সমললৈ যাওক

ভাৰতৰ শক্তি খণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মধ্যপ্ৰদেশৰ গ্ৰাম্য এলেকাত থকা এটা বৈদ্যুতিক টাৱাৰ
ভাৰতৰ শক্তি খণ্ড
পৰিসংখ্যা
বৈদ্যুতিক শক্তিৰ বিস্তৃতি ৯৯.৭% (৯ জানুৱাৰী ২০১৯)[1][2]
প্ৰতিস্থাপিত ধাৰণক্ষমতা ৩৭০.১১ গিগাৱাট[3]
জীৱাশ্ম ইন্ধনৰ অংশ ৭৯.৮%
নৱীকৰণযো্গ্য শক্তিৰ অংশ ১৭.৩%
বিদ্যুৎ শক্তিৰ পৰা গ্ৰীনহাউছ গেছৰ নিৰ্গমন ২,১৯৪.৭৪ মেগাটন কাৰ্বন ডাই অক্সাইড[4]
গড় হিচাপত বিদ্যুৎ শক্তিৰ ব্যৱহাৰ (২০১৮-১৯) ১,১৮১ কিলোৱাট-আৱাৰ প্ৰতিজন
বিতৰন আৰু সংবহন ক্ষতি (২০১৭-১৮) ২১.০৪%[5]
ঘৰুৱা ব্যৱহাৰ ২৪.৭৬% (২০১৮-১৯[5])
ঔদ্যোগিক ব্যৱহাৰ
(মুঠৰ শতাংশ, ২০১৮-১৯)
৪১.১৬%[5] (২০১৮-১৯)
কৃষিখণ্ডৰ ব্যৱহাৰ
(মুঠৰ শতাংশ, ২০১৮-১৯)
১৭.৬৯%[5]
বাণিজ্যিক ব্যৱহাৰ
(মুঠৰ শতাংশ, ২০১৮-১৯)
৮.২৪%[5]
Traction ব্যৱহাৰ
(মুঠৰ শতাংশ, ২০১৮-১৯)
১.৫২%[5]
সেৱাসমূহ
বিদ্যুৎ উৎপাদনত ব্যক্তিগত খণ্ডৰ অংশ ৪৬% (মাৰ্চ ২০১৯)
প্ৰতিষ্ঠানসমূহ
আঁচনি-প্ৰস্তুতকৰণৰ দায়িত্ব ভাৰতৰ শক্তি মন্ত্ৰণালয়
নৱীকৰণযোগ্য শক্তিৰ দায়িত্ব নতুন আৰু নবীকৰণযোগ্য শক্তিৰ মন্ত্ৰণালয়
পৰিৱেশৰ দায়িত্ব পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তনৰ মন্ত্ৰণালয়
বৈদ্যুতিক খণ্ডৰ আইন বিদ্যুৎ আইন, ২০০৩

বিদ্যুৎ শক্তিৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰত হৈছে পৃথিৱীৰ ভিতৰতে তৃতীয় বৃহৎ দেশ। আনহাতে বিদ্যুৎ শক্তিৰ ব্যৱহাৰৰ তালিকাতো ভাৰতৰ স্থান তৃতীয়।[6][7] ২০২০ চনৰ ৩১ মাৰ্চ পৰ্যন্ত ভাৰতৰ ৰাষ্ট্ৰীয় বিদ্যুৎ গ্ৰীডৰ সৰ্বমুঠ প্ৰতিষ্ঠাপিত বহনক্ষমতা হৈছে ৩৭০.১০৬ গিগাৱাট[3] নৱীকৰণযোগ্য শক্তিকেন্দ্ৰসমূহ, (য'ত বৃহৎ জলবিদ্যুৎ প্ৰকল্পও অন্তৰ্ভুক্ত)-এ মুঠ প্ৰতিষ্ঠাপিত ক্ষমতাৰ ৩৫.৮৬% বহন কৰে। ২০১৮-১৯ চনৰ আৰ্থিক বৰ্ষত ভাৰতৰ ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ দ্বাৰা উৎপাদিত হোৱা সৰ্বমুঠ বিদ্যুৎ শক্তি আছিল ১,৩৭২ টেৰাৱাট-আৱাৰ (TWh) আৰু ৰাজহুৱা প্ৰতিষ্ঠান/অৰাজহুৱা প্ৰতিষ্ঠানৰ দ্বাৰা উৎপাদিত সৰ্বমুঠ বিদ্যুৎ শক্তিৰ পৰিমাণ আছিল ১,৫৪৭ টেৰাৱাট-আৱাৰ।[5][8]২০১৮-১৯ চনত ভাৰতৰ জনমূৰি বিদ্যুৎ ব্যৱহাৰ আছিল ১,১৮১ কিলোৱাট-আৱাৰ।[5] বিদ্যুৎ মাছুল কম হোৱা সত্ত্বেও ভাৰতৰ জনমূৰি বৈদ্যুতিক শক্তিৰ ব্যৱহাৰ আন বহু দেশতকৈ কম।[9]

