশী বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানলৈ শকত বৰঙণি আগঢ়োৱাৰ উপৰিও যোৰহাটৰ বিখ্যাত এইচ আৰ এইচ প্ৰিন্স অৱ ৱেলচ্ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজী(পাৱেট) প্ৰতিষ্ঠাৰ বাবে ভোলানাথ বৰুৱাই ১৯২২ চনতেই এক লাখ টকাৰ আৰ্থিক সহায় আগবঢ়াইছিল। উল্লেখযোগ্য যে, বৰুৱা চিৰকুমাৰ হৈ আছিল। বিতংকৈ পঢ়ক...


যোৱা মাহৰ ভাল প্ৰবন্ধ ক'ৰণা ভাইৰাছ ৰোগ ২০১৯ৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
এপ্ৰিল-২০২০ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
  1. কা মেইখাৰ ঘৰ
  2. চেলেং
  3. টাই অধ্যয়ন গৱেষণা প্ৰতিষ্ঠান
  4. লোকভাষা
  5. ফাগুন
  6. আজলী নবৌ
  7. অতনু ভট্টাচাৰ্য
  8. দেওপাহাৰ
  9. অসম আৰ্হিৰ স্থাপত্য
  10. নীলাচল স্থাপত্যশৈলী
  11. একত্ৰিশ জুন
  12. তামুলপুৰ
  13. ৰমা দাশ
  14. ৰত্ন ওজা
  15. ত্ৰৈলোক্য ভট্টাচাৰ্য
  16. শৈলধৰ বৰুৱা
  17. অসমীয়া গালি-গালাজ
  18. গুঞ্জন ভৰদ্বাজ
  19. পুতলা ঘৰ
  20. চৰিত পুথি
  21. অসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেত
  22. চকোৱা চাউল
  23. অসমৰ চৰ-চাপৰিবাসী
  24. শোণিত কুঁৱৰী
  25. স্মৃতিৰ পৰশ (চলচ্চিত্ৰ)
  26. লখিমী (চলচ্চিত্ৰ)
  27. এৰা বাটৰ সুৰ
  28. হামিদাবাদ কলেজ, জামাদাৰহাট
  29. ৰমেশ পাঠক
  30. অসমৰ নদ-নদী (গ্ৰন্থ)
  31. লভিতা
  32. ভোলানাথ বৰুৱা
  33. বহনি
  34. মানকাচৰ মহাবিদ্যালয়
  35. ভক্ত প্ৰহ্লাদ (চলচ্চিত্ৰ)
  36. গোৱালপৰীয়া লোকভাষা
  37. মিঠু বৰুৱা
  38. ৰূপালীম
  39. এলভিছ আলী হাজৰিকা
  40. পদশিলা
  41. সঞ্চয়ন
  42. নতুন কবিতা
  43. জ্ঞান-মালিনী
  44. কাঠনিবাৰী ঘাট
  45. তপত দিন দীঘল ৰাতি
  46. মাজুলীৰ মৃৎ শিল্প
  47. ভোলানাথ বৰুৱা মহাবিদ্যালয়
  48. জাপানী কবিতা
  49. পৱিত্ৰ অসম
  50. ভাষাবিজ্ঞান উপক্ৰমণিকা
  51. অসমীয়া আৰু অসমৰ ভাষা-উপভাষা
  52. খনিকৰ (নাট)
  53. পুৱতি নিশাৰ সপোন
  54. নতুন পৃথিৱী
  55. ধুমুহা (চলচ্চিত্ৰ)
  56. কেঁচা সোণ
  57. আমাৰ ঘৰ
  58. ঘৰ সংসাৰ (চলচ্চিত্ৰ)
  59. জোনাকী ছবিঘৰ
  60. জেঠ
  61. কাণ-খোৱা
  62. আহাৰ
  63. এম মণিৰাম
  64. অসমৰ চাহ জনগোষ্ঠী
  65. শাওন
  66. ধৰণী বৰ্মণ
  67. বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়
  68. মধুপুৰ বহুদূৰ
  69. আকাশবাণী গুৱাহাটী
  70. ভোগদৈ নদী
  71. শ্ৰুবৱতী গোস্বামী
  72. দেওধাই অসম বুৰঞ্জী
  73. নৱবিধা ভক্তি
  74. আসাম বন্ধু
  75. বাণীকণা ঘোষাল
  76. অসমীয়া ভাষা আন্দোলন
  77. সুভদ্ৰা হৰণ নাট
  78. হেঙুল আৰু হাইতাল
  79. বিউটিফুল লাইভ্জ (চলচ্চিত্ৰ)
  80. মৰম তৃষ্ণা
  81. ইটো সিটো বহুতো
  82. অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়
