সমললৈ যাওক

সুনীতা ভূঞা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুনীতা খাউণ্ড ভূঞা
পৃষ্ঠভূমি
জন্ম নাম সুনীতা খাউণ্ড
জন্ম ২৩ মে' ১৯৭০
শ্বিলং, মেঘালয়, ভাৰত
সংগীতৰ ধৰণ ফ'ক ফিউজন, ইণ্ডো-জেজ
পেচা বেহেলাবাদক
বাদ্যযন্ত্ৰ বেহেলা
জীৱন-সঙ্গী সুৰজিৎ ভূঞা (বি. ১৯৯৫)
ৱেবছাইট sunitaviolin.in

সুনীতা খাউণ্ড ভূঞা (জন্ম: ২৩ মে' ১৯৭০) এগৰাকী ভাৰতীয় সংগীতশিল্পী আৰু বেহেলাবাদক[1] তেওঁ বিশেষকৈ বেহেলাত লোক-সংগীত আৰু শাস্ত্ৰীয় সংগীতৰ লগত পাশ্চাত্য সংগীৰ লগত যুক্ত কৰাৰ বাবে বিখ্যাত। তেওঁ সংগীত চিকিৎসা বা মিউজিক থেৰাপীৰ লগতো জড়িত। তেওঁ ৰাষ্ট্ৰীয় একতা সংঘয়ে সংগীতৰ উৎকৃষ্টতাৰ বাবে প্ৰদান কৰা ইন্দিৰা গান্ধী প্ৰিয়দৰ্শনী বঁটা লাভ কৰিছে। বৰ্তমান তেওঁ প্ৰয়াস ফাউণ্ডেচনৰ মুখ্য মেণ্টৰ ৰূপে কৰ্মৰত।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৭০ চনৰ ২৩ মে' তাৰিখে মেঘালয়ৰ ৰাজধানী শ্বিলঙত সুনীতা ভূঞাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কবিন খাউণ্ড আৰু মাতৃ মিনতি খাউণ্ড। কবিন খাউণ্ড এগৰাকী অধিবক্তা হিচাপে জিআইচিত কৰ্মৰত আছিল আৰু মিনতি খাউণ্ড এগৰাকী বিখ্যাত বেহেলাবাদক সংগীতজ্ঞ।[3] তেওঁৰ পিতৃৰ চাকৰিসূত্ৰে ভাৰতৰ বিভিন্ন ঠাইত বদলি হৈছিল। সুনীতায়ে প্ৰাৰম্ভিক জীৱন অসম আৰু ওড়িশাৰ বিভিন্ন ঠাইত কটাইছিল। তেওঁৰ ভাতৃ পৱিত্ৰ খাউণ্ড এগৰাকী অসামৰিক সেৱাৰ বিষয়া। সুনীতায়ে প্ৰাৰম্ভিক শিক্ষা ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ স্কুলত গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ উচ্চশিক্ষাৰ বাবে গুৱাহাটীকটন কলেজত নামভৰ্তি কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মানৱ সম্পদ ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিগ্ৰীলাভ কৰিছে।[1]

তেওঁ আঠ বছৰীয়া সংগীতৰ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছে। তেওঁ তেওঁৰ মাতৃৰ সৈতে গুৰু শিষ্য পৰম্পৰা পালন কৰে। তদুপৰি তেওঁ কলকাতাত পণ্ডিত ভি.ভি. জগৰ ওচৰত পাঁচ বছৰ কাল সংগীতৰ উচ্চ প্ৰশিক্ষণ লাভ কৰিছিল।

কেৰিয়াৰ

[সম্পাদনা কৰক]

সুনীতা ভূঞায়ে সৰুতে মাতৃ মিনতি খাউণ্ডৰ সৈতে প্ৰথমবাৰৰ বাবে মঞ্চত পৰিবেশন কৰিছিল। তেওঁ ইণ্ডো-জেজ ফিউজন আৰু বৈশ্বিক লোকসংগীতৰ বিশেষজ্ঞ। তেওঁৰ ভায়লিনৰ প্ৰথম এলবাম বিহু ষ্ট্ৰীং টাইম মিউজিক বেনাৰত মুক্তি লাভ কৰে। তেওঁ বিভিন্ন প্ৰকল্পৰ লগত জড়িত। এই প্ৰকল্পসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল: কমনৱেলথ সাংস্কৃতিক প্ৰগতি যুক্তৰাজ্য, ৱিথ ষ্ট্ৰীঙছ এটেছড, এদিনবাৰ্গ মেলা, বিয়ণ্ড বাউণ্ডৰীছ লণ্ডন, য়েছ বেংক আৰু চিএনবিচিৰ চেভ ৰাইন'ৰ বাবে সংগীত ইত্যাদি। ইয়াৰ লগতে তেওঁ দেশ বিদেশৰ বিভিন্ন ঠাইত পৰিবেশন কৰিছে।[1]

