সমললৈ যাওক

গমাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গামাৰী
গমাৰী গছৰ পুলি
গমাৰীৰ গা-গছ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Lamiales
পৰিয়াল: Lamiaceae
গণ: Gmelina
প্ৰজাতি: G. arborea
বৈজ্ঞানিক নাম
Gmelina arborea
Roxb.
সমাৰ্থক
  • Gmelina arborea var. canescens Haines
  • Gmelina arborea var. glaucescens C.B.Clarke
  • Gmelina rheedei Hook. [Illegitimate]
  • Gmelina sinuata Link [1]

গমাৰী (ইংৰাজী: beechwood, gmelina, goomar teak, Kashmir tree, Malay beechwood, white teak, yemane[2]) এবিধ ওখ গুড়চ্যাদি বৰ্গৰ ঔষধি গুণ সম্পন্ন গছ। গমাৰী গছৰ কাঠ কঠিন হোৱা বাবে ইয়াক বিভিন্ন ঘৰুৱা সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ই এবিধ বৰ খৰকৈ বৃদ্ধি হোৱা পৰ্ণপাতী উদ্ভিদ। ভাৰতবৰ্ষৰ ১৫০০ উচ্চতাৰ বহু অঞ্চলত এই গছজোপা স্বাভাৱিক ভাবেই গজে। ম্যানমাৰ, থাইলেণ্ড, লাউচ , কম্বোডিয়া, ভিয়েটনাম, আৰু চীনৰ দক্ষিণ প্ৰান্তত এই গছৰ স্বাভাৱিক বৃদ্ধি লক্ষ্য কৰা যায়। ১৯৬০ দশকৰ পিছত এই গছবিধ ব্ৰাজিল, মালয়েছিয়া, মলাৱি, হণ্ডুৰাছ, ছিয়েৰা লিঅ'ন, নাইজেৰিয়া, ফিলিপাইন, আইভৰি কোষ্টত দ্ৰুত বৰ্ধমান কাঠৰ গছ হিচাপে এই গছবিধ যথেষ্ট জনপ্ৰিয়। এই গছৰ বাগান পাতিব পাৰি নতুবা ৰাস্তাৰ কাষ, পুখুৰীৰ পাৰ আদিত ৰুব পৰা যায়।[3][4]

গমাৰী এবিধ দ্বি-বীজপত্ৰি উদ্ভিদ। ই গুচ্ছমূল জাতীয়। গমাৰীৰ পাত জাল শিৰাবিন্যাস যুক্ত। এই গছ ৫০/৬০ ফুট পৰ্য্যন্ত ওখ হয় আৰু গা-গছৰ বেৰ ৭/৮ ফুটমান বহল। ই ঠাল-ঠেঙুলিৰে আগুৰি থকা বৃক্ষ জাতীয় উদ্ভিদ। চালবোৰ ধোঁৱা বৰণীয়া বা বগা আৰু ডাঠ। কাঠ কঠিন আৰু বগা। সেয়ে এই কাঠ অতি মূল্যৱান। ইয়াৰ চাল আৰু ফল ঔষধ তৈয়াৰ কৰিবলৈ আৱশ্যক হয়। ইয়াৰ পাত ভেলক বা মদাৰ গছৰ আংশিক পাতৰ দৰে দেখা যায়। পাতবোৰ মিহি আৰু বেছি সেউজীয়া। আকাৰত ৭ ইঞ্চিৰ পৰা ১০ ইঞ্চি মান দীঘল, ৫ ইঞ্চিৰ পৰা ৭ ইঞ্চি মান বহল আগ জোঙা। ইয়াৰ পাত বটি বা চোবাই চালে বিজলুৱা পদাৰ্থ থকা যেন লাগে। বসন্ত ঋতুত এডাল পুষ্পমঞ্জৰীত বহুতো হালধীয়া ৰঙচুৱা পাঁচ পহীয়া ফুল হয়। সন্মুখৰ পাহি দুটা চুটি আৰু সৰু, বাকী তিনিটা দীঘল আৰু ডাঙৰ হয়। ইয়াৰ ফল গ্ৰীষ্ম কালত পুৰঠ হয়, দেখাত লেটেকু ফুলৰ ফলৰ দৰে। কেঁচাতে ফলবোৰ সেউজীয়া আৰু মসৃণ, পকিলে হালধীয়া হয়। ফলবোৰৰ ওপৰত বগা ফুট ফুটিয়া চিন দেখা যায়। পকিলে ফলৰ সোৱাদ মিঠা হয়। ফলবোৰৰ ওপৰৰ কোমল অংশ গুচালে ভিতৰত এটা টান গুটি পোৱা যায়। এই গুটিবোৰৰ পৰা পুলি হৈ ইয়াৰ বংশ বৃদ্ধি হয়। গমাৰী গছৰ পাত, গুটি আৰু ফুল গৰু-ছাগলীৰ প্ৰিয় খাদ্য।

ব্যৱহাৰ

[সম্পাদনা কৰক]

গমাৰীৰ কাঠ কঠিন আৰু বৰণ বগা হোৱা বাবে ই এক উপযুক্ত কাঠ হিচাপে বিভিন্ন ঘৰুৱা আচবাব তৈয়াৰৰ বাবে ব্যৱহাৰ যোগ্য। গমাৰীৰ পাত, গুটি আৰু ফুল গৰু-ছাগলীৰ এক প্ৰিয় খাদ্য। গমাৰীৰ ঠাল-ঠেঙুলি আদি খৰি হিচাপেও ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি গমাৰী এবিধ ঔষধি গুণ সমৃদ্ধ উদ্ভিদ[5]:

  • কটুতিক্ত ৰস, গুৰুপাক, উষ্ণবিৰ্য, কফ আৰু ত্ৰিদোষনাশক, বিষদোষ দাহ, জ্বৰ তৃষ্ণা আৰু ৰক্তদোষনাশক।
  • গমাৰীৰ চাল আৰু কাঠত অনেক তিক্ত পদাৰ্থ আছে।
  • পাতাৰ ৰস জীবাণুনাশক।
  • গমাৰী চালৰ গুৰি গৰ্ভস্ৰাব নিবাৰণৰ কাৰণে ব্যৱহাৰ কৰা হয়।
  • গনোৰীয়া আৰু কিছুমান চৰ্মৰোগত গমাৰীৰ ৰস ব্যৱহাৰ কৰা হয়।
  • শিশুৰ কৃমিনাশক তথা কুষ্ঠৰোগৰ উপকাৰী।
  • গমাৰীৰ চালৰ ৰস সুতিকা ৰোগৰ বাবে উপকাৰী।

ভৌগোলিক বিতৰণ

[সম্পাদনা কৰক]

বাংলাদেশসহ দক্ষিণপূব এছিয়াত গমাৰী গছ দেখিবলৈ পোৱা যায়। ভাৰতঅসম, দক্ষিণ বিহাৰ, উৰিষ্যা, আৰু পশ্চিম বংগৰ উত্তৰাঞ্চল সংলগ্ন এলেকাত গমাৰী গছ পোৱা যায়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]