সমললৈ যাওক

ইণ্টাৰপোল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আন্তৰ্জাতিক পুলিচ সংগঠন
সংস্থা – ইণ্টাৰপ'ল
প্ৰচলিত নামইণ্টাৰপ'ল
সংক্ষিপ্তকৰণICPO
অনুষ্ঠানৰ তথ্য
গঠন৭ চেপ্টেম্বৰ, ১৯২৩
ন্যায়িক ব্যক্তিত্বGovernmental: Government agency
ক্ষেত্ৰাধিকাৰ সংৰচনা
আন্তঃৰাষ্ট্ৰীয় সংস্থা
দেশসমূহ১৯৪ সদস্য ৰাষ্ট্ৰ
ইণ্টাৰপ'লৰ অধিকাৰভুক্ত অঞ্চলৰ মানচিত্ৰ
পৰিচালনা পৰিষদইণ্টাৰপ'ল সাধাৰণ বিধানসভা
Constituting instrumentICPO-
সামান্য প্ৰকৃতি
Operational structure
মূল কাৰ্যালয়ফ্ৰান্স 200, quai Charles de Gaulle, লিঅ', ফ্ৰান্স
Agency executives
সুবিধা(সমূহ)
জাতীয় কেন্দ্ৰীয় দপ্তৰs১৯২
ৱেবছাইট
www.interpol.int
পাদটীকা
ভাষা (৪): ইংৰাজী, আৰবী, ফৰাচী, স্পেনিছ

আন্তৰ্জাতিক পুলিচ সংগঠন বা ইণ্টাৰপ'ল (ইংৰাজী: International Criminal Police Organization – INTERPOL)-ৰ জন্ম হয় ১৯২৩ চনত অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত আন্তৰ্জাতিক অপৰাধ আৰু অপৰাধীসকলক দমন কৰাৰ অৰ্থে। ইণ্টাৰপ'ল (INTERPOL) নামটো International আৰু Police এই শব্দ দুটাৰ পৰা আহিছে। প্ৰতিষ্ঠা হোৱাৰ পাঁচ বছৰৰ পাছতেই হিটলাৰে সংগঠনটো ভংগ কৰি দিছিল। অৱশ্যে দ্বিতীয় মহাসমৰ শেষ হোৱাৰ পিছত ১৯৪৬ চনত পেৰিছত সংগঠনটোক পুনৰুজ্জীৱিত কৰা হয়। সম্প্ৰতি সংগঠনটোৰ মুখ্য কাৰ্য্যালয় ফ্ৰান্সৰ লিঅ' চহৰত অৱস্থিত। বৰ্তমান পৃথিৱীৰ ১৯৪খন ৰাষ্ট্ৰ ইণ্টাৰপ'লৰ সদস্য। ভাৰতবৰ্ষ ১৯৩৮ চনৰ ইণ্টাৰপ'লৰ সদস্য।[1] ৰাষ্ট্ৰসংঘৰ পিছত ই পৃথিৱীৰ দ্বিতীয় বৃহত্তম আন্তৰ্জাতিক সংস্থা। এই সংস্থাত আৰবী, ইংৰাজী, ফৰাচী আৰু স্পেনিছ ভাষাত কাম কৰা হয়।[2]

কাৰ্য্যাৱলী

[সম্পাদনা কৰক]
লিঅ' স্থিত ইণ্টাৰপোলৰ মুখ্য কাৰ্য্যালয়।
  • ইণ্টাৰপ'লৰ মুখ্য কাৰ্য্যালয়ৰ লগত প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ মূল গুপ্তচৰ সংস্থাই যোগাযোগ ৰাখে। সদস্য ৰাষ্ট্ৰ সমূহৰ এই সংস্থাবিলাকৰ যোগেদিয়েই ইণ্টাৰপ'লে বিশ্বজুৰি অপৰাধী খা-খবৰ ৰাখে বা গ্ৰেপ্তাৰ কৰে।
  • নজন সদস্যৰে গঠিত এক কাৰ্য্যনিৰ্বাহক কমিটীয়ে ইণ্টাৰপ'লৰ কাম-কাজ চোৱা-চিতা কৰে। প্ৰতি বছৰে কোনো এখন সদস্য ৰাষ্ট্ৰৰ ৰাজধানীত ইয়াৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল মিলিত হয়।


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. কোনে কেতিয়া ক'ত কেনেকৈ কি আৱিষ্কাৰ কৰিছিল; শান্তনু কৌশিক বৰুৱা (২০০০). ইণ্টাৰপোল. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন.
  2. "General Secretariat". INTERPOL. https://www.interpol.int/en/Who-we-are/General-Secretariat আহৰণ কৰা হৈছে: 28 March 2020.