সেন্দূৰীপিঠীয়া মৌ-পিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সেন্দূৰীপিঠীয়া মৌ-পিয়া।
এজনী মাইকী সেন্দূৰীপিঠীয়া মৌ-পিয়া।
Male C. a. asiaticus non-breeding plumage
মতা মৌ-পিয়াৰ মাত
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Nectariniidae
গণ: Aethopyga
প্ৰজাতি: A. siparaja
বৈজ্ঞানিক নাম
Aethopyga siparaja
(Raffles, 1822)

সেন্দূৰীপিঠীয়া মৌ-পিয়া(ইংৰাজী: Purple Sunbird) হৈছে অসমৰ বিভিন্ন প্ৰজাতিৰ মৌ-পিয়াৰ এবিধ প্ৰজাতি। ই সৰু চৰাই ৷ প্ৰায় ৫-৩০ গ্ৰাম ওজনৰ এই চৰাই বিধ অন্যান্য কেবাটাও প্ৰজাতিৰ অন্যতম ৷ এই চৰাইবিধ আফ্ৰিকাৰ মধ্য-পূৰ্ব অঞ্চল, দক্ষিণএচিয়া, দক্ষিণ-পূব এচিয়া, চীন ৰ দক্ষিণ অঞ্চলৰ পৰা আৰম্ভ কৰি ইণ্ডোনেছিয়া, নিউ গিনী আৰু অষ্ট্ৰেলিয়াৰ উত্তৰ অংশলৈকে বিয়পি আছে।

১৬ টা উপপৰিয়ালত প্ৰায় ১৪৫টা প্ৰজাতি পোৱা যায়। অধিকাংশ মৌ-পিয়া চৰায়ে ফুলৰ মৌ পান কৰি জীয়াই থাকে যদিও তাৰে কিছু প্ৰজাতিয়ে বিভিন্ন পতংগ যেনে মকৰা আদি খাই জীয়াই থাকে। বিশেষকৈ পোৱালি বোৰৰ প্ৰতিপাল কৰাৰ সময়ত এই চৰাই বিধে পতংগ খুৱাই ডাঙৰ কৰে। একেবাৰে সৰু বা ডাঙৰ ফুলৰ মৌ শুহিবলৈ ইহঁতে ফুলৰ মৌ-ভাণ্ডাৰৰ বাহিৰ অংশ ঠোঁটেৰে খুচি মৌ সংগ্ৰহ কৰে।[2] কিছুমানে ফল আদি খোৱা দেখা যায়। ইহঁতৰ ডেউকা সৰু হোৱা বাবে বৰ খৰকৈ উৰিব পাৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Aethopyga siparaja". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106008341। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. Geerts, S.; Pauw, A. (2009). "Hyper-specialization for long-billed bird pollination in a guild of South African plants: the Malachite Sunbird pollination syndrome". South African Journal of Botany খণ্ড 75 (4): 699–706. doi:10.1016/j.sajb.2009.08.001.