ভাৰতবৰ্ষৰ অতিৰিক্ত শক্তি উৎপাদন ক্ষমতা আছে যদিও বিতৰণ-প্ৰণালীৰ এক আন্তঃগাঁঠনিজনিত সমস্যা আছে। সেইটো দিশ নিৰীক্ষণ কৰিবলৈকে ভাৰত চৰকাৰে ২০১৬ বৰ্ষত "সকলোৰে বাবে বিদ্যুৎ" শীৰ্ষক কাৰ্যসূচীখন হাতত লৈছিল।[10] ২০১৮ চনৰ ডিচেম্বৰত সেই কাৰ্যসূচীখন বাস্তৱায়িত কৰি প্ৰয়োজনীয় আন্তঃগাঁঠনি তৈয়াৰ কৰা হয় আৰু প্ৰত্যেকঘৰ মানুহ, উদ্যোগ, তথা বাণিজ্যিক প্ৰতিষ্ঠানসমূহে যাতে অবিৰতভাৱে বিদ্যুৎ শক্তি আহৰণ কৰিব পাৰে, তাৰ নিশ্চয়তা প্ৰতিষ্ঠা কৰা হয়।[11]

ভাৰতবৰ্ষৰ শক্তি খণ্ডক মূলতঃ আধিপত্য বিস্তাৰ কৰি আহিছে জীৱাশ্ম ইন্ধনসমূহে; বিশেষকৈ কয়লাই। ২০১৮-১৯ আৰ্থিক বৰ্ষত কয়লাৰ জৰিয়তেই ভাৰতৰ তিনি চতুৰ্থাংশ শক্তিৰ চাহিদা যোগান ধৰা হৈছিল। নৱীকৰণযোগ্য শক্তিসমূহত বিনিয়োগ বৃদ্ধিৰ বাবে ভাৰত চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। চৰকাৰে প্ৰস্তুত কৰা ২০১৮ বৰ্ষৰ ৰাষ্ট্ৰীয় বৈদ্যুতিক আঁচনিৰ মতে- "২০২৭ চনলৈকে ভাৰতৰ ৰাজহুৱা খণ্ডত আৰু নৱীকৰণ-অযোগ্য প্ৰকল্পৰ প্ৰয়োজন নাই। যিহেতু ৫০,০২৫ মেগাৱাটসম্পন্ন কয়লাভিত্তিক শক্তি প্ৰকল্প ইতিমধ্যেই নিৰ্মীয়মান অৱস্থাত আছেই। প্ৰায় ৪৮,০০০ মেগাৱাটৰ পুৰণি কয়লাভিত্তিক প্ৰকল্পৰ অৱলুপ্তিৰ জোৰা মাৰিবলৈ ২৭৫,০০০ মেগাৱাট নৱীকৰণ-যোগ্য শক্তিৰ বহনক্ষমতা আছেই। "[12][13]

৩১ মাৰ্চ ২০২০ পৰ্যন্ত ভাৰতৰ বিভিন্ন উৎসৰ প্ৰতিষ্ঠাপিত বহনক্ষমতা[14]
Coal in IndiaHydroelectric power in Indiaক্ষুদ্ৰ জলবিদ্যুৎ: 4,683.16 মেগাৱাট (1.3%)বতাহ শক্তি: 37,693.75 মেগাৱাট (10.2%)Solar power in Indiaজৈৱভৰ (Biomass): 10,022.95 মেগাৱাট (2.7%)Nuclear power in Indiaগেছ: 24,955.36 মেগাৱাট (6.7%)ডিজেল: 509.71 মেগাৱাট (0.1%)
  •   কয়লা: 2,05,134.5 মেগাৱাট (55.4%)
  •   বৃহৎ জলবিদ্যুৎ: 45,699.22 মেগাৱাট (12.3%)
  •   ক্ষুদ্ৰ জলবিদ্যুৎ: 4,683.16 মেগাৱাট (1.3%)
  •   বতাহ শক্তি: 37,693.75 মেগাৱাট (10.2%)
  •   সৌৰশক্তি: 34,627.82 মেগাৱাট (9.4%)
  •   জৈৱভৰ (Biomass): 10,022.95 মেগাৱাট (2.7%)
  •   নিউক্লিয়াৰ: 6,780 মেগাৱাট (1.8%)
  •   গেছ: 24,955.36 মেগাৱাট (6.7%)
  •   ডিজেল: 509.71 মেগাৱাট (0.1%)

