অনিল শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনিল শইকীয়া
জন্ম ১ আগষ্ট, ১৯৫৫ (৬৮ বছৰ)
পিতৃ-মাতৃ চাদিৰাম শইকীয়া
খৰ্গেশ্বৰী লীলাৱতী শইকীয়া
সন্তান অনুৰাগ শইকীয়া

অনিল শইকীয়া (ইংৰাজী: Anil Saikia) একাধাৰে লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যিক, সম্পাদক, অধ্যক্ষ আৰু সমাজ সংগঠক। তেওঁ মৰাণ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ। অসমৰ লোক-সংস্কৃতিৰ বহুতো আপুৰুগীয়া সম্পদ ব্যক্তিগতভাৱে সংৰক্ষণ কৰাৰ লগতে গ্ৰাম'ফোন আৰু বিশ্বৰ বহুতো আপুৰুগীয়া গ্ৰাম'ফোন ৰেকৰ্ড সংগ্ৰহ কৰি শইকীয়াই ব্যক্তিগতভাৱে সংগ্ৰহালয় নিৰ্মাণ কৰিছে। লোক-সংস্কৃতি, সংগীত, নাটকৰ ক্ষেত্ৰখনত অসমক বৌদ্ধিক নেতৃত্ব দিব পৰা ব্যক্তিসকলৰ ভিতৰত অনিল শইকীয়া অন্যতম।[1]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

অনিল শইকীয়াৰ জন্ম হৈছিল ১৯৫৫ চনৰ আগষ্ট মাহৰ ১ তাৰিখে[স্পষ্টীকৰণৰ প্ৰয়োজন] যোৰহাট জিলাৰ ৰংদৈ দ-গাঁৱত। পিতৃৰ নাম চাদিৰাম শইকীয়া আৰু মাতৃৰ নাম খৰ্গেশ্বৰী লীলাৱতী শইকীয়া। বৰ্তমান অনিল শইকীয়াৰ পৰিয়াল মৰাণৰ বাসিন্দা।

শিক্ষা[সম্পাদনা কৰক]

তেওঁ পাৰিবাৰিক কাৰণত প্ৰাথমিক শিক্ষা বহুকেইখন বিদ্যালয়ত পঢ়িব লগা হয়। হলৌচুক গাঁও ২৬ নং প্ৰাথমিক বিদ্যালয়ত ‘ক’ শ্ৰেনী, ৰংদৈ দ-গাঁও ১০৮ নং প্ৰাথমিক বিদ্যালয়ত ‘খ’ আৰু প্ৰথম শ্ৰেনী, ভূঞাচুক গাঁও প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় আৰু চতুৰ্থ শ্ৰেণী। বাহনা হাইস্কুল- ষষ্ঠ শ্ৰেণীলৈকে। যোৰহাট গভৰ্ণমেণ্ট স্কুলত একাদশ শ্ৰেণীলৈকে। জগণ্ণাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি. এচ-চি., ১৯৭৬ চনত। বাহনা মহাবিদ্যালয়ৰপৰা বি.এ.(অৰ্থনীতি মূল বিষয় ১৯৭৭)। ডিব্ৰুগড় বিশ্ববিদ্যালয়-এম.এ.(অৰ্থনীতি ১৯৭৯)। ডিব্ৰুগড় বিশ্ববিদ্যালয়- পি-এইছ .ডি., জনসংখ্যা বিষয়ত, ১৯৮৯।

অনানুস্থানিক শিক্ষা[সম্পাদনা কৰক]

জ্যোতি সংগীত বিদ্যালয় চাৰিগাঁও যোৰহাটত প্ৰফুল্ল দত্ত আৰু অজয় খাটনিয়াৰৰ ওচৰত তবলা আৰু পদ্ম শইকীয়াৰ ওচৰত কণ্ঠ সংগীতৰ শিক্ষা লাভ। যোৰহাটৰ সন্ধান বৰুৱাৰ ঘৰত পিয়ান’ৰ পাঠ্যক্ৰম গ্ৰহণ আৰু পাশ্চাত্য সংগীতৰ শিক্ষা লাভ। ওপজা গাঁৱত লোকাই বায়ন আৰু বুদু বায়নৰ ওচৰত খোল-বাদ্য আৰু ভাওনাৰ গীত মাতৰ শিক্ষা লাভ। পিতৃ-মাতৃৰ পৰা নাম-প্ৰসঙ্গ আৰু থলুৱা গীত-মাতৰ শিক্ষালাভ।

কৰ্মক্ষেত্ৰ[সম্পাদনা কৰক]

