মধুপুৰ বহুদূৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
মধুপুৰ বহুদূৰ  
লেখক শীলভদ্ৰ
দেশ অসম, ভাৰত
ভাষা অসমীয়া
বিষয় চুটিগল্প
প্ৰকাশক বৰুৱা এজেন্সি
মিডিয়া প্ৰকাৰ মুদ্ৰণ

মধুপুৰ বহুদূৰ চুটিগল্পটোৰ ৰচক হ'ল শীলভদ্ৰ। মধুপুৰৰ স্মৃতি লৈ ৰচনা কৰা আৰু ১৯৯৪ চনত সাহিত্য একাডেমী বঁটা লাভ কৰা শীলভদ্ৰৰ শ্ৰেষ্ট গল্প সংকলন হ'ল 'মধুপুৰ বহুদূৰ'। এই গল্প সংকলনটোৰে একে নামৰ 'মধুপুৰ বহুদূৰ' গল্পটি যথেষ্ট দীঘলীয়া। গল্পটিত মধুপুৰ আচলতে গল্পকাৰ শীলভদ্ৰৰ জন্মস্থান গৌৰীপুৰ। ব্যক্তিগত অভিজ্ঞতাৰ স্মৃতি ৰোমন্থনৰ জৰিয়তে গল্পকাৰে গল্পটি বুজাবলৈ প্ৰয়াস কৰিছে।[1] 'মধুপুৰ বহুদূৰ' গল্পত সেই সময়ৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক সকলো দিশৰ কথা প্ৰকাশ পাইছে।[2] 'মধুপুৰ বহুদূৰ' গল্পটো গল্পকাৰে বৰ্ণনাভংগী আত্মকথাৰ লেখীয়াকৈ প্ৰথম পুৰুষত বৰ্ণনা কৰিছে।

গল্পকাৰৰ চমু পৰিচয়[সম্পাদনা কৰক]

'মধুপুৰ বহুদূৰ' গল্পটিৰ গল্পকাৰ হ'ল শীলভদ্ৰ। শীলভদ্ৰৰ প্ৰকৃত নাম ৰেৱতী মোহন দত্তচৌধুৰী। দুকুৰি বছৰ বয়সত সাহিত্য ৰচনাৰ পাতনি মেলা ৰেৱতী মোহন দত্তচৌধুৰীয়ে 'শীলভদ্ৰ' ছদ্মনামেৰে আটাইবোৰ গ্ৰন্থ ৰচনা কৰিছিল। ১৯২৮ চনত গৌৰীপুৰত শীলভদ্ৰৰ জন্ম হয়। পিতৃৰ নাম আছিল ৰমনী মোহন দত্তচৌধুৰী আৰু মাকৰ নাম আছিল অমিয়লতা দত্তচৌধুৰী। গৌৰীপুৰৰ পি. চি. ইনষ্টিটিসনৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা আই.এচ.ছি পৰীক্ষাত উত্তীৰ্ণ হয়। পূৰ্ববংগৰ ৰংপুৰৰ কাৰমাইকেল কলেজৰ পৰা বি.এছ.ছি আৰু কলিকাতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত এম.এছ.ছি পাছ কৰে। ৰেৱতী মোহন দত্তচৌধুৰীয়ে অসম অভিযান্ত্ৰিক কলেজকে ধৰি কটন কলেজ তথা গুৱাহাটী বিশ্ববিদ্যালয়তো সুখ্যাতিৰে অধ্যাপনা কৰি অৱসৰ লয়। ২০০৮ চনৰ ২৯ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হয়। শীলভদ্ৰই মুঠ সাতখন উপন্যাস আৰু প্ৰায় ২৬ খনমান গল্পপুথি ৰচনা কৰে। ১৯৬৪ চনত 'অসম বাতৰি' পূজা সংখ্যাত তেওঁৰ প্ৰথম গল্প 'অভিযোগ' প্ৰকাশ হৈছিল। শীলভদ্ৰই ৰচনা কৰা গল্পপুথিবোৰ হ'ল :- (১) বাস্তৱ, (২) কোনো ক্ষোভ নাই, (৩) সমুদ্ৰ তীৰ, (৪) তৰুৱা কদম, (৫) বীৰ সৈনিক, (৬) শীলভদ্ৰৰ কুৰিটা গল্প, (৭) মেজাজ, (৮) ৰতুবাবুৰ গেৰেজ, (৯) প্ৰতীক্ষা, (১০) উত্তৰণ, (১১) বিশ্বাস আৰু অন্যান্য গল্প, (১২) দায়িত্ব আৰু অন্যান্য গল্প , (১৩) জীৱন আৰু অন্যান্য গল্প , (১৪) আকৌ মধুপুৰ , (১৫) দূৰগত আৰু অন্যান্য গল্প (১৬) মধুপুৰ বহুদূৰ, (১৬) তৰ্পণ, (১৭) তৰ্পণ (১৮) চিঠি আৰু অন্যান্য গল্প, (১৯) নিৰ্বাচিত গল্প, (২০) লগৰীয়া, (২১) অন্য এক মধুপুৰ, (২২) মধুপুৰৰ মধুকৰ, (২৩) উত্তৰ নাই (২৪) আপোন মানুহ, (২৫) জীৱনৰ ৰং , (২৬) সায়াহ্ন।[3]