১৮৭৯ চনৰ ২৪ জুলাইত কলিকতাত পোনপ্ৰথমবাৰৰ বাবে বৈদ্যুতিক বাল্ব অৰ্থাৎ বিজুলী-চাকিৰ প্ৰদৰ্শন কৰা হৈছিল। সম্পন্ন কৰিছিল পি.ডব্লিউ. ফ্লিউৰি আৰু কোম্পানীয়ে। ১৮৯৭ চনৰ ৭ জানুৱাৰীত কিলবাৰ্ণ এণ্ড কোম্পানীয়ে ইণ্ডিয়ান ইলেক্ট্ৰিক কোম্পানীৰ প্ৰতিনিধি হিচাপে কলিকতাৰ বৈদ্যুতিকীকৰণৰ অনুজ্ঞা পত্ৰ লাভ কৰে, যাৰ পঞ্জীয়ন হৈছিল ১৮৯৭ চনৰ ১৫ জানুৱাৰীত, লণ্ডনত। এমাহৰ পিছত এই কোম্পানীটোক কলিকতা বৈদ্যুতিক যোগান নিগম হিচাপে নামাংকিত কৰা হয়। অৱশ্যে কোম্পানীৰ নিয়ন্ত্ৰণটো ১৯৭০ চনতহে লণ্ডনৰ পৰা কলিকতালৈ বদলি কৰা হয়। যি কি নহওক, কলিকতাত বিদ্যুৎ বিতৰণে লাভ কৰা সফলতাৰ পাছত বোম্বাইত (এতিয়া মুম্বাই)লৈ বিদ্যুৎ শক্তি অনা হ'ল।[15] ১৮৮২ চনত মুম্বাইৰ ক্ৰফৰ্ড বজাৰত পোনপ্ৰথমবাৰৰ বাবে বিদ্যুৎ প্ৰজ্বলন প্ৰদৰ্শন কৰা হয়। ১৯০৫ চনত বোম্বাই বিদ্যুৎ যোগান আৰু ট্ৰামৱেইছ কোম্পানী (BEST)-এ ট্ৰামপথত (Tramways) শক্তি যোগানৰ বাবে এটা উৎপাদন কেন্দ্ৰ স্থাপন কৰে।[16]

১৮৯৭ চনত দাৰ্জিলিঙ পৌৰনিগমৰ বাবে ছিদ্ৰাপঙৰ এখন চাহ-বাগিচাৰ কাষত ভাৰতৰ প্ৰথমটো প্ৰকল্প ছিদ্ৰাপংগ জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰা হয়।[17] ১৯০৫ চনৰ ৫ আগষ্টত বাংগালোৰত এছিয়াৰ প্ৰথমটো বৈদ্যুতিক পথ-চাকি (Street-Light) স্থাপন কৰা হয়।[18]১৯২৫ চনৰ ৩ ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰথমখন বৈদ্যুতিক ৰে'ল চলে। ৰে'লখন চলিছিল মুম্বাইৰ হাৰ্বাৰ লাইনত; ভিক্টোৰিয়া টাৰ্মিনাছৰ পৰা পৰা কুৰ্লা ৰে'লৱে ষ্টেচনলৈকে।[19] ২০১৫ চনৰ ১৮ আগষ্টত, CIAL সৌৰশক্তি প্ৰকল্পটো শুভাৰম্ভণিৰ লগেলগেই কোচী আন্তৰ্জাতিক বিমানবন্দৰটো সৌৰশক্তিৰে চালিত পৃথিৱীৰ প্ৰথমটো পূৰ্ণপৰ্যায়ৰ বিমানবন্দৰ হৈ পৰে।[20][21]

১৯৬০ চনত ভাৰতে গ্ৰীড-পৰিচালনাৰ ধাৰণাটোক আঞ্চলিক পৰ্যায়লৈ লৈ আহে। ৰাজ্যিক গ্ৰীডসমূহ সম্পৰ্কিত কৰি ৫টা আঞ্চলিক গ্ৰীড সজা হয়। যিয়ে ভাৰতৰ উত্তৰ, দক্ষিণ, পূব, পশ্চিম আৰু উত্তৰ-পূবক সংলগ্ন কৰিলে। প্ৰতিটো খণ্ডৰে ৰাজ্যসমূহত অতিৰিক্তভাৱে বিদ্যুৎ শক্তিৰ সংবহন কৰিবলৈকে এই আঞ্চলিক গ্ৰীডসমূহ সংযুক্ত কৰা হ'ল। ১৯৯০ চনত ভাৰত চৰকাৰে এখন ৰাষ্ট্ৰীয় গ্ৰীডৰ পৰিকল্পনা প্ৰস্তুত কৰে। আঞ্চলিক গ্ৰীডসমূহ পোনপ্ৰথমতে অসমলয়ী উচ্চবিভৱভেদ একমুখী প্ৰৱাহ (Asynchronous High Voltage Direct Current, HVDC)ৰ জৰিয়তে সংযুক্ত কৰা হ'ল আৰু সীমিত পৰিমাণৰ নিয়মীয়া শক্তিৰ বিনিময় কৰাৰ বাটটো মুকলি কৰা হ'ল। এই লিংক বা সংযোগবিন্দুসমূহ পৰ্যায়ক্ৰমে উন্নীতকৰণ হৈ থাকিল আৰু এসময়ত উচ্চক্ষমতাৰ সমলয়ী সংযোগবিন্দুলৈ তাক বিকশিত কৰা হ'ল।[22]