  83. জ্ঞানদা কাকতি
  84. চাদৰ
  85. চিংফৌ জনগোষ্ঠী
  86. বাৰুদ (চলচ্চিত্ৰ)
  87. বসন্ত ঋতু
  88. ‎লিডু
  89. দাগ (চলচ্চিত্ৰ)
  90. মাটিৰ স্বৰ্গ
  91. ‎নিৰোদ চৌধুৰী
  92. জ্যোতি সংগীত
  93. ‎নলিন দুৱৰা
  94. চুদৈফা
  95. ‎দেৱানন্দ কোঁৱৰ
  96. ‎সংগ্ৰাম
  97. ‎চিকমিক বিজুলী
  98. ‎বড়ো চুক্তি ২০২০
  99. ‎বিকালী মহাবিদ্যালয়
  100. কামেশ্বৰ দাস
  101. নিৰ্ম্মল ভকত
  102. লক্ষীপুৰ, গোৱালপাৰা
  103. ভূপেন হাজৰিকাৰ কৰ্মৰাজি
  104. লক্ষীপুৰ উচ্চ মাধ্যমিক বিদ্যালয়
  105. জগন্নাথ বৰুৱা
  106. ধ্ৰুৱজ্যোতি ফুকন
  107. জ্যোতিপ্ৰসাদ মেধি
  108. ‎লোককথাত মৎস্যজীৱীৰ জীৱন আৰু জীৱিকা
  109. মনোমতী
  110. মৌ (আলোচনী)
  111. ৰিচাৰ্ড ড'কিনছ্
  112. বিনিতা বালী
  113. প্ৰথম ৰাগিনী
  114. অমিতাভ ৰায়
  115. সংগীত
  116. লীলাৱতী ভট্টাচাৰ্য
  117. বাঁহৰ স্থায়িত্ব বৰ্দ্ধনৰ উপাচাৰ
  118. ৰজনী এ. ভিছেই
  119. ৰাজেশ্বৰী চেটাৰ্জী
  120. ৰূপামঞ্জৰী ঘোষ
  121. ৰোহিনী গোডবোলে
  122. প্ৰেম
  123. বুলবুল চক্ৰৱৰ্তী
  124. মৌমিতা দত্ত
  125. সমোচ্চাৰিত শব্দ
  126. অৰুণাচল কমলা
  127. দক্ষিণ আফ্ৰিকা
  128. পুষনা
  129. অনিতা গোয়েল
  130. চন্দা জ'গ
  131. ভাৰতীয় চলচ্চিত্ৰৰ অভিনেতাসকল
  132. অভিষেক বচ্চন
  133. আব্দাছ ছালাম
  134. মাংস
  135. বিনোদ কৃষন
  136. এস্থাৰ ভিক্টোৰিয়া আব্ৰাহাম
  137. ইলহা দা কুইমাদা গ্ৰাণ্ডে
  138. বাক-সংহতি
  139. অনু আগা
  140. সমাৰ্থক শব্দ
  141. যতি-চিন
  142. বিপৰীতাৰ্থক শব্দ
  143. ফিল্মফেয়াৰ বঁটা
  144. অজয় দেৱগন
  145. ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ
  146. সংখ্যাতত্ত্ব
  147. টাইম (আলোচনী)
  148. জোনাকী পৰুৱা
  149. পদ্মা-পুৰাণ
  150. বহুস্তৰীয় বিপণন
  151. বেৰেন দ্বীপ, আন্দামান
  152. বেলুন ফুল
  153. দেৱী প্ৰসাদ শেট্টী
  154. সেন্দূৰীপিঠীয়া মৌ-পিয়া
  155. ভাৰতৰ শক্তি খণ্ড
  156. ভাৰতীয় উপমহাদেশ
  157. ‎ইনচুলিন গছ
  158. ‎বাৰুদ
  159. মহৰি
  160. দবা খেল
  161. গমাৰী
  162. ‎পেট্ৰিয়ন
  163. শাল গছ
  164. ‎ড'পলাৰ প্ৰভাৱ
  165. পৰিয়াল
  166. ছুন্নি
  167. ৰবট
  168. শিমলু
  169. দেৱদাৰু
  170. ১৯৭৪ চনৰ ভাৰতৰ বৰ আইৰ মহামাৰী
  171. ‎কাঠৰ জোখ মাপ
  172. মাটিৰ হিচাপ
  173. বিপৰীতকামিতা
  174. ইৰফান খান
  175. ঋষি কাপুৰ
  176. অৰ্জুন গছ
  177. মন
  178. শীলা ভাটিয়া
  179. ফাৰ্চী ভাষা
  180. কলিকতা বিশ্ববিদ্যালয়
  181. অক্ষয় কুমাৰ
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
অসমশোণিতপুৰ জিলাৰ তেজপুৰ মহকুমাৰ অন্তৰ্গত বামুণী পাহাৰৰ এক ভাস্কৰ্য।
আলোকচিত্ৰশিল্পী: নয়নজ্যোতি নাথ
উল্লেখনীয় ৱিকিমিডিয়ান

