গোৱালপৰীয়া লোকভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

লোক সাহিত্যত ব্যৱহৃত ভাষা উপাদান মাত্ৰেই 'লোকভাষা' (Folk speech) বুলি আমি ক'ব পাৰি যদিও লোকভাষাৰ আয়তন বহু পৰিমাণে সংকীৰ্ণ।[1] ইংৰাজী ভাষাৰ Folk Speech ৰ প্ৰতিশব্দ হিচাপে অসমীয়া ভাষাত লোক শব্দটো প্ৰয়োগ কৰা হয়। প্ৰখ্যাত ভাষাবিদ ব্লুমফিল্ডে গ্ৰাম্যভাষা হিচাপে পৰিচিত substandard ভাষা ৰূপকে লোকভাষা বুলি কৈছে। ১ অতি সহজ কথাত ক'বলৈ গ'লে লোক সমাজে দৈনন্দিন জীৱনত ঘৰুৱা বা সামাজিক জীৱনত অনাআনুষ্ঠানিকভাৱে স্বতঃস্ফূৰ্তভাৱে স্বাভাবিক ভংগীমাৰে ব্যৱহাৰ কৰা ভাষিক ৰূপটোৱে হ'ল লোকভাষা। ভাষাতাত্ত্বিক পৰেশ চন্দ্ৰ মজুমদাৰেকৈছে লোক ভাষা হ'ল বিভিন্ন কাৰণত বিচ্ছিন্ন গোষ্ঠী, সম্প্ৰদায় বা কৌম জীৱনৰ ভাষা - যি নানান কাৰণতেই ক্ৰমক্ষয়িষ্ণু।[2] লোকভাষা উপভাষাৰেই অন্তৰ্গত যদিও উপভাষা আৰু লোকভাষাৰ মাজৰ পাৰ্থক্য ৰেখাডাল অতি সূক্ষ্ম। মান্যভাষাৰ লগত লোকভাষাৰ পাৰ্থক্য বিস্তৰ যদিও লোকভাষাই সকলো ভাষাৰে মূলভেটি। গোৱালপৰীয়া লোকমনৰ সম্পূৰ্ণ প্ৰতিচ্ছবি পোৱা যায় গোৱালপৰীয়া লোকসাহিত্যত।

লোক ভাষাৰ বিভিন্ন উপাদান[3][সম্পাদনা কৰক]

  • লোক সাহিত্যৰ ভাষা
  • তিৰোতা মানুহৰ ভাষা
  • গালি-শপনিৰ ভাষা
  • যুৱ-প্ৰজন্মৰ ভাষা
  • ব্যক্তি আৰু অঞ্চলৰ নাম

লোকসাহিত্যৰ ভাষা[সম্পাদনা কৰক]

লোকসাহিত্যৰ ভাষা বুলি ক'লে আমি সাধাৰণতে বুজো লোকগীত, ফকৰা যোজনা, সাথঁৰ, প্ৰবাদ-প্ৰবচন, ইত্যাদিত প্ৰয়োগ হোৱা ভাষা। লোকসাহিত্যত সাথঁৰ এটি অন্যতম শাখা। গোৱালপৰীয়া লোকসমাজতো অজস্ৰ সাঁথৰ আছে আৰু এইবোৰত লোকভাষাৰ ভাষিক বৈশিষ্ট্য আমাৰ চকুত নপপাকৈ নাথাকে। গোৱালপৰীয়া লোক সাহিত্যৰ আন এটা শাখা হ'ল প্ৰবাদ-প্ৰবচন। এইবোৰত ব্যৱহৃত শব্দ গোৱালপৰীয়া লোকভাষাৰেই নিভাঁজ শব্দ।[4]

তিৰোতা মানুহৰ ভাষা[সম্পাদনা কৰক]

লোকভাষাৰ এটি সমৃদ্ধ উপাদান হ'ল 'তিৰোতা সকলৰ ভাষা'। গোৱালপৰীয়া লোক সমাজত পুৰুষ আৰু তিৰোতাৰ কথা কোৱাৰ প্ৰকাশভঙ্গী সুকীয়া। তিৰোতাই কাৰোবাৰ লগত কাজিয়া কৰিলে 'মুকতে গুৰি', 'মুকত মুতি দেই', বায়ে ঠেং দিয়া ঘটঘটাং, 'নাংশুৱাতি', 'নাৰুন্দ্দিপানা', 'পিত্তি খৰানি', 'আ ছিক্কো', 'আ মাইগো', আদি শব্দবোৰ তিৰোতাবেৰহে উচ্চাৰণ কৰে। নাৰীৰ ভাষাত আন এটি উপাদান খুবেই মন কৰিবলগীয়া। যেনে - বিকল্প শব্দ ব্যৱহাৰ। যিটো পুৰুষৰ তুলনাত বহু বেছি ব্যৱহাৰ হয় তিৰোতাসকলৰ ভাষাত। 'উমৰা', 'চল্টুৰ বাপ', 'পানীয়া মৰা', 'দেওয়ানী', আদি লোকভাষাৰ শব্দবোৰ গোৱালপৰীয়া তিৰোতাবোৰহে উচ্চাৰণ কৰে।