১৯৯১ চনৰ অক্টোবৰ মাহত আঞ্চলিক গ্ৰীডসমূহৰ মাজত প্ৰথমটো আন্তঃসংযোগ স্থাপন কৰা হ'ল যেতিয়া উত্তৰ-পূব আৰু আৰু পূব গ্ৰীডৰ মাজত সংযোগটো স্থাপন হ'ল। ২০০৩ চনৰ মাৰ্চত পশ্চিম গ্ৰীডটোক ইয়াৰ লগত সংযুক্তকৰণ হ'ল। ২০০৬ চনৰ আগষ্টত উত্তৰ গ্ৰীডটোকো ইয়াৰ লগত জড়িত কৰা হ'ল যাৰফলত একেটা কম্পনাংকতে চালিত হৈ থকা এটা কেন্দ্ৰীয় গ্ৰীড ভাৰতত তৈয়াৰ হ'ল।[22] ২০১৩ চনৰ ৩১ ডিচেম্বৰত ৭৬৫ কিলোভল্ট ৰায়চোৰ-চোলাপুৰ সংবহন তাঁৰৰ মাজেৰে প্ৰৱাহ চালিত কৰাৰ লগেলগে অৱশিষ্ট দক্ষিণ গ্ৰীডটোও কেন্দ্ৰীয় গ্ৰীডৰ লগত সংযুক্ত হৈ পৰিল।[22][23]

জলবিদ্যুৎ উৎপাদনৰ কিছু বিফলতা সত্ত্বেও ২০১৫ কেলেণ্ডাৰ বৰ্ষৰ সমাপ্তি পৰ্যন্ত, ভাৰত এখন শক্তি-অতিৰিক্ত দেশ (Power Surplus Nation) হৈ পৰে।[24][25][26] ২০১৭ চনৰ ২৯ মাৰ্চত, কেন্দ্ৰীয় বিদ্যুৎ শক্তি কৰ্তৃপক্ষ (CEA)-য়ে জনোৱা মতে, পোনপ্ৰথমবাৰৰ বাবে ভাৰত বিদ্যুৎ শক্তিৰ ৰপ্তানিকাৰী হৈ পৰিছে। ৫,৫৮৫ মিলিয়ন ইউনিট শক্তি আমদানি কৰাৰ পৰিৱৰ্তে ৫,৭৯৮ মিলিয়ন ইউনিট শক্তি ভাৰতে ইয়াৰ চুবুৰীয়া দেশসমূহলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে।[27]

প্ৰতিষ্ঠাপিত বহনক্ষমতা

[সম্পাদনা কৰক]

ৰাজহুৱা শক্তি

[সম্পাদনা কৰক]
ভাৰতত প্ৰতিষ্ঠাপিত বহনক্ষমতাৰ বিকাশ[5]
তাৰিখ
তাপবিদ্যুৎ (মেগাৱাট) নিউক্লিয়াৰ
(মেগাৱাট)
নৱীকৰণযোগ্য (মেগাৱাট) মুঠ(মেগাৱাট) বিকাশৰ শতাংশ
(বৰ্ষভিত্তিত)
কয়লা গেছ ডিজেল সৰ্বমুঠ
তাপ
জল অন্যান্য
নৱীকৰণযোগ্য
সৰ্বমুঠ
নৱীকৰণযোগ্য
31-Dec-1947 756 - 98 854 - 508 - 508 1,362 -
31-Dec-1950 1,004 - 149 1,153 - 560 - 560 1,713 8.59%
31-Mar-1956 1,597 - 228 1,825 - 1,061 - 1,061 2,886 13.04%
31-Mar-1961 2,436 - 300 2,736 - 1,917 - 1,917 4,653 12.25%
31-Mar-1966 4,417 137 352 4,903 - 4,124 - 4,124 9,027 18.80%
31-Mar-1974 8,652 165 241 9,058 640 6,966 - 6,966 16,664 10.58%
31-Mar-1979 14,875 168 164 15,207 640 10,833 - 10,833 26,680 12.02%
31-Mar-1985 26,311 542 177 27,030 1,095 14,460 - 14,460 42,585 9.94%
31-Mar-1990 41,236 2,343 165 43,764 1,565 18,307 - 18,307 63,636 9.89%
31-Mar-1997 54,154 6,562 294 61,010 2,225 21,658 902 22,560 85,795 4.94%
31-Mar-2002 62,131 11,163 1,135 74,429 2,720 26,269 1,628 27,897 105,046 4.49%
31-Mar-2007 71,121 13,692 1,202 86,015 3,900 34,654 7,760 42,414 132,329 5.19%
31-Mar-2012 112,022 18,381 1,200 131,603 4,780 38,990 24,503 63,493 199,877 9.00%
31-Mar-2017 192,163 25,329 838 218,330 6,780 44,478 57,260 101,138 326,841 10.31%
31-Mar-2018 197,171 24,897 838 222,906 6,780 45,293 69,022 114,315 344,002 5.25%
31-Mar-2019[3] 200,704 24,937 637 226,279 6,780 45,399 77,641 123,040 356,100 3.52%

