ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২০

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
নৱম বৰ্ষ | এপ্ৰিল | ২০২০ | চতুৰ্থ সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
TTT2020ৰ অংশগ্ৰহণকাৰীসকল

CISৰ সহযোগত Wikipediaৰ হৈ মুম্বাইত অনুষ্ঠিত Train The Trainer 2020 শীৰ্ষক উচ্চস্তৰৰ প্ৰশিক্ষণৰ অনুষ্ঠান এটিত অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিচ'ৰ্চৰ হৈ আমি তিনিজন প্ৰতিনিধি নিৰ্বাচিত হৈছিলোঁ। ইয়াত এখন ক্ষুদ্ৰ ভাৰত এটা চৌহদতে সৃষ্টি হৈছিল। পাঞ্জাৱী, হিন্দী, তেলেগু, তুলু, গুজৰাটী, মাৰাঠী, ইংৰাজী, চাওঁতালি, কানাড়া, তামিল, সংস্কৃত ভাষাৰ প্ৰতিনিধি সকলৰে সেইকেইদিন মন ভৰা পৰিৱেশ এটাত জী উঠিছিলোঁ। প্ৰথম দিনা আমি নিজৰ ভাষাটোক প্ৰতিনিধিত্ব কৰাৰ বাবে ডিঙিত গামোচা লৈছিলোঁ। গামোচাখনেৰে অপৰিচিত প্ৰতিজনেই গামোচা খন কি ক'ত কিয় বিখ্যাত ইত্যাদি লৈ ইমান যে প্ৰশ্ন কৰিছিল, কৈ কৈ মন ভৰি গৈছিল! ৱিকিপিডিয়ান অজয় দাস জ্ঞানৰ ভাণ্ডাৰ এটা। অজয়ে তেওঁলোকক গামোচা খনৰ যিমানবোৰ তথ্য জনালে সেয়া যথেষ্টৰ বহু ওপৰত। মই সহযোগ কৰিলোঁ। আমি তেওঁলোকক নিজৰ নিজৰ ভাষাৰ ৱিকিপিডিয়াত গামোচা সম্পৰ্কীয় একোটাকৈ প্ৰৱন্ধ লিখিবলৈ অনুৰোধ জনালোঁ, তেওঁলোকে গামোচাৰ ফটোতুলি লৈ গ'ল। সেই সময়ৰ অনুভৱখিনি শব্দৰে প্ৰকাশ কৰিলেও যেন বিকৃত ৰূপ এটা হে পাব! আমাৰ বাবে দৈনন্দিন জীৱনত সৰু সৰু বা তেনেই সাধাৰণ যেন লগা কিছুমান কথা স্থান কাল পাত্ৰ ভেদে অসাধাৰণ হৈ পৰে।

ইয়াত বিশেষ ভাৱে এটা প্ৰশ্ন উঠিছিল লিংগ সমতাক লৈ। প্ৰতিজনেই কেৱল মহিলা পুৰুষতে সীমাবদ্ধ হৈ থকাত মই, অজয়, গুজৰাটৰ হৰ্ষিল, পাঞ্জাৱৰ চিমৰণে ট্ৰান্স আৰু কুইয়াৰ সকলৰ বিষয়েও যে নিজৰ নিজৰ ভাষাত ৱিকিপিডিয়াত তথ্য সংযোগ কৰি আছোঁ সেই কথা উল্লেখ কৰিলোঁ। তেওঁলোকে এই সম্পৰ্কত বিশেষ গুৰুত্ব দি আমাক ধন্যবাদ দিলে আৰু ভৱিষ্যতে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে। সাংস্কৃতিক অনুষ্ঠানত আমি বৰগীত, ঘোষা, বিয়ানাম,ৰাভা,বিষ্ণু, ভূপেন্দ্ৰ সংগীত গালে আৰু অসম সংগীত পৰিৱেশন কৰি আমাৰ সংস্কৃতিৰ চমু পৰিচয় এটি দিবলৈ চেষ্টা কৰিলোঁ।