বিষ্ণু শইকীয়া: ২০১১ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। তেজপুৰ নিবাসী শ্ৰীশইকীয়া কৰ্মসূত্ৰে অসম চৰকাৰৰ অধীনস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত। অসমীয়া ৱিকিপিডিয়াত তেওঁৰ সম্পাদনাৰ সংখ্যা ৩১,১৯১ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ২৮১। অসমীয়া ৱিকিপিডিয়াৰ লগতে ইংৰাজী ৱিকিপিডিয়া, ৱিকি কমন্স, ৱিকিউৎস, ৱিকিডে'টা আদি প্ৰায় কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে সৰ্বমুঠ ৪২,৮৫১ টা সম্পাদনা কৰিছে। লগতে অসমীয়া ৱিকিপিডিয়া আৰু কমন্সত বৰ্তমানলৈকে মুঠ ৮০১ খন চিত্ৰ আপল’ড কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা তেওঁক তেওঁৰ অৱদানৰ বাবে “এই মাহৰ ৱিকিমিডিয়ান”, “অক্লান্ত কৰ্মী পদক” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰা হৈছে। তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰা হ'ল।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
অনামিকা(চুমু) বড়া
অমূল্য অৱদান পদক
ঈশান জ্যোতি বৰা
নয়নজ্যোতি নাথ
জীৱনীকাৰ পদক
ভাস্কৰজ্যোতি ভূঞা
ঈশান জ্যোতি বৰা
অক্লান্ত কৰ্মী পদক
চাণক্য কুমাৰ দাস
অম্লান বসুমতাৰী
চলচ্চিত্ৰ পদক
বাবুল বৈশ্য
The Feather Barnstar
অজয় দাস
প্ৰতিভাবান ন-সম্পাদকৰ পদক
ড৹ ৰবীন জামান
ৱিকি উদ্যোগী পদক
ডা০ নয়নজ্যোতি শৰ্মা
ড৹ ৰবীন জামান
সহযোগিতা পদক
অনামিকা বৰুৱা
প্ৰদ্যুৎ প্ৰতীম দত্ত
ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ বাৰ্ণষ্টাৰ
অজয় দাস, নয়ন জ্যোতি নাথ, ঈশান জ্যোতি বৰা, হানিফ আলী, গীতাৰ্থ বৰদলৈ, বিদ্যুৎ শৰ্মা আৰু দিব্য দত্ত
আয়োজক পদক
অনিমেষ বৰা