  • ন-গাঁও জিলাৰ ডিমৰীয়া মহাবিদ্যালয়ত ১৯৭৯ চনৰ নৱেম্বৰ মাহৰ পৰা ১৯৮০ চনৰ ফেব্ৰুৱাৰী মাহলৈকে অধ্যাপনা।
  • দৰং জিলাৰ টংলা মহাবিদ্যালয়ত ১৯৮০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ১৯৮০ চনৰ জুন মাহলৈকে অধ্যাপনা।
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ১৯৮০ চনৰ জুলাই মাহৰ পৰা ১৯৮২ চনৰ নৱেম্বৰ মাহলৈকে জলপানী লৈ গবেষণা।
  • গবেষণাৰ বিষয়-‘অসমৰ মানুহৰ মৃত্যুৰ-কাৰক বিষয়ক অধ্যয়ন’ (Human Mortality in Assam)।
  • শিৱসাগৰ জিলাৰ মৰাণ মহাবিদ্যালয়ত ১৯৮২ চনৰ নবেম্বৰ মাহৰ পৰা ২০০৪ চনৰ নবেম্বৰ মাহলৈকে অধ্যাপনা আৰু ২০০৪ চনৰ নবেম্বৰ মাহৰ পৰা ২০১৫ চনৰ জুলাই মাহলৈকে স্থায়ী অধ্যক্ষৰ দায়িত্ব পালন।
  • গুৱাহাটীৰ ‘অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান (Omeo Kumar Das Institute of Social Change and Development)ত ২০০১ চনৰ আগষ্ট মাহৰপৰা ২০০২ চনৰ আগষ্ট মাহলৈকে আমন্ত্ৰিত অধ্যাপক হিচাবে থাকি অসমৰ ১৯৫১ চনৰ পৰা ১৯৯১ চনলৈকে প্ৰব্ৰজনৰ ওপৰত গবেষণা আৰু গ্ৰন্থ প্ৰণয়ন।
  • ছিকিমৰ গেংটকত অৱস্থিত ‘নেশ্বনেল স্কুল অফ ড্ৰামা’ (National School of Drama) লৈ ২০১৫ চনৰ ২১ চেপ্তেম্বৰৰ পৰা ১৫ অক্টোবৰলৈকে আমন্ত্ৰিত অধ্যাপক হিচাবে ‘নাটকত সংগীত’ বিষয়ত পাঠদান।

পাৰিবাৰিক জীৱন[সম্পাদনা কৰক]

লোকগীতৰ আকাশবাণী ডিব্ৰুগড়ৰ লোকগীতৰ শিল্পী তথা ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষয়িত্ৰী দিপালী দত্তৰ লগত ১৯৮৫ চনৰ ১০ ফেব্ৰুৱাৰীত বিবাহ সম্পন্ন। একমাত্ৰ সন্তান অনুৰাগ শইকীয়া। পুত্ৰ অনুৰাগ সংগীতৰ সাধক। তেওঁ ২০১১ চনৰ পৰা সংগীতকে নিচা আৰু পেচা হিচাবে লৈ মুম্বাইৰ নিবাসী। তেওঁ ‘যুগদ্ৰষ্টা’ বোলছবিৰ বাবে ২৪ বছৰ বয়সত ‘ৰজত কমল বঁটা’ লাভ কৰিছে।

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

  • বনৰীয়া ফুল,তিনিটা খণ্ড, ১৯৭১-৭৫
  • অভিসাৰ, কাব্য উপন্যাস, ১৯৭৩
  • বিজুলী শক্তিৰ কাহিনী, শিশু সাহিত্য, ১৯৯৯
  • সংগীত অৰু নাটকত সংগীত, ২০০০
  • মাটিৰ মানুহৰ মনৰ মানুহ হেম বুঢ়াগোহাঞি, সম্পাদিত, ২০০২
  • ঈশ্বৰৰ সন্ধানত হামিদ গ্ৰেবিয়েল ইত্যাদি, নাটকৰ সংকলন, ২০০৪
  • শৰনীয়া কছাৰী জনগোষ্ঠী, সম্পাদিত, ২০১৭
  • অৰ্থনীতিৰ তত্ত্ব, যুটীয়াভাবে, ২০০৮
  • পৰিবেশ অধ্যয়ন, যুটীয়াভাবে, ২০০৮
  • Population Growth in Assam with special focus on Migration ১৯৫১-১৯৯১, ২০০৩
  • Human Mortality in Assam, ২০০৮

মঞ্চস্থ হোৱা প্ৰকাশিত আৰু অপ্ৰকাশিত নাটক[সম্পাদনা কৰক]