প্ৰতিদিনে নিজৰ পৰিৱেশ এটাৰ মাজতে থাকি, নিজৰ মানুহ খিনিৰ মাজত নিজৰ ভাষাটোকে কৈ থাকোতে ভাষাটোক আন ভাষাৰে তুলনা কৰি চোৱাই নাছিলোঁ! যেতিয়া বহু ভাষাৰ মাজত মোৰ মাতৃভাষাৰ কথা আহিল সেইসময়ত মই কিমান গৌৰৱ অনুভৱ কৰিছিলোঁ বুজাব নোৱাৰোঁ। আমাৰ পৰিচয় পৰ্ব চলি থাকোতে প্ৰতি জনেই নিজ নিজ মাতৃভাষাৰ চমু আভাস দিছিল, সেই ভাষা সমূহৰে নিজৰ ভাষাটোক তুলনা কৰি চাওঁতে কিয় জানো, পুনৰ বাৰলৈ মোৰ আইৰ মুখৰ মাত কেইটাৰ প্ৰেমত পৰিছিলোঁ। অৱশ্যে তেওঁলোকৰ কথা বোৰৰ প্ৰায় অংশ বুজি নাপালেও অনুভৱ কৰিছিলোঁ, তেওঁলোকৰ মুখবোৰো গৌৰৱত তিৰবিৰাই উঠিছিল! এই মানুহ খিনিৰ মনত ভাষা প্ৰেম কিমান গভীৰলৈ শিপাই আছে সেই কথা উপলব্ধি হৈছিল। মুখৰ ভাষা বেলেগ হ'লেও আমি প্ৰতিজনেই এটা বিন্দুত নিজকে বিচাৰি পাইছিলোঁ আৰু এই বিন্দুটোৱেই আমাক মুম্বাইৰ সেই অচিনাকী ঠাইত অচিন অচিন চকু বোৰৰ মাজত নিজস্বতাৰ বোধ জন্মাইছিল।

নয়ন জ্যোতি নাথ (talk) 09:23, 3 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
COVID-19ৰ লক্ষণসমূহ

ক'ৰ'ণা ভাইৰাছ ৰোগ ২০১৯ (ইংৰাজী: Coronavirus disease 2019; চমুকৈ COVID-19) হ'ল severe acute respiratory syndrome coronavirus ২ (SARS-CoV-২)-এ কৰা এক সংক্ৰামক ৰোগ। ২০১৯ চনত চীনৰ হুবেই প্ৰদেশৰ ৱুহান চহৰৰ পৰা এই ৰোগবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰি ২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বৈশ্বিক মহামাৰীৰ সৃষ্টি কৰে। জ্বৰ, কাহ, উশাহ লওঁতে কষ্ট হোৱা এই ৰোগৰ সাধাৰণ লক্ষণ। মাংসপেশীৰ বিষ, খেকাৰ ওলোৱা আৰু ডিঙিৰ বিষ কমকৈ হোৱা লক্ষণ। অধিকাংশতে ৰোগীৰে অলপীয়া লক্ষণ দেখা যায় যদিও একাংশৰ নিউম'নিয়া আৰু দেহৰ অংগসমূহ বিকল হোৱা দেখা যায়। ২৩ মাৰ্চ, ২০২০ লৈকে মৃত্যুৰ হাৰ ৪.৪%; বয়স আৰু স্বাস্থ্যৰ আন সমস্যাৰ ওপৰত নিৰ্ভৰ কৰি এই হাৰ ০.২ ৰ পৰা ১৫% হ'ব পাৰে।

