ধুমুহা (চলচ্চিত্ৰ)
| ধুমুহা Dhumuha | |
|---|---|
| পৰিচালক | ফণী শৰ্মা |
| চিত্ৰনাট্য | ফণী শৰ্মা |
| কাহিনী | ফণী শৰ্মা |
| প্ৰযোজক | হৃদয়ানন্দ আগৰৱালা |
| অভিনয়ত | ফণী শৰ্মা |
| চিত্ৰগ্ৰহণকাৰী | নলিন দুৱৰা |
| সম্পাদনা | ৰমেশ যোশী |
মুক্তি |
২৭ চেপ্টেম্বৰ ১৯৫৭ |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
ধুমুহা (ইংৰাজী: Dhumuha) ১৯৫৭ৰ ২৭ চেপ্তেম্ৰৰৰ দিনা মুক্তি পোৱা ফণী শৰ্মা পৰিচালিত এখন অসমীয়া কথাছবি। শোণিতপুৰ পিকচাৰ্চৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল হৃদয়ানন্দ আগৰৱালাই।[1][2]
কাহিনী
[সম্পাদনা কৰক]কাহিনীৰ আৰম্ভণি ১৯৪২ চনৰ জুন মাহ। চৌপাশে ২য় বিশ্বযুদ্ভৰ দাৱানল। প্ৰবল বেগে জাপানী সেনাবাহিনী আগবাঢ়ি আহিছে ব্ৰহ্মদেশ অভিমুখে। সেইদেশত বাস কৰি থকা হাজাৰ হাজাৰ ভাৰতীয় ভগনীয়াৰ বেশে অসম অভিমুখে পলায়ন কৰে। সেই ভগনীয়াৰ মাজতে আছিল অসমীয়া ব্যৱসায়ী বিশ্বেশ্বৰ চৌধুৰী।[1]
চৌধুৰী পৰিয়ালৰ পাঁচজন সদস্য- পত্নী আৰু তিনিটা সন্তান- বাৰবছৰীয়া প্ৰদীপ,পাঁচবছৰীয়া নীনা আৰু দেৰবছৰীয়া পোনা। লগত আছে বিশ্বাসী লগুৱা মঙ্গলা। দিনৰ পিচত দিন দুৰ্গম পথেৰে যাত্ৰা। ভৰিত নগা ঘাঁ হোৱা মঙ্গলা আৰু তাৰ কোঁচত দেৰ বছৰীয়া পোনা পিছ পৰি যায় আৰু চৌধুৰী পৰিয়ালৰ বাকীসকলক বিচাৰি নাপায়। ভোকে-লঘোনে কাতৰ পোনাৰ বাবে এমুঠি আহাৰ, অলপ গাখীৰ বিচাৰি মঙ্গলাই হাবাথুৰি খায়। সেইবাটেৰে আহি আছিল ব্ৰহ্মদেশৰ তেলখাদত কাম কৰা ভৰত আৰু তেওঁৰ পত্নী পদুমী। নিসন্তান পদুমীয়ে কেঁচুৱাটো বুকুত সাৱতি লয়। মঙ্গলাই তেওঁলোকক কেঁচুৱাটোৰ প্ৰকৃত পৰিচয় নজনায়। ভৰত-পদুমীয়ে কেঁচুৱাটো নিজৰ ঘৰলৈ গৈ যায় আৰু মাণিক নাম দিয়ে।[2]
মাণিক দহবছৰীয়া হ'ল। ইয়ালে ভৰতৰ অৱস্থা দিনক দিনে পৰি আহিল। বিভিন্ন ৰোগ-ব্যাধিয়ে তেওঁক জৰাজীৰ্ণ কৰিলে। দৈৱৰ বিপাকত মাণিক গৈ বিশ্বেশ্বৰ চৌধুৰীৰ ঘৰত চাকৰ খাটিবলগীয়া হ'ল। ইফালে পোনাক বিচাৰি বিশ্বেশ্বৰ শইকীয়াই এটা বিজ্ঞাপন দিছিল। ঘটনাক্ৰমে চাগু বান্ধি অনা কাগজত পদুমীয়ে বিজ্ঞাপনটো দেখি বাউলি হৈ পৰিল। চৌধুৰীৰ ঘৰৰ পৰা মাণিকক লৈ আহিবলৈ চৌধুৰীহঁতে বাস কৰা চহৰখনলৈ পদুমীয়ে যাত্ৰা কৰিলে। ইফালে মাণিকেও সেইদিনা মাকলৈ মনত পৰাত গাঁৱৰ ঘৰলৈ গুছি আহিছে। সেইদিনাই ৰাতি প্ৰচণ্ড ধুমুহা আহিল। ধুমুহাত ঘূণেধৰা পজাঘৰটো বেমাৰী ভৰতৰ গাত ভাঙি পৰাত তেওঁৰ মৃত্যু হ'ল।[2]
চহৰৰে এঘৰত ৰাতিটো কটাই পদুমী চৌধুৰীহঁতৰ ঘৰলৈ গ'ল। পদুমীক দেখিয়ে মঙ্গলাই চিনি পালে আৰু কেঁচুৱাটো কি কৰিলে সুধিলে। পদুমীৰ মুখৰ পৰা সকলোৱে জানিব পাৰিলে যে পোনা বা মাণিক যিখন ঘৰৰ কনিষ্ঠ সন্তান, সেইখন ঘৰতে সি চাকৰি খাটিছেহি![2]
কলা-কুশলী
[সম্পাদনা কৰক]- (তথ্যচকত নথকা)
অভিনয় শিল্পী
[সম্পাদনা কৰক]
|
|
|
সঙ্গীত
ধুমুহাৰ সঙ্গীত পৰিচালক আৰু গীতিকাৰ আছিল ভূপেন হাজৰিকা। গাইছিল ভূপেন হাজৰিকা, গায়ত্ৰী দেৱী আৰু মণ্টু ঘোষে।[3]
| ক্ৰমিক নং | গীতৰ শীৰ্ষক | গীতিকাৰ | কণ্ঠ |
|---|---|---|---|
| ১ | এ নৰমনিষ যাবই লাগিব তই, চকুলো মচি থৈ সবাৰো ভৰষা এৰি | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা |
| ২ | পৰহি পুৱাতে টুলুঙা নাৱতে ৰংমন মাছলৈ গ'ল,মাছকে মাৰিবলৈ নালাগে যাবলৈ ধুমুহা আহিবৰ হ'ল | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা, গায়ত্ৰী দেৱী |
| ৩ | কাকনো সুঁৱৰি কিনো বিচাৰি খাৱ তই হাবাথুৰি | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা |
| ৪ | ধুনীয়া ৰঙৰ নতুন পাহিৰ তুমি মোৰ পদূলিৰ কেতেকী ফুল | ভূপেন হাজৰিকা | মণ্টু ঘোষ, গায়ত্ৰী দেৱী |
| ৫ | সোণৰ কাঠিৰ পৰশ পোৱা আলফুলিয়া হাতেৰে কোনেনো ধূলিক সাৱতি লয় | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা |
তথ্য উৎস
| ||||||||||||||||||||||||||