  • ঈশ্বৰৰ সন্ধানত হামিদ গ্ৰেবিয়েল ইত্যাদি, প্ৰকাশিত
  • ৰং আহে পাহি মেলি, প্ৰকাশিত, শিশুনাট
  • প্ৰস্তুতি, প্ৰকাশিত, শিশু নাট
  • অথ শিক্ষক সংবাদ, প্ৰকাশিত
  • কিবা এটা সোমাইছে, অপ্ৰকাশিত
  • বন্দীত্ব, অপ্ৰকাশিত
  • নিলিখা কবিতাৰ সাৰাংশ, অপ্ৰকাশিত
  • এম্পি মাইণ্ড, অপ্ৰকাশিত
  • ষ্টুডিঅ’ ইমেইজ প্ৰিণ্ট, অপ্ৰকাশিত
  • ষ্টাফ ফটোগ্ৰাফাৰ, অপ্ৰকাশিত
  • যুগে যুগে যুদ্ধ, অপ্ৰকাশিত
  • কৰিমা নন্দিনী, অপ্ৰকাশিত
  • যাদুকৰ মামা, অপ্ৰকাশিত
  • বিষ্ণু ৰাভাৰ সানিধ্য, প্ৰকাশিত
  • তমোহৰদেৱ, অপ্ৰকাশিত

সামাজিক অৱদান[সম্পাদনা কৰক]