তেওঁ বিভিন্ন অনুষ্ঠানৰ লগতে সংগীৰ জৰিয়তে নেতৃত্ববহন কৰি আহিছে। তেওঁ প্ৰায় ২০ বছৰ কাল ধৰি বিভিন্ন কৰ্মশালা, বক্তৃতা অনুষ্ঠান আদিৰ লগত জড়িত হৈ আছে। কেইবাটাও কৰ্পৰেট কোম্পানীত চাকৰি কৰাৰ পিছত তেওঁ ২০১৭ চনত প্ৰয়াস ফাউণ্ডেচনৰ লগত জড়িত হয়। ইয়াত তেওঁ বিশেষকৈ মিউজিক থেৰাপিৰ লগত জড়িত। ইয়াৰ লগতে তেওঁ ভিক্টোৰিয়া মেমৰীয়েল অন্ধ বিদ্যালয়ত সংগীতৰ শিক্ষয়িত্ৰী হিচাপেও কাম কৰিছিল।[4]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

তেওঁ বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। ২০০৫ চনত তেওঁ ৰাষ্ট্ৰীয় একতা সংঘয়ে সংগীতৰ উৎকৃষ্টতাৰ বাবে প্ৰদান কৰা ইন্দিৰা গান্ধী প্ৰিয়দৰ্শনী বঁটা লাভ কৰিছে। তেওঁ ডন বস্ক'ৰ মাদাৰ টেৰেছা কেম্পেইনৰ জয় অফ গিভিংৰ দূত। তেওঁ ২০১৬ চনত ভেটিকানলৈ গৈছিল আৰু পোপ ফ্ৰান্সিছৰ পৰা আশীৰ্বাদ বঁটা লাভ কৰিছিল। তেওঁ শ্ৰী লংকাৰ দক্ষিণ এছিয়া মহিলা নিধিৰ দূত। তেওঁ লাভ কৰা উল্লেখযোগ্য বঁটা সমূহ হ'ল:[1]

  • ৱমেন অফ এবানডেন্স, ৰটাৰী ইন্টাৰনেছনেল, ২০১৭
  • দশকৰ মহিলা, ৱমেন ইকনমিক ফৰাম, ২০১৭
  • আৰইএক্স কৰ্মবীৰ বঁটা, ২০১৫
  • ৱমেন এচিভাৰ্চ বঁটা, ২০১৩
  • লাৰ্নিং ইন'ভেছন বঁটা, ২০১১
  • ইন্দিৰা প্ৰিয়দৰ্শনী বঁটা
  • ইন্দিৰা লিডাৰশ্বিপ বঁটা[5]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৯৫ চনত সুনীতা ভূঞায়ে সুৰজিৎ ভূঞাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ একমাত্ৰ পুত্ৰ ৰণজিৎ ভূঞা এজন পিয়ান'বাদক। তেওঁলোকৰ পৰিয়াল মুম্বাইত বাস কৰে।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 4 "Interview". musicunplugged.in. http://www.musicunplugged.in/interviews/interviews_info/110/30 আহৰণ কৰা হৈছে: 2020-03-28.
  2. "About". sunitaviolin.in. Archived from the original on 2020-03-28. https://web.archive.org/web/20200328104511/https://sunitaviolin.in/bio/ আহৰণ কৰা হৈছে: 2020-03-28.
  3. "Mrs. Sumita Bhuyan". myhero.com. https://myhero.com/S_Bhuyan_LC_avs_IN_2011_ul আহৰণ কৰা হৈছে: 2020-03-28.
  4. "Sunita Bhuyan". speakingminds.com. Archived from the original on 2020-03-28. https://web.archive.org/web/20200328162055/https://speakingminds.com/Speakers/Details/Sunita_Bhuyan আহৰণ কৰা হৈছে: 2020-03-28.
  5. "About Sunita Bhuyan". sunitaviolin.in. Archived from the original on 2020-03-28. https://web.archive.org/web/20200328162410/https://sunitaviolin.in/author/suni5956/ আহৰণ কৰা হৈছে: 2020-03-28.