গালি-শপনিৰ ভাষা[সম্পাদনা কৰক]

লোকভাষাৰ এটি গুৰুত্বপূৰ্ণ উপাদান হ'ল গালি-শপনিৰ ভাষা। শিষ্ট সমাজত অব্যৱহৃত এই শব্দবোৰৰ জন্ম তথাকথিত অশিষ্ট সমাজত। যিকোনো ভাষাতে গালি গালাজৰ সময়ত উচ্চাৰিত হোৱা শব্দসমূহৰ মূল্য সমাজ ভাষাতাত্ত্বিক দৃষ্টিকোণৰ পৰা অপৰিসীম। গোৱালপৰীয়া লোক সমাজতো এনে গানি গালাজৰ বহু শব্দ ব্যৱহৃত হৈ আছে। যেনে :- বইতেলী (চৰিত্ৰহীনা তিৰোতা), পুঙা / পুংটা (জাৰজ), নটী, বেশ্শা, খচ্চৰ (বেয়া স্বভাৱৰ পুৰুষ) আদি।

যুৱ প্ৰজন্মৰ ভাষা[সম্পাদনা কৰক]

সম্প্ৰতি গোৱালপৰীয়া যুৱ প্ৰজন্মৰ মুখত ইংৰাজী, হিন্দী আৰু গোৱালপৰীয়া উপভাষাৰ মিশ্ৰণত কিছু শব্দ শুনা যায়। এই শব্দবোৰক আমি গোৱালপৰীয়া লোকভাষাৰ শ্ৰেণীত পেলাব পাৰি। উদাহৰণ :- পেলি দে ( শেষ কৰি দিয়া), গেম জেম কৰা (স্ফূৰ্তি কৰা), তাম্মাম লাইগছে (বৰ ধুনীয়া লাগিছে), টেমা গৰম নাকৰিশ(মূৰ নষ্ট নকৰিবি, দিগদাৰি নকৰিবি)

ব্যক্তি আৰু অঞ্চলৰ নাম[সম্পাদনা কৰক]

অবিভক্ত গোৱালপাৰা জিলাৰ গাওঁ অঞ্চলত বসবাস কৰা লোকসকলে বহুতো লোকনাম ব্যৱহাৰ কৰে। গোৱালপৰীয়া লোকসাহিত্যত ব্যৱহাৰ হোৱা লোকনাম কেতবোৰ হ'ল - চল্টু, সোমবাৰু, সুটকু, বিলেতী, মৰুচমতী, ধলু, টুনী, চইতেলী, শেল্টু আদি। অবিভক্ত গোৱালপাৰা জিলাত ব্যক্তিৰ নামেৰে হোৱা গাওঁ বা অঞ্চলৰ নাম কিছুমান হ'ল - কালো দেওয়ানীৰ গাওঁ, সৰকাৰেৰ গাওঁ, জামাদাৰেৰ গাওঁ, হামিদাবাদ, কাইন্দ্ৰে মণ্ডলেৰ গাওঁ আদি।

সামৰণি[সম্পাদনা কৰক]

গোৱালপৰীয়া লোকভাষাটি গোৱালপৰীয়া উপভাষিক অঞ্চলৰ অন্তৰ্গত বাবেই ইয়াৰ মাজত গোৱালপৰীয়া উপভাষাৰ বৈশিষ্ট্যও আমি দেখিবলৈ পাওঁ যদিও ইয়াৰ মাজত আঞ্চলিক কিছু স্বতন্ত্ৰতাও আমাৰ চকুত নপৰাকৈ নাথাকে। ব্লুমফিল্ডে কৈছে - 'One jumped at conclusion that local dialects were free from this admixture and, therefore, in a historical sense, more regular. '[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. হাকাচাম, ড॰ উপেন ৰাভা (September - October ২০১৪). "লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাত লোকভাষা : এটি আলোচনা". ঐতিহ্য The Heritage খণ্ড Volume-V, (2): 97. 
  2. ৰায় ভব (২০০১). "ৰাঢ়েৰ লোকভাষা ও শব্দকোষ". ৰাঢ়েৰ লোকভাষা ও শব্দকোষ. প্ৰকাশক কলকাতা: দীপায়ন. পৃষ্ঠা. ১৯. 
  3. সেনগুপ্ত, পল্লব (২০০২). "লোকসংস্কৃতিৰ সীমানা ও স্বৰূপ". লোকসংস্কৃতিৰ সীমানা ও স্বৰূপ. প্ৰকাশক কলকাতা: পুস্তক বিপনী. পৃষ্ঠা. ৩২০. 
  4. ড॰ মোৰশেদুজ জামান (২০১৬-১৭). "অবিভক্ত গোৱালপাৰা জিলাত প্ৰচলিত লোকভাষা". মানকাচৰ মহাবিদ্যালয়ৰ আলোচনী. প্ৰকাশক মানকাচৰ: মানকাচৰ মহাবিদ্যালয়. পৃষ্ঠা. ৩৫. 
  5. Bloomfield, Leonard (1963). Language. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 55.