  • ৰেডিঅ’ কথিকা- অনিল শইকীয়াৰ কমেও পঞ্চাছটি ভিন্ন বিষয়ৰ প্ৰবন্ধ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ যোগে প্ৰচাৰ হৈছে।
  • দুৰদৰ্শনত সাক্ষাৎকাৰ-গুৱাহাটী দুৰদৰ্শনৰ যোগেদি সাক্ষাৎকাৰৰ মাধ্যমত অসমৰ কাহিনী গীত প্ৰচাৰ- পবিত্ৰ মাৰ্ঘেৰিটাৰ লগত সাক্ষাৎকাৰ। নিউজ লাইভ চেনেলযোগে হোমেন বৰগোহাঞিৰ লগত ‘মুুখামুখি’অনুষ্ঠানত অসমৰ বিহুৰ ক্ৰমবিকাশ ব্যাখ্যা,হোমেন বৰগোহাঞি আৰু নিতুমনি শইকীয়াৰ লগত ‘কথাবাৰ্তা’ অনুষ্ঠানত বিহুৰ বিভিন্ন দিশ আলোচনা। নিতুমনি শইকীয়াৰ লগত প্ৰতিদিন টাইম্‌চত ‘বিহুনামৰ শ্ৰেনীবিভাগ’ আলোচনা, পুনৰ নিতুমনি শইকীয়াৰ লগত ভূপেন হাজৰিকাৰ গীত সন্দৰ্ভত আলোচনা।
  • সংগীত পৰিচালনা- শইকীয়াই কমেও এশখন নাটকত সংগীত পৰিচালনা কৰিছে। দিল্লীৰ নেশ্বনেল স্কুলত ড্ৰামাৰ নাট সমাৰোহত অসম দ’লৰ লগত সংগীত পৰিচালনা কৰিছে। আব্দুল মজিদৰ ‘সাত নম্বৰৰ সন্ধানত’ বোলছবিত সংগীত পৰিচালনা কৰিছে।[2] ইয়াৰোপৰি বহুতো ভিডিঅ’ এলবামত সংগীত পৰিচালনা কৰিছে।
  • সংগীতৰ কৰ্মশালা- অনিল শইকীয়াই অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত নাটকৰ কৰ্মশালাত সমল ব্যক্তি হিচাপে যোগদান কৰিছে। আইনাম, বিয়ানাম, কাহিনী গীত আৰু বিহু নাচৰ কৰ্মশালাত সমল ব্যক্তি হিচাপে যোগদান কৰিছে। অসমৰ বহু গাঁৱত ভ্ৰমণ কৰি লোক গীতৰ সুৰ (বিশেষকৈ কাহিনী গীতৰ সুৰ) সংগ্ৰহ কৰি অসমৰ বিভিন্ন অনুষ্ঠানৰ কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে।
  • ভাষণ আৰু প্ৰদৰ্শন- সংগীত নাটক একাডেমীৰ আমন্ত্ৰণ ক্ৰমে গুৱাহাটীত ২০০৩ চনত শংকৰদেৱ সৃষ্ট খোল বাদ্যৰ ছন্দ (Rhythmic patterns created by Srimanta Sankaradeva), ২০০৮ চনত ‘অসমৰ সত্ৰীয়া সংগীত’ (Sattriya Music of Assam) বিষয়ত ভাষণ আৰু প্ৰদৰ্শন আৰু ২০১৮ চনত ভূবেনশ্বৰত শ্ৰেষ্ঠ ভাৰত সংস্কৃতি সংগম মহোৎসৱত ‘অসমৰ বিহু ক্ৰম বিকাশ’ (Evolution of Bihu)ওপৰত ভাষণ প্ৰদান। ২০১৫ চনত চেণ্টাৰ ফৰ কালচাৰেল ৰিচ’ৰ’চ এণ্ড ট্ৰেইনিং (Centre for Culural Resources and Training)ৰ আমন্ত্ৰণ ক্ৰমে ২০১৫ চনত নগালেণ্ডৰ কহিমাত ‘বিহুৰ ক্ৰমবিকাশ আৰু বিহুনাচৰ ত্বাত্তিক দিশৰ ওপৰত ভাষণ আৰু প্ৰশিক্ষণ প্ৰদান। ২০১৯ চনত ২০ চেপ্তেম্বৰত সংগীত নাটক একাডেমীৰ, সত্ৰীয়া কেন্দ্ৰ গুৱাহাটীৰ আমন্ত্ৰণ ক্ৰমে ত্ৰিপুৰাৰ আগৰতলাত A few Rhythmic Patterns of Sattriya Music বিষয়ত ভাষণ আৰু প্ৰদৰ্শন।
  • গ্ৰাম’ফোন আৰু গ্ৰাম’ফোন ৰেকৰ্ড সংগ্ৰহ- বিভিন্ন ধৰণৰ, বিভিন্ন আকাৰৰ সত্তৰটি গ্ৰাম’ফোন আৰু ষাঠিটি বিভিন্ন ধৰণৰ ৰেকৰ্ড প্লেয়াৰ তথা ৰেকৰ্ড-ছেঞ্জাৰ সংগ্ৰহ। লগতে পৃথিবীৰ বিভিন্ন দেশৰ,বিভিন্ন ভাষাৰ,বিভিন্ন সংগীত সাধকৰ সংগীত আৰু গীতৰ ১৪ হাজাৰ বিভিন্ন ধৰণৰ,বিভিন্ন আকাৰৰ,বিভিন্ন ৰঙৰ,গ্ৰাম’ফোন ৰেকৰ্ড সংগ্ৰহ। ৰেকৰ্ডসমূহৰ ভিতৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, মহাত্ম গান্ধী, জৱাহৰলাল নেহেৰু, সুভাষ বসু, চাৰ্চিল আৰু বহুতো বিশ্ববিখ্যাত মনীষীৰ কণ্ঠৰ ৰেকৰ্ড উল্লেখযোগ্য। লগতে আছে জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, পাৰ্ৱতিপ্ৰসাদ, ফণী শৰ্মাৰ বহুতো গ্ৰাম’ফোন ৰেকৰ্ড সংৰক্ষিত হৈ আছে।
  • সদস্য- বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ ‘স্ক্ৰিনিং কমিটি অফ মাৰজ গ্ৰাণ্ট এণ্ড ডেভলপ্‌মেণ্ট গ্ৰাণ্ট অফ দ্য কলেজ অফ ৱেষ্ট বেংগল’। সংগীত নাটক একাডেমীৰ ‘লোক আৰু জনগোষ্ঠীয় সংগীতৰ উপদেষ্টা পৰিষদ, ২০১৫-২০১৯। নৰ্থ ইষ্ট জ’ন কালচাৰ চেণ্টাৰ, ২০১৭-২০১৯।
  • বিদেশ ভ্ৰমণ- ইণ্টাৰনেশ্বনেল হায়াৰ এডুকেশ্বন লিডাৰশ্বিপ’ৰ এঘাৰ দিনীয়া প্ৰশিক্ষণৰ বাবে ১৯১২ চনত আৰু ১৯১৩ চনত পেৰিচ ভ্ৰমণ। ২০১৭ চনত স্পেইনত আৰু ১৯১৮ চনত ডুবাইত অনুষ্ঠিত হোৱা কালচাৰেল অলিম্পিয়াডত অংশ গ্ৰহণ কৰি বিহুগীত প্ৰতিযোগিতাত অংশ গ্ৰহণ।

সামাজিক দায়িত্ব পালন[সম্পাদনা কৰক]