সাধাৰণতে এই ভাইৰাছ মানুহৰ সংস্পৰ্শত আৰু কাহ বা হাঁচি মাৰিলে ওলোৱা শ্বসন ড্ৰপ্‌লেটৰ জৰিয়তে বিয়পে। উশা-নিশাহ লওঁতে এনে ড্ৰপ্‌লেট সৃষ্টি হয় কিন্তু ই বতাহত নাভাঁহে। দূষিত পৃষ্ঠ চুই মুখমণ্ডলত হাত লগালেও ই বিয়পে। ৰোগৰ লক্ষণ থকা অৱস্থাত ই আটাইতকৈ বেছি সোঁচৰে, কিন্তু লক্ষণ ওলোৱাৰ আগতেই ৰোগ সোঁচৰা সম্ভৱ। ভাইৰাছটোৱে পৃষ্ঠত ৭২ ঘণ্টালৈকে থাকিব পাৰে। ভাইৰাছ সংস্পৰ্শৰ পৰা লক্ষণ ফুটি উঠালৈকে সাধাৰণতে দুদিনৰ পৰা চৈধ্যদিন সময় লাগে (গড়ে পাঁচ দিন)। নাসিকা গ্ৰসনীৰ পৰা কপাহেৰে লোৱা নমুনা (nasopharyngeal swab) reverse transcription polymerase chain reaction (rRT-PCR) পৰীক্ষা কৰি এই ৰোগ নিৰ্ণয় কৰা হয়। লক্ষণ, বিপদাশংকাৰ কাৰক (risk factors) আৰু চি টি স্কেনত নিম'নিয়াৰ চিন পালেও ৰোগ নিৰ্ণয় কৰা হয়।

ঘনাই হাত ধোৱা, সামাজিক দূৰত্ব স্থাপন (লক্ষণ থকা লোককে ধৰি সকলোৰে পৰা দৈহিকভাৱে আঁতৰি থকা) আৰু নুধুৱা হাত মুখমণ্ডলৰ পৰা আঁতৰাই ৰখা এই ৰোগ প্ৰতিৰোধৰ অনুমোদিত বিধি। কেতবোৰ ৰাষ্ট্ৰীয় স্বাস্থ্য কতৃপক্ষই ৰোগ হোৱা বুলি সন্দেহ কৰা লোক আৰু তেওঁলোকৰ শুশ্ৰূষা কৰা লোকক মাস্ক পিন্ধিবলৈ পৰামৰ্শ দিয়ে, কিন্তু সাধাৰণ ৰাইজৰ বাবে ইয়াৰ প্ৰয়োজন নাই বুলি কয়। COVID-19ৰ কোনো নিৰ্দিষ্ট প্ৰতিষেধক বা এণ্টিভাইৰেল ঔষধ নাই। লক্ষণৰ প্ৰতিকাৰ, সামৰ্থক শুশ্ৰূষা, ৰোগীক আঁতৰাই ৰখা (isolation) আৰু পৰীক্ষামূলক ঔষধেই ইয়াৰ বৰ্তমানৰ চিকিৎসা।