নিষ্ক্ৰিয় অৱস্থাত থকা বহনক্ষমতাক(য'তেই প্ৰযোজ্য) বিয়োগ কৰিহে এইখন প্ৰস্তুত কৰা হৈছে। ৩১ মাৰ্চ ২০১৯ পৰ্যন্ত প্ৰায় ৪০,০০০ মেগাৱাট শক্তি নিৰ্মীয়মান পৰ্যায়ত আছে।[28]

খণ্ড আৰু প্ৰকাৰ ভিত্তিত উৎপাদনভিত্তিক বহনক্ষমতা(ব্যৱহাৰ্য)

[সম্পাদনা কৰক]

২০১৯ চনৰ ৩১ জুলাই পৰ্যন্ত বিদ্যুৎ শক্তিৰ (ব্যৱহাৰ্য) উৎপাদনভিত্তিক বহনক্ষমতা, খণ্ড আৰু প্ৰকাৰ হিচাপে তলত দিয়া হৈছে- [29]

খণ্ড আৰু প্ৰকাৰ ভিত্তিত মুঠ বহনক্ষমতা(ৰাজহুৱা)
খণ্ড তাপ (মেগাৱাট) নিউক্লিয়াৰ
(মেগাৱাট)
নৱীকৰণযোগ্য (মেগাৱাট) সৰ্বমুঠ (মেগাৱাট) %
কয়লা লিগনাইট গেছ ডিজেল Sub-Total
তাপ
জল অন্যান্য
নৱীকৰণযোগ্য
ৰাজ্য চৰকাৰসমূহ 64,736.50 1,290.00 7,118.71 363.93 73,509.13 0.00 26,958.50 2,349.98 102,817.61 29
কেন্দ্ৰীয় চৰকাৰ 56,340.00 3,140.00 7,237.91 0.00 66,717.91 6,780.00 15,046.72 1,632.30 90,176.93 25
ব্যক্তিগত 74,733.00 1,830.00 10,580.60 273.70 87,417.30 0.00 3,394.00 76,650.52 167,461.82 46
সৰ্বভাৰতীয় 195,809.50 6,260.00 24,937.22 637.63 227,644.34 6,780.00 45,399.22 80,632.80 360,456.37 100

আবদ্ধ শক্তি

[সম্পাদনা কৰক]

৩১ মাৰ্চ ২০১৯ পৰ্যন্ত উদ্যোগ-নিয়ন্ত্ৰিত(১ মেগাৱাটতকৈ ঊৰ্ধৰ) আবদ্ধ শক্তি কেন্দ্ৰৰ মুঠ বহনক্ষমতা হৈছে ৫৮,০০০ মেগাৱাট। ২০১৮-১৯ ৰাজহবৰ্ষত মুঠ ১৭৫,০০০ গিগাৱাট-ঘণ্টা শক্তি ইয়াত উৎপাদন হৈছিল।[5][30]৭৫,০০০ মেগাৱাটৰ শক্তিসম্পন্ন ডিজেল জেনেৰেটৰৰ ছেটো দেশত স্থাপিত হৈছে।[31][32] ইয়াৰ লগতে ১০০ কে.ভি.এ.তকৈ কমশক্তিসম্পন্ন বহুতো ডিজেল জেনেৰেটৰো স্থাপিত হৈ আছে- যিবোৰে সকলোধৰণৰ খণ্ডতে হ'ব পৰা জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰিবলৈ সাজু হৈ থাকে। [33]

