প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
HRH The Prince of Wales Institute of Engineering and Technology
মূলমন্ত্ৰ Work is Worship (কৰ্ময়ে ধৰ্ম)
স্থাপিত ১৯২৭
ধৰণ ৰাজহুৱা
অধ্যক্ষ ডঃ হিতেশ তহবিলদাৰ
স্থান , যোৰহাট, অসম, ভাৰত
26°45′12″N 94°13′03″E / 26.7533°N 94.2174°E / 26.7533; 94.2174স্থানাংক: 26°45′12″N 94°13′03″E / 26.7533°N 94.2174°E / 26.7533; 94.2174
চৌহদ চহৰীয়া
Acronym পোৱেইত (POWIET)
ভুক্তি ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদ, অসম
সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ
ৱেবছাইট powietjrt.org

হিছ ৰয়েল হাইনেছ প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অসমৰ যোৰহাটত অৱস্থিত এখন উল্লেখযোগ্য প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান। ১৯২৭ চনত ব্ৰিটিছ চৰকাৰে এই প্ৰতিষ্ঠান খন স্থাপন কৰিছিল। উত্তৰ পূৰ্বাঞ্চলত অভিযান্ত্ৰিক শিক্ষা প্ৰদান কৰা এইখন প্ৰথম প্ৰতিষ্ঠান।[1]

ইতিহাস[সম্পাদনা কৰক]

অৱস্থান[সম্পাদনা কৰক]

প্ৰতিষ্ঠান খন যোৰহাটৰ গড়আলিৰ ৩১ একৰ মাটিত অৱস্থিত। ই যোৰহাট ৰে'ল ষ্টেচনৰ পৰা মাত্ৰ ১.৫ কিঃমিঃ নিলগত অৱস্থিত। ইয়াৰ পৰা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় ৬ কিঃমিঃ আৰু যোৰহাট বাছ ষ্টেচন ৬.৫ কিঃমিঃ দূৰত অৱস্থিত। ইয়াৰ নিকটৱৰ্তী বিমান বন্দৰ হৈছে ৰৰৈয়া বিমানবন্দৰ

শিক্ষা[সম্পাদনা কৰক]

প্ৰতিষ্ঠানখনে ব্যৱহাৰিক, যান্ত্ৰিক,বৈদ্যুতিক, কৃষি, অট'মোবাইল, অণুবিদ্যুৎ আৰু দূৰসংযোগ আৰু সঁজুলিবিদ্যা অভিযান্ত্ৰিক বিভাগত ৩ বছৰীয়া ডিপ্ল'মা পাঠ্যকম আগবঢ়ায়। এই সকলো পাঠ্যক্ৰম অসম প্ৰযুক্তি শিক্ষা সঞ্চালকালয় অধীনৰ ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদৰ অন্তৰ্ভুক্ত। ইয়াৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে প্ৰতিবছৰে প্ৰযুক্তি শিক্ষা সঞ্চালকালয়, অসমে পলিটেকনিক প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে।

বিভাগ সমূহ[সম্পাদনা কৰক]

  • ব্যৱহাৰিক অভিযান্ত্ৰিক বিভাগ (Department of Civil Engineering)
  • বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগ (Department of Electrical Engineering)
  • যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ (Department of Mechanical Engineering)
  • কৃষি অভিযান্ত্ৰিক বিভাগ (Department of Agricultural)
  • অণুবিদ্যুৎ আৰু দূৰসংযোগ অভিযান্ত্ৰিক বিভাগ (Department of Electronics & Telecommunication Engineering)
  • অট'মোবাইল অভিযান্ত্ৰিক বিভাগ

(Department of Automobile Engineering)

  • সঁজুলিবিদ্যা অভিযান্ত্ৰিক বিভাগ (Department of Instrumentation Engineering)
  • পদাৰ্থ বিজ্ঞান বিভাগ (Department of Physics)
  • ৰসায়ন বিজ্ঞান বিভাগ (Department of Chemistry)
  • গণিত বিভাগ (Department of Mathematics)
  • মানৱিকি বিভাগ (Department of Humanities)
  • কৰ্মশালা (Workshop Departments)

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Jorhat District, Assam". jorhat.gov.in. http://jorhat.gov.in/technical-institutes-in-jorhat.html। আহৰণ কৰা হৈছে: 2017-06-20. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]