বিতংকৈ পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
মাৰ্চ-২০২০ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
  1. ‎অনিল শইকীয়া
  2. ‎অৰ্ধনাৰীশ্বৰ
  3. ইন্দ্ৰাণী ৰহমান
  4. ঘৰুৱা নিৰ্যাতন
  5. সুকন্যা সমৃদ্ধি যোজনা
  6. দেৱী
  7. বৈদ্যুতিক টাৱাৰ
  8. ২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বিশ্বমাৰী
  9. ৰেই টম্‌লিনছন
  10. সুচিত্ৰা চেবাষ্টিয়ান
  11. ‎শোভানা নৰসিংহ
  12. ‎‎অনুৰাধা মিশ্ৰ
  13. ‎মুথৈয়া ভণিতা
  14. ‎‎আহোম ভাষাত ঠাইৰ নামৰ তালিকা
  15. ‎আদি পৰাশক্তি
  16. ‎‎আদিতি পণ্ট
  17. ‎সুদীপ্তা সেনগুপ্তা
  18. ‎কালামান্দালাম গিৰিজা
  19. ‎‎অনুসুয়া
  20. ‎ভিন্ড
  21. ‎নাৰী সবলীকৰণ
  22. ‎‎অন্নপূৰ্ণা (দেৱী)
  23. ‎প্ৰিয়ংকা গান্ধী
  24. ‎চি. বি. মুথাম্মা
  25. ‎ক'ৰ'ণা ভাইৰাছ ৰোগ ২০১৯
  26. ইন্দিৰা পি পি বৰা
  27. ‎ৰুক্মিণী দেৱী অৰুণ্ডেল
  28. কালানিধী নাৰায়ণন
  29. ‎মাদাগাস্কাৰ
  30. অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি
  31. ‎নিউক্লীয় পদাৰ্থবিজ্ঞান
  32. কনক ৰেলে
  33. সামাজিক দূৰত্ব স্থাপন
  34. প্ৰতিমা বেদী
  35. ৰেণী বৰ্গিজ
  36. ‎প্ৰেৰণা দেশপাণ্ডে
  37. উগাদি
  38. বোকাখাত মহকুমা
  39. গুড়ি পড়ৱা
  40. মেনকা পি পি বৰা
  41. বৰ কলীয়া নস্কৰা
  42. ‎ডিফু চিকিৎসা মহাবিদ্যালয়
  43. লি ৱেনলিয়াং
  44. ৰোহিনী ভাটে
  45. ইণ্টাৰপোল
  46. শৰ্মিলা বিশ্বাস
  47. ‎ৰেণুকা দেৱী বৰকটকী
  48. শ্ৰী সূৰ্য পাহাৰ
  49. নটৰ ডেম কলেজ, ঢাকা
  50. ভাৰতত ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ মহামাৰী
  51. শামা ভাটে
  52. ‎সুনীতা ভূঞা
  53. মিনাল দাখৱে ভোঁচলে
  54. কিৰণ বালা বড়া
  55. ভৈৰৱী
  56. পৰ্বান্তৰৰ পদ্য
  57. নাঙেলি
  58. অম্বিকা
  59. নিৰ্মলা দেশপাণ্ডে
  60. স্তন কৰ
  61. দ্ৰৌপদী মূৰ্মু
  62. নাজমা হেপতুল্লা
  63. মধ্যযুগত অসমত হোৱা ভূমিকম্পসমূহ
  64. মানু
  65. ‎ডিম্ব কোষ
  66. মলীকা পোখৰাজ
  67. লিংগ দৃঢ়বদ্ধতা
  68. ছিলভাৰিন স্বেৰ
  69. বিভা চৌধুৰী
Camera font awesome.svg
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
DAILY PRAYERS.jpg
অসমবৰপেটা সত্ৰত দৈনিকৰ প্ৰসংগৰ সময়ত ভকতগণ।
আলোকচিত্ৰশিল্পী: ভৃগু বায়ন
Trophy font awesome.svg
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
Barnstar mex gold.pngএই মাহৰ ৱিকিমিডিয়ান
চাণক্য কুমাৰ দাস








উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৬৪৯৯ টালৈ বৃদ্ধি পালে।
  • ৱিকিপিডিয়াত লৈংগিক ব্যৱধানৰ উন্নতি কৰা আৰু দক্ষিণ এছিয়াৰ নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে ১ ফেব্ৰুৱাৰী ২০২০ - ৩১ মাৰ্চ ২০২০ লৈ অনুষ্ঠিত হোৱা অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ত নগৰাকী অসমীয়া ৱিকিপিডিয়ানে সক্ৰিয় অংশগ্ৰহণ কৰি মুঠ ১৩৫ টা নতুন প্ৰবন্ধ যোগ কৰে৷ তেওঁলোকলৈ অসমীয়া ৱিকিপিডিয়াৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷
  1. অজয় দাস
  2. ঈশান জ্যোতি বৰা
  3. Yuvomilan Dev Society
  4. গীতাৰ্থ বৰদলৈ
  5. বিদ্যুৎ শৰ্মা
  6. দিব্য দত্ত
  7. নয়ন জ্যোতি নাথ
  8. টিটান সাহা
  9. कन्हाई प्रसाद चौरसिया


  • ৱিকিকমন্স আৰু অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২২৩ খনলৈ বৃদ্ধি পালে।


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • Instagram logo 2022.svg ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


Bullhorn font awesome.svg ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
চাণক্য কুমাৰ দাস 482 312 - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অম্লান বসুমতাৰী 337 - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অজয় দাস 178 - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা 123 - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
Yuvomilan Dev Society 118 - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনিমেষ বৰা - 108 - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনামিকা(চুমু) বড়া - 99 - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
Anshuman.jrt 96 - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়ন জ্যোতি নাথ 72 - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ KhiLanTzi 59 - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।