  • তৰ্ক সম্পাদক- যোৰহাট গৱৰ্ণমেণ্ট হাইয়াৰ চেকেণ্ডাৰী স্কুলত, ১৯৬৮
  • আলোচনী সম্পাদক- বাহনা মহাবিদ্যালয়ত, ১৯৭৬
  • সংগীত সম্পাদক-ডিব্ৰুগড় বিশ্ববিদ্যালয়, ১৯৭৮
  • সম্পাদক, মৰাণ শাখা সাহিত্য সভা, ১৯৯৭-২০০০
  • সভাপতি, মৰাণ শাখা সাহিত্য সভা, ২০০২-২০০৬
  • সাংস্কৃতিক সমন্বয়ক, ডিব্ৰুগড় বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদ, ২০০৮-২০১২
  • আমন্ত্ৰিত সদস্য, অসম সাহিত্য সভাৰ কাযনিৰ্বাহক সমিতি, ২০১১-২০১২
  • পত্ৰিকা সম্পাদক, অসম সাহিত্য সভা, ২০১২-২০১৪
  • সভাপতি, শিৱসাগৰ জিলা সাহিত্য সভা, ২০১৫-২০১৮
  • আমন্ত্ৰিত সদস্য, অসম সাহিত্য সভাৰ কাযনিৰ্বাহক সমিতি, ২০১৫-২০১৭
  • আমন্ত্ৰিত সদস্য, অসম সাহিত্য সভাৰ কাযনিৰ্বাহক সমিতি, ২০১৮-২০১৯
  • কাৰ্যকৰী সভাপতি, অসম সাহিত্য সভাৰ শতবৰ্ষীয় শিৱসাগৰ অধিৱেশ¸ ২০১৬-২০১৭[3]
  • সম্পাদক, ইলা বৰগোঁহাই ৰচনাৱলী, প্ৰকাশক মৰান শাখা সাহিত্য সভা, ২০২২

সামাজিক স্বীকৃতি[সম্পাদনা কৰক]

  • বৰ বিহুৱা: চেপন বিহু সন্মিলন, ২০১১
  • গ্ৰাম্যৰত্ন বঁটা: মিলণ নাট্য মন্দিৰ যোৰহাট, ২০১১
  • জীৱনজোৰা সাধনা বঁটা: শিৱসাগৰ জিলা সাহিত্য সভা, ২০১১
  • প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা: সদৌ অসম ছাত্ৰ সন্থা, ২০১১

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Dr Anil Saikia receives Pratima Pandey Award". The Assam Tribune Guwahati. Wednesday, December 28, 2011. Archived from the original on 14 January 2012. https://web.archive.org/web/20120114043646/http://www.assamtribune.com/scripts/detailsnew.asp?id=dec2811/city05। আহৰণ কৰা হৈছে: 26 March 2020. 
  2. "চলচ্চিত্ৰ প্ৰযোজনা আৰু সহ- সম্পাদনা". সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ, Govt. of Assam. https://culturalaffairs.assam.gov.in/as/information-services/%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AF%E0%A7%8B%E0%A6%9C%E0%A6%A8%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B8%E0%A6%B9-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%A8%E0%A6%BE। আহৰণ কৰা হৈছে: 26 March 2020. 
  3. Janambhumi Staff Reporter (December 6, 2016). "অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশনৰ লাইখুঁটা স্থাপন". The Janambhumi. Archived from the original on 1 March 2020. https://web.archive.org/web/20200301140602/https://janambhumi.in/VGtSVk1FMUJQVDA9/%25E0%25A6%2585%25E0%25A6%25B8%25E0%25A6%25AE-%25E0%25A6%25B8%25E0%25A6%25BE%25E0%25A6%25B9%25E0%25A6%25BF%25E0%25A6%25A4%25E0%25A7%258D%25E0%25A6%25AF-%25E0%25A6%25B8%25E0%25A6%25AD%25E0%25A6%25BE%25E0%25A7%25B0-%25E0%25A6%25B6%25E0%25A6%25A4%25E0%25A6%25AC%25E0%25A6%25B0%25E0%25A7%258D%25E0%25A6%25B7%25E0%25A7%2580%25E0%25A7%259F-%25E0%25A6%2585%25E0%25A6%25A7%25E0%25A6%25BF%25E0%25A7%25B1%25E0%25A7%2587%25E0%25A6%25B6%25E0%25A6%25A8%25E0%25A7%25B0-%25E0%25A6%25B2%25E0%25A6%25BE%25E0%25A6%2587%25E0%25A6%2596%25E0%25A6%2581%25E0%25A7%2581%25E0%25A6%259F%25E0%25A6%25BE-%25E0%25A6%25B8%25E0%25A7%258D%25E0%25A6%25A5%25E0%25A6%25BE%25E0%25A6%25AA%25E0%25A6%25A8.html। আহৰণ কৰা হৈছে: 26 March 2020.