বিষয়বস্তু[সম্পাদনা কৰক]

জীৱন জীৱিকাৰ তাগিতাত লেখক মধুপুৰৰ পৰা বিচ্ছিন্ন হৈ নগৰবাসী হৈছে।[4] তেওঁৰ প্ৰিয় মধুপুৰতকৈ মহানগৰীত থাকি ভাল লাগিব, তেনে ভাব লৈ মধুপুৰ এৰি অহা নাছিল। মধুপুৰ এৰাৰ পিছতো চহৰত তেওঁৰ মন নবহিল। "মধুপুৰৰ কথা চিন্তা কৰিলে মোৰ চকুত আগত যিখন মধুপুৰৰ চিত্ৰ ভাঁহি আহে সেইখন কেইবা দশকৰ আগৰ চিত্ৰ। মধুপুৰখন স্থিৰ হৈ ৰৈ থকা নাই আৰু এই পৰিবৰ্তনশীল জগতত মধুপুৰৰ মানুহৰো আমূল পৰিবৰ্তন ঘটিছে। যুক্তিৰে বুজি পালেও অন্তৰেৰে মানি ল'ব নোৱাৰো। মুস্কিল এইখিনিতে "[5] মধুপুৰৰ সকলো ঘটনাৰ কেন্দ্ৰত আছিল তাৰ জমিদাৰ। মধুপুৰ অৰ্থাৎ বৰ্তমানৰ গৌৰীপুৰৰ জমিদাৰৰ প্ৰাসাদক মানুহে 'ৰাজবাড়ী' বুলি উল্লেখ কৰিছে। মধুপুৰৰ সকলো ক্ৰিয়াকৰ্ম ৰাজা বাহাদুৰক আৰু ৰাজবাড়ীক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল। এই ৰাজা বাহাদুৰেই মধুপুৰৰ নিৰ্মাতা। মধুপুৰ হৈছে শিক্ষা আৰু সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। কিয়নো খেল পথাৰ, ৰাজহুৱা পুথিভঁৰাল, নাট্য সমিতি আদি সকলো মধুপুৰত আছিল। মধুপুৰৰ নাট্য সমিতিৰ পৃষ্টপোষক ৰাজা বাহাদুৰ। মঞ্চস্থ নাটবোৰত জমিদাৰৰ পৰিয়াল আৰু অন্যান্য সম্ভ্ৰান্ত পৰিয়ালৰ মানুহে অভিনয় কৰিছিল।[6] স্বাধীনতাৰ পিছত সমগ্ৰ বাতাবৰণ সলনি হয়। জমিদাৰী ব্যৱস্থাৰ অন্ত পৰে, লগে লগে জমিদাৰ বা ৰাজা বাহাদুৰৰ প্ৰতিপত্তি নোহোৱা হৈ পৰে। ৰাজনৈতিক প্ৰভাৱ বা হেঁচা মধুপুৰৰ ওপৰত বেছিকৈ পৰিছিল। কিন্তু লেখকৰ মনত পৰিৱৰ্তিত মধুপুৰখন নহয়, সেই মধুপুৰখনহে সজীব হৈ আছে, যিখন মধুপুৰ তেওঁ সৰুকালত দেখিছে। [7]