আবদ্ধ শক্তি খণ্ড
ক্ৰমাংক উৎস আবদ্ধ শক্তিৰ বহনক্ষমতা (মেগাৱাট) অংশীদাৰিত্ব উৎপাদিত শক্তি (গিগাৱাট-ঘণ্টা) অংশীদাৰিত্ব
কয়লা 34,833 60.06% 141,137 80.64%
জলবিদ্যুৎ 48 0.08% 97 0.09%
নৱীকৰণযোগ্য শক্তিৰ উৎস 1,881 3.24% 2,258 1.28%
প্ৰাকৃতিক গেছ 7,753 13.37% 23,785 13.58%
তেল 13,485 23.25% 7,723 4.41%
মুঠ 58,000 100.00% 175,000 100.00%
Growth of Electricity Consumption in India[5]
Year* Population
(millions)
Consumption
(GWh)
% of Total Per-Capita Consumption
(in kWh)
Domestic Commercial Industrial Traction Agriculture Misc
1947** 330 4,182 10.11% 4.26% 70.78% 6.62% 2.99% 5.24% 16.3
1950** 376 5,610 9.36% 5.51% 72.32% 5.49% 2.89% 4.44% 18.2
1956 417 10,150 9.20% 5.38% 74.03% 3.99% 3.11% 4.29% 30.9
1961 458 16,804 8.88% 5.05% 74.67% 2.70% 4.96% 3.75% 45.9
1966 508 30,455 7.73% 5.42% 74.19% 3.47% 6.21% 2.97% 73.9
1974 607 55,557 8.36% 5.38% 68.02% 2.76% 11.36% 4.13% 126.2
1979 681 84,005 9.02% 5.15% 64.81% 2.60% 14.32% 4.10% 171.6
1985 781 124,569 12.45% 5.57% 59.02% 2.31% 16.83% 3.83% 228.7
1990 870 195,098 15.16% 4.89% 51.45% 2.09% 22.58% 3.83% 329.2
1997 997 315,294 17.53% 5.56% 44.17% 2.09% 26.65% 4.01% 464.6
2002 1089 374,670 21.27% 6.44% 42.57% 2.16% 21.80% 5.75% 671.9
2007 1179 525,672 21.12% 7.65% 45.89% 2.05% 18.84% 4.45% 559.2
2012 1,220 785,194 22.00% 8.00% 45.00% 2.00% 18.00% 5.00% 883.6
2013 1,235 824,301 22.29% 8.83% 44.40% 1.71% 17.89% 4.88% 914.4
2014 1,251 881,562 22.95% 8.80% 43.17% 1.75% 18.19% 5.14% 957
2015 1,267 938,823 23.53% 8.77% 42.10% 1.79% 18.45% 5.37% 1010.0
2016 1,283 1,001,191 23.86% 8.59% 42.30% 1.66% 17.30% 6.29% 1075
2017 1,299 1,066,268 24.32% 9.22% 40.01% 1.61% 18.33% 6.50% 1122
2018 1,322 1,130,244 24.20% 8.51% 41.48% 1.27% 18.08% 6.47% 1149
2019 1,345 1,196,309 24.76% 8.24% 41.16% 1.52% 17.69% 6.63% 1181

* Data from fiscal year ending on 31 March of each year.
** Refers to fiscal year ending on 31 December.

Note: Per Capita Consumption=(gross electricity generation by all sources plus net import) / mid year population. 'Consumption' is 'gross electricity generation by all sources plus net import' after subtracting transmission loses and auxiliary consumption in electricity generation.

The per capita annual domestic electricity consumption in India during the year 2009 was 96 kWh in rural areas and 288 kWh in urban areas for those with access to electricity. Globally the per capita annual average is 2,600 kWh and in the European Union it is 6,200 kWh.[34]

জনমূৰি ব্যৱহাৰ

[সম্পাদনা কৰক]
Electricity Generation from 1985 to 2012
Electricity generation in India from 2009 to 2019 (data source: powermin.nic.in)
Electricity generation (utility sector) by source in India in FY 2018-19
Coal in IndiaHydroelectric power in IndiaSmall Hydro: 8,703 GWh (0.6%)Wind Power: 62,036 GWh (4.5%)Solar power in IndiaBiomass & other RE: 16,750 GWh (1.2%)Nuclear power in IndiaGas: 49,886 GWh (3.6%)Diesel: 129 GWh (0.0%)
  •   Coal: 10,21,997 GWh (74.5%)
  •   Large Hydro: 1,35,040 GWh (9.8%)
  •   Small Hydro: 8,703 GWh (0.6%)
  •   Wind Power: 62,036 GWh (4.5%)
  •   Solar Power: 39,268 GWh (2.9%)
  •   Biomass & other RE: 16,750 GWh (1.2%)
  •   Nuclear: 37,706 GWh (2.7%)
  •   Gas: 49,886 GWh (3.6%)
  •   Diesel: 129 GWh (0.0%)
Per-Capita Electricity consumption (kWh) in 2016-2017[35]
State/Union territory Region Per-Capita Consumption
(kWh/year)
Dadra and Nagar Haveli Western 15,783
Daman and Diu Western 7,965
Goa Western 2,466
Gujarat Western 2,279
Chhattisgarh Western 2,016
Maharashtra Western 1,307
Madhya Pradesh Western 989
Puducherry Southern 1,784
Tamil Nadu Southern 1,847
Andhra Pradesh[36] Southern 1,319
Telangana Southern 1,551
Karnataka Southern 1,367
Kerala Southern 763
Lakshadweep Southern 633
Punjab Northern 2,028
Haryana Northern 1,975
Delhi Northern 1,574
Himachal Pradesh Northern 1,340
Uttarakhand Northern 1,454
Chandigarh Northern 1,128
Jammu and Kashmir Northern 1,282
Rajasthan Northern 1,166
Uttar Pradesh Northern 585
Odisha Eastern 1,622
Sikkim Eastern 806
Jharkhand Eastern 915
West Bengal Eastern 665
Andaman and Nicobar Islands Eastern 370
Bihar Eastern 272
Arunachal Pradesh North Eastern 648
Meghalaya North Eastern 832
Mizoram North Eastern 523
Nagaland North Eastern 345
Tripura North Eastern 470
Assam North Eastern 339
Manipur North Eastern 326
National 1,122

Note: Per capita consumption = (gross electricity generation + net import) / mid year population.