বিশেষ অভিলেখ
এপ্ৰিল-২০২০ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
  1. অজয় দাসে অসমীয়া ৱিকিপিডিয়াত বৰ্তমানলৈকে ছয় শতক নতুন প্ৰবন্ধ সৃষ্টি কৰি অভিলেখ গঢ়িছে।
  2. ঈশান জ্যোতি বৰা আৰু নয়ন জ্যোতি নাথ দুয়োজনে নিজাববীয়াকৈ নতুন প্ৰবন্ধ সৃষ্টিত শতক পূৰ্ণ কৰে।
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৬৬২৩ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২৪৪ খনলৈ বৃদ্ধি পালে।
  • ৱিকিউৎসত এপ্ৰিল, ২০২০ মাহৰ উল্লেখযোগ্য সহযোগিতামূলক কাম হৈছে-

শ্ৰীমন্ত শঙ্কৰদেৱ

নবীনচন্দ্ৰ বৰদলৈ

আনন্দচন্দ্ৰ আগৰৱালা

ৰজনীকান্ত বৰদলৈ

হেমচন্দ্ৰ শৰ্ম্মা বৰুৱা

হেমচন্দ্ৰ বৰুৱা

দণ্ডিনাথ কলিতা


  • ২৫ এপ্ৰিলত অসমীয়া ৱিকিউৎসৰ এখন অনলাইন কৰ্মশালা অনুষ্ঠিত হয়। এই বিষয়ে বিতংকৈ জানিবলৈ এই লিংকত চাওক।
  • স্থানীয় ভাষাৰ ৱিকিউৎসত সক্ৰিয়তা বৃদ্ধিৰ বাবে CIS-A2Kৰ তৰফৰ পৰা এখন Indic Wikisource Proofreadthonৰ আয়োজন কৰা হৈছে। ৱিকিউৎসৰ অভিজ্ঞ সদস্যসকলৰ লগতে নতুন সদস্যসকলেও এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াত অংশগ্ৰহণ কৰিবৰ বাবে এই লিংকটোত গৈ স্বাক্ষৰ কৰিব পাৰে। সময়সীমা: ১ মে’, ২০২০ - ১০ মে’, ২০২০


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অনামিকা(চুমু) বড়া ৪০৪৩,১১৭- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চাণক্য কুমাৰ দাস৯৫২১,০৩৬২১- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনামিকা বৰুৱা-২,৭৪৮-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অম্লান বসুমতাৰী৬৬২১২- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত২৮৬৩৯৬- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰাণজ্যোতি নাথ৪৭৫৭২২১- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়নজ্যোতি নাথ৪৭১১৫৪৩- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য৪২৪৩২- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা২৭৮৪৩- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০অনিমেষ বৰা৩৭২৪৪-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১হানিফ আলী১২৩১৮১২৯- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২গীতাৰ্থ বৰদলৈ৭৫২১৩৩৭- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩চন্দন চিৰিং ফুকন১৭৫২০- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪অজয় দাস১৬৬-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫নিৰঞ্জন বড়া১৫৪৫৭-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬অংশুমান দত্ত১৬০--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৭ছফিকুল ইছলাম১৩৭-১৪- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৮প্ৰদ্যুৎ প্ৰতীম দত্ত-১৪২-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৯ড০ ৰবীন জামান১২৩--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২০ভাস্কৰজ্যোতি ভূঞা৮৩৩০- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।