চৰিত্ৰসমূহ[সম্পাদনা কৰক]

শীলভদ্ৰৰ 'মধুপুৰ বহুদূৰ' গল্পটিত বহুতো চৰিত্ৰ আছে। চৰিত্ৰবোৰ পূৰ্ণদৈৰ্ঘ্যৰ নহয়, প্ৰত্যেকটি চৰিত্ৰই স্বকীয় বৈশিষ্ট্যৰে সমুজ্জ্বল। [8] ৰাজা বাহাদুৰ, ফেলুবাবু, কৃষ্ণ ঠাকুৰ, তগৰ, প্ৰভাত দত্ত, নব খুড়া, আতপজান, উদ্ধব, কবিৰাজ উপেন, সত্য, গণক, পোষ্টমাষ্টাৰ, প্ৰবোধ বাগচী, জীতেন, দীনেশ চক্ৰৱৰ্তী, আদি চৰিত্ৰসমূহ শীলভদ্ৰই মনোৰম ভাৱে অংকন কৰিছে।

নামকৰণৰ তাৎপৰ্য[সম্পাদনা কৰক]

'মধুপুৰ বহুদূৰ'ত গল্পকাৰে তেওঁৰ বাস্তৱ আৰু কল্পনাৰ পৰা মধুপুৰৰ সমগ্ৰতা লাহে লাহে নিৰ্বাপিত হোৱাৰ নিকৰুণ চিত্ৰ এখনি অংকন কৰিছে। তেওঁৰ শৈশৱ আৰু যৌৱনৰ প্ৰাণমন্ত মধুপুৰ এতিয়া পৰিবৰ্তনৰ ঢৌত বিধৌত হৈছে। এই মধুপুৰৰ মানত লেখক নিজে এগৰাকী বহিৰাগতত পৰিণত হৈছে। মধুপুৰৰ সামগ্ৰিক পৰিৱেশৰ সৈতে লেখকে অশেষ চেষ্টা কৰিও আন্তৰিকতা স্থাপন কৰিব নোৱাৰে। অতীত স্মৃতি যন্ত্ৰণা হৈ লেখকক অনবৰত বিদ্ধ কৰে। মানসিক তাড়নাৰ সত্ত্বেও তেওঁ মধুপুৰলৈ পুনৰ উভতি অহাৰ কল্পনা কৰিব নোৱাৰে। মধুপুৰ তেওঁৰ পৰা এতিয়া বহু দূৰৈত। এই দূৰত্ব অকল ভৌগোলিক পৰিসীমাৰে চিহ্নিত নহয় , বৰং মধুপুৰৰ সমগ্ৰ অন্তৰংগ জীৱনো লেখকৰ পৰা বহু দূৰৈত। সেয়ে লেখকে গল্পৰ শিৰোনাম ৰাখিছে 'মধুপুৰ বহুদূৰ'। এই নামকৰণ ব্যঞ্জনাধৰ্মী আৰু সাৰ্থক।[9]

গল্পটোৰ ভাষাশৈলী[সম্পাদনা কৰক]