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "saubhagya". https://saubhagya.gov.in/। আহৰণ কৰা হৈছে: 24 April 2020. 
  2. "WEO - Energy access database". worldenergyoutlook.org. http://www.worldenergyoutlook.org/resources/energydevelopment/energyaccessdatabase/। আহৰণ কৰা হৈছে: 11 November 2016. 
  3. 3.0 3.1 3.2 "All India Installed Capacity of Utility Power Stations". Archived from the original on 2020-04-22. https://web.archive.org/web/20200422063818/http://cea.nic.in/monthlyinstalledcapacity.html। আহৰণ কৰা হৈছে: 2020-04-24. 
  4. "Scenarios/CO2 emissions/India". International Energy Agency. https://www.iea.org/weo/। আহৰণ কৰা হৈছে: 8 March 2019. 
  5. 5.00 5.01 5.02 5.03 5.04 5.05 5.06 5.07 5.08 5.09 5.10 "Growth of Electricity Sector in India from 1947-2019". Central Electricity Authority. May 2018. Archived from the original on 29 August 2019. https://web.archive.org/web/20190829025814/http://www.cea.nic.in/reports/others/planning/pdm/growth_2019.pdf। আহৰণ কৰা হৈছে: 28 August 2019. 
  6. "BP Statistical Review of world energy, 2016". http://www.bp.com/content/dam/bp/pdf/energy-economics/statistical-review-2016/bp-statistical-review-of-world-energy-2016-electricity.pdf. 
  7. Tripathi, Bhasker (2018-03-26). "Now, India is the third largest electricity producer ahead of Russia, Japan". Business Standard India. https://www.business-standard.com/article/economy-policy/now-india-is-the-third-largest-electricity-producer-ahead-of-russia-japan-118032600086_1.html. 
  8. "BP Statistical Review of World Energy June 2019". https://www.bp.com/content/dam/bp/business-sites/en/global/corporate/pdfs/energy-economics/statistical-review/bp-stats-review-2019-full-report.pdf। আহৰণ কৰা হৈছে: 5 August 2019. 
  9. "Tariff & duty of electricity supply in India". report. CEA, Govt. of India. March 2014. http://www.slideshare.net/ashishverma061/tariff-and-duty-of-electricity-supply-in-various-state-of-indiaa-review-by-cea. 
  10. "India can achieve 1,650 billion units of electricity next year, Piyush Goyal". http://economictimes.indiatimes.com/industry/energy/power/india-can-achieve-1-65-billion-units-of-electricity-next-year-piyush-goyal/articleshow/53103685.cms। আহৰণ কৰা হৈছে: 9 July 2016. 
  11. "Mapped: The 1.2 Billion People Without Access to Electricity". https://www.visualcapitalist.com/mapped-billion-people-without-access-to-electricity/। আহৰণ কৰা হৈছে: 29 November 2019. 
  12. "India tops list of scrapped coal projects in pipeline since 2010: Study". https://www.business-standard.com/article/economy-policy/india-tops-list-of-scrapped-coal-projects-in-pipeline-since-2010-study-118071100957_1.html। আহৰণ কৰা হৈছে: 13 July 2018. 
  13. "National Electricity Plan (Generation) 2018". Archived from the original on 17 May 2018. https://web.archive.org/web/20180517095543/http://www.cea.nic.in/reports/committee/nep/nep_jan_2018.pdf। আহৰণ কৰা হৈছে: 29 March 2018. 
  14. "Location wise regional summary of all India installed capacity of utility power stations". http://cea.nic.in/reports/monthly/installedcapacity/2020/installed_capacity-03.pdf. 
  15. "Let there be light". The Telegraph. 26 April 2009. http://www.telegraphindia.com/1090426/jsp/calcutta/story_10866828.jsp. 
  16. "Electricity arrives in Mumbai". Archived from the original on 2 February 2013. https://web.archive.org/web/20130202092127/http://www.bestundertaking.com/mumbai.asp। আহৰণ কৰা হৈছে: 1 August 2012. 
  17. "Archives Darjeeling Hydro Power System - IET history - The IET". http://www.theiet.org/resources/library/archives/featured/darjeeling.cfm। আহৰণ কৰা হৈছে: 29 July 2015. 
  18. http://www.nyoooz.com/bangalore/118780/bengalurus-first-lamp-post-set-up-in-1905-stands-forgotten
  19. Daily News & Analysis (20 November 2011). "Relic of India's first electric railway to be dismantled". dna. http://www.dnaindia.com/mumbai/report_relic-of-indias-first-electric-railway-to-be-dismantled_1614956। আহৰণ কৰা হৈছে: 29 July 2015. 
  20. "Cochin International Airport set to become worlds's first fully solar powered major airport". LiveMint (Kochi, India). 18 August 2015. http://www.livemint.com/Politics/nYRV0SGkot3GIOvQrqhBXL/Worlds-first-solarrun-airport-in-Kochi.html. 
  21. Menon, Supriya. "How is the world's first solar powered airport faring? - BBC News". Bbc.com. https://www.bbc.com/news/world-asia-india-34421419। আহৰণ কৰা হৈছে: 2016-12-01. 
  22. 22.0 22.1 22.2 "One Nation-One Grid". Power Grid Corporation of India. Archived from the original on 26 February 2017. https://web.archive.org/web/20170226175901/http://www.powergridindia.com/_layouts/PowerGrid/User/ContentPage.aspx?PId=78&LangID=English। আহৰণ কৰা হৈছে: 2 December 2016. 
  23. "Indian power system becomes largest operating synchronous grid in the world". The Times of India. http://timesofindia.indiatimes.com/india/All-India-Power-Engineers-Federation-Indian-power-system/articleshow/28294988.cms. 
  24. "Draft National Electricity Plan, 2016, CEA". Archived from the original on 20 December 2016. https://web.archive.org/web/20161220133152/http://www.cea.nic.in/reports/committee/nep/nep_dec.pdf। আহৰণ কৰা হৈছে: 11 December 2016. 
  25. "surplu". https://energy.economictimes.indiatimes.com/news/power/will-try-to-keep-power-prices-lower-says-piyush-goyal/50525720। আহৰণ কৰা হৈছে: 24 April 2020. 
  26. "Dark future ahead? 11,000 mw thermal power capacity lying idle, largest outage is in the north". https://energy.economictimes.indiatimes.com/news/power/dark-future-ahead-11000-mw-thermal-power-capacity-lying-idle-largest-outage-is-in-the-north/50556138। আহৰণ কৰা হৈছে: 24 April 2020. 
  27. https://pib.gov.in/newsite/printrelease.aspx?relid=160105
  28. "Broad status of thermal power projects". Central Electricity Authority. April 2019. Archived from the original on 1 September 2019. https://web.archive.org/web/20190901024832/http://www.cea.nic.in/reports/monthly/broadstatus/2019/broad_status-04.pdf। আহৰণ কৰা হৈছে: 3 May 2019. 
  29. "Executive summary of Power sector, July 2019". Archived from the original on 27 August 2019. https://web.archive.org/web/20190827102007/http://www.cea.nic.in/reports/monthly/executivesummary/2019/exe_summary-07.pdf। আহৰণ কৰা হৈছে: 25 August 2019. 
  30. "List of major captive power plants". https://powerline.net.in/2017/10/03/captive-power-market/। আহৰণ কৰা হৈছে: 13 May 2018. 
  31. "Gensets add up to under half of installed power capacity; August, 2014". http://indianexpress.com/article/india/india-others/gensets-add-up-to-under-half-of-installed-power-capacity/। আহৰণ কৰা হৈছে: 13 May 2015. 
  32. "No central help to debt-ridden state-run power discoms: Piyush Goyal Read more at: https://economictimes.indiatimes.com/industry/energy/power/no-central-help-to-debt-ridden-state-run-power-discoms-piyush-goyal/articleshow/47579813.cms?utm_source=contentofinterest&utm_medium=text&utm_campaign=cppst". http://economictimes.indiatimes.com/industry/energy/power/no-central-help-to-debt-ridden-state-run-power-discoms-piyush-goyal/articleshow/47579813.cms। আহৰণ কৰা হৈছে: 30 April 2020. 
  33. "The True Cost of Providing Energy to Telecom Towers in India". http://www.gsma.com/membership/wp-content/uploads/2013/01/true-cost-providing-energy-telecom-towers-india.pdf। আহৰণ কৰা হৈছে: 29 August 2015. 
  34. "World Energy Outlook 2011: Energy for All". International Energy Agency. October 2011. http://www.iea.org/papers/2011/weo2011_energy_for_all.pdf. 
  35. "Rajya Sabha - Starred Question No. 6375 (Annexure-II". Ministry of Power, Govt. of India. Archived from the original on 4 February 2019. https://web.archive.org/web/20190204015059/https://powermin.nic.in/sites/default/files/uploads/LS05042018_Eng.pdf। আহৰণ কৰা হৈছে: 2 February 2019. 
  36. "Consumer wise real Time AP Power Supply Position". http://www.apvidyutpravah.in/। আহৰণ কৰা হৈছে: 4 July 2016.