মধুপুৰ বহুদূৰ গল্পটিৰ প্ৰধান আকৰ্ষণ হ'ল ভাষা। চৰিত্ৰভেদে উপযুক্ত সংলাপ ব্যৱহাৰ কৰি গল্পকাৰে আন এক দক্ষতাৰ পৰিচয় দিছে। জমিদাৰৰ ভাষা, সাধুবাবাৰ ভাষা, শ্ৰমিক শ্ৰেণীৰ ভাষা সকলো যেন সুকীয়া সুকীয়া। ঠায়ে ঠায়ে কথিত ভাষাৰ প্ৰয়োগৰ ফলত 'মধুপুৰ বহুদূৰ'ৰ অন্তঃসৌন্দৰ্য বৃদ্ধি পাইছে। চুটি চুটি বাক্যৰে গল্পকাৰে গল্পকাৰে বৰ্ণনীয় বিষয়টি উপস্থাপন কৰিছে। গল্পকাৰে চৰিত্ৰভেদে ব্যাংগাত্মক ভাষাশৈলীৰো ব্যৱহাৰ কৰিছে।[10]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. মজুমদাৰ, মালা (২০১৫). শীলভদ্ৰ ঃ সৃষ্টি আৰু দৃষ্টি. প্ৰকাশক গৌৰীপুৰ: ঝেণ্ড একাডেমী পাব্লিকেশ্বন. পৃষ্ঠা. ৮৮. ISBN 978-81-928411-3-7. 
  2. হক, মইনুল (২০১৫). শীলভদ্ৰ ঃ সৃষ্টি আৰু দৃষ্টি. প্ৰকাশক গৌৰীপুৰ: ঝেণ্ড একাডেমী পাব্লিকেশ্বন. পৃষ্ঠা. ৭. ISBN 978-81-928411-3-7. 
  3. দাস, অতুল চন্দ্ৰ (২০১২). অসমীয়া চুটিগল্পৰ আলোচনা. প্ৰকাশক গুৱাহাটী-১৪: মানৱ বিকাশ সমাজ. পৃষ্ঠা. ৭৯. 
  4. শৰ্মা, ড॰ অনুৰাধা (২০১৫). শীলভদ্ৰ ঃ সৃষ্টি আৰু দৃষ্টি. প্ৰকাশক গৌৰীপুৰ: ঝেণ্ড একাডেমী পাব্লিকেশ্বন. পৃষ্ঠা. ১১৯. ISBN 978-81-928411-3-7. 
  5. শীলভদ্ৰ (১৯৯৫ জানুৱাৰী). মধুপুৰ বহুদূৰ. প্ৰকাশক গুৱাহাটী - ০১: বৰুৱা এজেন্সী. পৃষ্ঠা. ১. 
  6. মজুমদাৰ, মালা (২০১৫). শীলভদ্ৰ ঃ সৃষ্টি আৰু দৃষ্টি. প্ৰকাশক গৌৰীপুৰ: ঝেণ্ড একাডেমী পাব্লিকেশ্বন. পৃষ্ঠা. ৮৮. ISBN 978-81-928411-3-7. 
  7. শৰ্মা, ড॰ অনুৰাধা (২০১৫). শীলভদ্ৰ ঃ সৃষ্টি আৰু দৃষ্টি. প্ৰকাশক গৌৰীপুৰ: ঝেণ্ড একাডেমী পাব্লিকেশ্বন. পৃষ্ঠা. ১১৯. ISBN 978-81-928411-3-7. 
  8. জামান, ড॰ মোঃ মোৰশেদুজ (২০১৫). শীলভদ্ৰ ঃ সৃষ্টি আৰু দৃষ্টি. প্ৰকাশক গৌৰীপুৰ: ঝেণ্ড একাডেমী পাব্লিকেশ্বন. পৃষ্ঠা. ৯২. ISBN 978-81-928411-3-7. 
  9. দাস, অতুল চন্দ্ৰ (২০১২). অসমীয়া চুটিগল্পৰ আলোচনা. প্ৰকাশক গুৱাহাটী-১৪: মানৱ বিকাশ সমাজ. পৃষ্ঠা. ৮২. 
  10. লাহন, ধৰণী (২০১২). অসমীয়া চুটিগল্পৰ আলোচনা. প্ৰকাশক গুৱাহাটী-১৪: মানৱ বিকাশ সমাজ. পৃষ্ঠা. ৭৬.